- ৰবা,তুমি যুদ্ধ ক্ষেত্র এৰি কিয় পলাইছাঁ ?
ময়ূৰীৰ মাকে মনক কৈছিলে |
- নাই পলোৱা | এয়া মাত্র এজনী মাকৰ সিদ্ধান্তৰ প্রতি কৰা মোৰ শ্রদ্ধা হে |
মনে পোনপতীয়া উত্তৰ দিছিলে |
- তুমি এতিয়া ময়ূৰীক এৰি থাকিব পাৰিবা নে ?
- সেয়া সময়ে কব | কিন্তু আপুনি ভয় নকৰিব মই ময়ূৰীৰ সন্মুখত বাধা হৈ থিয় নিদিওঁ | কাৰন মই প্রেমক মই শ্রদ্ধা কৰো | সঁচা প্রেমে কেতিয়াওঁ হিংসা , কাৰোবাৰ অন্যায় হোৱাটো নিবিচাৰে |
- বাহঃ তোমাৰ কথাবোৰে মোক বাৰুকৈয়ে আকৰ্ষণ কৰিছে |মই কৈছোঁ শুনা ময়ূৰী মাত্র তোমাৰ হব |
- কি ! মোৰ হব |
- উম তোমাৰ , তুমি হে ময়ূৰীৰ যোগ্য | এয়া মাত্র মই তোমাৰ পৰীক্ষা লৈছিলোঁ |
- পৰীক্ষা লৈছিলে ?
- উম পৰীক্ষা | পৃথিৱীৰ প্রত্যক জনী মাতৃয়ে আশা কৰে নিজৰ কন্যা সন্তান জনী সুখী হৈ থাকক | কিন্তু তাৰ মাজতো বৰ্তমান সময়ত বহু পাষণ্ডৰ হাতত তেনে বোৱাৰী,জীয়াৰী,কাৰোবাৰ মাতৃ ধৰ্ষিতা হৈ পৃথিৱীৰ পৰা বিদায় মাগিব লগা হৈছে | বহুতো মাতৃ-পিতৃ ৰাতি গোপনে গোপনে কান্দিব লগা হৈছে |
মনে মাত্র নিস্তব্ধ হৈ ময়ূৰীৰ মাকৰ বাস্তৱ সত্য কথাবোৰ শুনি গৈছিল |
তেখেতে আকৌ আৰম্ভ কৰিছিল |
- দুখ লাগে জানা ! কিছুমান স্বাৰ্থলোভী প্রেমিক তথা,যৌতুকৰ লুভীয়া স্বামীয়ে একোজনী পত্নীক কেনেকে যে জুই লগাই মাৰি পেলাব পাৰে | আচলতে আজিৰ সমাজ খনৰ প্রায় খিনি মানুহক সহজলভ্য টকাই খেদি ফুৰিছে | আশা কৰিম মন-ময়ূৰীয়ে যেন এই সমাজ খনৰ এটা সঁচা প্রেমৰ নিদৰ্শন হৈ জীয়াই থাকে | যেন মন-ময়ূৰীয়ে বুজাই দিব পাৰে এইখন সমাজক মানুহক চলিবলৈ পইচাঁৰ প্রয়োজন তাৰ সমানে এহাল পতি-পত্নীৰ প্রয়োজন বিশ্বাস ,মৰম,ত্যাগৰ প্রয়োজন | মই জানোঁ তোমালোকে পাৰিবা | পাৰিবা তোমালোকে আমাৰ এই সমাজ খনত সদায় মন-ময়ূৰী হৈ প্রেমৰ প্রতিকী ৰূপত জীয়াই থাকিব |
- খুড়ীদেউ আপোনাৰ কথা খিনিয়ে মোৰ অন্তৰাত্মা চুই গৈছে | পাৰিম ,পাৰিম আমি সদায় সুখী হৈ থাকিব | আৰু খুড়ীদেউ ,,,,,
- খুড়ীদেউ নহয়,মা বুলি মাতা
মনে হাঁহিব নে কান্দিব ! সি যেন আজি বলিয়া হৈ গৈছে এজনী হৃদয় বান মাতৃৰ মৰমৰ আকুলতাত |
- মা !
- অ মই তোমাৰ শাহু মা হব নিবিচাৰো মই তোমাৰ মা হব বিচাৰোঁ |
- মা , এই শব্দটো আজি যে কিমান বছৰ মাতিব পৰা নাই | মাক হেৰুৱাৰ পাছত সঁচাই মই ও ভাগৰি পৰিছিলোঁ |
- মন চাহ খোৱা |
তেনেতে ময়ূৰীয়ে হাতত ট্রে খন লৈ মনৰ বাবে চাহ সজাই আনিছিলে | প্লেটত যে বহুত কিবা কিবি |
- চাহ !
- হব লাজ কৰিব নালাগে তুমি খোৱা ,মই অকনমান বাহিৰত আহিছোঁ |
কথা খিনি কৈ ময়ূৰীৰ মাক ওলাই গ'ল |
- খোৱা আকৌ
ময়ূৰীয়ে কৈছিল |
- খাম ! কিন্তু মই,ইমানে সুখী হৈছোঁ যে খাৱলৈ মনো যোৱা নাই |
আচলতে এয়া সঁচা কথা | যেনেকে মানুহৰ কেতিয়াবা বহুত দুখ লাগিলে খাৱলৈ মন নাযায়,ঠিক তেনেকৈ মানুহৰ মনত বহুত ফুৰ্ত্তি লাগিলেওঁ খাবলৈ মন নাযায় |
- ঐ পাগল মায়ে কি ক'লে
- তোমাক মোৰ তাত নিদিওঁ বুলি কৈছে |
- কি ! সঁচা ?
- উম সঁচা,মই যে মৰি থাকিম তোমাক নাপালে |
- এ হব নেকি ! এই যে ফটুৱা ডাইলগ টো নামাৰিবা দে | মই ভিতৰৰ পৰা সকলো শুনিছোঁ |
- তুমি মানে শুনি আছা !
- উম ,পিছে মাৰ ধমকত চাগে তুমিটো ত্রিভুৱন এৰি পলাই যাৱ খুজিছিলা ?
- হু ! মই ভয় কৰা ল'ৰা নহয় | - হব তুমি যে চানি দেউল ও নহয় মই জানোঁ |
- ঠাট্রা কৰি নাথাকিবা দে |
- কি কৰিবা ?
- মানে ?
- তোমাক দস্তুৰ মত ঠাট্রা কৰিম | তুমি মোক কি কৰিবা ?
- একো কৰিব নোৱাৰো বুলি ভাৱিছা নেকি ?
- উম নোৱাৰা
- চাওঁ কাষলৈ আহা
- অকে' বাবা গৈছোঁ |
- গাল খন আগবঢ়াই দিয়া |
- উম দিছোঁ মানে তুমি মোক চৰ মাৰিবা ন ?
- উম্মাহঃ
ময়ূৰী আচৰিত | তাৰমানে তাইৰ মন বহুখিনিয়ে ৰোমান্টিক ওৱাহঃ |
- তুমি মাৰ পাৰ্মিশ্বন পোৱাৰ পাছতে মানে মোৰ ওপৰত অত্যাচাৰ আৰম্ভই কৰিলা |
- অত্যাচাৰ ! এয়া অত্যাচাৰ কেনেকে হ'ল ?
- ধেইত বেঙা ,মৰমৰ আকৌ চাহ খোৱা |
- তুমি খুৱাই দিবা ?
- মই ?
- উম তুমি |
- অকে'
ময়ূৰীয়ে চাহৰ কাপটো মনৰ মুখৰ ওচৰলৈ নিলে |
- আহঃ ইমান গৰম |
লগে লগে চাহ মনৰ লংপেন্টৰ ওপৰত পৰিলে |তেনেতে ময়ূৰীৰ মাক আকৌ কোঠাত সোমাই আহিল | আহিয়ে দেখিলে মনৰ লংপেন্টত চাহ |
- ইছ ৰাম চাহ কেনেকে পৰিলে ?
- নহয় মানে মা ময়ূৰীয়ে
- অ অ মই দিব লওঁতে তেওঁৰ হাতৰ পৰা
- অ পৰিল,মানে পিছলি পৰিল |
- উফঃ কি যে হব আৰু মাজনী তই ও যে আৰু,,,
কথা খিনি কৈ মাক ওলাই গ'ল |
- উফঃ বাছিলো |
ময়ূৰীয়ে ক'লে |
এয়াই এক ভালপোৱাঁ,য'ত নাই বৈষম্য | য'ত নাই কৃত্রিমতা |মাথো এই প্রেমত বিয়পি পৰিছে সৌন্দৰ্যতা | এই প্রেমে বিচাৰি ফুৰিছে শান্তিৰ সুবাস | এজনী যদি ৰূপৰ ৰানী আকৌ এজন প্রেম পূজাৰী | এয়াই ৰূপৰ ৰানী প্রেম পূজাৰীৰ মহা মিলন | হয়টো এদিন গোটেই পৃথিৱী খনত বিয়পি পৰিব এনে বহু প্রেমৰ মনিকাঞ্চন |
আজি তৰালিৰ এখন পগ্রেম আছে | কিন্তু তাইৰ কালি ৰাতিৰ পৰাই অসম্ভৱ গা বেয়া | জ্বৰ,কাহ পানী লগা মূৰৰ বিষ | তাই যে বিচনাৰ পৰা উঠিব চেষ্টা কৰিওঁ উঠিব পৰা নাই | কি কৰিব তাই ! আজি তাই পগ্রেম কৰিব নোৱাৰে | গান গাবলৈটো মানুহ জনী সুস্থ হব লাগিব | কিন্তু তাই আজি সুস্থ হৈ উঠাৰ লক্ষন একেবাৰে নাই | তাই কথাটো অংকিতক কোৱাৰ প্রয়োজন বোধ কৰিলে |
তাই লাহে লাহে বিচনাৰ পৰা উঠি আহি অংকিতৰ ৰুমত সোমাল | অংকিতে এক বিশেষ ভংগিমাত বহি হিন্দী ফিল্মৰ খলনায়কৰ দৰে চিগাৰেট তানি আছিল |
- সৰু দা
নাই সি যেন তাই ৰ উপস্থিতি গমে পোৱা নাই |
- সৰু দা কথা এটা আছিলে |
সি তাইৰ ফালে নোচোৱাকৈ উত্তৰ দিছিল |
- ক'
- মই মানে ,মানে,,,,,,
- কি মানে মানে কৰি আছ ?
- মই মানে আজি পগ্রেমত যাব নোৱাৰিম অ দাদা |
লগে লগে অংকিতৰ ৰিয়েক্ট বেলেগ হ'ল |
- কি ! তই পাগল হ'লি নেকি ?
- পাগল নাই হোৱা,তই এবাৰ মোৰ ফালে ভালকৈ চা !
তাই তাৰ হাত খন আনি কপালত লগাই দিলে |
- চা কিমান জ্বৰ মোৰ দেহত |
- কি জ্বৰ ! সামন্য জ্বৰত তই পগ্রেম কৰিব নোৱাৰা হ'লি ?
- সামন্য নহয় তই এবাৰ খৱৰ ৰাখিছ নে মোৰ ?
- মই সেইবিলাক নাজানোঁ,মই কাইলৈ কাজল ক লৈ শ্বিলং যাৱ লাগে | মুঠৰ ওপৰত আজি তই পগ্রেম কৰি মোক পইচাঁ আনি দিবই লাগিব |
- হাৰে তই কিয় বুজি নাপাৱ ! মই কিবা যন্ত্র নেকি ? তই ইমান নিষ্ঠুৰ কেনেকে হৈছ মোৰ লগত ?
- নিষ্ঠুৰ ! নিষ্ঠুৰ মই নহয় তোৰ ডাঙৰ ককায়েৰা হে নিষ্ঠুৰ | তোক আজি মই লগত লৈ নানিলে তই গায়িকা বনিলি হৈ ? তোৰ চকু ভাল হ'ল হৈ ? এনেকুৱা এটা দামী অট্রালিকাত থাকিব পাৰিলি হৈ ?
- সঁচা এজনী গায়িকা হ'লো |কিন্তু সেই গায়িকা জনী কেনেকে জীয়াই আছে মোৰ শ্রতা বোৰে বুজি নাপাব | এটা দামী অট্রালিকাত আছো কিন্তু মোৰ দেখোন প্রিয় আমাৰ জুপুৰিটো | চকুৰে দেখিছোঁ সঁচা,কিন্তু মোৰ দেখোন ভাল লাগিছিল অন্ধ হৈ থাকিয়ে |
- তই কি কব খুজিছ ?
- মই কব খুজিছোঁ মই আকৌ ডাঙৰ দাৰ লগত থাকিব বিচাৰোঁ |
- ঐ ষ্টপ |
অংকিতে ময়ূৰীৰ গালত এটা প্রচণ্ড চৰ সোধালে |
- মাৰ আৰু মাৰ মোক ! তোৰ যেতিয়ালৈ হেপাঁহ নপলায় মোক মাৰি থাক অ |
- তহত চাল্লা খাই পাত ফলা মানুহ | তহতক জীয়াই জীয়াই জ্বলাই মাৰিব লাগে |
- পাৰিবি তই ,কাৰন মই যে দুৰ্বল | তই এবাৰ ভাৱচোন তই মোক এজন মানুহৰ লগত কথা পাতিব ও নিদিয়,তোৰ অনুমুতি অবিহনে ফুৰিব নিদিয় | পাৰি নেকি এনেকে পিঞ্জৰাত আৱদ্ধ হৈ জীয়াই থাকিব |
- বন্ধ কৰ তোৰ লেকচাৰ | মোক টকা লাগে টকা | তোৰ জীৱন বনাই দিয়াৰ প্রতিদান |
সি তাইৰ ছুলি খিনিত থাপ মাৰি ধৰিছিল |
- আহঃ এৰি দে দুফ পাইছোঁ |
- ক' পগ্রেমত যাৱ পাৰিবি ? ক' পাৰিবি ?
- পাৰিম | মই যাৱ পাৰিম | তোক মই টকা আনি দিব পাৰিম | কাৰন মই এতিয়া টকা ঘটা এটা ইলেকট্রনিক মেছিন হয় |
কেতিয়াবা ভাল মানুহ বোৰ ও টকাৰ লোভত পৰি বেয়া হয় | টকাই পাগল কৰি পেলাই | ঠিক তেনেকে অংকিত আজি পাগল হৈছে একমাত্র টকাৰ | সি মাত্র এতিয়া টকাই চিনি পায় | মানুহ নহয় | সি পাহৰি গৈছে তাৰ শিক্ষা তাৰ অতীত | মাত্র চিনি পাই নাৰী ,জুৱা ,মদ |এইজনে বৰ্তমানৰ অংকিত |তাৰ কথা শুনিলে ঘৃনাত সকলোৱে মুখ কোছাৱ |
তেনেতে সিহতৰ কোঠাৰ কলিং বেলটো বাজিল |
ক্ৰিং ক্ৰিং ক্ৰিং
তৰালিয়ে দৰ্জা খন খুলি চাই দেখিলে | তৰুন বৰদেউতা আহিছে সিহতৰ তাত | তাই তৰুন মাষ্টৰক দেখাৰ লগে লগে চকুপানী খিনি মছি ল'লে | লগতে আউলি বাউলি ছুলি খিনি ঠিক কৰি ল'লে |
- আইজনী তই হেনো চকুৰে দেখা হৈছ ?
- আপুনি ?
- মই তৰুন বৰদেউতা হে |
- বৰতা আপুনি ?
- অ আইজনী | তই মোক দেখিছ নে ?
- দেখিছোঁ বৰতা |
- কি দেখিছ হয়নে ? পকা ছুলি খিনি ! সোতৰা গাল দুখন !
- ধেইট বৰদেউতা আপুনি যে বহু ধুনীয়া |
- হব হব আইজনী | চাওঁ এইখন ল' ! বৰমায়ে তহতৰ বাবে ঘৰতে বনোৱা পিঠা,লাডু দি পঠাইছে কৈছে ল'ৰা ছোৱালী হালে নো তাত কি খাইছে কি খোৱা নাই,সিহতে চাগে গাওঁৰ থলুৱা খাদ্যবোৰ পাহৰি গ'ল |
তৰালিয়ে হাতত বেগ খন লৈ সোমায় আহিল ,পিছে পিছে তৰুন মাষ্টৰ | তেনেতে অংকিতে সন্মুখতে মাষ্টৰক দেখি মনতে ক'লে " আহিল কামুৰ এটা "
- হেই ডেকা ল'ৰা কি কৰিছ ?
- আছো আৰু
কোনো আগ্রহ প্রকাশ নকৰাকৈ সি উত্তৰ দিলে |
- ঐ চহৰত আহি ডাঙৰ মানুহ হ'লি ,চা বেটাৰ ডাড়ি চা
- বেয়া নাপায় যদি চেন্দেল জোৰ বাহিৰত থৈ আহক | এইবোৰ ঘৰৰ মূল্য আপোনালোকে বুজি নাপায় |
লগে লগে তৰুন মাষ্টৰৰ বুকুত শিলে খুন্দা মাৰি ধৰিলে | তৰালি আচৰিত অংকিত ৰ ব্যৱহাৰত | সি ইমান নিষ্ঠুৰ হ'ল এইজন মানুহক ও সি তেনে ব্যৱহাৰ কৰে |
- ৰব বৰদেউতা মই থৈ আহিম |
- নালাগে আইজনী ,আমি গাৱলীয়া মানুহ চেন্দেলত লেটেৰা কিবা থাকিব পাৰে | বোকা পানী গছকি অহা কথা |
তৰালিয়ে বুজিছিল ! মানুহ জনে কিমান আঘাটত এইখিনি কথা কৈছে |
- ঐ এই বেগ খনত কি আছে ?
অংকিতে তৰালিক সুধিছিল |
- বৰমাই লাডু ,আৰু পিঠা দি পঠাইছে |
- চাওঁ পিঠা এখন দেছোন |
তৰালিয়ে তাক পিঠা এখন দিলে,সি অকনমান খাই পিঠা খন মাটিত দলিয়াই দিলে |
- ধুত চাল্লা ,এইবোৰ ও কোনোবা খাইনে,যা আমাৰ কালু নামৰ কুকুৰটোক খাবলৈ দে |
এইবাৰ তৰুন মাষ্টৰ খং ছুলি আগ পালে |
- খৱৰদাৰ | এয়া অসমীয়াৰ জাতিৰ গৌৰৱ | তাক তই অপমান কৰিব সাহস নকৰিবি |
সি তৰুন মাষ্টৰ ৰ ফালে কেৰাহিকে চাইছিল | মাষ্টৰী চোফা খনত ভৰি উঠাই বহিছিল |
- ভৰি খন তলত ৰাখক | এই চোফা খনত বহুতো গন্যমান্য ব্যক্তি বহে |
মাষ্টৰ থিয় হৈছিল | আৰু ধৰ্য্যৰ সীমা পাৰ কৰি পেলাইছিল |
- হব | শুন মই তোৰ ইয়াত অপমানিত হব অহা নাই | তোৰ দেউতাৰাৰ মৃত্যুৰ সময়ত তহতৰ মাটিৰ দলিল পত্র বোৰ মোক গতাই গৈছিল | আৰু আজি ভাৱিছোঁ তহত ডাঙৰ হ'লি এতিয়া তহতে মিলনৰ ওচৰত থকা বন্ধকীৰ মাটি বোৰ মুকলি কৰিব পাৰিবি ,মিলনে ষড়যন্ত্র ৰছনা কৰিছে মাটি বোৰ নিজৰ নামত কৰাৰ| মন ক'ত থাকে মই নাজানো সেয়েহে তোৰ ওচৰত আহিলো |
মাষ্টৰে তাৰ মুখত দলিল খিনি দলিয়াই দিলে |
- ৰাখ এইখিনি | আৰু শুন তোৰ চৰিত্রৰ এনে অধঃপতন হোৱা শুনিলে মই তোৰ ওচৰত কাহানিওঁ নাহিলো হৈ আহো |
মাষ্টৰ খংত ওলাই গ'ল | পিছে পিছে তৰালি দৌৰিলে " বৰ দেউতা,বৰদেউতা " কিন্তু নাই মাষ্টৰে উভতি ও নাচালে | সমাজৰ সন্মানীয় ব্যক্তি এজন আজি ভাল কাম কৰিব আহি অপামানিত হৈ গ'ল | এইফালে অংকিতে দলিল খিনি চাই এক উচ্ছ স্বৰত হাঁহি দিলে | যেন এয়া আন এক প্রাপ্তিৰ হাঁহি |
জ্বৰৰ দেহৰে তৰালি আহি মঞ্চ শুৱনি কৰিছে |উপায় নাই এয়া ঘৰ শত্রু বিভিষণৰ আদেশ | আদেশ অমান্য কৰিলে লংকা চাৰখাৰ হোৱাটো খাতাং |
মোৰ মৃত্যুৰ দিনা
তুমি আহিবা !
উকা কাপোৰ খনৰে মুখ
ধাকি দিবা |
তুমি পিছে নাকান্দিবা |
তৰালিৰ কণ্ঠত সকলো ৰাইজ পাগল হৈ পৰিছে |ইমান এটি দুখৰ গান শুনি সকলো আবেগিক হৈ পৰিছে | ইজন ৰ পিছত সিজন অনুৰাগী আহিছে তাইৰ কাষত | ঠিক তেনেতে তৰালিৰ চকুত পৰিল এজন ডেকা সুঠাম চেহেৰাৰ | মৰম লগা মুখৰ ডেকা |
- আপুনি খুৱ ভাল গান গাই
ল'ৰা জনে কৈছিল |
- ধন্যবাদ |
- স্বাগতম জনাইছোঁ
- আপোনাৰ নাম ?
- মোৰ নাম ,,,,,,,,,,,,,,,, !!!
ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment