ইতিমধ্যে ইন্সপেক্টৰ মনে নিজৰ হাত খন ব্লেড খনৰে কাটি দিছিলে | টোপা টোপে তেজবোৰ বৈ আহিছিল | ময়ূৰীয়ে কি কব তাক ! তাই যে একো শব্দই বিচাৰি নাপালে |
- হাত খন কিয় কাটিলা ?
মনে কোনো উত্তৰ দিয়া নাছিলে |
- মই সুধিছোঁ হাত খন কিয় কাটিছা ?
- প্রমান দিবলৈ !
- প্রমান ? কিহৰ প্রমান ?
- ভালপোৱাঁৰ |
- বাহঃ বাহঃ কি দুৰ্দান্ত প্রেমিক তুমি ,হাত কাতি প্রমান কৰিব বিচাৰিছা যে তুমি ময়ূৰী কাকতিক ভালপোৱাঁ !
- ময়ূৰী !
- শুনা মন প্রেম ইয়াকে নকয়,ভালপোৱাঁ হাত কাটি দেখালে নহয় | প্রেম থাকিব লাগে হৃদয়ত | আহো
- ময়ূৰী তুমি !
- আশা কৰো তুমি তোমাৰ প্রেমৰ সংজ্ঞা সলনি কৰিবা | আৰু এজনী মৰম লগা ছোৱালীক নিজৰ জীৱন সংগিনী কৰিবা | শুভেচ্ছা থাকিল |
- কিন্তু তুমি,,,,,,
ময়ূৰী আৰু নৰল তাই গাড়ী চলাই গুছি গ'ল | এইফালে ইন্সপেক্টৰ মন জেদী হৈ উঠিল | সি ভাৱিছিল ময়ূৰী নিজৰ দোপাট্রা খন খুলি তাৰ হাত খন বান্ধি দিব | তাক কব " তুমি এইবোৰ কিয় কৰিছা ! মই তুমি কষ্ট পোৱা চাৱ নোৱাৰো " কিন্তু ক'তা তাই দেখোন দুষাৰ কথা হে শুনাই থৈ গ'ল | ঠিক আছে আজিৰ পৰা সি ও তাইক দেখাব যে সি অইন কাৰোবাক ভালপাৱ পাৰিব |
ময়ূৰীয়ে গাড়ী চলাই আহোতে হৈ যোৱা কথাবোৰ ভাৱি আহিলে | ইন্সপেক্টৰ মনৰ এই কাম তাইৰ সহ্য নহ'ল | তাই নিবিচাৰে মানুহে ভালপোৱাঁ এনেদৰে প্রমান কৰক | যদি হে তাৰ হাত খনৰ পৰা এক্সিডেন্টৰ ফলত তেজ নিৰ্গত হ'ল হৈ | তাই তাৰ হাত খনত দোপাট্রা খন বান্ধি দিলে হেতেন | তেনেতে ময়ূৰীৰ ফোনটো বাজি উঠিল | মনৰ ফোন |
- হেল্ল'
- ময়ূৰী
- উম কোৱা
- আই লাভ ইউ ময়ূৰী আই লাভ ইউ
- হাৰে কি হ'ল তোমাৰ !
- অ ময়ূৰী মই যে তোমাক কি দিম !
- হাৰে কি দিব লাগে নো তুমি মোক !
- উম্মাহঃ মাই লাভ !
মনৰ আচৰনত ময়ূৰী আচৰিত | কি হ'ল মনৰ ,সি যে আজি তাইক ইমান মৰম,,,,,,,
- মন
- উম কোৱা
- কি হ'ল তোমাৰ ?
- মোৰ চাকৰি হৈ গ'ল ময়ূৰী,মোৰ চাকৰি হৈ গ'ল এইমাত্র ফোন আহিছে | মই ক'ম্পানীৰ মেনেজাৰ বনি গ'লো ইয়াহু !
- সঁচা মন !
- উম সঁচা ,সকলো তোমাৰ বাবে ময়ূৰী,সকলো তোমাৰ বাবে | আই লাভ ইউ ময়ূৰী
- ঐ কোনোবাই শুনিব
- শুনিলে শুনক | মই তোমাক বহুত ভালপাওঁ ময়ূৰী,বহুত |
- লাভ ইউ টু বেবি |
ময়ূৰীয়ে যে আজি অকলে হাঁহিছে | মনৰ চাকৰি হ'ল | ব্যক্তিগত খণ্ডৰ হ'লেওঁ সি আজি বহুত সুখী | তাৰ সুখে তাইৰ সুখ | এটা ভাল ক'ম্পানীৰ মেনেজাৰ | যি নহওঁক এতিয়া যে তাই সকলো সাহস কৰিব পাৰিব |
এটা ধুনীয়া দিন ময়ূৰী আৰু মনৰ জীৱনৰ | মৰম লগা ময়ূৰী জনীয়ে গা ধুই আহি সিহতৰ শুৱনি কোঠাৰ ড্রেছিং আইনা খনৰ সন্মুখত বহিছে | ধুনীয়া ছুলি খিনি মেলি থৈছিলে | প্রসাধনত ব্যস্ত তাই | শিৰৰ সিন্দুৰ খিনি লব লওঁতে পাছ ফালৰ পৰা মনৰ আলিংগন |
- চাওঁ মন এৰি দিয়াছোন |
- নিদিওঁ
- দিয়া না
- না নহব |
- হাৰে,,,,,,
ময়ূৰীয়ে আইনা খনত দেখিছিল সি তাইক সাৱতি তাইৰ গাল খনতে তাৰ খন লগাই চকু মুদি উপভোগ কৰিছে মৰমৰ |
- আহঃ
ময়ূৰীয়ে চিঞঁৰি দিছিলে |
- কি হ'ল
- বিন্ধিছে !
- বিন্ধিছে ?
- তোমাৰ দাড়ি খিনিয়ে |
মনে জোৰকৈ হাঁহি দিলে |
- পাগলী, তুমি কিয় ইমান ধুনীয়া ?
- হব সকলোৱে নিজৰ পত্নী জনীক ধুনীয়াই দেখে |
- বিদ্যা কৈছোঁ তুমি যে বহুত ধুনীয়া |
- এতিয়া এৰি দিবা নে ?
- নিদিওঁ |
সি এইবাৰ তাইৰ হাত দুখন তাৰ হাতৰ মাজত ল'লে|
- তোমাৰ হাতৰ নখ কেইটা বেছি দীঘল হৈছে কাতি দিব লাগিব |
- কি ?
- উম
- নালাগে দে,তুমি মোৰ মঙহ কাতি দিবা |
- ধেইট নিদিওঁ |অ পাগলী , এইবাৰ সেউজীয়া নেইলপলিছটো লগবা দে |
- হব মোৰ সোণ , এতিয়া তুমি যোৱা গা ধুই আহা
- নোধো
- কি ! লেটেৰা |
- উম হব,নিজে বৰ চাফা ওলাইছে |
কথা খিনি কৈ কৈ মন বাথৰুমত সোমাল | ময়ূৰীৰ যে তাৰ এই মৰম বোৰ বহুত ভাল লাগে | কেতিয়াবা সৰু ল'ৰাটোৰ দৰে মুখ খন ওফন্দাই থাকে | বহুত মৰমিয়াল এই মন জন |
কইনাজনী বিউটিফুল বিউটিফুল
দ'ৰা বৰ লাকী
দেখা হে কান্দিছে কইনাই
ভিতৰি হাঁহি ঐ ৰাম দ'ৰাকে দেখি
- ময়ূৰী শুনিছানে |
মনে বাথৰুমৰ পৰা ময়ূৰীক চিঞঁৰি আছে |
ময়ূৰী পাকঘৰত সোমাইছিল হে মাত্র |
- কি হ'ল আকৌ ,চিঞঁৰি আছা যে ?
- তাৱেল খন দিয়াছোন |
ময়ূৰী আহি তাৱেল খন লৈ গ'ল |
- কেইজনী ঘনীয়েৰৰ চিন্তাত থাকা তাৱেল খন নিব পাহৰা যে
- এজনীৰ
- কোন সেইজনী ভাগ্যৱতী ?
- ময়ূৰী কাকতি |
- দুষ্ট লোৱা |
মনে বাথৰুমৰ দৰ্জা খন খুলি বাহিৰলৈ হাত খন আগবঢ়াই দিলে |
- দিয়া আকৌ
ময়ূৰীয়ে বাথৰুমৰ দৰ্জা খন সম্পূৰ্ণ খুলি দিলে |
- হেই কি কৰিছা ! বন্ধ কৰা |
ময়ূৰীয়ে মুখত হাত খন দি দৌৰ মাৰিলে |
এইবাৰ মনে তাৱেল খন পিন্ধি বাথৰুমৰ পৰা ওলাই আহিল |আৰু ময়ূৰীৰ কাষত গ'ল |
- ৰবা তোমাক আজি মই !
ময়ূৰীয়ে দৌৰ মাৰিলে |
- হেই কিয় পলাইছা এতিয়া ?
- তোমাক কিন্তু এইবাৰ মই ,,,,
- কি কৰিবা !
- নকওঁ
- কোৱা কৈছোঁ
- তাৱেল খন খুলি দিম |
- কি !
মনে ঘৰৰ ভিতৰত দৌৰ মাৰি দৰ্জা বন্ধ কৰি কাপোৰ সলনি কৰিলে | আৰু ওলাই আহিল | মনৰ কাণ্ড দেখি ময়ূৰীয়ে মুখ তিপি হাঁহিলে |
- মন অফিচ যাৱৰ হ'ল ওলোৱা |
- তুমি ?
- মই,ওলাম আগতে তুমি ওলোৱা |
- ৰবা তোমালোকৰ কমপ্লেইন মুখ্যমন্ত্রীক দিব লাগিব |
- কিয় ?
- এই চৰকাৰী চাকৰিয়াল বোৰ যেতিয়া মন তেতিয়া যাব আৰু আমি সময় মতে যাব লাগিব নহব |
- ভালে হব চাকৰি গ'লে মই ঘৰত বহি বহি খাম |
মনে মিচিকিয়াই হাঁহিলে | এই ময়ূৰী জনীক সি কথাৰে ব'লে নোৱাৰে |
সময়ত ময়ূৰীয়ে তাৰ কাষত ভাত লৈ আনিলে | মনে চাৰ্টৰ বুটাম মৰাত ব্যস্ত | আৰু মনক সৰু ল'ৰাটোৰ দৰে তাই ভাত খুৱাই আছে | তাৰ মাজেতে মনে এবাৰ দিলে ময়ূৰীৰ আঙুলিত কামুৰি |
- অ মা মৰিলো |
- হাৰে কি হ'ল
- খোৱা নিজে খোৱা
- খং কিয় কৰিছা ?
- কিয় নকৰিম | আঙুলিতে কামুৰি দিছা ,ইমান দুফ পাইছোঁ |
মনে গৈ তাইক চকী খনত বহাই দিলে |
- চাওঁ কোন খিনিত দুফ পালা |
- এইখিনিত |
- অ এইখিনিত দুফ পালা,একো নাই ভাল পায় যাবা |
ময়ূৰীয়ে মনৰ বুকুৰ মাজত সোমাল |
- লাভ ইউ মন |
- লাভ ইউ টু পাগলী |
ক্ৰিং ক্ৰিং ক্ৰিং
- হেল্ল'
- কি কৰিছা ?
- অফিচতে আছোঁ |
- কি ?
- উম |
- ঐ এই ৰাতিপুৱাঁ ৬ টা বজাত তুমি কোনটো অফিচত আছা !
- মোৰ অফিচত আকৌ
- মন বলিয়া হ'লা নেকি ?
মনে এইবাৰ আধা মেলা চকু কেইটা ভালকৈ মেলিলে | ধেইট সি দেখোন বিচনাত আছে | তাৰমানে সি ইমান সময় সপোনতে ব্যস্ত আছিলে |মনে যে ইমান সপোন দেখে | তাৰ লাজে লাগিলে |
- মন
- উম
- কি হ'ল অফিচৰ কামত ব্যস্ত নেকি ?
- নাই নাই,বিচনাত
- তেন্তে অফিচত কিয় কৈছিলা ?
- এনে |
- উঠা সোণকালে অফিচ আছে নহয়,আজি তোমাৰ অফিচৰ প্রথম দিন.|
- নুঠো
- কি
- উম
- কিয়
- তোমাৰ কাষত শুই থাকিম |
- হব দেৰিয়ে হ'ল,ৰাতি ক'ত গৈছিলা ? নাক বজাই শুই থাকিলা দেখোন |
- টোপনি আহি গ'ল আকৌ
- উম গম পাইছোঁ
- তুমি উঠিলা ?
- নাই উঠা,উঠিম হে |
- কি ?
- উঠিবৰ মনে যোৱা নাই
- কিয়
- অকনমান ঠাণ্ডা পৰিছে |
- গোটেই ৰাতি ফেন খন লগাই কুম্ভ কৰ্ণৰ দৰে শুই আছা |
- উম এইখিনি সময় যে শুই বহুত মজা লাগে জানা
- জানো |
- আগতে এইবোৰ অনুভৱ কৰিব পৰা নাছিলোঁ | ৰাতিপুৱাঁ হ'লে ঘৰৰ কাম ,তাৰপাছত আকৌ নিজৰ কাম |
- উম বুজিছোঁ |
- কিবা এটা দিয়া না ?
- কি লাগে ?
- নাজানোঁ
- ধেইট কোৱা
- মই নাজানোঁ
- বদমাছ ! উম্মাহঃ উঠা |
ময়ূৰীয়ে নিজৰ ঘৰৰ কামত ব্যস্ত হ'ল | ঘৰৰ ইটো সিটো কাম কৰি তাই নিজৰ দিউটি লৈ আহিবৰ বাবে সাজু হবৰে হ'ল |
- অ মা শুনাছোন |
- কি হ'ল মাজনী ?
- তোমাক কথা এটা কম ভাৱিছোঁ
- কি কথা
- আশা কৰো তুমি সহাৰি জনবাঁ |
- কি কথা ক'চোন |
- মই বিয়াত বহিম মা |
- কি ,তই সঁচাই কৈছ নে মাজনী ?
- সঁচা মা,মই সিদ্ধান্ত লৈছোঁ |
- মাত্র তোৰ মুখৰ পৰা এইষাৰ কথাৰ অপেক্ষা কৰিছিলোঁ | কিন্তু আজি দেউতাৰা থকা হ'লে,মানুহ জনে এটা ডাঙৰ আঘাট লৈ গুছি গ'ল অ মাজনী | মোক সদায় কৈছিল | " হেৰা মাজনী বিয়াত বহিব নে সুধিবাছোন | তাই এনেকে থকাটো মই সহ্য কৰিব নোৱাৰো | " কিন্তু আজি মানুহ জনে নাই |
মাকৰ চকুপানী খিনি ময়ূৰীয়ে মছি দিলে |
- মা তুমি নাকান্দিবা ,তুমি কান্দিলে মই ও দুৰ্বল হৈ পৰো |
- মই বহুত সুখী অ আজি মাজনী |
- মই ল'ৰা নিজে চাইছোঁ মা |
- কোন !
- আমাৰ ঘৰত যে আহিছিল সেই ৰিক্সাৱালা জন |
- কিন্তু
- তুমি চিন্তা নকৰিবা মা তেওঁ এতিয়া ৰিক্সা নচলাই,তেওঁ এতিয়া এটা আগশাৰীৰ ক'ম্পানীৰ মেনেজাৰ | যদিওঁ তেওঁ ৰিক্সাচলাইছিল সেয়া মাত্র পেটৰ তাড়নাত,ভাতৃ - ভগ্নীক ডাঙৰ কৰাৰ স্বাৰ্থত হে |
- ল'ৰাজন !
- বহুত ভাল মা,তুমি কব পাৰিবা মই এজন ভাল জোৱাই পাইছোঁ,আমি মিছাতে তেওঁক সন্দেহ কৰি কষ্ট দিলো | আৰু হয়টো তেনেকুৱা এটা ঘটনা নঘটা হ'লে মই তেওঁক কাহিনীওঁ নাপালো হৈ মা |
- মাজনী তোৰ সুখে মোৰ সুখ | মই তোৰ পচন্দক আদৰণি জনাইছোঁ মাজনী |
- সঁচাই নে মা ?
- উম সঁচা |
- অ ৰিয়েলী লাভ ইউ মা |
তাই মাকক সাৱতি ধৰিলে |
আজি মনৰ চাকৰিৰ প্রথম দিন | তাৰ যে ভয় ও লাগিছে,নতুন কাম কিমান খিনি কৰিব পাৰে জানো | ময়ূৰীয়ে তাৰ জীৱনৰ আশীৰ্বাদ বিচাৰি তাক লৈ উলুবাৰীৰ হুনুমান মন্দিৰত আহিছে |
- প্রভু,মনৰ সকলো সপোন পূৰণ কৰি দিয়া | লগতে আমাৰ এই সম্পৰ্ক যেন সদায় ধুনীয়া হৈ থাকে আমাক আশীৰ্বাদ দিয়া প্রভু |
এয়া ময়ূৰীৰ ভগবানৰ ওচৰত পাৰ্থনা |
- হে প্রভু | ময়ূৰীয়ে মোৰ লগত ইমানে কষ্ট কৰিছে,তাইৰ সপোন বোৰ দিঠক কৰা | তাই যেন জনমে জনমে মোৰ হয় তুমি মোক সহায় কৰা | তাইক কুশলে ৰাখা প্রভু | কুশলে ৰাখা |
মনে ভগবানৰ পৰা আশীৰ্বাদ বিচাৰিলে |
সিহত মন্দিৰৰ পৰা ওলাই আহিল |
- মন ভগবানক কি ক'লা ?
- ক'লো মোৰ ময়ূৰীক যেন সদায় কুশলে ৰাখে আৰু
- হব ,এই মূৰ্খ আজি আমি মন্দিৰত কিয় আহিছিলো ?
- ভগবানক পাৰ্থনা কৰিবলৈ |
- কিহৰ বাবে ?
- মোৰ চাকৰিৰ বাবে |
- তেন্তে
- হাৰে ময়ূৰী চাকৰিত কৈ ও তুমি বেছি গুৰুত্বপূৰ্ণ
- মন
- অ সঁচা ময়ূৰী |
তেনেতে সন্মুখত মন্দাকিনী দেখিলে |যিজনী নাৰীয়ে তাক বহুত মৰম কৰিছিল ,সহায় কৰিছিল |
- মন্দাকিনী বা ঐ মন্দাকিনী বা ?
মন্দাকিনীয়ে তাৰ ফালে চাই থাকিল তাক ধৰিব নোৱাৰিলে |
- মই মন এই যে ৰিক্সা,,,,
- আচ্ছা ! ঐ ল'ৰা তই যে বেলেগ হৈ গলি |
- উম |
- এতিয়া কি কৰি আছ ?
- চাকৰি ! চাকৰি হৈ গ'ল |
- কি !
- উম চাকৰি |
- তই সেইজন মন হয়নে
- হয় হয়, সেইজনে হয় |
- ভগবানে তোক মংগল কৰক |
- এই ময়ুৰী শুনাছোন !
ময়ূৰী মনৰ কাষলৈ আহিছিল |
- এইজনী এইজনী ময়ূৰী আজি এওঁৰ বাবে মোৰ পৰিবৰ্তন |
- উম দুটাই ধুনীয়া মিলিবি |
মন্দাকিনীয়ে বেগৰ পৰা দুশ টকা উলিয়াই মনক দিলে |
- হু ল' | এইটো তই কামত ব্যৱহাৰ কৰিবি
- মন্দাকিনী বা
- নালাগে বুলি নকবি | তই মোৰ ভাইটিৰ দৰে বুজিছঁ | আহো বেলেগ দিনা লগ পাম দে |
- ঠিক আছে |
ময়ূৰী আৰু মনে ও গাড়ীত উঠিলে |
- ময়ূৰী এইজনী মন্দাকিনী বা নহয় মোক বহুত মৰম কৰিছিল |
- কৰিবই তুমি যে বহুত মৰম লগা
- হব
- কি হব
- অলপ বেছি হ'ল |
কিছু সময় পাছত মন-ময়ূৰী আহি মনৰ অফিচ পালে |
- মন তুমি যোৱা ,মই ও ডিউটি ত যাম | ভয় নকৰিবা
- নকৰো
- কিবা প্রব্লেম হ'লে ফোন কৰিবা
- উম ঠিক আছে
- যোৱা
মনে থিয় হৈ ময়ূৰীক চাই থাকিলে |
- কি হ'ল যোৱা আকৌ
- অ ঠিক আছে,বাই |
ময়ূৰী গ'ল মন ও অফিচৰ ভিতৰত সোমাই গ'ল | তাৰ বুকু খন ধান বনা মেচিনৰ দৰে বাজিছে | ভয় ভয় কে সি সোমাই গ'ল | তেনেতে এজন মানুহৰ লগত তাৰ মুখামুখি হ'ল |তাৰ বুকুখন কান্দি উঠিছিল সন্মুখত তাক দেখি |
- তই ?
তাৰ মুখৰ পৰা ওলাইছিল |
ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment