- অ মই
- ভাইটি !
- হব মোক ভাইটি বুলি মাতি লাজ নিদিবি |
- কি ?
- অ তই নাজান যে তোৰ ভুলৰ বাবে আমি কিমান সাস্তি পাইছোঁ |
- সেয়া মই ভুল কৰা নাই ভাইটি,মই হত্যাকাৰী নহয় প্রমান হৈ গ'ল | তই এই ক'ম্পানীৰ ?
- মেনেজিং ডাইৰেক্টৰৰ জোৱাই |
- কি !
- মই শুনিছিলো আজি আমাৰ ক'ম্পানীত এজন নতুন মেনেজাৰ আহিব | সম্ভৱ সেইজনে তই ?
- অ অ মই ভাইটি | তই বিয়া পাতিলি নেকি ভাইটি ?
- নাই পতা | কিন্তু পাতিম সোনকালে | মোক এতিয়া টকাই পাগল কৰি পেলাইছে | মই মাত্র টকা চিনি পাওঁ |
- আৰু ভন্টি ?
- তই কি গমে পোৱা নাই ? তই এইখন অসমতে থাক নে ? তাই,এতিয়া অসমৰ জনপ্রিয় গায়িকা মিছ তৰালি |
- তাইৰ চকু ?
- তাই এতিয়া সম্পূৰ্ণ দেখা পাই | আজি পোন্ধৰ দিন হ'ল তাইৰ অপাৰেচন হ'ল |
- কি !
মনৰ মনত বহুত আনন্দ লাগিল | হাৰে তাৰ মৰম লগা ভনীয়েক জনীয়ে এতিয়া সকলো দেখে | তাক এ দেখিব | তাৰ যে কিমান আনন্দ লাগিল | সি যেন এতিয়াই তাৰ ভনীয়েকৰ ওচৰত যাৱ | তাইক এবাৰ দেখা কৰিব |
- ভাইটি তহতে ক'ত থাক ?
- আমবাৰীত |
- মই এবাৰ ভন্টিক চাব পাৰিম নে ভাইটি ? মাত্র এবাৰ |
- নিশ্চয় আহিবি সন্ধিয়া | এতিয়া কাম কৰ ,শুভেচ্ছা থাকিল |
- ভাইটি,,,,,
সি গ'ল গৈ | মনৰ বুকু খন শোকে খু্ন্দা মাৰি ধৰিলে | যিজন ল'ৰাই দাদা দাদা বুলি চিঞঁৰি আছিলে সেইজন ল'ৰা ৰ মুখৰ পৰা আজি দাদা শব্দটো শুনিবলৈ ইমান অপেক্ষা কৰিব লগা হৈছে | সি আজি তৰালি ক লগ কৰিব যাৱ | হাৰে তাৰ ভন্টিয়ে দেখা পায় | এয়া যে সি বিশ্বাস কৰিব পৰা নাই |
মনৰ প্রথম দিনৰ কাম শেষ | সি অফিচৰ পৰা ওলালে | সি ময়ূৰীক ফোন কৰি মাতিছিলে | ইতিমধ্যে ময়ূৰীয়ে তাৰ বাবে অপেক্ষা কৰি আছিলে অফিচৰ সন্মুখতে | তাক দেখি ময়ূৰীয়ে এটা মিঠা হাঁহিৰে সুধিলে |
- মন কেনেকুৱা লাগিল আজি |
- ময়ূৰী আজি মোৰ দিনটো বহুত ভাল | বহুত
- কি হ'ল নো ?
- ভাইটিক লগ পালো সি হেনো এই ক'ম্পানীৰ মেনেজিং ডাইৰেক্টৰৰ জোৱাই |
- কি ?
- অ ,আৰু কি জানা মোৰ ভন্টিয়ে হেনো এতিয়া চকুৰে দেখা পাই |
- সঁচাই
- উম সঁচাই |
- ময়ূৰী আমবাৰীত ভন্টি থাকে আমি এপাক সোমাই যাম ব'লা |
মনৰ মনটো আজি উগুল থুগুল | সি যে আজি আনন্দত আত্মাহাৰা হৈছে | তাৰ মৰমৰ ভনীয়েকে আজি তাক প্রথম দেখিব | উফ ! কিমান যে ভাল লাগিব | তাৰ সুখত ময়ূৰীৰ মুখেৰে হাঁহি বাগৰিলে | কিমান হেপাঁহ এইজন মানুহৰ | কিছু সময় যোৱাৰ পাছত ভায়েকে দিয়া এদ্রেছ মৰ্মে সিহতে সেই প্রকাণ্ড অট্রালিকাত সোমাল |
ক্ৰিং ক্ৰিং ক্ৰিং
মনে কলিং বেলটো তিপি অপেক্ষা কৰিলে | দৰ্জা খন খোল খালে |
- কোন ?
এই মাতটো মনৰ চিনাকী লাগিল | তাই সম্পূৰ্ণ ৰূপে ওলাই আহিল |
- ভন্টি !
- তই,,,,,
- অ মই মই তোৰ ডাঙৰ দা
- কি ?
- অ মই ভন্টি |
তৰালিয়ে দৌৰি আহি বুকুৰ মাজত সোমাল |
- দাদা তই মোক এৰি ক'ত আছিলি ? বহুত বিচাৰি ফুৰিছোঁ অ তোক |
তৰালিয়ে কান্দিছিল |
- হেই ভন্টি মই,ও তোক বিচাৰি আছিলো অ | মই বহুত কষ্টত আছিলো অ,এবাৰ তোক চোৱাৰ হেপাঁহত |
ময়ূৰীয়ে মন তৰালিৰ ফালে চাই মাত্র চকুলো টুকিছে | এয়াই প্রকৃত ভাতৃ-ভগ্নীৰ মৰম |
- দাদা তোক পুলিছে বহুত পিতিছিল ন ?
- নাই অ ভন্টি মই হত্যাকাৰী নহয় |
- মই জানো অ দাদা | মই তোক বুজি পাওঁ নহয় | তোৰ বুকু খনৰ মাজত শুৱলৈ মই সদায় বিচাৰি থাকো অ দাদা |
- মোৰো বুকুখন খালি খালি লাগি থাকে অ ভন্টি |
- চাওঁ এবাৰ তোৰ মুখ খনি ভালকৈ চাওঁ | দাদা তই ইমান ধুনীয়া নে ? এখন তেনে সহজ সৰল মুখ তোৰ |
- তই মোক দেখিছ ভন্টি ! তই সঁচাই দেখিছ ?
- উম সঁচাই দেখিছোঁ | মোৰ চকু ভাল হ'ল |
মনে চকুৰ পানী খিনি মছি ল'লে | সি ময়ূৰীক ওচৰলে আনিলে |
- দাদা এখেত ?
- এয়া তোৰ নবৌ ভন্টি | ময়ূৰী কাকতি গুৱাহাটী ইউনিভাৰচিটিৰ অধ্যাপিকা |
- কি ! নবৌ,,, বাহঃ বহুত ধুনীয়া মোৰ নবৌ জনী |
- ভন্টি তুমি যে মোতকৈ বেছি ধুনীয়া |
ময়ূৰীয়ে তৰালিৰ গাল খনত হাত খন থৈ কৈছিল |
- ইছঃ মই ধুনীয়া নহয় |
- হব তই লাজ কৰিব নালাগে |
মনে কৈছিল তৰালিক |
- অ মই পাহৰিয়ে গৈছিলোঁ | দাদা আহ ভিতৰত আহ,নবৌ আহক |
মন আৰু ময়ূৰী ভিতৰত সোমাই গল | এটা আভিজাত্য কোঠা ,সুন্দৰ ভাৱে সজাই থোৱা আছিলে | যি কোঠাত সুন্দৰ সুন্দৰ ফুলৰ থোপা,অসমীয়াৰ সম্পদ ফুলাম জাপি সজাই থোৱা আছিল |
- দাদা তই আমাৰ থকা ঠাইৰ কেনেকে পালি ?
- ভাইটিয়ে দিলে |
- তই সৰু দাক লগ পাইছিলি ?
- পাইছিলোঁ,কিন্তু সি বহুত সলনি হ'ল অ |
- দাদা মই ইয়াত কষ্টত আছোঁ | হয় মই চকুৰে দেখিছোঁ,কিন্তু চকুৰে দেখাই জানো সুখ ?
- ভন্টি ,তই হেনো এতিয়া অসমৰ এজনী জনপ্রিয় গায়িকা ?
- হয় মই অসমৰ জনপ্রিয় গায়িকা,কিন্তু কি হব,মোৰ ভিতৰৰ মানুহ জনীৰ কথা বহুতে নাজানে |
মনে তাইৰ কাষলৈ গৈছিল | তাইৰ মূৰত আলফুলাই সুধিছিল |
- ক'চোন ভন্টি কি হ'ল তোৰ |
- একো নাই দাদা,ভাৱিছিলো এদিন জীৱনত সুখ আহিব | কিন্তু নাই মই কেতিয়াবা আত্মাহত্যা কৰিব লাগিব |
- ঐ চুপ | আৰু নকবি ভন্টি,আৰু নকবি ! তোক এই দুখন হাতেৰে মই কষ্ট কৰি ডাঙৰ কৰিছোঁ | এনেকে অকালতে মৰি যাৱ নিদিওঁ তোক |
মনৰ আবেগৰ ধৌ দেখি ,তৰালিয়ে জোৰকৈ হাঁহিলে
- দাদা মই,ধেমালি কৰিছোঁ অ,মই তোৰ সেই আগৰ মৰম বোৰ আছে নে ! তাক পৰীক্ষা হে কৰিলো |
- দুষ্ট ছোৱালী |
মনে তাইক আকৌ সাৱতি লৈছিল |
- ভন্টি এতিয়া আমি যাওঁগৈ,আকৌ আহিম তোৰ ওচৰত সদায় সুখীহৈ থাক | আৰু অতি সোনকালে তোক মোৰ ওচৰত লৈ যাম |
- উম হব,মই তোৰ ওচৰত যাম দাদা |
- ভন্টি আহো,আকৌ লগ পাম |
ময়ূৰীয়ে তৰালিক কৈছিল |
- উম ঠিক আছে নবৌ |
তৰালিয়ে চাই আছিলে,সিহত গৈ গাড়ীত বহিল | মন যোৱাৰ পাছত তৰালিয়ে হুকহুকাই কান্দিলে | " মোক ইয়াৰ পৰা লৈ যা অ দাদা,মোক লৈ যা,ইয়াত মই পিঞ্জৰাত বন্দী অসহায় হৰিনী ,মই সঁচাই কষ্টত আছো অ দাদা,সঁচাই "
তাই মাত্র মনে দুখ পাব বুলি কথাবোৰ লুকাই থলে |
- তোমাৰ ভন্টি কিন্তু বহুত ধুনীয়া |
- হাৰে ককায়েক বেয়া নেকি ?
- মানে তুমি ?
- উম মই আকৌ |
- তুমি একেবাৰে বেয়া দেখিবলৈ |
- অহ,ধন্যবাদ | গাড়ী ৰখোৱা
- কিয় ?
- মই খোজ কাঢ়ি যাম,বেয়া মানুহ এজনৰ লগত ধুনীয়া,মানুহ জনী যাৱ নালাগে |
- কি
ময়ূৰীয়ে জোৰকৈ হাঁহি দিলে | আৰু মনৰ মুখ খন চালে,বৰষুণ আহিব চাগে | একদম কলীয়া মেঘে আকাশ ধাকিছে |
- মন শুনাছোন |
- কোৱা
- বাপৰে খং উঠিছে তোমাৰ ?
- নাই কোৱা |
- শুনা মোৰ এজন মানুহক বহুত ভাল লাগে জানা ! বহুত মৰম লগা,বহুত অভিমানী সেই মানুহ জন |
মনৰ যেন লাহে লাহে খং চুলিৰ আগপালে | সি এতিয়া ধৰ্য্য হেৰুৱাই পেলাব |
- কেবল খাওঁতে,বহোতে,শুৱতে তেওঁৰে ছৱি দুনয়নত | যেন তেওঁ মোক গ্রাস কৰি পেলাইছে প্রেমেৰে |
- কোন সেইজন ?
মনে চিঞঁৰি উঠিলে |
- মই তেওঁক পাব বিচাৰো,তেওঁৰ বুকুৰ উষ্ণতা পাব বিচাৰো |
- মই পাগল হৈ যাম এতিয়া কোন সেইটো ? তাক মই,এতিয়া ,,,,
- সেইজন মোৰ হৃদয়ৰ ৰজা " মন " মোৰ মন |
- উফঃ মানুহ মাৰি দিবা দে | মই ভাৱিছিলোঁ তুমি
- ধেই পাগল নেকি !
- পাগলে দিয়া |
- বলা তেন্তে ডাইৰেক্ট তেজপুৰ |
- হব,মই তেজপুৰ যাৱ লগীয়া পাগল নহয় ,মই তোমাৰ পাগল |
- হয় নেকি মোৰ মৰমৰ পাগল |
মই হম ৰজা
তুমি হবা ৰানী
আমাৰ কাহিনী
আমাৰ পোনা দুটিক কম |
মনৰ দুচকুত ভাহি থাকিলে মাত্র তাৰ মৰমৰ ভন্টি তৰালিৰ প্রতিচ্ছৱি | তাই যে আজি দুচকুৰ পোহৰ খিনি ঘূৰাই পালে | বহুত মৰম লগা হৈ উঠিছে তাই | কিন্তু তৰালিয়ে যে ক'লে " তাই বহুত কষ্টত আছে ! " তাই সঁচাই কষ্টত আছে নেকি ? হেই নাই,তাই পিছত আকৌ হাঁহি হাঁহি ক'লে তাই পৰীক্ষা হে কৰিছিল | সঁচাই তাৰ ভনী জনী ও আজি নিজে স্বাবলম্বী | মাক দেউতাকৰ মৃত্যুৰ পাছত সি কৰা কৰ্তব্য খিনিৰ বাবে আজি সিহত ইমান ডাঙৰ হ'ল | সি নহ'লে যে সিহতৰ অৱস্থা কি হ'ল হৈ সেয়া ভাৱিয়ে ভয় লাগে |
তেনেতে তাৰ ফোনটো বাজিলে |
- হেল্ল'
- হেল্ল' ছাৰ শুলে নে ?
- হব মোক ছাৰ বুলি ঠাট্রা কৰিব নালাগে |
- কিয় এতিয়া মই তোমাৰ অফিচত গ'লে তোমাক ছাৰ বুলিয়ে কব লাগিব |
- ফাল্টু কথা বাদ দিয়া ,কি কৰিছা ?
- ফুটবল খেলি আছোঁ
- কি ?
- আচৰিত হ'লা যে ?
- এই ৰাতি কোন ফুটবল খেলিবলৈ তুমি !
- পাগল হোৱা নাইটো,তেনেকে কব খুজিছা ন ?
- অ তাকে কব খুজিছোঁ |
- ঠিক আছে ,পাগল মই নহয় তুমি !
- কিয়
- মই ফুটবল খেলি আছিলোঁ |
- ধেইট , কি কথা কোৱা অ |
- অ মোবাইলত গেম খেলিছোঁ,ফুটবল | মই মেছি আৰু তুমি ৰ'নাল্ডো
- হব হব,বৰ মেছি ওলাইছে |
- অ শুনা আকৌ
- কি ?
- আজি বিশ্বকাপৰ ছেমি ফাইনেলত ইণ্ডিয়া হাৰিলে নিউজিলেণ্ডৰ লগত | বহুত বেয়া লাগিছে জানা |
- তুমি ক্ৰিকেট ও চোৱা ?
- উম কিয় অকল মই নহয় মোৰ দৰে বহুজনী ছোৱালী ক্ৰিকেট অনুৰাগী |
- উম জানো
- খেলখন কোহলি ,ৰোহিত শৰ্মাই একো কৰিব নোৱাৰৈ বাবে এনে হ'ল |
- হব খেল পথাৰত নমা জনে হে জানে যুদ্ধ কিমান কঠিন আছিল | তুমি মই কি জানিম ,যেনেকে পৰীক্ষাত অৱতীৰ্ণ হোৱা জনে হে জানে পেপাৰ খন কিমান তান | তেখেত সকলেওঁ চেষ্টা কৰিছিল দেশক জিকাব,কিন্তু কি কৰিব | উপায় নাই |
- বাহঃ ইমান ধুনীয়াকৈ বুজা নে কথাবোৰ |ঐশুনা
- কি কোৱা
- কাইলৈ মায়ে তোমাক মাতিছে |
- মই নাযাওঁ দে
- কিয় ?
- মোৰ ভয় লাগে |
- কিয় আমাৰ মা বাঘ নেকি ? যে তোমাক চোবাই খাব |
- কি যে কোৱা তুমি
- তেন্তে কিয় নাহো কৈছা ?
- হব দিয়া যাম |
- চিউৰ ?
- চিউৰ পাগলী |
প্রেম এনেকুৱাই যেতিয়া ইজনে সিজনৰ ওচৰত সহজ হয়,তেতিয়া দৰকাৰী অদৰকাৰী এনেকুৱা বহুত কথাই ওলাই | আচলতে এনেবোৰ কথাৰ মাজত সোমাই থাকে বহুত মৰম ,বহুত ভালপোৱাঁ | পৃথিৱীৰ প্রত্যক নাৰীৰ সপোন থাকে নিজৰ মানুহ জনৰ লগত ভাল লগা কথাবোৰ যেন মুক্ত মনে প্রকাশ কৰিব পাৰে | ঠিক তেনেদৰে প্রত্যেক পুৰুষৰ ও একে বাসনা | সহজ সৰল ভাষাৰ মাজেৰে বাস্তৱ জীৱনৰ ভাল লগা অনুভুতিৰে এনেকে আগুৱাইছে মন ময়ূৰীৰ প্রেম | আজি মনৰ বুকু খন দুৰু দুৰু কপিছে | কাৰন আজি ময়ূৰীৰ মাকৰ আমন্ত্রন ক্ৰমে সি ময়ূৰী হতৰ ঘৰত যাব | জীৱনৰ এয়া প্রথম অইন এটা নতুন অভিজ্ঞতা | কি পিন্ধিৱ বাৰু সি ! ভাৱি থাকিলে | শেষত ময়ূৰীয়ে পচন্দ কৰি দিয়া বগা ৰং ৰ টিচাৰ্ট আৰু কলা লংপেন্ট পিন্ধি সি ওলাল |
ময়ূৰীয়ে বাৰে বাৰে পদুলি মুখত অপেক্ষা কৰিছে ! মনলৈ | তাইৰ সপোনৰ ,তাইৰ মৰমৰ মন | যি এজন মানুহক তাই দিনে নিশাই গঢ় দিছে |
তুমি আহিবা বুলি চেনাই
মোৰ পদুলিলে বুলি
তলভৰি থকা বকুলৰে
ফুল গচকি |
- ময়ূৰী !
- ওৱাহঃ হিৰ' পালাহি
- উম পালো,
- আহা তোমাৰে অপেক্ষাত প্রিয়তম
- হেৰি মানে,,,,
- কি হেৰি মানে ?
- নাযাওঁ নেকি ?
- কিয়
- ভয় লাগেছোন |
- আহা বুলি কৈছোঁ নে ! নাটক নকৰিবা
ময়ূৰীয়ে চকুৰ পতা বহল কৰি ক'লে |
- নকৰো মই চম্পক শৰ্মা,মৃদুল ভূঞা নহয় |
- উফঃ তুমি যে আৰু |
- কৃষ্ণ ! তুমি হে জানা আৰু
- কি হ'ল
- একো নাই ব'লা |
তেনেতে ময়ূৰী হতৰ ঘৰৰ অষ্ট্রেলিয়ান কুকুৰটো ই ভুকিব ধৰিলে |
- অ মা মৰিলো
মনে আকৌ পিছলৈ দৌৰ মাৰিলে |
ময়ূৰীয়ে হাঁহি হাঁহি মুখত হাত দি মাতিলে |
- আহা একো নহয় মই আছো ন ?
- এইটো,,, মোৰ মোৰ ভয় লাগে ময়ূৰী
- আহা কি যে হব তোমাৰ লগতো |
মনে মনে ভয় ভয় কৈ ময়ূৰী হতৰ কোঠাত সোমাল | সি ভয় খালে ময়ূৰীৰ মাকে বা কি কয় ! সি কি উত্তৰ দিব জানো |
- ময়ূৰী
- কোৱা
- তুমি মোক আগতে কব নোৱাৰিলা নেকি ?
- কি কব নোৱাৰিলো
- মায়ে মোক সুধিব ! মই কি উত্তৰ দিম
- হে ভগবান ! তুমি পৰীক্ষা দিব আহিছা নেকি ?
- নহয় মানে আগতে কইনা চোৱা অভ্যাস নাইতো তাকে অকলে অকলে
- কি কইনা চাৱ আহিছা ?
ময়ূৰীয়ে জোৰকৈ হাঁহি দিলে | মনে যে আজি কি বকিছে নহয় |
- তুমি বহা মই চাহ কৰো
- নাই মোৰ কাষত থাকাছোন অকমান
- হব ভয় নকৰিব নালাগে বাবা,মোৰ মা বাঘ নহয়.|
কথা খিনি কৈ ময়ূৰী ভিতৰত গ'ল | মনৰ অৱস্থা কাহিল | আজি হে ভাল পাল্লাত পৰিছে সি | এনেকুৱা লাগিছে যেন এতিয়াই দৌৰ মাৰিব ময়ূৰীৰ ঘৰৰ পৰা | তেনেতে ময়ূৰীৰ মাক কোঠা সোমায় আহিল | ময়ূৰীৰ মাকক দেখাৰ লগে লগে সি থিয় হৈ কিবাকে নমস্কাৰ জনালে |
- হব বহা
ময়ূৰীৰ মাকে ক'লে |
- তোমাৰ নাম
- মন ,মন কলিতা |
- ঘৰত কোন কোন আছে ?
- ভন্টি,ভাইটি আৰু মই |
- তোমাৰ ইমান সাহস যে তুমি মোৰ ছোৱালী ভাল পালা ?
মন ভয়ত পেপুৱা লাগিল |
- মই অকলে নহয় ময়ূৰী ,ময়ূৰী ও মোক ভালপায়
- মই তোমাৰ কথা সুধিছোঁ
- পাওঁ,মই ও ভালপাওঁ
- তুমি কি কৰা ?
- মেনেজাৰ ক'ম্পানীৰ
- আচ্ছা ! কিমান বছৰ হ'ল ?
- সোমাইছো মাত্র
- আগতে কি কৰিছিলা ?
- ৰিক্সা চলাইছিলোঁ
- কি ! তুমি কেনেকে সাহস কৰিলা এজন ৰিক্সাৱালা হৈ ইউনিভাৰচিটিৰ অধ্যাপিকা এজনীক বিয়া পতাৰ !
মন আচৰিত | সি যেন ভৱাবোৰ হব গৈ আছে |নাই সিওঁ উত্তৰ বোৰ সাহসত দিব লাগিব |
- এয়া সাহসৰ কথা নহয় এয়া ভালপোৱা
- ভালপোৱাৰে মানুহ খাই জীয়াই থাকিব পাৰে নেকি ?
- খুড়ীদেউ
- চুপ ! তাইৰ আৰু তোমাৰ মাজত আকাশ পাতল প্রভেদ | যি সম্পৰ্ক অসম্ভৱ |
মনৰ চকুৰ সন্মুখত যেন বিজুলি ধেৰকনিৰ পোহৰ পৰিল |
- কিন্তু তাইক এৰি এতিয়া মই
- আচলতে তুমি তাইৰ প্রেমত পৰা নাই | তুমি তাইৰ চাকৰিৰ প্রেমত পৰিছা ! তাইৰ সম্পত্তিৰ প্রেমত পৰিছা |
- এয়া মিছা কথা | এয়া মিছা অপবাদ দিছে আপুনি
- মিছা ! এয়াই ধ্রুৱ সত্য | এই মূহুৰ্ত্তৰ পৰা তুমি ময়ূৰীক পাহৰি যোৱা |
- নাই,মই তাইক পাহৰিব নোৱাৰো,কেতিয়াওঁ নোৱাৰো | কিন্তু এটা কথা মনত ৰাখিব দুখীয়া হব পাৰো কেতিয়াওঁ অইনৰ টকাৰ লোভ কৰি পোৱা নাই | নিজে যিমান খিনি উপাৰ্জন কৰিব পাৰো তাতে সন্তুষ্ট থাকো |
- হব মই মানুহৰ মুখ দেখিলে গৰ্ভ চিনি পাওঁ |
- ঠিক আছে,এয়াই জীৱনৰ শেষ আশা আছিল | কিন্তু ভুলটো নাভাবিব মই ময়ূৰীৰ টকাৰ প্রেমত পৰিছোঁ,মই তাইৰ প্রেমত পৰিছোঁ কাৰন তাই এজনি সহজ সৰল অন্তৰৰ ছোৱালী | তাইৰ দৰে এজনী ছোৱালী জীৱনত থাকিলে নাখাই থাকি ও শান্তি আছে | আহো,কিন্তু এটা কথা মনত ৰাখিব মৃত্যু পৰ্যন্ত মই ময়ূৰীক ভালপায় থাকিম | মোৰ প্রেম সেইদিনা শেষ হব যিদিনা মোৰ উশাহৰ মৃত্যু হব | আহো ,,,,,,,,,,, ||
ক্ৰমশঃ
✍🏻 ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment