মনৰ এই অস্বাভাৱিক আচৰন দেখি ময়ূৰী আচৰিত | মনৰ হঠাত কি হ'ল ! এটা নিউজ দেখাৰ লগে লগে মনে চিঞঁৰি উঠিল | মন অকমান বাহিৰত ওলাই গ'ল | সি বাহিৰত অকনমান মুকলি বতাহ বিচাৰিলে | নহ'লে যে তাৰ উশাহ লোৱাত বৰ কষ্ট হৈছে | আচলতে সি কেতিয়াওঁ বিচৰা নাছিল তাৰ তেজ মঙহৰ সম্পৰ্কৰ ভায়েক এদিন এনেকে বিপথে পৰিচালিত হওঁক | যেতিয়া এদিনা খন অংকিতে গৰ্ব কৰি কৈছিল মনে কাম কৰা ক'ম্পানীৰ সি মেনেজিং ডাইৰেক্টৰৰ জোৱাই | সি সুখী হৈছিল তাৰ ভায়েক ভনীয়েকৰ উন্নতিত | কিন্তু আজি সেই ভায়েক ,,,,,,,
ছিঃ ছিঃ তাৰ নিজৰে ঘৃনা লাগিছে | যেন এই মূহুৰ্ত্ত ত সি তাৰ ভায়েকক কাতি দুছেওঁ কৰিব |
- মন
ময়ূৰীয়ে মনক বিচাৰি বাহিৰলৈ ওলাই আহিছিল |
- কোৱা
সি গহীন ভাৱে উত্তৰটো দিছিল |
- কি হ'ল তোমাৰ
- একো নাই
- টিভিতো বন্ধ কৰিবলৈ কিয় চিঞঁৰি দিছিলা |
- সমাজৰ এখন ঘৃনা লগা ছৱি চাবলৈ মন যোৱা নাছিল |
- মানে
- মানে ধৰা ব্যাভিচাৰ,বিনা সংকোচে উলংগতা
- মই বুজা নাই মন
- বুজাই কবলৈ মোৰ শক্তি নাই ময়ূৰী |
- তোমাৰ শক্তি থাকিব লাগিব মন ,কোৱা কি হ'ল
- মই লাজ পাইছোঁ ময়ূৰী | মোৰ নিজৰ ওপৰত ঘৃনা জন্মিছে | হাৰে মই এই দুখন হাতেৰে কষ্ট কৰি তাক খুৱাইছিলো,পঢ়াইছিলো | কিন্তু সি আজি !
- তুমি ভাইটিৰ কথা কৈছা ?
- অ সেই পাষণ্ডৰ কথা কৈছোঁ |
- পাষণ্ড ?
- অ সিহত একো একোটা পাষণ্ড | সিহতৰ পেটৰ ভোক নাই,আছে কামনাৰ ভোক |
- মানে
- মানে মোৰ ভাইটিয়ে এজনী মহিলাৰ লগত বেয়া কামত লিপ্ত হওঁতে ৰাইজে হাতে লোটে ধৰিছে,মিডিয়া গৈছে,নিউজ বনাইছে | এতিয়া সি পুলিছৰ জিম্মাত |
- কি ! সি ইমান তললৈ নামিব পাৰিলে |
- সেয়া নহয় সি এতিয়া কি কৰিব এতিয়া মোৰো জনা আছে |
- তুমি কি কৰিম ভাৱিছা ?
- মই পুলিছক কম ইয়াক কুবাই কুবাই দুখন ভৰি ভাগি পেলাওঁক |
- মন
- অ ময়ূৰী ! তাৰ নিচিনা ভাইটি আৰু মোক নালাগে | সিহতে অকমান সাস্তি পাব লাগে ময়ূৰী,শিকিব লাগে আমি শিক্ষা বিদ্যা লৈ আজিৰ সমাজ খন কোন ফালে লৈ গৈ আছো | বাহ আমাৰ শিক্ষাৰ মূল্য থাকিক কি ! আহিব লগীয়া প্রজন্মক আমি শিকাম কি !
ময়ূৰীয়ে মনৰ অন্তৰৰ দুখ খিনি বুজি পাইছিল | সি আজি অন্তৰৰ দুখত কিছুমান সমাজৰ ভয়ংকৰ বাস্তৱ উল্লেখ কৰিছে |
- জানা ময়ূৰী আজি ইহতৰ দৰে এচামে টকা ৰ লোভ ত বন্দী হৈ সুন্দৰ সুন্দৰ জীৱন একোটা এনেকে কতাইছে | আজিৰ পৰা সি মোৰ ভাতৃ নহয়.|
সত্যবাদী,স্পষ্টবাদী মনৰ ভায়েক হৈ অংকিতৰ কৰ্মকাণ্ড বোৰ ময়ূৰীৰ ও পচন্দ নহ'ল | হবই কেনেকে ! এজন অসভ্য ল'ৰা চিনাকীৰে নিজৰ চিনাকীত কলংক সানিব নোৱাৰে মনে |
তৰালিয়ে ক্ষন গনি আছে মুক্তিৰ | এদিনা খন তাই মুক্ত হব | তাইৰ জীৱনৰ স্বাধীনতা বোৰ নিজৰ হাতত পাব | মুঠৰ ওপৰত শংকা ,দুখ বিহীন এটা জীৱন | কাৰন তাই ও জানে ভগবানে মানুহক ইমান সাস্তি নিদিয়ে | হয়টো এয়া ধৈৰ্য্য পৰীক্ষা | তাই যিমান পাৰে সহ্য কৰিছে |
- তৰালি ?
কাৰোবাৰ মাত শুনি তাই খিৰিকি খনৰে বেলকনিলৈ চালে |
- আপুনি
- অ মই আপোনাক নিবলৈ আহিছোঁ |
- মিছা আশাবোৰ নিদিবছোন
- নাই দিয়া তৰালি
- আপুনি জানে মই কিমান দুখত ইয়াত বন্দী হৈ আছো | এবাৰ ভাৱকছোন চিৰিয়াখানাৰ পিঞ্জৰাত আৱদ্ধ সেই জীৱ জন্তু বোৰৰ কথা |মুকলি মনৰে কাৰ ফুৰিবলৈ মন নাযায় | কিন্তু সিহত উপায় বিহীন | মাত্র অকনমান ঠাইতে এটা যন্ত্রৰ দৰে জীৱনৰ সকলো আশা বাদ দি বেশ্যালয়ৰ বেশ্যাৰ নিচিনা বন্দীত্ব জীৱন কতাই | জীৱনৰ আশা একো নাই,মাত্র মানুহৰ মনত সিহতে দিছে আমোদ | আৰু তাৰ বিনিময়ত চহকী হৈছে অইন কোনোবা | গতিকে ধৰি লব পাৰে মই পিঞ্জৰাত বন্দী এজনী হৰিনী বা বেশ্যালয়ত বন্দী অসহায় বেশ্যা এজনী |
- আপুনি তেনেকে নকব |
- তেন্তে কেনেকে কম কওঁক |/p>
- মই আজি সঁচাই আপোনাক নিবলৈ আহিছোঁ | আপুনি যদি পাৰ্মিশ্বন দিয়ে মই,এতিয়া দৰ্জাৰ প্রকাণ্ড তলাটো ভাগিম |
- নাই তেনে নকৰিব | যদি সাহস আছে সৰু দাৰ সন্মুখৰ পৰা মোক উলিয়াই লৈ যাৱ | পাৰিব ?
- কিন্তু অংকিত
- কি হ'ল
- সি এতিয়া পুলিছৰ জিম্মাত |
- কি !
তৰালি আচৰিত হ'ল |
- কিন্তু কিয় ?
- এজনী মহিলাৰ লগত অবৈধ ভাৱে বেয়া কামত লিপ্ত হোৱাৰ অপৰাধত
- সঁচাই
- উম সঁচা |
তৰালিৰ ঘৃনাত নাক কোচ খাই গ'ল | ছিঃ সেইজন ও তাইৰ ককায়েক নে | এতিয়া তাই সমাজৰ আগত মুখ কেনেকে উলিয়াব | কিন্তু তেনে এজন ককায়েক থকাতকৈ নথকাই ভাল |
- কি হ'ল আপোনাৰ ?
- হু ! নাই একো নাই | আপুনি তলা ভাগক |
- কি সঁচা ?
- উম সঁচা | যাওঁক,,,,,,
মনে লগে লগে দৌৰ মাৰিলে | এয়াই যেন নামি আহিছে আকৌ এটা মধুৰ প্রেম | দুটা প্রেম কাহিনী " মন-ময়ূৰী " এই প্রেম কাহিনীত ময়ূৰীয়ে প্রেমিক মনৰ বাবে যথেষ্ট ত্যাগ কৰিছিল | যাৰ পৰিনতিত সিহতৰ সম্পৰ্ক আজি পতি - পত্নী হোৱাৰ দিশত |
" মন-তৰালি " এই প্রেম কাহিনীত প্রেমিক মনে প্রেমিকা তৰালিৰ বাবে যথেষ্ট ত্যাগ স্বীকাৰ কৰি তাইৰ জীৱনটো মুক্ত কৰিব আহিছে | সেয়েহে কএঁ প্রেমৰ অন্য এটা নাম ত্যাগ | যি ত্যাগে মহান কৰে এই প্রেমক |
মনে তলা ভাগি ভিতৰ সোমাল |
- তৰালি বলক
তাইলৈ হাত খন আগুৱাই দিলে |
তাই মনৰ হাত খনত খামোছি ধৰি ক'লে
- ক'লৈ
- আমাৰ ঘৰলৈ
- কিয়
- এজনী লখিমী বোৱাৰী হৈ |
- কিন্তু
- চাওঁক তৰালি আপুনি ও জানে যে মই আপোনাৰ প্রেমত পৰিছিলোঁ,আৰু মই ও জানো আপোনাৰ দুচকুয়ে মোক বিচাৰিছিল | এয়াই প্রেম নহয় জানো ! আৰু প্রেমৰ পিছৰ খণ্ড বিবাহ নহয় জানো ?
মনৰ কথাবোৰ শুনি তৰালি ৰ লাজ লাগিছিল | তাই লাজ লাজকৈ কৈছিল |
- যদি ভালে পায় তেন্তে প্রেমৰ মিঠা শব্দ তুমি বুলি নকয় কিয় ?
- অ সেইটো কথা ! হব বাৰু মই তোমাৰ আৰু তুমি মোৰ |
- তুমি
- কোৱা তৰালি
- চেহঃ মোৰ লাজ লাগে |
- ব'লা এতিয়া
তৰালিয়ে মনৰ চকুলৈ চাইছিল | সিও চাইছিল কিমান ধুনীয়া এই তৰালি জনী | দুয়ো নামি আহিছিল অট্রালিকাৰ পৰা | আজি ইয়াকে প্রমান হ'ল যেতিয়া এজন মানুহলৈ ঘৃনা জন্মে তেতিয়া সেইজন মানুহক অতি সহজতে এৰি থৈ আহিব পাৰে | আজি তৰালিয়ে অংকিতক ও তেনেকে এৰিলে |
আৰু এটা কথা এই যে প্রেমৰ সম্পৰ্কবোৰ বৰ আচৰিত | কেতিয়াবা প্রেম এনেকে ও হয় ইজনে সিজনে মনৰ ভাৱ প্রকাশ কৰিবই নালাগে নজনাকে দুখন হৃদয়ৰ মিল হয় | আচল কথা হ'ল প্রেম কৰা বস্তু নহয় ই নিজে হয় | আৰু জোৰদাবস্তি কাৰো মৰম ভালপোৱা আদায় কৰিব নোৱাৰি | যদি সঁচা প্রেম হয় সেই মৰম ভালপোৱাঁ নিজে উঠলি উঠে | এয়াই উদাহৰণ মন আৰু তৰালি |
ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment