যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, February 18, 2021

যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ


 অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত নতুন দিগন্তৰ সূচনাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে) অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত-


➡️ ৮ কিমি. দৈৰ্ঘ্যৰ যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ (মুঠ ব্যয় হ'ব ৯২৫ কোটি টকা)


➡️ দেশৰ দীৰ্ঘতম দলং ধুবুৰী-ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন (মুঠ ব্যয়: ৫,০০০ কোটি)


➡️ জল পৰিবহণ তথা যোগাযোগ ব্যৱস্থাত নতুন দিগন্তৰ সূচনাৰে ৩,২৩১ কোটি টকা ব্যয়সাপেক্ষে 'মহাবাহু ব্ৰহ্মপুত্ৰ' প্ৰকল্পৰ শুভাৰম্ভ


➡️ মাজুলী-নিমাতী, দক্ষিণ গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু ধুবুৰী-হাটশিঙিমাৰী ৰ'-পেক্স সেৱাৰ ফ্লেগ অফ্


➡️ যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেল আৰু পাণ্ডু, যোগীঘোপা, নিমাতী তথা বিশ্বনাথ ঘাটত টুৰিষ্ট জেট্টিৰ আধাৰশিলা স্থাপন


➡️ ইজ অৱ ডুয়িং বিজনেছৰ বাবে ই-প'ৰ্টেল PANI আৰু CAR-Dৰ শুভাৰম্ভ


➡️ ৩৫০ কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটীত উত্তৰ-পূব তথ্য কেন্দ্ৰ মুকলি


মাজুলীত আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীদ্বয় নীতিন গাডকাৰী আৰু ৰবি শংকৰ প্ৰসাদ (ভাৰ্চুৱেলী), মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীদ্বয় মনসুখ মাণ্ডবিয়া আৰু ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।



No comments:

Post a Comment

Advertisement

Pages