বিয়াৰ আগতে নয়নে মোক পঢ়াম বুলি কৈছিল। ঘৰৰ ওচৰত কলেজ নাই, তথাপিও নয়নে কৈছে যেতিয়া কিবা এটা কৰিব।
সময় বোৰ যিমানেই আগবাঢ়িছে সিমানেই শংকা বোৰো বাঢ়ি আহিছিল। কেনেবাকৈ ফেইল কৰিলে জুমি বৌ হতে হাঁহি হাঁহি কম কথা শুনাবনে! নয়ন আহি নোপোৱালৈকে এই সময়খিনি মোৰ বাবে বিৰক্তিৰ। দূৰৰ পৰাই দেখিছো,হাতত মিঠাইৰ টোপোলা এটা লৈ তেওঁ আহি আছে।
: কি হ'ল?
: ফাৰ্ষ্ট ডিভিজন।
মোৰ চকুৰ পৰা বৈ আহিছে সুখ মিশ্ৰিত অশ্ৰুৰ বন্যা।
এইকেইদিন মাক পুতেকৰ মাজত কিবা কথাত মনোমালিন্য। কি হৈছে জানিবলৈ মন গৈছে। নয়নক সুধিম বুলি ভাবিও ৰখি যাওঁ, যদি বেয়া পাই..!
: বুজিছা মধু প্ৰথম বাৰ আমাৰ ঘৰত মাক পুতেকৰ মাজত কাজিয়া হৈছে। মোৰ আকৌ তোমাৰ দৰে কাজিয়া লগোৱাৰ অভ্যাস নাই।
বৌৱে এইয়া কি কৈছে..নয়ন আৰু মাৰ কাজিয়াৰ কাৰণ মই!
: এইয়া কি কৈছে আপুনি?
: পাৰিবা বুজিছা,বৰ ধুনীয়াকৈ নাটক কৰিব পাৰিবা।
কি হৈছে এতিয়াই নয়নক সুধিব লাগিব। বেয়া পালেও পাব। মাক পুতেকৰ মাজত হোৱা কাজিয়াৰ কাৰণ মই হ'ব নোৱাৰো।
: কি হৈছে আপোনাৰ, এইকেইদিনত মোৰ প্ৰতি মাৰ ব্যৱহাৰ কিয় সলনি হৈছে?
: তোমাক আজি কম বুলি ভাবিছিলোৱেই।
: কি কথা মোক কওক।বৌৱে কৈছে মোৰ বাবেই হেনো মা আৰু আপোনাৰ কাজিয়া হৈছে।
: মধু আজিৰ পৰা আমি বেলেগে খাম।
মোক আচৰিত কৰি তেওঁৰ মুখৰ পৰা ওলাইছিল মই কেতিয়াও আশা নকৰা এটা উত্তৰ...
নয়নে কৈ গৈছিল মই শুনিছিলো
: মই বিয়া পতাৰ আগতেই সিদ্ধান্ত লৈছিলো,তোমাক কলেজত নাম লগাই দিয়াৰ.. তেতিয়া মায়ে আপত্তি কৰা নাছিল আৰু এতিয়া মায়ে বোৱাৰী মানুহ কলেজলৈ যোৱাটো মানি ল'ব পৰা নাই। বৌৰ কেঁচুৱা হ'লে ঘৰৰ কাম কোনে কৰিব বুলি প্ৰশ্ন কৰিছে। তুমি যদি কলেজ যোৱা মায়ে আমাক বেলেগে খাব দিছে। ময়ো মাক কৈ দিছো তুমি কলেজ যাবাই।
: তাৰমানে, মোৰ বাবে আপুনি মাৰ বিৰুদ্ধে যাব?
: অ যাম, তুমি পঢ়িবলৈ কলেজ যাবা তাতে মোৰ আপত্তি নাই যদি মাৰ কিয় আপত্তি থাকিব?
মোৰ বাবে নয়ন মাকৰ বিৰুদ্ধে যাব। আমি এইটো ৰুমত বেলেগে খাম। মই ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে দোষী দোষী মন এটাৰে এইখন ঘৰত থাকিম। বিয়া হোৱাৰ কেইমাহমানতে মাকৰ বুকুৰ পৰা পুতেকক কাঢ়ি নিয়া বুলি এটা মিছা অপবাদে মোক খেদি ফুৰিব।নয়নক তিৰুতাৰ কথাত উঠাবহা কৰা মতা বুলি মানুহে হাঁহিব।
মই সহ্য কৰিব নোৱাৰিম। মোৰ সপোনতকৈ নয়নৰ সন্মানৰ মূল্য বহুত বেছি। মই চাকৰি নকৰাকৈয়ে মোৰ স্বামীৰ কৃপাত মোৰ ঘৰখনৰ আগতকৈ উন্নতি হৈছে,তেতিয়াহলে মোৰ কলেজ যোৱাৰ প্ৰয়োজন ক'ত?
: মই কলেজ নাযাওঁ। ছোৱালী থাকোতে পঢ়িব মন গৈছিল এতিয়া দেখোন মোৰ বেলেগ কিবা কৰিবহে মন যায়।
: বেলেগ, মানে?
: ফুৰিবলৈ মন যায়,ঘৰৰ কামবোৰ কৰিব মন যায় মুঠতে পঢ়া-শুনা কৰিব একেবাৰে মন নাযায়।
নয়নক ফাঁকি দিবলৈ মোৰ ওঁঠ খন এবাৰো নকপিল। মোৰ এটা ফাঁকিৰ বাবে মাক পুতেকৰ সম্পৰ্ক যদি আকৌ আগৰ দ্বৰে হয় তেনেহলে এনেকুৱা আৰু বহুত ফাঁকি দিবলৈ মই সাজু।
মই কলেজ নপঢ়ো বুলি জানি মায়ে আকৌ আগৰ দৰেই মোৰ লগত কথা বতৰা পাতিবলৈ আৰম্ভ কৰিছিল। বিয়াৰ আগত মোৰ মা দেউতাক দিয়া কথা ৰাখিব নোৱাৰাৰ কাঁইটে নয়নৰ বুকুতহে বেয়াকৈ বিন্ধিছিল। এদিন দুপৰীয়া মোক ভিতৰলৈ মাতি নি মায়ে সোণৰ খাৰু এপাত মোৰ সোঁ হাত খনত পিন্ধাই দিছিল
: এই খাৰু যোৰ মোৰ শাহু মাৰ আছিল । এপাত জুমিক দিলো এইপাত তোমাক দিছো ভালকৈ ৰাখিবা।
মোৰ কলেজ নোযোৱাৰ সিদ্ধান্তই মোক মাৰ আৰু অলপ কাষ চপাই নিলে। জুমি বৌ আৰু মোৰ মাজত এতিয়া আৰু কোনো প্ৰাৰ্থক্য নাই।
: মধু তোমালোক পূজা হতৰ ঘৰলৈ যোৱাই নাই নহয়।
তাই কিন্তু ভায়েকক বেয়া পায় আছে।
নয়নক কোনেও বেয়া পায় থাকিব নোৱাৰে। মই নিজে কম পূজা বাইদেউ হতৰ ঘৰলৈ যোৱাৰ কথা।
: কথা এটা আছিল...
: কি কথা?
: পূজা বাইদেউ হতৰ ঘৰলৈ যাব লাগিছিল।
: মাৰ লগত যোৱা এদিন।
কি মানুহ অ' এইটো, বিয়াৰ পিছত আজিলৈকে মোক কলৈকো ফুৰিবলৈ নিয়া নাই। মই নিজে আহি ফুৰাৰ কথা কোৱাতো মাৰ লগতহে যাবলৈ কৈছে।
: আপুনি নিনিয়ে?
মোৰ ফালে কেৰাহিকৈ চাই থকা নয়নৰ চকুৱে মুখে ফুটি উঠিছে আনন্দৰ জোৱাৰ।
আমি পূজা বাইদেউৰ ঘৰলৈ যোৱাৰ নিৰ্দিষ্ট দিনটোত মাক সেৱা কৰি ৰাতিপুৱাই নয়নৰ লগত ওলাই গলো। প্ৰথম বাৰ তেওৰ লগত ফুৰিবলৈ যোৱাৰ দিনটো মোৰ বাবে চিৰস্মৰণীয়। বাছ এখনৰে দুঘণ্টা যাত্ৰাৰ অন্তত আমি বাইদেউ হতৰ ঘৰ পাইছিলো। বহুত দিনৰ মূৰত মই কথা পাতিবলৈ সুযোগ এটা পাইছিলো। বাইদেউক এফালৰ পৰা কৈ যোৱা মোৰ মনৰ কথাবোৰৰ অন্তই যেন নহ'ব। সেইদিনা ৰাতি মই বাইদেউৰ লগত শুইছিলো। পূজা বাইদেউৱে মোক তেওঁৰ বিয়াৰ কথা কৈছিল,ভিনদেউৰ কথা কৈছিল আৰু বিয়া হোৱাৰ সাত বছৰৰ পিছতো সন্তান এটা নোহোৱাৰ বাবে আজিকালি ভিনদেউৰ সলনি হোৱা স্বভাৱৰ কথা কৈছিল।
পৰিৱেশটো ক্ৰমাত গহীন হৈছিল। হাঁহি-মাতি থকা মানুহজনীৰ অন্তৰত থকা দুখবোৰে মোকো দুখী কৰিছিল।
: তোমালোকে কি ভাবিছা?
বাইদেউৱে কি কৈছে মই বুজি পোৱা নাই।
: ল'ৰা ছোৱালীৰ কথা সুধিছো।
ল'ৰা-ছোৱালী...ভাবোতেই লাজত চকু কেইটা জাপ খাই গৈছে। মোৰ আৰু নয়নৰ ল'ৰা এটা হ'ব...! কিন্তু নয়নে যে আজিও তলত বেলেগকৈ বিছনা খন পাৰিহে শুৱে। তেওঁ বাৰু মোক সছাকৈ ভাল পায়নে? এদিনো দেখোন কোৱা নাই। স্বামীৰ অধিকাৰৰে এদিনো মোৰ শৰীৰ স্পৰ্শ কৰা নাই।কিয়? মোক অন্ধকাৰত থৈ তেওঁ বাৰু.. নাই ইয়াতকৈ বেছি বেয়াকৈ মই আৰু নয়নৰ কথা ভাবিব নোৱাৰো।
আমি গুচি আহিলো।পূজা বাইদেউৰ ঘৰৰ পৰা দেৰিকৈ ওলোৱাৰ বাবে আমি যাম বুলি ভাবি থকা গাড়ী খন আগতেই পাৰ হৈ গ'ল।
: আমি দেখোন ঘৰৰ গাড়ী খন লৈয়েই আহিব পাৰিলো হয়।
: পাৰিলো হয় কিন্তু এই বিষ্ণুটোৰ পৰা যে উপায় নাই। গাড়ী খন যদি তাক লগৰ ল'ৰাৰ লগত লৈ যাবলৈ নিদিলো হয় তেতিয়া ঘৰত এখন অযথা কাজিয়া।
ঠিকেই বিষ্ণুৰ বাবেই আমাৰ ঘৰত অশান্তি বোৰৰ সৃষ্টি হয়। মায়ে কেতিয়াও তাৰ ভুল নেদেখে যাৰবাবে দিনক দিনে সি বেছি অভদ্ৰ হৈ গৈছে।
গছ এজোপাৰ তলত ৰখি ৰখি গাড়ীলৈ অপেক্ষা কৰা মোৰ মুখখন দেখিয়েই নয়নে অনুমান কৰিছিল...
: ভোক লাগিছে ন তোমাৰ?
মুখখন সামান্য লৰাই মই তেওঁক উত্তৰ দিছিলো। সছাকৈ মোৰ ভোক লাগিছে। বাইদেউ হতৰ ঘৰত খাই অহা ভাত কেইটা কেতিয়াবাই হজম হ'ল।
: আগত চাহৰ হোটেল এখন আছে,বলা
বাধ্য পত্নীৰ দৰে মই তেওঁৰ পিছে পিছে খোজ ললো।
চাহ দুকাপ আৰু চিঙৰা দুটা অৰ্ডাৰ দি তেওঁ ইফালে সিফালে গাড়ীৰ সন্ধান কৰাত লাগিল।
" দাদা টাউনলৈ যোৱা গাড়ী আজি আৰু নাহে"
: এতিয়া কি হ'ব?
: আমি বাগানলৈ যাম। আজি ৰাতিটো বাগানত কটাই কাইলৈ ঘৰলৈ যাম।
বাগানলৈ যোৱা গাড়ী এখনত যেনেতেনে উঠি এইবাৰ মোৰ যাত্ৰা আৰম্ভ হ'ল স্বামীৰ বাগানত থকা সৰু ঘৰটোলৈ। বাগানৰ মাজে মাজে দুই এক ঠাইত মানুহৰ সমাগম দেখিছো কিন্তু বেছি ভাগ ঠায়েই নিজান। সেউজীয়াৰ মাজে মাজে কিছুদূৰ যোৱাৰ পিছত দুটা কোঠালীৰ এটা ধুনীয়া ঘৰ।
: এইটোৱেই মোৰ ঘৰ।
ঘৰটো সৰু কিন্তু নয়নে চালে চকু ৰৈ যোৱাকৈ সজাইছে।
আগফালে সৰু ফুলনী এখন। এটা কোঠাত কেইখনমান চকী আৰু টেবুল এখন।আনটো কোঠাত এখন বিছনা, এদাল আলনা আৰু এটা আলমিৰা তাৰকাষতে মজিয়াত এটা বাকচ। মই ৰখাতকৈও পৰিপাটি কোঠা দুটাত এবাৰ চকুফুৰাই পিছফালে থকা বাৰন্দা খনলৈ গলো। তিনি চাৰি জন মান মানুহ বহিব পৰা বেঞ্চ এখন পাৰি থৈছে। কাষতে সৰু পাকঘৰটো।
: মধু, তুমি চাগে ইয়াত থাকি বেয়া পাবা কিন্তু মোৰ বাবে এই ঘৰটোতকৈ শান্তিৰ পৰিৱেশ আৰু কতো নাই।
: মোৰো ভাল লাগিছে।
: এইফালে আহা তোমাৰ লগত চিনাকি হ'বলৈ কোন আহিছে চোৱাহি
এই ৰাতি খন মোৰ লগত কোনোবা চিনাকি হ'বলৈ আহিছে। মই আকৌ নিজান পৰিৱেশটোত নয়ন আৰু মোৰ বাহিৰে কোনো নাই বুলিয়েই ভাবিছিলো।
মোৰ সন্মুখত ৰঙা নীলা শাড়ী পিন্ধা এজনী বাগানীয়া গাভৰু।
: ঐ চাহাব, এইজনী নেকি তোৰ মেমচাব?
: অ এইজনী,কেনে দেখিছ?
: বহুত সুন্দৰী আছে ৰে তোৰ মেমচাব।
: মধু, এইজনী মোৰ ভনীৰ নিচিনাই,চম্পা। আমাৰ এই ঘৰটো তাই আৰু গিৰিয়েকে মাজে মাজে চাফা কৰেহি। গিৰিয়েকে মোৰ বাগানত কাম কৰে।
: এই মেমচাব, আজি কিন্তু তহতৰ কাৰণে ভাত কেইটা মই বনাম দেই। তই আকৌ মোৰ হাতেৰে খাবি জানো?
: কিয় নেখাম? বনোৱাগৈ যোৱা বৰ ভোক লাগিছে।
: মই মুৰ্গী এটা লৈ আনোগৈ তেন্তে। ডাঙৰ মেমচাবে নাখায় যে সেইকাৰণে তোক সুধি ললো।
আমাক লৈ চম্পাৰ ব্যস্ততাৰ অন্ত নাই। মোক কাষতে বহিবলৈ দি তাই ভাত বনোৱাত লাগিছে। মুৰ্গী মাংসৰ জালুকীয়া,সৰু মাছ পাতত দিয়াৰ সৈতে চম্পাৰ হাতেৰে তৃপ্তিৰে আমি ভাত এসাঁজ খালো। ভাত সাঁজ খায় ভাল পোৱাৰ এটা কাৰণ চম্পাৰ অকৃত্ৰিম চেনেহ।
(আগলৈ)
বিঃদ্ৰঃ কলিয়াবৰ নিবাসী সন্মানীয় ডিম্পী মহন্ত ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment