এক জীৱন গাঁথা (খণ্ড- ৭) - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, February 11, 2021

এক জীৱন গাঁথা (খণ্ড- ৭)

   


বাটলৈ চাই থাকোতেই আমাৰ ঘৰলৈ নয়নৰ বন্ধু কুমুদ খৰখেদাকৈ সোমাই আহিছে।

: বৌ, ডাঙৰ ঘটনা এটা ঘটিছে।


" ডাঙৰ ঘটনা"


মোৰ বুকুত শান্ত হৈ থকা ঘোঁৰা এটাৰ আকৌ এবাৰ দপদপনি। 

ভিতৰত মাৰ কান্দোনৰ ৰোল।

কি হ'ল মাৰ?  কি ক'লে কুমুদে!


: কিয় কান্দিছে মা? কি হ'ল কুমুদ,মোক একো নোকোৱা কিয়?


: বৌ মানে,নয়ন


: কি হ'ল তেওঁৰ, ক'ত আছে নয়ন?


: আপোনালোকৰ ঘৰৰ পৰা আহি থাকোতে ট্ৰাক এখনৰ খুন্দাত নয়নৰ মৃত্যু হৈছে।


কাণ দুখন দুয়ো হাতেৰে হেচা মাৰি ধৰিছো। 

মোৰ চকুৰে জুই বৰষিছে..  যি অগ্নিৰে কুমুদক মই এতিয়াই শেষ কৰি দিব বিচাৰিছো।


: নকবা, এটা শব্দও নকবা। ওলাই যোৱা এতিয়াই আমাৰ ঘৰৰ পৰা,ওলাই যোৱা।


এটা হাতেৰে চকুপানী মচি কুমুদে কৈছিল


: এইয়াই সত্য বৌ। সৌৱা  নয়নক লৈ আহিছে।

মোৰ চকুৰ সন্মুখত পৰি আছিল মোৰ স্বামীৰ তেজেৰে লুটুৰি পুটুৰি শৰীৰটো। ৰাতিপুৱা ধুনীয়াকৈ ওলাই যোৱা মানুহটো নিঠৰ দেহ হৈ ঘৰলৈ উভতি আহিছে। মোৰ মুৰৰ ওপৰৰ আকাশখন খহি পৰিছে।


" নয়ন, মোক আপুনি এনেকৈ এৰি যাব নোৱাৰে, মই আপোনাৰ ভৰিত ধৰিছো, এবাৰ উঠক..এবাৰ মোক মধু বুলি মাতক। আপুনি নামাতে কিয়? এইবোৰ ধেমালি মই বেয়া পাওঁ। মা আপুনি কওকছোন.. তেওঁ নুঠে কিয়???"


মই নয়নৰ বুকুত মুৰটো থৈ শুবলৈ চেষ্টা কৰিছো। তেজৰ নদী বৈ থকা তেওঁৰ মুখখনত মৰমৰে চুই চাইছো। নয়নৰ বুকুত মোৰ নামৰে ধপধপাই থকা কলিজাটো আজি নিশ্চুপ হৈ শুই আছে।


মোৰ মা, দেউতা, ভন্টি, মামনি পেহীয়ে মোক বুজাবলৈ চেষ্টা কৰিছে। নাই মই কোনো পধ্যেই নয়নৰ মৃত্যুক সহজে মানি ল'ব নোৱাৰো। মায়ে লগত অনা বগা কাপোৰ এযোৰ যোৰকৈ বৌৱে মোৰ গাত সোমোৱাই দিছে। মোৰ শিৰত দগমগাই থকা সেন্দুৰ খিনি গাঁৱৰ মহিলা এগৰাকীয়ে মচি পেলাইছে। মোৰ ডিঙিত সদায় পিন্ধি থকা চেইন দাল বৌৱে একে আজোৰে চিঙি পেলাইছে। মোৰ কাণত পৰিছে আমাৰ চোতালত কান্দি কান্দি পৰিয়ালৰ মানুহ বোৰে গোৱা কৰুন সুৰ এটা।


" ব্ৰক্ষ্মাই আদি কৰি জীৱ য'ত,ৰাম..ৰাম..ৰাম..ৰাম।"


চাৰিটা‌ মানুহৰ কান্ধত উঠি নয়ন গুচি গ'ল। মোৰ সন্মুখলৈ নামি আহিল অন্ধকাৰ। দুটা দিনৰ অন্তত চকু মেলি মই মোৰ কাষত মা ভন্টি আৰু মামনি পেহীক পাইছিলো। মোৰ কোঠাটোত নয়ন নাই। মোক এৰি মোৰ প্ৰিয় পুৰুষ অজান দেশলৈ গুচি গ'ল।


মই চকুৰ আগত এবাৰ নয়নক বিচাৰো। ফটো খনৰ পৰা তেওঁ মোলৈ চাই থাকে। এঘাৰ দিন মোৰ কাষত মোৰ লগত মা আৰু মামনি পেহী আছে। মোৰ শাহু মা আৰু বৌ এবাৰো মোৰ ওচৰলৈ অহা নাই। পূজা বাইদেউৱে মোক এবাৰো সোধা নাই.. "কেনে আছো মই"


মোৰ আপোন মামনি পেহীৰ মুখত মাজে মাজে ফুটি উঠে শহুৰৰ ঘৰৰ মানুহৰ প্ৰতি তিক্ততা।


: নবৌ এমাহ হ'লেই তাইক ঘৰলৈ লৈ যাবা।

: এতিয়া এইখনেই তাইৰ ঘৰ।

: বৰ স্বাৰ্থপৰ হে তুমি। নিজৰ ছোৱালী জনীক এই মানুহবোৰৰ লগত কেনেকৈ এৰি যাবা? মধু তোক মই লৈ যাম। মোৰ লগত থাকিবি তই। 


মই মামনি পেহীক সাবতি দুখ বোৰ পাতল কৰিবলৈকে উচুপি উঠিলো।


" নালাগে পেহী, মই ইয়াতে থাকিম। এতিয়া এইখনেই মোৰ ঘৰ। এইখন ঘৰৰ চুকে কুনে নয়নৰ স্মৃতি সিচঁৰিত হৈ আছে।"


মই মাৰ কোলাত মুৰটো থৈ নয়ন অবিহনে নিসংগ জীৱনটো কটোৱাৰ কল্পনাত ব্যস্ত। এইকেইদিন মোৰ পৰা দূৰে দূৰে থকা মোৰ শাহু মাৰ হঠাতে আমাৰ ৰুমলৈ প্ৰবেশ।


: কি কৰিছা মধু,,মাৰা আজি ঘৰলৈ যাবগৈ

নেকি?

: নাযাওঁ বিয়নি কাইলৈ ৰাতিপুৱাই যাম বুলি ভাবিছো।

: ভালেই হ'ব দিয়ক। নিয়ম এটা কৰিবলৈ আছেই নহয়।


দহা,কাজ,মৎস্যস্পৰ্শ সকলো খিনিয়েই সুকলমে পাৰ হৈছে। নতুন নিয়মৰ কথা শুনি মাৰ মুখ খন চিন্তিত যেন লাগিছিল।


: আকৌ কি নিয়ম মা?


: আগতেই কৰিব লাগিছিল তোমাৰ অবস্থাটোৰ কথা ভাবিহে মই আজি কৰাৰ সিদ্ধান্ত লৈছো।


: কি নিয়ম সেইটো কওক।


: তোমাৰ চুলি কোচা কাটিব লাগিব। বিধবা বোৱাৰীয়ে দীঘল চুলি ৰাখিলে আমাক মানুহে হাঁহিব। 


মোৰ দীঘল চুলি কোচা নয়নৰ প্ৰিয় আছিল। মোৰ চুলিৰ মাজে মাজে নয়নৰ আঙুলিয়ে  অবাধে বিচৰন কৰিছিল। মোৰ চুলি কোচাৰ সুবাসত নয়নৰ টোপনি আহিছিল আৰু আজি মায়ে  মোক সেই কোচা চুলি কাটি পেলাবলৈ দিছে।


: মই নোৱাৰিম মা। নাৰীৰ সৌন্দৰ্যৰ প্ৰতীক চুলি। কেনেকৈ কাটিব পাৰো?


: তুমি দেখিছো ল'ৰাটো যাবলৈহে চাই আছিলা,, বিধবা মানুহৰ আকৌ কিহৰ সৌন্দৰ্য্য? কপাল খনত ফুট এটাও লৈ লোৱা নহ'লে।

মোৰ লগত একেলগে ঠিয় হৈ মামনি পেহীয়ে মোৰ হৈ ওকালতি কৰিছিল।


: কি কথা কৈছে আপুনি... এবাৰ ভাবি চাওকচোন আপুনি নিজেও এগৰাকী বিধবা।


: অ ময়ো বিধবা আৰু এইবোৰ নিয়ম মানিবলৈ মই বেয়া পোৱা নাছিলো কাৰন মধুৰ দৰে মই পৰপুৰুষৰ লগত গা ঘেলোৱাৰ কথা মনতে পুহি ৰখা নাছিলো।


মই চুলি কেইদাল নাকাটিলে এই ঘৰখনে মোক এটা মিছা বদনাম  জাপি দিব তাতকৈ তেওঁলোকৰ কথা মানি লোৱাই ভাল হ'ব।

মা আৰু মামনি পেহীৰ সন্মুখতেই শাহু মায়ে মোৰ চুলি কেইদাল একেবাৰে চুটিকৈ কাটি দিলে। চকুৰ পতা তিতি থকা মোৰ মা নিৰুপায়। এইখন ঘৰৰ লগত যুঁজিবলৈ মাৰ শক্তি নাই।

মই চব বুজি পাওঁ।


(আগলৈ)

বিঃদ্ৰঃ কলিয়াবৰ নিবাসী সন্মানীয় ডিম্পী মহন্ত ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages