মোক অকলশৰীয়া কৰি মা আৰু মামনি পেহীও গুচি গ'ল। মাৰ সন্মুখত মই সাহসী হৈ দেখালো আৰু এতিয়া কোঠাটোৰ চুক এটাত ভয়ে ভয়ে বহি আছো। চুটি চুলি,বগা সাজ উকা কপালৰে মোক আজি দাপোন খনত নিজৰেই অচিনাকি যেন লাগিছে। পূজা বাইদেউ মোৰ পৰা দূৰে দূৰে থকাৰ কাৰণটোও আজি মই গম পালো। বাইদেউৰ জীৱনলৈ নতুন আলহীৰ আগমন ঘটিব যাৰবাবে বিধবা এজনীৰ পৰা দূৰে দূৰে থকাটো বাইদেউৰ বাবে এতিয়া প্ৰধান কাম।
: ঐ মধু কি ভাবি আছ?
মোৰ ৰুমলৈ বিষ্ণু আহিছে।মোক মধু নবৌ বুলি মতা বিষ্ণুৱে মধু বুলি মাতিছে। মদৰ নিচাত মাতাল হৈ থকা বিষ্ণুক হঠাতে মোৰ সন্মুখত দেখি ভয় লাগিছে তথাপিও সাহস কৰি মই তাক মোৰ ৰুমৰ পৰা যাবলৈ কাবৌ কৰিছো।
: কি লাগে তোমাক,,যোৱা ইয়াৰ পৰা নহ'লে মই..
: কি কৰিবি তই?
তলৰ ওঁঠ খন কামুৰি বিষ্ণুৱে মোৰ ফালে এনেকৈ চাইছিল যেন পাৰিলে সি মোক এতিয়াই খায়হে পেলাব। মোৰ ফালে ধলং- পলঙকৈ আহি থকা বিষ্ণুৰ গালত মই গাৰ জোৰেৰে এটা পূৰ্নহতীয়া চৰ শুধালো। ৰাতি তেতিয়া প্ৰায় বাৰটা বাজিছিল।
আমাৰ ৰুমলৈ সোমাই অহা মায়ে মোক বৰ বেয়াকৈ গালি পাৰিছিল। বিষ্ণুক চৰ এটা মৰাৰ দোষত ৰাতিয়েই ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ ভয় দেখুৱাইছিল।
: ইমান ৰাতি সি মোৰ ৰুমলৈ কিয় আহিছিল?
: তাক মই আহিব কৈছিলো।
:....
মই নিৰুত্তৰ। কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে আপুনি! পুতেকৰ দোষ ধাকিবলৈ মোৰ সন্মুখত মাৰ এটা জীয়া ফাঁকি।
: মইহে বিষ্ণুক ইয়ালৈ পঠিয়াই দিছো। বিধবা মানুহ স্বামীৰ মৃত্যুৰ এবছৰ নোহোৱালৈকে বিছনাত শুব নাপায়। বিছনা খন ভাঙিবলৈ মই তাক কৈছিলো কাৰণে সি তোমাৰ ৰুমলৈ আহিছে।
মোৰ সন্মতি অবিহনে মোৰ মৰমৰ বিছনা খন বিষ্ণুৱে ভাঙি পেলাইছিল। মোৰ চকুৱেদি বৈ অহা তপত অশ্ৰুৱে মাৰ অন্তৰ গলাব পৰা নাছিল। ইমানদিনে নয়ন আৰু মোৰ মৰমৰ সাক্ষী হৈ ৰোৱা বিছনা খন বিষ্ণুৱে ভাঙি পেলাইছিল।
মজিয়াত পাৰি থোৱা পাটি খনত বাগৰি ক্ষোভ আৰু অভিমানী দৃষ্টিৰে নয়নৰ ফটো খনলৈ চাইছিলো।
" কিয় গুচি গ'ল আপুনি?"<
মই কাবৌ কৰিলেও মোক তেওঁ মাত এষাৰ নিদিয়ে। ফটোখনৰ পৰা একেৰাহে মোলৈ চাই থাকে। নয়ন গুচি গ'ল... তথাপিও মই তেওঁৰ উপস্থিতি অনুভৱ কৰো। মোৰ এনেকুৱা লাগে নয়ন যেন মোৰ আশেপাশেই ক'ৰবাত আছে। মোৰ প্ৰতিটো উশাহত নয়ন যেন এতিয়াও জীয়াই আছে। কম দিনতেই সলনি হৈছে সকলোবোৰ। সলনি হৈছে ৰাতিপুৱাই উঠি পাকঘৰৰ কাম কৰা মোৰ আগৰ অভ্যাসটো। আজিকালি বৌৱে মোক পাকঘৰ সোমাবলৈ নিদিয়ে। অকণমানি বাবুৰ দায়িত্ব মোক দি বৌৱে বাকী কামবোৰ কৰে। আমাৰ ঘৰৰ কোনো সদস্যই ৰাতিপুৱাই উঠি মোৰ মুখখন চাব নিবিচাৰে। দাদা, বিষ্ণু নিজৰ কামত ওলাই যোৱাৰ পিছতহে মই সদায় বাহিৰলৈ ওলাও। শুভ কামত মোক দেখিলে বিফল হ'ব বুলি ভবা মানুহ বোৰৰ পৰা মই আজিকালি নিজেই দূৰে দূৰে থাকো।
পূজা বাইদেউ এইকেইদিনতে ঘৰলৈ যাব। যোৱাৰ আগতে পঞ্চামৃতৰ নিয়মটো কৰাৰ বাবে আমাৰ ঘৰত আয়োজন চলিছে। মোক বাবুৰ দায়িত্ব দি জুমি বৌ বাইদেউৰ পঞ্চামৃত তৈয়াৰ কৰাত ব্যস্ত। বাবুক চাবলৈ অহাৰ চলেৰে বৌৱে মোক এবাৰ সকিয়াই থৈ গ'ল মই যাতে কোনো কাৰণতে বাহিৰলৈ ওলাই নাযাও।
বাহিৰত হাঁহি ধেমালিৰে উৎসৱ মুখৰ পৰিবেশ। মাকক কাষত নেদেখি ইফালে বাবুৰ গগন ফলা চিঞৰ। নিচুকনি গীত এটা গায় গায় বাবুক শান্ত কৰিবলৈ চেষ্টা কৰিছো।
"টোপনি টোপনি অ’ আই টোপনি
তোৰে কলৰ তলত ঘৰ
সকলো ৰাইজৰ টোপনি আহিছে
আমাৰ বাবুৰ চকুতে ধৰ।"
কোনোপধ্যেই ল'ৰাটো শান্ত হোৱা নাই। কান্দি কান্দি মুখখন ৰঙা পৰি গৈছে। অন্য দিনা সি মোৰ লগত আমনি নকৰাকৈ খেলি থাকে। আজি চাগে তাৰ পিয়াহ লাগিছে। মই এনেকৈ চাই থাকিব নোৱাৰো। বাবুক যেনেতেনে বৌৰ কোলাত দিবগৈ লাগিব। পূজা বাইদেউৰ ওচৰলৈ মই নাযাও। বাবুক বৌৰ হাতত দি আকৌ ভিতৰলৈ গুচি আহিম।
জুমি বৌৰ হাতত বাবুক দি উভতি আহোতেই মই পূজা বাইদেউৰ মুখামুখি হলো। বাইদেউৰ মাগুৰ বৰনীয়া মুখখন মোক দেখি এঙাৰৰ দৰে হৈছে।
" কিয় বাহিৰলৈ আহিলা তুমি? এবাৰটো নয়নক খালাই এইবাৰ মোৰ সন্তানটো খাবলৈ মন গৈছে নেকি?"
যিজনী মানুহৰ সন্তান এটাৰ বাবে মই মনে মনে ভগৱানক প্ৰাৰ্থনা কৰিছিলো তেওঁৰ কথাই মোক থকাসৰকা কৰিছে। মোৰ বুকুখন ভাঙি টুকুৰা টুকুৰ কৰিছে। ইহঁতে পাহৰি যায় এইখন ঘৰত এজনী নহয় দুজনী বিধৱা নাৰী আছে। এজনীক সকলোৱে সন্মান কৰে আৰু মোক ঘৃণা কৰে।
(আগলৈ)
বিঃদ্ৰঃ কলিয়াবৰ নিবাসী সন্মানীয় ডিম্পী মহন্ত ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment