চ'চিয়েল মিডিয়াৰ দ্বাৰা মাননীয় হিমন্ত বিশ্ব শৰ্ম্মা দেৱৰ পৰিয়ালটোক যি মনোকষ্ট দিয়া হল সেই কাৰ্যত এজন অসমীয়া হিচাপে যথেষ্ট লজ্জিত অনুভৱ কৰিছো। ৰাজনৈতিক আদৰ্শ ভিন্ন হব পাৰে। আমাৰ সাংবিধানিক অধিকাৰ। যি সকল মানুহ ৰূপী অমানুহে পিতৃ-কন্যাৰ আলোকচিত্ৰ খনক অশ্লীলতাৰ ৰহন সানিবলৈ বিভিন্ন পন্থা হাতত লৈছে বা লবলৈ বিচাৰিচে তেওঁলোকে মনত ৰখা উচিত তেওঁলোকো হয়তো কাৰোবাৰ পিতৃ অথবা মাতৃ। তেওলোকৰো পিতৃ -মাতৃ আছে।
যি সকল দানৱে আজি ইয়াকে লৈ ব্যস্ত হৈ আছে তেওঁলোকে এবাৰ নিজকে সেইজন বুলি ভাবি চাওকচোন, মনোকষ্ট কি বুজি পাব। ভাবি আচৰিত লাগিছে - মানুহ ইমান তললৈ নামিব পাৰেনে !আৰু বেচি আচৰিত হৈছো দুই এটা ৱেব পৰ্টেলতো এই সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰিছে। ধিক!!! মনত ৰাখিব মাননীয় হিমন্ত বিশ্ব শৰ্ম্মা দেৱ অসমৰ এজন আগশাৰীৰ ৰাজনৈতিক নেতা হোৱাৰ আগত তেওঁ এজন পিতৃ।। এগৰাকী মাতৃৰ সন্তান।।
দুখ পাইছোঁ।
ইমৰুল হক, নলবাৰী।
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment