পবিত্ৰ নামঘোষাত উল্লেখিত বাক্যশাৰীৰ তত্ব আজিয়ে জানি লেওক: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, February 19, 2021

পবিত্ৰ নামঘোষাত উল্লেখিত বাক্যশাৰীৰ তত্ব আজিয়ে জানি লেওক:


 হে হূষিকেশ, তুমি মোৰ আত্মা আৰু তুমি সৰ্ব্বসাক্ষী | মোৰ চিত্তক তুমিয়েই জানা | মই তোমাৰ পৰম আতুৰজন | মোক কিয় উপেক্ষা কৰা |

             এই ঘোষা প্ৰাৰ্থনা অধ্যায়ৰ | সংসাৰৰ তাপত পৰম আতুৰ হৈ জীৱই ঈশ্বৰৰ চৰণত শৰণাগত হৈ ঈশ্বৰক সৰ্বতোপ্ৰকাৰে এনেদৰে আত্ম নিৱেদন কৰিব লাগে | কাল মায়াৰ পাশত আবদ্ধ হৈ থকা কোটি কোটি জীৱই কেনেকৈ ঈশ্বৰৰ চৰণত ভক্তি কৰিব, তাৰেই আদিপাঠ হিচাপে মহাপুৰুষ মাধৱদেৱে এই ঘোষাৰ যোগেদি অৱতাৰণা কৰিছে | সমস্ত জীৱৰ হৈ তেও নিজেই আতুৰ ভাৱে প্ৰাৰ্থনা কৰি কৈছে- "হে হূষিকেশ, তুমি মোৰ আত্মা, তুমি সৰ্ব্বসাক্ষী |


তুমি মোৰ চিত্ত বৃত্তিৰ নিয়ন্ত্ৰণ কৰোতা | এই সংসাৰৰ জ্বালাত পৰি মই তোমাৰ শৰণাগত হলো | মোক কিয় কৃপা নকৰা |" অৰ্থাৎ ঈশ্বৰৰ একান্ত সেৱক সকলে নিজকে সদায় দাসৰ দাস বুলি ভাৱে আৰু মনৰ সকলো দুখ, কষ্ট, অভাৱ,  অভিযোগৰ কথা সদায় দাস্য ভাৱত বৰ্তি থাকি পৰম পুৰুষৰ চৰণতে নিৱেদন কৰে | যিহেতুকে শৰণাগত জনৰ এই সংসাৰত হৰিৰ বাহিৰে আন কোনো আপোন নাই | মহাপুৰুষ মাধৱদেৱে এই ঘোষাৰ জৰিয়তে সমস্ত আতুৰ জীৱসমূহৰ ভক্তি নিৱেদন কৰাৰ এটি পাঠ দাঙি ধৰিছে |...কৃষ্ণ.. কৃষ্ণ... 

      সেৱাৰে- পূৰৱী মনি

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা পূৰৱী শইকীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages