কি বুলি নো সান্তনা দিব মনক | কিমান কষ্ট কৰি সিহঁতক পোহপাল দিয়াৰ পাছত সিহঁতৰ মানসিকতাৰ আজি ইমান পৰিবৰ্তন | কিন্তু সিহঁতৰ ক্ষোভ এটাই ককায়েক হত্যাকাৰী বুলি চিনাকী হোৱাৰ পাছত সিহঁতৰ জীৱনটো বহুত বেয়াৰ ফালে গতি কৰিছিল | সমাজ খনৰ অত্যাচাৰৰ বলী হৈছিল সিহঁত |
মনে উচুপি উচুপি কান্দি আছিল | ইউনিভাৰচিটিৰ ল'ৰা-ছোৱালীবোৰে মাত্র মন- ময়ূৰীক লক্ষ্য কৰি আছিল |
- মন
- ময়ূৰী
তাই তাৰ চকুৰ পতা মছি দিছিল |
- এটা কথা কম শুনিবা ?
- কোৱা
- এই যে আজি তোমাক ভাইটিয়ে ক'লে তাৰ ককায়েকৰ মৃত্যু হৈছে সেয়া তাৰ খং অভিমান হে | মই ও তোমাক এদিন এনেকুৱা এজন মানুহ হিচাপে গঢ়িম | তোমাক দেখাৰ লগে লগে সিহঁতে তোমাক স্বিকৃতি দিব যে তুমি সিহঁতৰ ককায়েক হয় |
- ময়ূৰী
- অ মন তোমাক মই ভাগৰি পৰিব দিব নোৱাৰো |
তাই মনৰ হাত খনত খামুছি ধৰিলে | আৰু তাক লৈ আগবাঢ়িল তাইৰ গাড়ী খনলৈ |
সকলোৱে মাত্র চাই থাকিলে | সকলোৱে আচৰিত হ'ল ময়ূৰীৰ দৰে এজনী ইউনিভাৰচিটিৰ অধ্যাপিকাই কেনেদৰে প্রেমৰ দোলৰে বান্ধিছে এজন সাধাৰণ প্রেমিকক |
সিহঁত আহি গাড়ীত বহি ল'লে | আৰু ময়ূৰীয়ে গাড়ী চলালে |
কৃষ্ণচূড়াৰ দেশৰ পৰা সিহঁতে যাত্রা কৰিলে নিশাৰ মহানগৰীৰ ৰঙীন দেশ খনত | মনে ও যেন বুজি উঠিছে আজি যে তাৰ জীৱনত যদি ময়ূৰী থাকে বাকি থকা সকলো কামে সম্ভৱ হ'ব | ময়ূৰীয়ে এখন হোটেলৰ সন্মুখত গাড়ী ৰখালে |
- মন নামি আহা
- কিয় ময়ূৰী
- কিবা এটা খাই লোৱা হি , কাৰন তোমাৰ আজি আনন্দৰ দিন তোমাৰ ভাতৃ ভগ্নী কুশলে আছে | সিহঁত আজি ভাল মানুহ হ'বলৈ গৈ আছে আৰুনো কি লাগে |
- ময়ূৰী
মনে মিচিকিয়াই হাঁহিছিল |
- আহা
ময়ূৰীয়ে হোটেলত ভাতৰ অৰ্ডাৰ দিছিলে | যথা সময়ত হোটেলৰ ল'ৰা জনে সিহতক ভাত দি গ'ল |
- খোৱা
ময়ূৰীয়ে মনক নিৰ্দেশ দিছিলে |
- উম
- এই ৰবা একমিনিট |
- এই কি কৰা
- চাওঁ মুখ খন মেলি দিয়া |
ময়ূৰীয়ে মনৰ মুখত ভাত এগৰহা দিলে | মনে মাত্র ময়ূৰীৰ চকুলৈ চাই থাকিল | কিমান যে ধুনীয়া এই ময়ূৰী জনী |
- ঐ কি চাই আছা !
- তোমাক চাইছোঁ ময়ূৰী |
- মোক ? কি চাইছা নো ?
- তোমাৰ সজল নয়ন ,তোমাৰ ৰামধেনুৰ দৰে চেলাউৰী ,হাঁহি থকা মুখনি |
- হ'ব হ'ব , ভাত খোৱা এতিয়া |
মনে এগৰহা ভাত লৈ ময়ূৰীৰ মুখত গুজি দিলে |
ময়ূৰীয়ে হোটেলৰ পৰা বিল দি ওলাই আহিল | কিয় জানো মনৰ আজি এনেকুৱা লাগিছে সি যদি আজি হোটেলৰ বিল পৰিষোধ কৰিব পাৰিলে হয় ! কিন্তু নাই তাৰ সেই সৌভাগ্য হোৱা নাই |
ৰাতিৰ মহানগৰীত পাতলীয়া বৰষুণ এজাক নামিছিল | পাতলীয়া বৰষুণ ময়ূৰীৰ খুৱ ভাল লাগে | তাই গাড়ী ৰখাই দিছিলে | আৰু গাড়ীৰ দৰ্জা খুলি তাই বাহিৰত নামি গৈছিল | বৰষুণ জাকত তাই প্রান ভৰি তিতিছিল | দুহাট মেলি বৰষুণৰ আলিংগনত হেৰাই গৈছিল তাই | মন আচৰিত সি ও দৰ্জা খুলি নামি গৈছিল |
- হেই ময়ূৰী কি কৰিছা তুমি ?
ময়ূৰী তাৰ কাষত আহিছিল | তাৰ দুহাটত ধৰি তাই কৈছিল |
- তিতিছোঁ | শীতল বৰষুণ জাকত |
- বেমাৰ হ'ব
- হওঁক ,তুমি আছা নহয় |
- মইটো ডাক্তৰ নহয় |
- কিয় তুমি হৃদয় ভাল কৰা ডাক্তৰ |
- পাগলী
- পাগল
দুয়ো জোৰকৈ হাঁহিছিল | ইতিমধ্যে বৰষুণ জাকত মন সম্পূৰ্ণ তিতি গৈছিল | মহানগৰীৰ স্ট্রীট লাইটৰ পোহৰত মনে দেখিছিল , ময়ূৰীৰ দেহত পাতল গোলপীয়া শাৰী খন লিপিত খাই ধৰিছিল |
সি গাড়ী খনত ভেজা দি মাত্র ময়ূৰীৰ ফালে চাই আছিল |
- হেই কি চাই আছা ?
- তোমাকে চাইছোঁ মন গৈছে,,,,,
- কি মন গৈছে ?
- যেন তোমাক ডাঙি লৈ ঘূৰাই দিম | এই বৰষু্ণত ,,,,
- কি এই বৰষুণত ?
- থাকক ,আহা গাড়ীত বহা |
- নক'লে মই নাযাওঁ,,,,,
- ময়ূৰী
- মোক কব লাগিব ,তুমি কি কব বিচাৰিছিলা |
- ধেইট পাগলী একো নাই অ
- না নহ'ব মোক কব লাগিব |
- মই কব বিচাৰিছিলোঁ এই বৰষুণত তিতি ভাল লাগে ন ?
- মিছা কথা !
- কি মিছা কথা
- তুমি বেলেগ কিবা কব বিচাৰিছিলা |
- নাই অ
- হব মই আজি বৰষুণতে তিতি থাকিম |
- মই মানে কব বিচাৰিছিলোঁ এই বৰষুণত তিতি শীতল হৈ পৰা তোমাৰ দেহটো এবাৰ আলিংগন কৰিব পাৰিলে |
ময়ূৰীয়ে মনৰ নাকটোত চেপি ধৰি ক'লে |
- হয় নেকি মোৰ সোণটো |
- উম হয় |
- ঠিক আছে আলিংগন কৰা |
- পাগলী এয়া ৰাজপথ্ হয়.| আহা
দুয়ো হাঁহি হাঁহি গাড়ীত বহি ল'লে | আৰু ময়ূৰীয়ে গাড়ী চলালে | নিশাৰ শীতল বৰষুণ জাকৰ মাজে মাজে | ভালপোৱাঁ বোৰ কেতিয়া ইমান মধুৰ হয় বাৰু ! কেতিয়াই ভালপোৱাঁ ই ইমান ওচৰ চাপি যায় বাৰু !
- হেল্ল'
- অ ময়ূৰী কোৱা
- বিচনাত পৰিলা ?
- উম ,এইমাত্র |
- অ শুনা,কাইলৈ তোমাৰ এটা ইন্টাৰভিউ আছে |
- ক'ত ?
- চান্দমাৰীত | এটা কম্পেনীৰ মেনেজাৰৰ |
- উম হব |
- ৯ বজাত ৰেডি হৈ থাকিবা |
- উম হব |
- নহ'ব
- কি ?
- একো নহয় |
- মানে !
- বেয়া পাইছোঁ তোমাক |
- কিয় ?
- তুমি সেইটো ও নুবুজানে | মোক এতিয়া সময় দিব নালাগে ?
- অ সেইটো কথা |
- অ সেইটো কথা ,মোৰ লগত কথা পতাৰ তোমাৰ আগ্রহ থাকিলেহে |
- ময়ূৰী
- নামাতিবা |
- সঁচাই নে ?
- উম সঁচা |
- হেল্ল' ,হেল্ল' ময়ূৰী
কিন্তু নাই ময়ূৰীৰ মাত নাই | তাই অভিমান কৰিছে ~ মনে তাইৰ অভিমান ভাগিব কি কৰিব বাৰু ! সি চিন্তা কৰিলে | লগে লগে তাৰ মূৰত এটা আইডিয়া খেলিলে | সি কেকাৱ ধৰিলে |
- আহঃ আহঃ মৰিলো !
- মন
তাৰ যন্ত্রণা শুনি ময়ূৰীয়ে মাত দিলে |
- আহঃ নোৱাৰিছো আৰু |
- মন কি হৈছে কোৱা না ,প্লীজ
- একো নাই
- মন বেছি নকৰিবা কিন্তু কোৱা না |
- মূৰটো বহুত বিষাইছে অ |
- কি !
- শুই দিয়া অকনমান ভাল পাবা |
- মূৰটো পিতিকি দিয়া না |
- উম ঠিক আছে ,আহা মোৰ কোচতে মূৰটো থোৱা ,মই ধুনীয়াকৈ তোমাৰ মূৰটো পিতিকি দি আছোঁ | কেনে পাইছাঁ মন ?
- বহুত ভাল পাইছোঁ |
কথা খিনি কৈ মনে জোৰকৈ হাঁহি দিলে |
- তাৰমানে
- তাৰমানে মোৰ একো হোৱাই নাই |
- কি ! তোমাক মই ,,,,,,
- পাগলী
- কি হ'ল পাগল |
- মোৰ হাতত ধৰি থাকিবা দে |
- কিয় চিন্তা হৈছে নেকি কৰবাত পলাই যাম বুলি |
- উম
- কি ! কিয় ?
- মোৰ ধুনীয়া মানুহ জনীক যদি হে
- এই ,হব শুই থাকা এতিয়া |
- উম
- ৰাতিপুৱাঁ সোনকালে উঠিবা | আৰু শুনা সেইদিনা যে আনিছিলোঁ ফৰমেল লংপেন্ট চাৰ্ট পিন্ধিবা |
- উম হ'ব মেডাম |
- গোড নাইট
- টু ইউ ,,,,,,
ভাল লগা মূহুৰ্ত্ত বোৰ প্রিয়জনৰ কাষত সদায় সজীৱ হৈ থাকে | যেন এতিয়া মন ও হৈছে ময়ূৰীৰ প্রতি দিনে দিনে বেছি আকৃষ্ট | ইমান দিনে ঘৰৰ দায়িত্বৰ কাৰনে সি হয়টো হ'ব পৰা নাছিলে এজন দুৰ্দান্ত প্রেমিক | কিন্তু প্রেম যে পৃথিৱীৰ প্রত্যক মানুহৰ হৃদয়তে থাকে |
আজি মনৰ জীৱনৰ প্রথমটো ইন্টাৰভিউ | সি কেতিয়াওঁ ভৱা নাছিলে যে ৰিক্সাসামৰি সি এদিন দামী পোছাক পিন্ধী ইন্টাৰভিউত বহিব | সেইদিনা ময়ূৰীয়ে কিনি দিয়া কলা ৰং ৰ পেন্ট আৰু আকাশী ৰংৰ চাৰ্ট সি পিন্ধী ল'লে | ভৰিত কলা জোতা | ময়ূৰীৰ গাড়ীৰ হৰ্ণ শুনি মন ওলাই গ'ল | সন্মুখত মনক আজি তেনে ৰূপত দেখি ময়ূৰী আচৰিত হ'ল |
- বাহঃ , হেণ্ডচাম |
- এই ময়ূৰী কি চাই আছা ?
- তোমাক চাইছোঁ |
- কিয়
- এইজন হে মোৰ প্রকৃত মন | মই বহুত সুখী মন | মানুহে নিজক সলনি কৰিব লাগে | আহা বহা |
মনে গাড়ীত বহিলে | আৰু এটা নতুন দিগন্তৰ আশাত সিহতে যাত্রা কৰিলে |
প্রেম হ'লে হব লাগে মন-ময়ূৰীৰ দৰে | নিজৰ প্রিয় জনৰ জীৱন সলনি কৰি দিব পৰা প্রেম,প্রেৰনা হৈ জগত জিনাৰ সাহস দিয়া হ'ল প্রেম|
মনে ইন্টাৰভিউ দিলে | আৰু সিহঁত ওলাই আহিল |
আজি ও মনক লৈ ময়ূৰীৰ অকমান ফুৰিব মন গৈছে | সেয়েহে সিহঁতে সিদ্ধান্ত ল'লে সিহতে আজি সোনাপুৰৰ ৰ'জ ভেলি ৰিচৰ্টত যাৱ | কথা মতে কাম সিহঁতে মনে বিচৰা ঠাইত গৈ ওলাল |
তেনেতে মনে দেখিছিল এজনী মৰম লগা সৰু ছোৱালীক এখন হাতত মাকে অইন খন হাতত দেউতাকে ধৰি লৈ আহিছিল |
- ময়ূৰী সৌৱা চোৱাচোন !
- কি !
- চোৱা না
- ওৱাহঃ বা কি সুন্দৰ পৰিয়াল |
- উম ভাল লাগিছে |
- আচলতে এইবিলাকে সুখ জানা |
- উম
- এদিন আমাৰ ও এনেকুৱাই হব ন ?
- যদি নহয় |
- কিয় নহব |
- যদি মই সন্তান জন্মদিব নোৱাৰো তেতিয়া তুমিটো চাগে মোক ডিভ'ৰ্চ দিবা নাইবা অইন এজনী বিয়া পাতিবা |
- কি ! ময়ূৰী তুমি মোক তেনেকে ভাৱিলা ?
- নাই ,সমাজ খন দেখিছোঁ যে সেয়েহে ,,,,,
- চোৱা ময়ূৰী সন্তান ভগবানৰ দান | আৰু এটা কথা তুমি সন্তান জন্ম দিব নোৱাৰিলা বুলি মই অন্যএজনীক চপাই লম এয়া কেনে কথা | এজন অনাথ শিশুক নিজৰ কৰিব পাৰি |
- মন
- কোৱা
- সেইকাৰনে তোমাক মই তোমাক ভালপাওঁ |
- সেইবোৰ বাদ দিয়া ,এটা কথা কোৱা তোমাক কি লাগিব ?
- মানে ?
- মাইনা নে বাবু ?
- মাইনা !
- কি !
- উম
- ওৱাহঃ আমাৰ ইমান মিল নে |
ইটো সিটো বহু কথা পতাৰ পাছত ৰঙীন সন্ধিয়া সিহঁতে তাৰ পৰা বিদায় ল'লে | কাজলী মেঘৰ আৰে আৰে ৰঙা বেলিৰ বিদায় লগন | সুন্দৰ মূহুৰ্ত্তবোৰ এৰি বিদায় মাগিছিল এহাল শান্তিৰ বানী লৈ ফুৰা প্রেমিক প্রেমিকাই | স্বৰ্গীয় সুখৰ চাকনৈয়াত সুমধুৰ নৃত্য প্রেমিকাৰ সোনবৰনীয়া হাঁহি |
ময়ূৰীয়ে মনক ৰুমত নমাই নিজৰ ঘৰলৈ গৈ আছিল | তেনেতে ইন্সপেক্টৰ মনে ময়ূৰীৰ গাড়ী খন দেখি তাইক চিঞঁৰিলে |
- ময়ূৰী ,ৰোৱা ময়ূৰী
কিন্তু ময়ূৰীয়ে নৰল | তাই যিমান পাৰে সিমান স্পীডত গাড়ী চলালে |লগে লগে ইন্সপেক্টৰ মনে ও যিমান পাৰে সিমান স্পীডত বাইক চলালে | আৰু কিছু দূৰ আহি সি তাইৰ গাড়ীৰ সন্মুখত বাইক ৰখাই দিলে | ময়ূৰীৰ বুকুখন কপিছিল | তাই গাড়ীৰ পৰা নামি আহিলে |
সি তাইৰ কাষলৈ আহিলে |
- ময়ূৰী মোক ক্ষমা কৰি দিয়া |
- মই ক্ষমা কৰাৰ যোগ্য নহয় |
- ময়ূৰী সেইদিনা মায়ে তোমাক কৰা ব্যৱহাৰৰ বাবে মই দুখী
- নহয় মই দুখী ,মই হে তোমাক নষ্ট কৰিছোঁ |তুমি এতিয়াৰ পৰা মোক লগ কৰাৰ চেষ্টা নকৰিবা মন |
- বাহঃ বাহঃ ময়ূৰী | পাহৰি গ'লা মই তোমাৰ দেউতাৰ অপৰাধী বিচাৰি কিমান কষ্ট কৰিলোঁ |
- নাই পাহৰা | সেয়া এজন নিষ্ঠাবান পুলিছ অফিচাৰ হিচাপে তোমাৰ দায়িত্ব আৰু কৰ্তব্য |
- কিন্তু মোৰ ভালপোৱা বোৰ |
- ভালপোৱা ! সেইদিনা মায়ে মোক কথা খিনি কওঁতে তুমি মাক কিবা প্রত্যুত্তৰ দিছিলা ? মাত্র এজন কাপুৰুষ ৰ দৰে নিঠৰ হৈ আছিলা | গতিকে মই বিচাৰিম মোৰ জীৱনত যেন কেতিয়াওঁ তুমি বাধা হৈ থিয় নিদিয়া | আহোঁ
- ময়ূৰী
- গোডবাই মন | মই সেই অপমান নাপাহৰো |
- ময়ূৰী এয়া চোৱা মই তোমাক ভালপাওঁ |
ময়ূৰীয়ে চিঞঁৰি দিলে |
- নাই,,,,,,,
আকাশ বতাহ কপি গৈছিল নাই-নাই-নাই প্রতিধ্বনি |
ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment