সেয়ে কোৱা হয় "নাৰী তুমি অনন্যা" - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 3, 2021

সেয়ে কোৱা হয় "নাৰী তুমি অনন্যা"

ঘৰখনৰ সন্মতিৰ অবিহনে পলাই গুচি আহিছিল তৰা আকাশৰ কাষলৈ । তাইৰ ঘৰখনেনো  কেনেকৈ সন্মতি জনাই মাটিত  খোজ পৰিব নিদিয়া একমাত্ৰ কন্যা তৰাক নিজতকৈ তলৰ শাৰীৰ এখন ঘৰলৈ বিয়া দিবলৈ । সকলো পিতৃ মাতৃয়ে বিচাৰে নিজৰ সন্তান সুখত থকাটো । কিন্তু !!!

কি ঠিক সিদিনা আকাশৰ কাষলৈ নাহো বুলি কোৱা হেতেন যদি সি চলাই অহা বাইকখন গাড়ীত খুন্দিয়াই মৰি যাম বুলি কোৱা কথাষাৰ সঁচা হৈ যায়। তাই জানো নিজকে ক্ষমা কৰিব পাৰিব ।আজি দুবছৰে তাৰ পৰা পোৱা মৰম ভাল পোৱা, যত্ন সেইবোৰ যদি ক্ষন্তেকতে তাইৰ পৰা আঁতৰি যাব খোজে । তাই বাৰু কেনেকৈ আনৰ লগত সুখী হোৱাৰ কথা চিন্তা কৰিব পাৰিব ।


হেল্ল' আকাশ হেল্ল' তুমি শুনিছানে তুমি বাইকখন লাহেকৈ চলোৱা প্লিজ।মোক লৈ যোৱাহি তোমাৰ কাষলৈ একেবাৰে তুমি শুনিছানে ।উত্তৰত মই গৈ আছোঁ তৰা তুমি মাত্ৰ ঘৰৰ পৰা অলপ আঁতৰি আহিবা।সেইদিনাৰে পৰা তৰা আকাশৰ হৈ গৈছিল

।মন্দিৰত সেন্দুৰ দি আকাশে তাৰ ঘৰলৈ লৈ গৈছিল তাইক ।

মধ্যবিত্ত ঘৰৰ সন্তান আকাশ ।শিক্ষিত লৰা বহুবাৰ চাকৰিৰ বাবে পৰীক্ষা দিছে । কিন্তু ভাগ্য ই  লগ দিয়া নাই।সেয়ে বেচৰকাৰী স্কুল এখনতে খাটি কোনো মতে ঘৰখন চলাইছে।এতিয়াটো আৰু দায়িত্ব বাঢ়িল তাৰ। তায়ো নতুন ঘৰখনত লাহে লাহে মিলিব ধৰিছে।বাথ্ টাবত ঘৰৰ ভিতৰত গা- ধোৱা তৰাই আজি মুকলি আকাশৰ তলত ঢকুৱা বেৰৰ মাজত নিজৰ শৰীৰটো ঢাকি গা-ধুবলৈ শিকিছে।ৰানিং ওৱাটাৰৰ পৰিৱৰ্তে তাই আজি কুৱাৰ পৰা পানী তুলিবলৈ শিকিছে।


দাইনিং টেবুলত আনে যতাই দিয়া ভাত খাবলৈ বহি থুন্ থুনুৱা ছোৱালীজনীয়ে আজি জুইত ভাত বনাই মজিয়া অতাই শাহু শহুক ভাত দিব জনা হৈছে। আকাশে তাইক দেখি অবাক হয়। ইমান ধনী ঘৰৰ ছোৱালী জনী কেৱল তাক ভালপোৱাৰ বাবেই এইবোৰ কৰিব শিকিছে। কেঁচাঘৰৰ কোঠাটোতে তাই সৰগৰ সুখ পাইছে।

ভালপোৱাজনৰ লগত সুখ দুখৰ কথা বোৰ এজনে আনজনক কবলৈ ওচৰতে পাইছে। ইয়াতকৈ আৰু কি বিচাৰে এগৰাকী নাৰীয়ে।এনেদৰে  দিনবোৰ পাৰ হৈ গৈছে।তাই আজি আৰু সুখী একমাত্ৰ ছোৱালীজনীক হেৰুৱাৰ ভয়ত তৰাৰ ঘৰখনেও তাইক আৰু জোঁৱায়েকক আঁকোৱালি লৈছে। অহ্ তাই সকলো পালে আজি।সুখত আত্মহাৰা আজি তাই।

আকাশৰ টকাৰে যেনে তেনেহে ঘৰ খন চলে। এফালে বাপেকৰ ঔষধ আনিবও লাগে।


যিহেতু তাইয়ো শিক্ষিত গতিকে তাইয়ো কিবা এটা কৰাৰ মন মেলিলে,ঘৰখনে অলপ হলেও সকাহ পাব । আকাশে সন্মতি জনালে তাইৰ কথাত। তাই এতিয়া কম্পিউটাৰ মাষ্টৰণী । মুঠতে ঘৰখন আগতকৈ উন্নত হৈছে । আলহীও ঘৰখনত আগতকৈ বাঢ়িছে । কিয়নো নহব তাই জনীয়ে যে অতি সহজে সকলোকে আপোন কৰিব পৰা গুনটো আছে । শাহুয়েকৰ এইবোৰ দেখি চকুৰে কট্-কটাই থাকে । মোৰ লৰাই যিমান ঘটে তাৰ আধা দেখোন তই আলহীক শুশ্ৰূষা কৰোঁতেই শেষ কৰিবি এতিয়া। মাইকী মানুহ যে আহে আহেই বাৰু ।

তোৰ মতা মানুহ লগতো ইমান মিতিৰ নে? তেতিয়াহে গা-ঘেলাই থাকিব পৰিবি। শাহুয়েকৰ কথাত আচৰিত হব লগীয়া একো নাই ।শতকৰা ১০০ভাগৰ ৮০ভাগেই

দুৰ্ভগীয়া বোৱাৰী থাকে।যিয়ে কেতিয়াও শাহুয়েকৰ পৰা নিজৰ মাকৰ দৰে মৰম নাপায়। তৰা সেই ৮০ ভাগৰ মাজতেই আছিল।(১০০ ভাগৰ ৮০ ভাগ বোৱাৰীয়ে শাহুয়েকক নিজৰ মাকৰ দৰে নাভাৱে।)


আকাশ স্কুলৰ পৰা ঘৰলৈ অহাৰ পিছত আকৌ আৰম্ভ কৰিছিল সেই অধ্যায়। আকাশে একো ধৰিব পৰা নাছিল যদিও তাৰ মনত কিবা এটা ক্ৰিয়া কৰিছিল। পিছদিনা আকাশ স্কুলৰ পৰা সোনকালে আহি পাইছিল । তৰা তেতিয়ালৈকে ঘৰ আহি পোৱাহি নাই। তাই তাক ফোন কৰি কৈছে ----বহুত ভাল খবৰ আছে তাই ঘৰত আহিহে কব । আকাশৰ মাকে তাইক বকিবলৈ আৰম্ভ কৰিলেই নহয়।--- চাহাবৰ জীয়েক ঘৰ আহিবলৈ হোৱাই নাই। মতাৰ লগত গা-ঘেলাই আছে ছাগে । তাইৰ পুৰুষ বন্ধুৰ অভাৱেই নাই আৰু। সন্দেহ নামৰ পোকটোৱে আকাশৰ মূৰত কামুৰি দিছিল। সেই সময়ৰে পৰা হয়তো আৰম্ভ হব আকাশ তৰাৰ আমানিশাৰ শনি বাৰ ।আকাশ তেতিয়া বাহিৰত বহি মোবাইলত

গেম খেলি আছে .........বাইকৰ শব্দ----

পদূলি বাটত তৰাক কোনোবাই থবলৈ আহিছে । হাতত কিবা এটা গিফ্ট পেকেট । সন্দেহ বেমাৰটোৱে আকাশক হেঁচা মাৰি ধৰিছে ।

------কি হে গাভৰু ! পার্কত বহি বহি এতিয়াহে আহিব টাইম পালি নেকি?আৰু অলপ সময় থাকিব লাগিছিল আকৌ।। তোৰ নিচিনা অসভ্য তিৰোতা মই কতো দেখা নাই।

---চি আকাশ তুমি এইবোৰ কি কৈছা । একো কব নোৱাৰি তাই দৌৰি নিজৰ ৰুমলৈ গুচি গল। তাৰ শব্দবোৰে তাইক কান্দিবলৈ বাধ্য কৰিলে।

---- ৰাতি ভাত খাবলৈ বহি ভাতৰ কাঁহীখন ঠেলি উঠি গৈছে সি। কাৰ কথা ভাবি ভাবি   

বনাওঁতে নিমখ চোকা হল হা ।


তাই অবাক ।আজিৰ পূৰ্বে কেতিয়াও এনে কথা শুনা নাছিল তাৰ মুখৰ পৰা। এনেদৰে সিহঁতৰ সম্পৰ্কত ফাট মেলাৰ আৰম্ভ হৈছিল।চকুপাৰি দেখিবলৈ নোৱাৰা হৈছিল আকাশে তৰাক ।

আৰু অৱশেষত----.!!!!

মোৰ জন্মদিনৰ আগত তই মোৰ ঘৰ এৰি গুচি যাবি ,নহলে মোৰ  মৰা মুখ দেখিবি । তাইৰ মূৰৰ ওপৰত আকাশখন খহি পৰাৰ দৰে লাগিল । কি কলে সি । সিয়েই নহয় জানো যিয়ে তাইক নাপালে মৰি যাম বুলি কৈছিল আৰু আজি তাই থাকিলে মৰি যায় বুলি কৈছে । 

আজি আকাশৰ জন্মদিন । তাই হেঁপাহেৰে অনা গিফ্ট পেকেটটো আৰু এখন চিঠি ।

------ আকাশ তুমিয়েই মোৰ প্ৰথম আৰু অন্তিম প্ৰেম হৈ থাকিবা । কিন্তু তুমি এজনী নাৰীৰ সততাৰ ওপৰত আঙুলি উঠাইছা। আজি  তোমাক যদি মই ভাল খবৰটো কবলৈ বিচাৰো হয়তো তুমি অকণো নভবাকৈ বেলেগৰ সন্তান বুলি কবা । এদিন হলেও চাগে বুজিবা সেইদিনটোলৈ চাগে বহুত দেৰি হৈ যাব । তুমি সুখী হোৱা আকাশ । 

                       ইতি

            (তোমাৰ দুৰ্ভগীয়া পত্নী )

তাই সেই গিফ্টটো বাকচত ভৰাই থৈ গুচি গল।

এটা ঠিকনা বিহীন যাত্ৰা । লগত এটা সেন্দুৰদানী আৰু আকাশৰ চিন স্বৰূপে গৰ্ভত সন্তানটি।

এনেদৰে দিনবোৰ পাৰ হৈ গল । এই অৱস্থাত  তাই ক'ত কি চাকৰি পাব । সেই বাবে  তাই মানুহ এঘৰত ভাত ৰন্ধা আৰু কাপোৰ ধোঁৱা কাম কৰে ।


--সন্দেহৰ বেমাৰ আকাশৰ গাত বিয়পাৰে পৰা সি তৰাৰ নাম , কত আছে তাই! একো জানিব নোখোজে সি। কিন্তু এদিন হলেও বুজিবলৈ দিন এটা আহে। আকাশে এদিন বাইক চলাই গৈ থাকোঁতে হঠাতে সেই তেতিয়া তৰাক বাইকেৰে থবলৈ অহা লৰাটোৰ সৈতে সন্মুখীন হল । -----আৰে আকাশ কি খবৰ? ভন্টীৰ কি খবৰ । তাই আজি কালি ফোনটো ৰিচিভ নকৰে যে ।

----ক্ষমা কৰিব মই চিনি পোৱা নাই। 

---অহ্ আজি কেইমাহমানৰ আগতে মই তোমাৰ পত্নীক বাইকেৰে থব গৈছিলো ।

অহ্ আপুনি !কিয়  তাই আপোনাৰ লগত নাই নেকি? আপোনাৰ প্ৰেয়সী আপোনাৰ ওচৰত নাই ! আচৰিত !

---চি আকাশ । তোমাৰ চিন্তা ধাৰাক থু পেলাইছোঁ।এজন পুৰুষ ইমান তললৈ যাব পাৰে নে?শুনা তাই মোৰ তেজৰ সম্পৰ্কৰ নহলেও তাই মোৰ নিজৰ ভনী ।মোৰ পত্নীয়ে আমাৰ এই সম্পৰ্কত কেতিয়াও ইমান বেয়া চকুৰে নাচায়।অহ তাই মানে কৰবালৈ গুচি গল ! থাকিবনো কেনেকৈ য'ত তাইৰ স্বামীৰ মনটো ইমান মলিৰে আৱৰি আছে।সিদিনা তাই সুখত মুখেৰে হাঁহি বিৰিঙি আছিল।তুমি পিতৃ হ'বলৈ ওলাইছাঁ বুলি তাইওচৰত আহি কমহি বুলি কৈছিল। তোমাৰ জন্মদিনৰ বাবে তাই কিবা গিফ্টটো আনিছিল। বহুত সময় টেম্পুৰ বাবে ৰৈ আছিল। মই সেই ফালেদি আহি থাকোঁতে লগ পায় লৈ আহিছিলোঁ। আৰু জানা আহি থাকোঁতে তাইৰ কেৱল তোমাৰ কথা। আকাশে মোক বহুত ভাল পাই।জন্মদিনত তাক এইবাৰ সকলোতকৈ ডাঙৰ উপহাৰ দিম আমাৰ নতুন আলহীৰ কথা কৈ।এই বুলি কৈ সি গুচি গৈছিল ।

 

---অহ্ মই পাগল হৈ যাম এতিয়া । মোৰ নিচিনা পাপী এই সংসাৰত নাই। হে ভগৱান মই মোৰ তৰাক কত বিচাৰি পাম এতিয়া । সি তাইক বিচাৰি হাবাথুৰি খাইছে । কতো নাই তাই ।

তাইৰো দিন ভাললে অহাৰ সময় আহিছে । হয়তো দুই এদিনতে কণমানিটি পৃথিৱীলৈ আহিব ,আকাশ দেখিব । তাই এই অৱস্থাটো কাম কৰিবলৈ এৰা নাই নহলে কেনেকৈ চলিব । তাইৰ সেন্দুৰদানী সেন্দুৰখিনিও শেষ হবলৈ হৈছে। কি ঠিক হয়তো আৰু সেন্দুৰ কিনিবলৈ নালাগিবও পাৰে।--আলহী খাব আহি মানুহঘৰত তৰাক দেখি মানুহজন আচৰিত হল।আৰে এই দেখোন মিষ্টাৰ শইকীয়াৰ ছোৱালী। এইৰ এনে অৱস্থা।তাইক একো নকয় তাইৰ বাপেকলৈ ফোন কৰিলে। তৰাৰ বাপেক আচৰিত হল। তাই ফোন কৰিলে কেতিয়াও এইবোৰ কথা নকয় । মানুহজনে তাই কত আছে সকলো কলে ।  লগে লগে তৰাৰ বাপেকে আকাশলৈ ফোন কৰিলে ।বাপেকে একো কব নাপাওঁতেই আকাশে চিঞৰি চিঞৰি কান্দিছে ।দেউতা মোক ক্ষমা কৰি দিয়ক ।মই এজন ভাল স্বামী হব নোৱাৰিলোঁ ।সি বাপেকৰ আগত সকলো কলে । মই একো শুনিব নোখোজোঁ।মোৰ ছোৱালীক যেনেকৈ নিছিলা ঠিক তেনেকৈ মোৰ ঘৰত থৈ যোৱা হি ।তাই ক'ত আছে আকাশৰ আগত ক'লে । ..........আজি তাইৰ আজি গা বেয়া কৰিছে । মালিকৰ ঘৰৰ মানুহহো নাই । সপৰিয়াল ফুৰিবলৈ গৈছে । তাই প্ৰসৱ বেদনাত চট্ফটাই-চট্ফটাই মাটিতে এজনী কন্যা সন্তানৰ জন্ম দিছে। এনেতে আকাশে বিচাৰি পালেগৈ তৰাক । তাই শিশুটিক স্তনপান কৰাই থাকোতেই কেতিয়াও ঘূৰি নহাৰ বাটেৰে যাবলৈ সময় আহি পাইছে বুলি গম পাইছে। তৰা তৰা ঐ তৰা উঠা । তোমাক এতিয়াই মেডিকেল লৈ যাম। মই তোমাক একেবাৰে লৈ যাবলৈ আহিছোঁ ।মোক ক্ষমা কৰি দিয়া।

------ তু তু তুমি বহুত দেৰি কৰি'লা....মই যাওঁগৈ ------৷ বন্ধ হৈ গল তাইৰ উশাহ । শেষ হৈ গল এজনী নাৰীৰ আশা, হাজাৰ সপোন। দি থৈ গল এটা নতুন বীজ।বাপেক হোৱাৰ সুখ। বীজ সিঁচিবলৈ থৈ গল এজনী নাৰী । সি হেৰুৱালে তাইক । নাই নাই লৈ যাব আজি সি তা'ৰ তৰাক তাৰ ঘৰলৈ লগত যাব সৰু তৰা । সি কি কব তৰাৰ বাপেকক । জোঁৱায়ে নিলেও নিয়া যমে নিলেও নিয়া। সচাই নাৰী তুমি মহান। নাৰী তুমি অনন্যা। অ এই সৰু তৰা জনীৰ নাম অনন্যা। তাইক আজি মন্দিৰত বিয়া পতাৰ নিচিনাকৈ সজাব সি । আজি শেষ বাৰৰ বাবে  তাইক সজাব । ইতিমধ্যেই ঘৰ পালেহি । বিদায় দিব লাগিব । কইনা সাজেৰে বিদায় দিব ।সি তাইৰ কইনাসাজ জোৰ আনিবলৈ বাকচ খুলিছে।------ এটা গিফ্ট আৰু এখন চিঠি ------- এদিন হয়তো বুজিবা আকাশ কিন্তু সেই দিনটোলৈ বহুত দেৰি হৈ যাব ।😐😑😑

সেই মহান নাৰীৰ ভৰিত ধৰিব আজি সি । মই জানো তুমি মোক কেতিয়াও ভৰিত ধৰিবলৈ নিদিলা হেতেন তৰা । কিন্তু আজি মই তোমাৰ চৰণত ঠাই বিচাৰিছোঁ তৰা ।  ধন্যবাদ তৰা মোক মোৰ অনন্যা দিয়াৰ বাবে ।


( সচাই কাৰোবাক হেৰুৱাৰ পিছতহে হেৰুৱা জনৰ মূল্য বুজি পোৱা যায় । আৰু এবাৰ যদি সমন্ধবোৰৰ মাজত সন্দেহ সোমাই যায় সেই সমন্ধত মানুহ জীয়াই জীয়াই মৰি থকাৰ দৰে হয় । গতিকে সন্দেহ নামৰ বেমাৰটো মনৰ মাজত সোমাবলৈ সুযোগ নিদিব )

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages