অবিবাহিতা/বিবাহ বিচ্ছেদিত মহিলালৈ আনুষ্ঠানিকভাৱে মাহিলী ৩০০ টকা - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, February 11, 2021

অবিবাহিতা/বিবাহ বিচ্ছেদিত মহিলালৈ আনুষ্ঠানিকভাৱে মাহিলী ৩০০ টকা


 আজি গুৱাহাটীত 'আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনি'ৰ শুভাৰম্ভ  আৰু অবিবাহিতা/বিবাহ বিচ্ছেদিত মহিলা হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে মাহিলী ৩০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।


অসমত প্ৰায় ৪২ হাজাৰতকৈ অধিক জীৱিকা সখী আছে যিসকলে আত্মসহায়ক গোটসমূহৰ সবলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জীৱিকা সখীসকলক আনুষ্ঠানিকভাৱে দুচকীয়া বাহন প্ৰদান কৰে। লগতে, 'বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা'ৰ অধীনত আত্মসহায়ক গোটলৈ ৫০,০০০ টকাকৈ ৰাজসাহায্য আৰু ২৫,০০০ টকাকৈ ঘূৰ্ণীয়মান পুঁজি বিতৰণ কৰে।


একেটা অনুষ্ঠানত তেখেতে দিব্যাংগসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে 'মুখ্যমন্ত্রী দিব্যাংগজন আত্মনিৰ্ভৰ আঁচনি'ৰ অধীনত দিব্যাংগজনলৈ উৎপাদনশীল আঁচনিৰ Standard Operating Procedure (SoP) মুকলি কৰে।


No comments:

Post a Comment

Advertisement

Pages