“ ট্ৰলত নিজৰ ফটো দেখিলে আপোনাৰে নহয়, আনৰো টোপনি নাহে হিমন্ত“
হিমন্ত বিশ্ব শৰ্মা,
১৷ দুখ কেৱল আপোনাৰেই লাগে নেকি ?
২৷ টোপনি কেৱল আপোনাৰেই নহাকৈ থাকে নেকি ?
৩৷ সন্মান কেৱল আপোনাৰেই আছে নেকি ?
কালি এখন ফটো ভাইৰেল হ’ল ৷ ফটোখন দেখি মই হতবাক ৷ আপোনাক দেখিলো এগৰাকী যুৱতীৰ লগত ৷ ফটোখনে অলপ সময়ৰ বাবে মোক জোকাৰি গ’ল ৷ কাৰণ সেয়া আপোনাৰ পত্নী নহয় বুলি মই নিশ্চিত ৷ আপোনাৰ জনবিৰোধী কামবোৰ মই বেয়া পাওঁ ৷ আপোনাৰ ভুল কথাবোৰৰ বিৰোধ মই কৰি আছো আৰু কৰি যাম ৷ ট্ৰল কৰাটো বেয়া কথা ৷ ট্ৰল কৰাসকলক সমৰ্থন কেতিয়াও নকৰো ৷
আমি পৰিয়ালগতভাবে অলপ কঠোৰ সংস্কাৰৰ মানুহ ৷ কন্যাকাল হোৱাৰ পাছত মায়ে শিকাইছিল, পুৰুষৰ পৰা আনকি দেউতা আৰু দাদাৰ পৰাও দূৰত্ব বজাই ৰাখিবলৈ ৷ আমি শান্তি হোৱাৰ পাছত দেউতা আৰু দাদাৰ লগত শাৰিৰীক দূৰত্ব বজাই ৰাখিছিলো ৷ মাৰ নিৰ্দ্দেশত ৷ সেইবাবেই ফটোখনে প্ৰথমতে ভবাই তুলিছিল ৷ তথাপিও, আপোনাৰ চৰিত্ৰৰ ওপৰত কোনো সন্দেহ নথকাৰ বাবেই মই কথাটো আওকাণ কৰিছিলো ৷ কাৰণ আপোনাৰ ৰাজনৈতিক স্বভাব খুব বেয়া বুলি জানিলেও, আপোনাৰ ব্যক্তিগত চৰিত্ৰ বেয়া বুলি মই বিশ্বাস নকৰো ৷ আপোনাক চিনি নাপালেও, আপোনাৰ নৈতিক চৰিত্ৰৰ অধঃপতন নহয় বুলি মোৰ মনত ধাৰণা আছে ৷ আজি নিউজত গম পালো, যুৱতীগৰাকী আপোনাৰ কন্যা ৷ মই আপোনাৰ কন্যাক আগতে দেখা নাছিলো ৷
যি হৈছে কথাবোৰ বেয়া হৈছে ৷ মই ধিক্কাৰ দিছো এই ফটো লৈ প্ৰচাৰ কৰাসকলক ৷ লগে লগে মই আপোনাক এইটোও সুধিছো মন্ত্ৰী, যে -
-এই কথাবোৰ আনৰ লগত হ’লে বাৰু কেনেকুৱা হয় ?
মই চৰকাৰৰ ভুল আৰু বেয়া কামবোৰৰ সমালোচনা কৰিছিলো ৰাজহুৱাকৈ মোৰ টাইমলাইনত ৷ মোৰ বাক স্বাধীনতাৰ পূৰ্ণ প্ৰয়োগ কৰি, সম্পূৰ্ণ সভ্য ভাষাত মই চৰকাৰক সমালোচনা কৰিছিলো ৷ মোৰ দেশৰ মানুহৰ স্বাৰ্থত ৷ তাত মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাছিল ৷ কিন্তু তাৰবাবেই মোক নঙঠা কৰিলে আপোনাৰ IT Cell য়ে ৷ মোৰ ফটো এডিট কৰি, মোক নগ্ন কৰি, কেৱল অন্তৰ্বাসেৰে মোক ৰাইজৰ সমুখত ডাঙি ধৰিলে ৷ ফটোসমুহ ইমানেই নগ্ন কৰি বনাইছিল যে, মই পুলিচৰ ওচৰত সেইবোৰ দেখুৱাই এজাহাৰ দিবলৈ যাবলৈয়ো লাজ পাইছিলো ৷
আপোনাৰ জীয়ৰীৰ লগত ট্ৰল কৰা ফটোখন দেখি, যিদৰে আপোনাৰ ৰাতি টোপনি নাহিল, সেইদৰে সেইসময়ত বহুৰাতি ময়ো কান্দি কান্দি উজাগৰে আছিলো ৷ ব্ৰা আৰু পেন্টি পিন্ধাই ট্ৰল কৰা শিখা শৰ্মাৰ ফটো, অসম,ভাৰত তথা সমগ্ৰ বিশ্বত ঘূৰি ফুৰিছিল ৷ মোৰ স্বামী আৰু সন্তানে দুখ পাইছিল ৷ মই ভগৱানক দিছিলো ৷ সেয়া বিজেপিৰ ১৫০০ টকীয়া মানুহ আছিল ৷ আপোনালোকৰ IT Cell .
আপুনি মন্ত্ৰী ৷ ৰাজ্যত কি হৈ আছে আপুনি জানে আৰু জনা উচিত ৷ মোক নঙঠা কৰি ট্ৰল কৰা কথাটো, আপোনাৰ দলৰ কোনেও প্ৰতিবাদ কৰা নাছিল ৷ আপোনালোকৰ দায়িত্ব আছিল, এগৰাকী মহিলাক কেৱল চৰকাৰক সমালোচনা কৰাৰ বাবেই, ট্ৰল কৰাৰ পৰা আপোনাৰ দলৰ কৰ্মীক বিৰত কৰি ৰখাটো ৷ আপোনালোকৰ সকলো কৰ্মী তেতিয়া কিন্তু নিৰৱ আছিল ৷ আনন্দ কৰিছিল ৷ এনেকুৱা অসভ্য বিজেপিৰ কৰ্মীক আমি ধিক্কাৰ দিওঁ ৷
মৰাৰ 57 বছৰৰ পাছত, জবাহৰলাল নেহৰুক মহিলাৰ লগত ৰোমাঞ্চ কৰা বুলি ফটো প্ৰচাৰ কৰা বিজেপিৰ লেতেৰা মানসিকতাত আমি লাজ পাওঁ ৷ ছিঃ এইবোৰ বিজেপি বৰ নিলাজ আৰু অসভ্য ৷
এতিয়া দেখিলেনে, আনক মৰা কাঁড়পাত ভগবানে কেনেকৈ ঘূৰাই পঠাই, বিজেপিৰ প্ৰৱল প্ৰতাপী মন্ত্ৰীজনাৰ, অৰ্থাৎ আপোনাৰ টোপনি হৰিলে ? ময়ো আপোনাৰ দৰে সাৰে আছিলো ডঃশৰ্মা ৷ মোৰো দুখ লাগিছিল, ঠিক আপোনাৰ দৰেই ৷ গতিকেই কওঁ-
- কেৱল আপোনাৰ ফটো ট্ৰল কৰা সকলকে নহয়, সকলোকে জেলত ভৰাওক যি, মানুহৰ সন্মানৰ লগত খেলা কৰে ৷ সকলো অপৰাধীক সমান শাস্তি দিয়াৰ বাবে পদক্ষেপ লওক ৷ কাৰণ, আপোনাৰ দৰেই আনৰো দুখ আছে, সন্মান আছে ৷ পুলিচক কেৱল নিজৰ সন্মান বচাবলৈ ব্যৱহাৰ নকৰিব ৷ ৰাইজৰ সন্মান বচোৱাটোও আপোনালোক মন্ত্ৰীবোৰৰ দায়িত্ব ৷
পাবলিক জিন্দাবাদ
শিখা শৰ্মা
অসম
১৮৷২৷২০২১
বিঃদ্ৰঃ এই লেখা অসমৰ এগৰাকী বিশিষ্ট লেখিকা শিখা শৰ্মাৰ ফেচবুক ৱালৰ পৰা উদ্ধৃত।
No comments:
Post a Comment