অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন,সমূহ মিচিং জাতীয় সংগঠন আৰু ঢকুৱাখনা সমষ্টিবাসী ৰাইজৰ সহযোগত আজি ঢকুৱাখনাৰ বকুলগুৰিত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'য় আলি আঃয়ে লৃগাং উৎসৱ।এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
কৃষি কৰ্মৰ সৈতে জড়িত এই উৎসৱ কেৱল মিচিংসকলৰে নহয়,সমগ্ৰ অসমীয়া জাতিৰ জাতীয় কৃষ্টিৰ এক পৰিচয়।এই উৎসৱৰ মাজেৰে মিচিং সকলৰ কৃষ্টি সংস্কৃতি,সভ্যতা,জাতীয় ঐতিহ্য,মৰম-চেনেহ,অতিথি পৰায়ণতা,কৰ্তব্য পৰায়ণতা আৰু দায়িত্ববোধ আদি সুন্দৰ ৰূপত প্ৰতিফলিত হয়।
আজিৰ এই অনুষ্ঠানত মন্ত্ৰী নৱ কুমাৰ দ'লে,লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুকে প্ৰমুখ্য কৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে মিচিং জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।
No comments:
Post a Comment