মন ময়ূৰীৰ বিয়া (খণ্ড নং ১০) - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 3, 2021

মন ময়ূৰীৰ বিয়া (খণ্ড নং ১০)



- ময়ূৰী ?
- অ মন ,এয়া আত্মাহত্যা নহয় | মোৰ দেউতাই কিয় আত্মাহত্যা কৰিব | কি দুখ আছিল দেউতাৰ ?অ মোৰ জীৱনক লৈ দেউতাৰ অকমান দুখ আছিল | কিন্তু মোৰ সাহসী সত্বাত দেউতাই সেইবোৰ পাহৰি গৈছিল |

     ময়ূৰীৰ কথাবোৰ ইন্সপেক্টৰ মনে শুনি গৈছিল নিৰবে | 

- মা,দেউতা আৰু মই আমাৰ এটা সুখী পৰিয়াল | অভাৱ বোলা শব্দটোৰ লগত মোৰ চিনাকী নাছিল যদিওঁ ,অভাৱী মানুহবোৰৰ কষ্টবোৰ,দুখ বোৰ উপলব্ধি কৰিব চেষ্টা কৰিছিলোঁ | আৰু এটা কথা কি জানা,,,,,,,
ময়ূৰীয়ে ৰুমাল খনৰে দুচকুৰ চকুপানী খিনি মছি ল'লে |
- তুমি বিশ্বাস নকৰিবা,ইমান ডাঙৰ হ'ল এতিয়াওঁ মন গ'লে কেতিয়াবা দেউতাৰ বুকুত সোমাই শুইছিলোঁ | আজি সেই দেউতাজন মোৰ ওচৰত নাই অ মন , সেই দেউতা জনক এনেকে হেৰুৱাই মই পাগল হৈ পৰিছোঁ | আৰু মই এটা কথাত সুখী কিয় জানা ?
- কিয় ময়ূৰী ?
- ঘৰ খনত আমাৰ ল'ৰা সন্তান নাই | সেয়েহে দেউতাৰ মুখত অগ্নি সংযোগ কৰা সেই সুযোগ মই পাইছোঁ | কোনে কয় ছোৱালী মানুহে মুখাগ্নি কৰিব নোৱাৰে ! এয়া সন্তানৰ দায়িত্ব | সন্তান বুলি কওঁতে ল'ৰা ৰ নিছিনাকৈ ছোৱালী ও সন্তানে হয় |
- হয় ময়ূৰী ,তুমি এয়া আদৰ্শ দেখুৱালা | ইতিমধ্যে আগতে অসমত এনেকে দুই এজনী নাৰীয়ে মুখাগ্নীৰ দৰে দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছিল | তাৰ পিছত তুমি ,,,,,,বাৰু ময়ূৰী তুমি কোৱাছোন মন ৰিক্সাৱালাক তোমাৰ দেউতাৰ হত্যা কাৰী বুলি কিয় সন্দেহ হ'ল ?
- চোৱা, প্রথম কথা তাক মই ঘৰত লৈ আনিবৰ দিনা এনে এটা অঘটন হ'ল , দ্ধিতীয় কথা সি পইচাঁ চোৰ কৰিছে নহ'লে কোনে কৰিব | তৃতীয় কথা সি ৰাতিয়ে পলাইছে |
- উম ঠিক আছে বাৰু,কিন্তু মোৰ সি অপৰাধী যেন লগা নাই,তুমি মোক এটা সহায় কৰিব পাৰিবা ?
- কোৱা কি সহায় কৰিব লাগে মই ?
- তোমাৰ দেউতা তাৰ আগদিনা খন সন্ধিয়া ক'ত ক'ত ফুৰিৱ গৈছিল মোক জনাৱ পাৰিবা ?
- নিশ্চয়,সেইদিনা মোৰ জন্ম দিন আছিলে ,তুমি জানা | সেইদিনা আমি প্রথমে শুক্লেশ্বৰ ঘাটত গৈছিলোঁ ! তাত পৰি থকা অনাথ মানুহ বোৰক মোৰ জন্মদিনৰ সুযোগতে এসাজ তৃপ্তিৰে খুৱাব চেষ্টা কৰিছিলো |

         তাৰমাজতে শুক্ৰেশ্বৰ দেৱালয়ত পৰিয়ালৰ মংগলাৰ্থে এখনি শৰাই আগবঢ়াই দিছিলোঁ | তেনে সময়তে আমাৰ পৰা কিছু নিলগত আমাৰ দেউতা আৰু শুক্ৰেশ্বৰ দেৱালয়ৰ এজন পুৰোহিতে কথা পাতি আছিলে | তেখেত সকলে কি কথা পাতিছিল আমি নাজানো |
     
         লগে লগে মন ইন্সপেক্টৰে বহীত নোট কৰি ল'লে প্রথম জন মানুহ শুক্ৰেশ্বৰ দেৱালয়ৰ এজন পুৰোহিত |
- তাৰপাছত কোৱা আৰু
- তাৰপাছত আমি মামা হতৰ ঘৰলৈ এপাক গ'লো | তাত চাহ একাপ একাপ খাই আমি বিদায় মাগিলো |

         দ্বিতীয় জন মানুহ ময়ূৰীৰ মোমায়েক |

- তাৰ পৰা ওলাই অহাৰ কিছু সময় পাছত দেউতাই ক'লে আকৌ খালী চাহ একাপ খাই হেনো | কাৰন দেউতাই খালী চাহ খাই খুব ভালপায় | আমি বৃন্দাবন হোটেলত সোমালো | সোমাই দেউতাই তাত শৰ্মা খুড়াক দেখি তেখেতৰ লগতে বহিলে | আমি বেলেগকৈ বহিলো |তাৰপাছত চাৰ পৰা ওলাই আমি চিধা ঘৰমুৱা হ'লো |

        তৃতীয় আৰু চতুৰ্থ ব্যক্তি শৰ্মা আৰু হোটেলৰ মালিক |

মনে গোটেই কেইজনৰ নাম নোট কৰি ল'লে আৰু ময়ূৰীক ক'লে |
- তুমি কাইলৈ মোৰ লগত ওলাৱা,কিছু ইনভেষ্টিগেছন কৰিম |
- ঠিক আছে হব | 
- ঠিক আছে তুমি এতিয়া যাৱ পাৰা |
- উম,আহিছোঁ তেন্তে |

         ইন্সপেক্টৰ মনে কাইলৈৰ পৰা নামিব বিৰাজ কাকতিৰ হত্যাৰ নতুন ৰহস্য বিচাৰি |

                  কালিৰ দিনৰ ইমান কষ্ট,এই গৰমত খোজকাঢ়ি ঘূৰি ফুৰি আকৌ ৰাতি এক নতুন সংঘাটৰ মুখামুখি | নাই অকনো জিৰনি,নাই পেটত খুদকন | এয়াওঁ এক জীৱন হ'ল নে | গোটেই ৰাতিটো খোজ কঢ়াৰ পাছত দুয়োৰো থানাৰ বেঞ্চ খনতে শুৱ মন গৈছিল | তৰালিৰ চকু কেইটা ইমানে তানিছিল যে তাই বাৰে বাৰে বেৰ খনতে খুন্দা খাইছিল |
- ভন্টি ?
- সৰু দা !
- টোপনি ধৰিছে নেকি তোৰ ?
- উম অলপ অলপ |
- দে মোৰ কোচত মূৰটো থৈ অকনমান বেঞ্চ খনতে শুই যা |
তৰালিয়ে অংকিত ৰ কোচত মূৰটো পেলাই টেপনি যাৱ চেষ্টা কৰিলে | সি তাইৰ চুলিখিনিৰ ফাকত হাত বুলাই দিছিলে | তাৰো যে চকু কেইটা বহুত জ্বলা পুৰা কৰিছে ,কিন্তু উপায় নাই | কি কৰিব |
তেনেতে কোঠাৰ ভিতৰত পুলিছ এজন সোমাই আহিলে,আহিয়ে সিহতলৈ লক্ষ্য কৰি ক'লে |
- ঐ তহতে থানাৰ ভিতৰত কিহৰ লিলি মাই আৰম্ভ কৰিছ ?
পুলিছ জনৰ কথাত অংকিত হতবম্ব হ'ল |
- ছাৰ এয়া মোৰ ভন্টি | কালি ৰাতি আমাৰ টোপনি নহ'ল |
- টোপনি নহ'ল , কি চোৰ কৰিব গৈছিলি নেকি ! উঠ উঠ থানাৰ ভিতৰত এইবোৰ বেয়া দেখি |

         অংকিতে পুলিছ জনৰ কথাত আৰু বিশেষ উত্তৰ দিয়াৰ কথা প্রয়োজন বোধ নকৰিলে | কাৰন সি সকলো কথা অফিচাৰক কৈ থৈছে | অংকিতে মনতে ভাৱিলে এয়াই একৈশ শতিকাৰ মানুহৰ মানসিকতা |
অংকিতে তৰালিক শুৱাৰ পৰা উঠাই দিলে |
- ভন্টি উঠ ছোন |
বেছেৰীয়ে চকু কেইটা মোহাৰি মোহাৰি টোপনিৰ পৰা উঠিলে |
- সৰু দা
- আহ,সৌ বাহিৰতে টিউবেল এটা আছে মুখ খন ধুই লবি ভাল পাবি |

           সি ভনীয়েকক হাতত ধৰি টিউবেললৈ লৈ গ'ল | তাত তাই মুখ খন ধুই ল'লে | লগতে সি নিজেওঁ |
- ভন্টি ভোক লাগিছে নেকি ?
- লাগিছিল | কিন্তু
- কিন্তু কি ভন্টি ?
- আহি থাকোতে তই যে মোক গান গাই পোৱা পইচাঁ মোক থৱলৈ কৈছিলি ! ৰাতি সিহতৰ টনা আজোৰাত কৰবাত পৰি গ'ল সৰু দা |
- হব একো নাই দুখ নকৰিবি |

          সি তাইক হাতত ধৰি আকৌ থানালৈ লৈ যাৱ খোজোতে পুলিছে মিলন ক উঠাই আনিলে | সোমাবলৈ লওঁতে মিলন আৰু অংকিত সমুখ সমৰত মুখামুখি হ'ল | অংকিতৰ ফালে মিলনৰ চকুৰ চাৱনিটো এনে লাগিছিল যেন মহাভাৰত ৰ যুধিষ্ঠিৰৰ হে চাৱনি |
মিলন সোমাই যোৱাৰ লগে লগে সিহত ও সোমাই গ'ল | অফিচাৰে মিলনক বহিব দিলে |
- আপুনি কওঁকচোন কালি ৰাতি কিয় আপুনি এজনী অসহায় ছোৱালীৰ ওপৰত জপিয়াই পৰিল |
অফিচাৰৰ প্রশ্ন মিলনলৈ |
- ছাৰ কি কথা কৈছে আপুনি | এয়া মিছা কথা,সিহতে মোক অপবাদ দিয়াৰ চেষ্টা চলাইছে | ছাৰ মোৰ কথা গাওঁৰ মানুহক সুধিব |
মিলনে কৈছিল |
- ডাঙৰীয়া কথা সলাব চেষ্টা নকৰিব | সত্য কথা কওঁক |
- ছাৰ এয়া মিছা কথা ,আমি ছাৰ গাওঁৰ উন্নতিৰ কথা চিন্তা কৰা মানুহে এইবোৰ কথা ভুলতো মূৰত নোসোমাওঁ | 

                অফিচাৰে অংকিত আৰু তৰালিক লক্ষ্য কৰি ক'লে | তহতে অকমান বাহিৰতে বহ | মই পিছত তহতক মাতি পঠিয়াম |অফিচাৰৰ কথা মতে অংকিত আৰু তৰালি বাহিৰত ওলাই গ'ল |

এইবাৰ অফিচাৰে মিলনক অকলে জেৰা কৰিলে |
- কওঁকচোন কথাটো সত্য নেকি ?
- ছাৰ সেইবোৰ বাদ দিয়ক কম্রমাইজ কৰক |
- কি ??
- হয় ছাৰ,মই তাইৰ গাৰ কাপোৰ ফালি পেলাইছোঁ,সেয়া ধৰ্ষণৰ কাৰনে নহয় সিহতক গাওঁৰ পৰা ভালকৈ খেদি পঠোৱাৰ স্বাৰ্থত |
- কি ?
- হয় ছাৰ,অলপতে গুৱাহাটী জালুকবাৰীত হোৱা হত্যাকাণ্ডৰ খলনায়ক জনৰ ভায়েক ভনীয়েক ইহত | এই যে ছোৱালী জনী ছাৰ তাইৰ কথা ক'লে আপুনি ঘৃনাতে থু পেলাব ছাৰ |
- কি কথা ?
- ছাৰ,ককায়েকক পুলিছে ধৰাৰ পাছত ইহতৰ চলিবলৈ পইচাঁ নোহোৱা হ'ল ন ! কাৰন ইহতৰ ঘৰৰ একমাত্র উপাৰ্জন কাৰি আছিল ককায়েক | মানুহ হত্যা কৰি আনক বা ডকাইট কৰি আনক |
- আচল কথাটো কওঁক |
- এতিয়া ছাৰ ককায়েক যিহেতু পুলিছৰ জিম্মাত গতিকে ইহতে কি কৰি খাৱ,সেয়েহে ছাৰ এই ধুনীয়া অন্ধ ছোৱালী জনী দেহ ব্যৱসায়ত নামিছে ছাৰ,আমাৰ গাওঁৰ ডেকা বোৰক বেয়া ৰাস্তাৰে লৈ গ'ল ছাৰ | ইহতৰ ঘৰটো ব্যশ্যালয়ত পৰিনত হ'ল ছাৰ,সেয়েহে আমি ইহতৰ ঘৰ সেইদিনা জুই জ্বলাই পুৰি পেলালো | আমাৰ গাওঁ খন বেয়া কৰিব নোৱাৰো নহয় ছাৰ |
- কি ! অন্ধ ছোৱালী এজনীয়ে দেহ ব্যৱসায়ত লিপ্ত হৈছে | কি আচৰিত |
- আপুনি যদি মোৰ কথা বিশ্বাস নকৰে আমাৰ গাওঁৰ সকলো মানুহক সুধিব পাৰে ছাৰ |দুজনৰ কথা বিশ্বাস কৰিবনে এখন ৰাইজৰ কথা বিশ্বাস কৰিব ছাৰ ?
অফিচাৰ জনৰ চকু ডাঙৰ হৈ গ'ল |
- অহ,ন',,,,
অফিচাৰৰ ৰিয়েকচনত মিলনৰ মুখেৰে এটা দুষ্ট হাঁহি ওলাই আহিল |

                                 ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages