মন ময়ূৰীৰ বিয়া ( খণ্ড নং ২৪ ) - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 17, 2021

মন ময়ূৰীৰ বিয়া ( খণ্ড নং ২৪ )



- মিলন কলিতা |

- মিলন কলিতা ! আচ্ছা ক'ত ডকাইট কৰিছিল ? 

- ছাৰ উলুবাৰীত এজন ল'ৰাৰ হাতৰ পৰা পইচাঁৰ বেগটো লৈ উধাওঁ হৈছিল | ঠিক সেই সময়তে সিহতে পিছ লৈছিল এখেতৰ আৰু ইতিমধ্যে ওৱাৰলেছ সেৱাৰ দ্বাৰা আমাৰ তাত খৱৰ আহিছিল | আৰু আমি সেই মৰ্মে মিলন কলিতাৰ গাড়ী নম্বৰ চাই ধৰিবলৈ সক্ষম হৈছিলো ছাৰ |

- বঢ়িয়া |

- কিন্তু পইচাঁৰ গৰাকী ?

- কোনোবা অংকিত কলিতা নামৰ ল'ৰা এজন ছাৰ,গায়িকা তৰালিৰ ককায়েক হেনো |আমবাৰীত থাকে |

- অংকিত ! আচ্ছা ঠিক আছে | আপোনালোকে ইয়াক চাব মই আহি আছো |/p>


     কথা খিনি কৈ ইন্সপেক্টৰ মন থানাৰ পৰা ওলাই আহিল | আৰু চিংঘমৰ অজয় দেৱগনৰ ষ্টাইলত বাইক চলাই গুছি গ'ল মন | ইটো ৰ পিছত সিটো অপৰাধ | কিন্তু তাৰ মাজতে যেন এক ব্যতিক্ৰমী পাকচক্ৰত মন |


               মন ময়ূৰীৰ বিয়া অহা মাহৰ ৫ তাৰিখ | মানে আগষ্টৰ | ইতিমধ্যে মন ময়ূৰীৰ আনন্দ আৰম্ভ হ'ল | দুয়ো ফুল সজ্জিত ৰাতিয়ে আৰম্ভ কৰিব এটা নতুন জীৱনৰ | এয়াই মানুহৰ জীৱনৰ দ্বিতীয়টো ইনিংছ | এতিয়া মাত্র অপেক্ষা মন ময়ূৰীৰ বিয়াৰ | ময়ূৰী এইকেইদিন খুৱ ব্যস্ত আলহী অতিথিক নিমন্ত্রন জনোৱাত | আজি মন ময়ূৰী কাপোৰৰ বজাৰ কৰিব আহিলে বিশাল মাৰ্কেটত |

- মন এইজোৰ চোৱাছোন | মোক কেনেকুৱা লাগিব ?

- উম ! একদম 

- কি ?

- আফ্রিকান নিগ্রো ছোৱালীৰ দৰে |

- কি ?

- উম

- নামাতিবা | 

- ময়ূৰী

- কি হ'ল

- বাহঃ মোৰ কইনা জনীক একদম অপ্সৰা যেন লাগিছে |

- তেল মাৰিব নালাগে |

- নাই মৰা | 

- মন শুনাছোন

- কি ?

- এই চাৰ্টো চোৱাছোন ! কবিৰ সিং মোভী খনত শ্বাহিদে পিন্ধিছিল |

- হব থোৱা তোমাৰ শ্বাহিদক |

- ধেমালী কৰা নাই এইটো লোৱা মজা লাগিব তোমাক |

- হয়নে ! 

- উম |

সিহতে আজি মনৰ ফুৰ্ত্তিত বিবাহৰ কাপোৰ কিনাত ব্যস্ত | কি লব ,কি কিনিব উগুল থুগুল মন | হঠাত মন যেন কিবা চিন্তাত বিভোৰ হ'ল | 

- মন কি হ'ল ?

- একো নাই |

- তুমি মোৰ পৰা কিবা লুকুৱাইছা কোৱা

- মোৰ বিয়াত ভন্টি আৰু ভাইটিক নিমন্ত্রন জনাৱ লাগিছিল |

- হাৰে বাবা জনবা ন ! আৰু শুনা বিয়াৰ পিছত ভন্টিক আমাৰ লগত ৰাখিম |

- সঁচা ?

- উম সঁচা |


      মনৰ সুখতে ময়ূৰীয়ে সকলো সুখ পায় | তাৰ মুখৰ হাঁহিয়ে তাইক অনাবিল প্রশান্তি | তাই ও বিচাৰে তাইৰ মানুহ জন সদায় সুখী হৈ থাকক |


ইন্সপেক্টৰ মনে দৌৰা দৌৰিকৈ তৰালি হতৰ ৰুমলৈ আহিল | ইতিমধ্যে সন্মুখত প্রকাণ্ড তলা এটা ওলমি আছে | সি বেলকনিৰ কাষলৈ আহি তৰালি ক চিঞঁৰিব লওঁতে দেখিলে | তৰালিয়ে খিৰিকি খনত মূৰটো লগাই কিবা ভাৱত বিভোৰ |

- তৰালি ,তৰালি

তৰালিয়ে চাই দেখিছিল মন |


                তোমাৰ চকুত চকু থলে

                  ডুবি যাওঁ সপোনৰ নীলাভ 

                  সাগৰ খনত

                  জীয়াই থকাৰ হেপাঁহবোৰ

                    জাগি উঠে |


- আপুনি আকৌ আহিল যে ?

- অংকিত ক'ত ?

- নাজানো |

- মোক তাক লাগে |

- কিন্তু কিয় ?

- লাগে এতিয়াই তাক লাগে

মনৰ কথা তৰালিয়ে একো বুজিব পৰা নাই |

- কি হ'ল কওঁকচোন

- ডকাইট !

- ডকাইট ?

তৰালিৰ বুকু খন কপি উঠিল | তাৰমানে অংকিতে এইবাৰ 

- চাওঁক সৰু দাক আপুনি একো নকৰিব মই,আপোনাক অনুৰোধ কৰিছোঁ | প্লীজ

- আপোনাৰ এজন কালপ্রীত লৈ ইমান দৰদ কিয় ?

- কালপ্রীত হ'লে ও সি মোৰ তেজ মঙহৰ ভাই আপোনাক আগতে ও কৈছোঁ |প্রয়োজনত তাৰ কাৰনে মই সকলো কৰিব পাৰো |

- কি কৰিব আপুনি ?

- যি বিচাৰে |

- যদি আপোনাৰ দেহটো বিচাৰো

- তাৰ ভালৰ কাৰনে দি দিম |

- তৰালি ইমান উদাৰ নহব | আজি আপোনাক সি বন্দী কৰি ৰাখিছে | তাৰ পাছত ও,,,,,

- সি ডকাইট কৰিছে !

- সি নাই কৰা

- তেন্তে 

- অংকিতক ডকাইট কৰিছে মিলন কলিতা বুলি এজনে !

- কি ! 

- আপুনি উচপ খালে যে ?

- অ খাইছোঁ সেই নামটো,,,,

- আপুনি চিনি পাই ?

- পাওঁ ভালকৈ পাওঁ

- কি

- অ সিয়ে কালি মোৰ পইচাঁৰে দেহ কিনিব আহিছিল |

- কি সেইটো পাষণ্ড ! ৰব তেনেহ'লে

মনে লগে বেলকনিৰ পৰা দৌৰাৰ দৰে দৌৰি গ'ল | তৰালি চিঞঁৰি থাকিল কিন্তু সি নৰ'ল | তাইৰ যে বহুত ভয় লাগিছে মনে খংতে তাক যদি মাৰি পেলায় !


             ইতিমধ্যে মন ময়ূৰী আহি দ্রয়িং ৰুমত টিভি চোৱাত ব্যস্ত | ময়ূৰীয়ে আহিয়ে চিৰিয়েল এখন লগাই দিলে | 

- ময়ূৰী নিউজত দিয়াছোন

- কিয়

- অলপ দেশ বিদেশৰ খৱৰ চাওঁ

- ঠিক আছে |

ময়ূৰীয়ে নিউজত দিয়াৰ লগে লগে অলপ সময় পাছতে এটা বাতৰি দেখি মনৰ চকুৰ পতা বহল হ'ল | 

- এইবোৰ মই কি দেখিছোঁ

- মন কি হ'ল |

- ময়ূৰী টিভিতো বন্ধ কৰি দিয়া

- হাৰে হ'ল কি তোমাৰ |

- বন্ধ কৰিব কৈছোঁ বন্ধ কৰা | সকলো শেষ হৈ গ'ল ময়ূৰী সকলো শেষ হৈ গ'ল |


                                ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages