ৰুম টোত শুবলৈ বিছনা এখনেই। আমি আজিলৈকে একেলগে এদিনো শুৱাই নাই। পিছফালৰ বেঞ্চ খন যেনে তেনে ভিতৰলৈ আনি নয়নৰ শুবলৈ চেষ্টা।
: আপুনি বিছনাত শুৱকহি।
: আৰু তুমি?
: ময়ো শুম।
মোৰ কাষতে খালি হৈ থকা জেগা খিনিত নয়ন শুইছেহি। মই লাজত তেওঁৰ কাষত শুই আছো নিৰ্জীৱ পুতলা এটাৰ দৰে।
গভীৰ নিশা মই অনুমান কৰিছিলো,মোৰ চুলিৰ ভাজে ভাজে কাৰোবাৰ আঙুলিৰ বুলনি, কঁপালত কাৰোবাৰ ওঁঠৰ পৰশ। নয়নৰ বুকুৰ মাজত মোৰ বাবে সুকীয়াকৈ
সজোৱা নিৰাপত্তাৰ কোঠালীত মই কটালো এটা দুৰ্ঘোৰ ৰজনী।
নয়নে কেতিয়াবাই বিছনা এৰিলে। তেওঁক বিচাৰি চোতাল খনত ভৰি দিয়েই সতেজ অনুভূতিৰে মনটো প্ৰফুল্লিত হৈছে। মোৰ চকুৰ সন্মুখত ফুলবোৰ ফুলি জকমকীয়া হৈ আছে।
: মেমচাব,এই মেমচাব.
হাতত লেতেৰা কাপোৰ এচৰিয়া লৈ চম্পা মোৰ ফালে আহি আছে।
: ক'ত যোৱা চম্পা?
: ইয়াৰ পৰা অলপ আগলৈ গ'লে ব্ৰহ্মপুত্ৰ নদী। তই যাবি নেকি?
ব্ৰহ্মপুত্ৰৰ বুকুত কিছুসময় কটোৱা মোৰ বাবে স্বপ্নৰ বাস্তৱত পৰিপূৰ্ণতা।
আমি আগবাঢ়িলো। কঁহুৱা আৰু ঝাউবন বোৰে বতাহত নাচি আছে। তাৰ অলপ দূৰৈত এখন হাবি। দূৰ দিগন্ত বিয়পি কেৱল পানী আৰু পানী। ক'ৰবাত মাছ ধৰিবলৈ অহা এজন দুজন মানুহ। নৈৰ ওপৰৰ আকাশত অচিন পখীৰ কৰুণ বিননি। মোৰ শৰীৰত লাগিছিন বতাহৰ সিৰসিৰণি। মোক নদীৰ পাৰত থৈ চম্পা নদীৰ পাৰত থকা নাওঁ এখনত বহি কাপোৰ ধুবলৈ লাগিল। ব্ৰহ্মপুত্ৰৰ ধকধকিয়া বালিত মানুহৰ অজস্ৰ পদচিহ্ন। নৈসৰ্গিক পৰিৱেশটো চাই ক্ষান্ত নাথাকি মই নামি গলো।
বালিচৰৰ পৰা দূৰলৈ মহাবাহুৰ গভীৰতা....
: এই মেমচাব.. মোৰ কাপোৰ ধূই হৈ গ'ল।
পৰিৱেশটো এৰি যাবলৈ মোৰ একেবাৰে মন যোৱা নাই তথাপিও চম্পাৰ পিছে পিছে খোঁজ ললো।
: আমাৰ চাহাব বহুত ভাল মানুহ।
: তুমি কেনেকৈ জানিলা?
: কিয় নাজানিম? মোৰ সৰু ল'ৰাটো আৰু বাগানত কাম কৰা বহুত মানুহৰ ল'ৰা ছোৱালীক চাহাবে পঢ়োৱাইছে। পূজাত সিহঁতক ধুনীয়া ধুনীয়া কাপোৰ চাহাবেই দিয়ে। চাহাবে আমাক বহুত মৰম কৰে।
গৌৰব কৰিবলৈ আৰু যে কিমান কথা জানিবলৈ আছে, মই নিজকে সকলোতকৈ ভাগ্যৱান পত্নী বুলি ভাবিবলৈ আৰম্ভ কৰিছো। মই যে আপোনাৰ পত্নী।
: ক'ত গৈছিলা, মই অথনিৰে পৰা বিচাৰি ফুৰিছো।
: মেমচাবক নদী দেখুৱাবলৈ লৈ গৈছিলো।
: ভালেই কৰিলি। মধু, ইয়াত মোৰ কাম এটা ওলাল। সন্ধিয়ালৈ শেষ হ'ব। কাইলৈ ৰাতিপুৱাহে আমি ঘৰ যাম।
মই বেয়া পোৱা নাই। নয়ন আৰু মোৰ এই অকলশৰীয়া পৃথিৱী খনত জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ ভগৱানে মোক আৰু নয়নক অলপ সময় দিছে। মই এই সময়খিনি সুন্দৰকৈ সজাব লাগিব। মই নয়নৰ পত্নী হ'বলৈ সাজু।
ৰাতিৰ নিৰ্জনতাত ভাগৰুৱা নয়ন মোৰ কাষলৈ আহিছিল। মোৰ লিহিৰি আঙুলি তেওঁৰ চুলিৰ ভাজত বিচৰন কৰিছিল আৰু মই তেওঁৰ বুকুত কুৰুকি কুৰুকি সোমাই যোৱাৰ চেষ্টা কৰিছিলো।
" ভাল পাওঁ আপোনাক।"
মোৰ স্বামীৰ সন্মুখত এইয়া প্ৰথমবাৰলৈ মোৰ নিৰ্লজ্জ স্বীকাৰুক্তি।
" ময়ো ভাল পাওঁ তোমাক"
ইয়াতকৈ আৰু কি লাগেনো মোক। আমাৰ বাবে বিশেষ ৰাতিটো দ্ৰুতগতিত পাৰ হৈ গৈছিল। বাগান এৰি আমি গুচি আহিলো। সৰু ঘৰটোত এৰি থৈ আহিলো ৰঙীন স্মৃতিৰ এটি টোপোলা ।গতানুগতিক ভাৱে পাৰ হৈছে দিনবোৰ। কেৱল ভাল লগা স্মৃতি বোৰ বিলাই উৰি গৈছে সময়। মাজে মাজে মা দেউতা আহে। এদিন আমাৰ লগত থাকি গুচি যায়। যাবলৈ ওলোৱা মা দেউতাৰ হাতত নয়নে সদাই পইচা কেইটামান গুজি দিয়ে। আমাৰ ঘৰলৈ এটা নতুন সদস্য আহিল। জুমি বৌৰ ল'ৰা সন্তান এটা হ'ল। মোৰ দায়িত্ব বাঢ়িল। বৌ কেঁচুৱাৰ লগত লাগি থাকিব লগা হোৱাৰ বাবে মায়ে ঘৰৰ কামৰ সম্পূৰ্ণ দায়িত্ব মোক দিলে। নিজৰ ঘৰ, নিজৰ মানুহ। প্ৰত্যেকটো কাম নিয়াৰিকৈ কৰি যাওঁ। নয়নৰ মৰম আৰু আদৰত পাহৰি যাওঁ দিনটোৰ কষ্ট বোৰ।
মাজে মাজে খং উঠে, অভিমানত মোৰ গাল দুখন ফুলি উঠে। আমাৰ কথা বোৰৰ মাজত যেতিয়া কিবা প্ৰকাৰে বাগান খনে প্ৰৱেশ কৰে এনেকুৱা লাগে সেইখনেই যেন মোৰ প্ৰধান শত্ৰু। মোৰ স্বামীৰ দ্বিতীয় পত্নী। মোৰ অভিমান ভাঙিবলৈ তেওঁৰ মুখত এটা বাক্যই যথেষ্ট।
" ভাল পাওঁ তোমাক।"
ৰাতিপুৱাই নয়ন ওলাই গৈছে। কাম শেষ কৰি আমাৰ ঘৰলৈ যাব। মনটো ভাল লাগি আছে। মই অপেক্ষা কৰিছো নয়নলৈ। সদাই দিয়াৰ দৰে মায়ে মোৰ বাবে দিয়া পিঠা আৰু ঘৰৰ শাক-পাচলিৰ টোপোলাটোৰ বাবেও মোৰ এই অপেক্ষা।
সদায় আবেলি ঘৰ সোমোৱা মানুহটো আজি ৰাতিলৈকে ঘৰলৈ অহা নাই। মায়ে বাৰে বাৰে মোলৈ এৰি দিছে এটা সন্দেহৰ বীজ।
" কিয় যাব লাগে তোমাৰ ঘৰলৈ,,মোৰ ল'ৰাটোক এনেকৈ মাতি মাতি মাৰ বাপেৰাৰ ঘৰ জোৱাঁই কৰাৰ ধান্দা নেকি?"
একো নকও মই। বতৰটো ডাৱৰীয়া,ৰাতিলৈ ধাৰাষাৰে বৰষুণ এজাক অহাৰ সম্ভাৱনা আছে। সেইকাৰণেই মাৰ খং উঠিছে। লাহে লাহে মোৰ বুকুখনতো কিবা এটা বেয়া হোৱাৰ অজান আশংকাই খোপনি পুতিছে। নামঘৰত সন্ধিয়া জ্বলোৱা বন্তি গছিও আজি জ্বলাব লওঁতেই নুমাই থাকিল।
মুখৰ পৰা আপোনা আপুনি ওলাই আহিছে "ক'ত গ'ল আপুনি?"
(আগলৈ)
বিঃদ্ৰঃ কলিয়াবৰ নিবাসী সন্মানীয় ডিম্পী মহন্ত ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment