পুত্রৰ সন্মুখতে এজনী মাতৃক ধৰ্ষণ…হায় ৰে মনুষ্য - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, February 8, 2021

পুত্রৰ সন্মুখতে এজনী মাতৃক ধৰ্ষণ…হায় ৰে মনুষ্য


এটা ভগা জুপুৰি | তাহানিৰ দিনত খেৰেৰে সজা ঘৰ | প্রবল ধুমুহাই যে কেতিয়াবা বিস্তৰ খতি কৰিৱ সেইটো খাটাং | ঘৰৰ গৰাকী ৰুদ্র | কিন্তু সি এতিয়া পাগল | সেই জুপুৰিটোতে সি বাস কৰে | ৫ বছৰীয়া সন্তান এটি আছে তাৰ | নাযানে সি পুত্র স্নেহ | তাৰ দূৰ সম্পৰ্কীয় মদনৰ ঘৰত থাকে লৰাটো |  সিহকৰ বিয়াৰ পাছত ও কোনো সন্তান নাছিলে | সেয়েহে ৰুদ্রৰ লৰাটো সিহতে তুলি লৈছে | নহলে লৰাটোৰ ভৱিষ্যত অন্ধকাৰ আছিলে | হয়টো পেটৰ ভোকতে তাৰ মৃত্যু হল হৈ | পাগল দেউতাকে তাৰ দায়িত্ব কেনেকে ললে হৈ | কিন্তু ৰুদ্রৰ পত্নী ! 


বিধাতাই কি লিখে

কোনেনো যানে,,,,

কেতিয়াই মৃত্যুই

হাতবাউলি মাতে,,,,,


বহু বছৰ আগত এবাৰ মধুপুৰ গাওত কলেৰা বেমাৰ আহিছিলে | সেই বেমাৰত গাওৰ প্রায় মানুহৰ মৃত্যু হৈছিল | কাৰন তেতিয়া আজিৰ দৰে ইমান উন্নত নাছিল | সেই কলেৰা ৰোগত ববিতা পিতৃ-মাতৃ দুয়োকে হেৰাইছিলে | কিন্তু তাইৰ লগত ৰৈ গৈছিল তাইৰ একমাত্র ভাতৃ ৰাজু |

তাই জীৱনত সংগ্রামৰ লগত যুদ্ধ কৰিৱ লগা হল | কনমানি ভাতৃক কোচত লৈ মানুহৰ ঘৰে ঘৰে কাম কৰি ঘূৰিলে ববিতাই | সময় বোৰ গৈ থাকিল | সিহতৰ ঘৰখনত যেন যমৰজাৰ আদেশ এতিয়াও বাকী আছিলে |

অইন দিনাৰ দৰে তাই সেইদিনাও ভায়েকক লগত লৈ চহৰৰ আভিজাত্য মানুহ এঘৰৰ তাত কাম কৰিৱ গল |

তাই সামন্য কাম কৰা ছোৱালী | গতিকে তাইৰ কনমানি ভাতৃক যানো কোনোবাই মন কান দিৱ | সি দৌৰি ৰাস্তাৰ ফালে ওলাই আহিছিলে |


বা মৰিলো,,,,,,,,,


এটি বিকট চিঞৰ | মানুহৰ হুৱাদুবা | কৰুন দৃশ্য এটি | তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে ৰাজু | দুখীয়াৰ সন্তান কাৰনে হয়টো মানুহবোৰে চাই আছে | কিন্তু কোনেও তাক স্পৰ্ষ কৰা নাই | এখন ট্রাকে তাক নিমিষতে মহতিয়াই লৈ গল | বুকু শুদা হল ববিতাৰ | এক নিষ্ঠুৰ বাস্তৱ |


ববিতা এতিয়া সেইঘৰ মানুহৰ ঘৰত থাকিয়ে কাম কৰে | হৃদয়ত বহুত বেথা লৈ তাই জীয়াই আছে |

লাহে লাহে তাই গাভৰু হৈছিলে | আনৰ চকুত লগা |পাখি মেলা সময়ৰ গতিত আহিল তাইৰ বাবে সেই গাওৰে ৰুদ্রৰ বিয়াৰ প্রস্তাৱ | তাই অগ্রাহ্য কৰা নাই | বিয়াৰ সন্মতি দিলে |


ৰুদ্র ! বৰুৱাৰ ঘৰৰ কাম কৰা লৰা | তাৰ পিতৃ - মাতৃৰ পৰিচয় নাই | তাক এই ৰুদ্র নামটো ও বৰুৱাই দিছিলে | বিয়া মানে বিশেষ একো নহয় | কইনাজনী নি বৰুৱাৰ ঘৰতে গাওৰ মানুহক সি একাপ একাপ চাহ খুৱালে | 


বিবাহিতা জীৱনৰ পাতনি মেলিলে সিহতে |ববিতাৰ ঘৰতে ৰুদ্র থাকিলে | 


- ববিতা

-উম ,,,,,,

- মোক তুমি কিয় লাজ কৰি আছা ?

- নাই এনে ,,,   

- এনে মানে,,,,,,,

- নাই মোৰ আগতে এনেকে পুৰুষ মানুহৰ লগত থকা অভ্যাস নাই যে,,,,

- মোৰ ও নাই,,,,,

কিছু নিৰবতা | ইজনে সিজনৰ মুখৰ ফালেও চাৱ পৰা নাই |

নিৰবতা ভংগ কৰি আকৌ ৰুদ্রৰ প্রশ্ন |

- মোক কেনেকুৱা লাগিছে তোমাৰ ?

- চেহ ! কি যে সোধে নহয় |

লাজত ৰঙা পৰি গল তাই |

- লাজ কৰিছা | চাও মৰম অকন দিয়া না |

- ধেত লাজ ও নাই |

তাই লাজত দৌৰি ওলাই গল |

দুখৰ মাজত সুখ যেতিয়া আহে তেতিয়া পৃথিৱীয়েও হাহে |

বিয়াৰ এবছৰ হৈ গল | সিহতৰ জীৱনলৈ আহিল কানাই | মানে সিহতৰ সন্তান |

সুখে ভৰা এখন ঘৰ | কানাইক লৈ অযুত সপোন সিহতৰ |


তুমি সোন আমাৰে মৰমৰ,,,,,

সুখে দুখে প্রতিটো চেনেহৰ,,,,


দুয়োজনে বেলেগৰ ঘৰত কাম কৰি সুখত এসাজ খাই আছে |


- ববিতা মই আহো | তুমি যাবা,,,,,

- উম থিক আছে যাওক |

ৰুদ্র নিজৰ কৰ্মস্থলীলৈ ওলাই গল | লাহে লাহে ববিতাও ঘৰৰ কাম বোৰ কৰি ওলাই আহিল | লগত তাইৰ কেচুৱা কানাই |


এনেকৈয়ে ভাগেনে সপোন

এনেকৈয়ে ছিগে নে বান্ধোন,,,,,,


বেলি পশ্চিম ৰ আকাশত অস্ত গল | উৰনীয়া পখী ঘৰ মুৱা হল | ববিতাও কাম সামৰি নিজৰ পজালৈ বাত ললে |


- মা....মা

- অহ মোৰ টিকলাটো 

- আহা,,,  

- উম আমি ঘৰত গৈ আছো নহয় বাবা,,,,,


সেই অবুজ শিশু ভগবান তুল্য শিশুটোৰ লগত ববিতাৰ কথোপকথন | 

সিহতৰ গাওৰ দিগাৰু নৈৰ ওপৰত দলং নোহোৱা হেতুকে তাই সদায় সাকোৰে পাৰ হৱ লাগে | পিছে সাকো আছে এখন হাবিয়াৰ লেখিয়া নিৰ্জন ঠাইৰ মাজত |/p>

তাই অইন দিনাৰ দৰে নিৰ্ভয়ে আহি থাকিল | কিন্তু তাতে ৰৈ আছিল যৌৱনৰ ভোক গুছাৱৰ বাবে দুটা পাষণ্ড | অজানিতে আক্রমন কৰিলে তাইক | কোচৰ শিশু তলত পৰিল | হায় মানৱতা | তাইৰ যন্ত্রনা কাতৰ চিঞৰ| কিন্তু দুৰ্ভাগ্য কোনো নাই তাইক বচাৱলৈ | সিমানতে অন্ত নপৰিল যৌন কাৰ্য্য কৰি তাইক পাষণ্ড হতৰ মৃত্যুদণ্ড | 

অসহায় কানাই | মা মা আৰু মাজে ক্রন্দন | হাৱিৰ মাজত এজনী মাতৃক পুত্রৰ সন্মুখত ধৰ্ষন | লজ্জাজনক |......

জ্বলি ছাই হল ধৰ্ষিতা ববিতাৰ মৃতদেহ |প্রসাশন ৰ ব্যৰ্থ তদন্ত চলিল |

ৰুদ্র পাগল হল ববিতাৰ অনুপস্থিতিত | কানাই মাতৃহাৰা হল | ........


ন্যায় পাৱনে এনেকুৱা ধৰ্ষিতা বোৰে | কি হৱ কানাই হতৰ দৰে শিশুৰ ভৱিষ্যত |


মতামত জনাব কেনেপালে ! ভূল হলে ক্ষমা কৰিৱ |

( ক'ভাৰৰ ছবি খন নেতৰ পৰা সংগ্ৰহ - কাল্পনিক)

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages