এক জীৱন গাঁথা ( খণ্ড-৪ ) - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, February 8, 2021

এক জীৱন গাঁথা ( খণ্ড-৪ )

  

 

আমাৰ ঘৰৰ পৰা মোৰ নতুন ঘৰলৈ এঘন্টাৰ দূৰত্ব। এই এঘন্টাৰ বাট মোৰ বাবে অসহনীয়। নতুন ঘৰলৈ শাহু মা আৰু জুমি বৌৱে মোক আদৰি নিলে। প্ৰথমে নামঘৰত সেৱা কৰি পাকঘৰলৈ লৈ গ'ল। তাৰপিছত মোৰ আৰু নয়নৰ বাবে নতুনকৈ বনোৱা কোঠাটোলৈ। কোঠাটো আহল বহল ডাঙৰ। আমাৰ গোটেই ঘৰটোৰ সমান এই কোঠাটো। গোলপীয়া ৰঙৰ প্ৰলেপ দিয়া বেৰ বোৰ দেখি ভাল  লাগিছিল.. নয়নে বা কেনেকৈ জানিলে এইটো মোৰ প্ৰিয় ৰঙ বুলি!

লাজ,দুখ আৰু ভাগৰত মই অকলে অকলে অথনিৰে পৰা বহি আছো।ৰুমলৈ মইনা খুড়ী সোমাই আহি মোৰ খহি পৰা উৰনি খন ওপৰলৈ তুলি কানে কানে সুধিছিল


: কেনেকুৱা লাগিছে ঘৰখন?

 :....

: তই লাজ কৰিবি বুলি জানিয়েই মই দুদিন মান থকাৰ কথা ভাবিলো।


উস... ৰক্ষা এতিয়াহে মনটো ভাল লাগিছে। মইনা খুড়ী থাকিলে মোৰ লগ এটাকে হ'ব নহ'লে এইখন ঘৰত কথা এটা পাতিবলৈকো মোৰ কোনো লগ নাই।


: মান ধৰা বস্তু কোনটো বাকচত আছে? 

: এইটোত।


মায়ে কিবাকিবি ভৰাই দিছে। নতুন মানুহবোৰক মান ধৰাৰ নিয়মটো কৰিবলৈ। এইখন ঘৰৰ মানুহৰ কাপোৰ কানি দেখাৰ পিছত বাকচটো খুলিবলৈ মোৰ লাজেই লাগিছে।  কিজানি বেয়াই পায়।

কাগজৰ মোনাত মায়ে নাম লিখি লিখি বস্তু বোৰ ভাগ কৰি দিছে।  গামোচা,চাদৰ, ৰুমাল,সৰু হ'লেও প্ৰত্যেকলৈকে একোটিকৈ উপহাৰ।

প্ৰথমে নয়নৰ মাকক মায়ে নিজ হাতেৰে বোৱা কাপোৰ এযোৰ, তাৰপিছত মোৰ বৰজনাক চেলেং গামোচা আৰু জুমি বৌক চাদৰৰে মান ধৰি সেৱা কৰিলো।পূজা বাইদেউক ৰঙা বোৱা চাদৰ এখন আৰু তেওঁৰ স্বামীক গামোচা আৰু ৰুমাল এখন দিলো। নয়নৰ সৰু ভায়েকক মোৰ লগত চিনাকি কৰি দিবলৈ পূজা বাইদেউ মোৰ ৰুমলৈ সোমাই আহিল


: মধু এইটো আমাৰ  ভাইটি। বিষ্ণু... এইখন ঘৰৰ সকলোৰে মৰমৰ। 


বিষ্ণু সোমাই অহাৰ লগে লগে অচিনাকি গোন্ধ এটা মোৰ নাকত লাগিল। গোন্ধটো মোৰ বাবে একেবাৰে নতুন।

বিষ্ণুক গামোচা এখন দি চিনাকি পৰ্বৰ শেষ হৈছিল। আৰম্ভ হৈছিল এটা নতুন অধ্যায়ৰ।

ৰুমটোৰ তুলনাত বিছনা খন সৰু,নয়ন যৌতুকৰ বিৰোধী। তথাপিও দেউতাই যেনে তেনে বিছনা এখন মোৰ লগত দিছিল। ৰুমত থকা বাকী বস্তু বোৰ নয়নে নিজে কিনিছে। যৌতুক নেলাগে বুলি খবৰ দিয়াৰ দিনা মোৰ বুকুৰ কোনোবা এডোখৰ ঠাইত তেওঁৰ প্ৰতি অজানিতে সন্মান জাগিছিল। 

পূজা আৰু মইনা খুড়ী এবাৰ মোৰ ওচৰলৈ আহি গ'ল। সিহঁতৰ খিলখলনিয়ে মোক আকৌ এবাৰ চিন্তাত পেলালে।


...খটক...


দুৱাৰ খনৰ হুঁক দাল লগাই মোৰ ফালে এখোঁজ দুখোজকৈ আগবাঢ়িছে নয়ন।

মোৰ বুকুত ঘোঁৰা এটাই চেকুৰিবলৈ আৰম্ভ কৰিছে।

উশাহ বোৰ চুটি হৈ আহিছে। 


ধক-ধক, ধক-ধক


মোৰ কান্ধত নয়নৰ হাত এখন।

থকথককৈ কঁপিছো মই অথচ মোৰ কঁপালত বিন্দু বিন্দু ঘামৰ কণিকা। 


: মধু,ভাগৰ লাগিছে নহয়? 

শুই থাকা এতিয়া।


নয়নে বিছনাৰ পৰা তুলি এখন  আৰু গাৰু এটা নমাই মজিয়াত বিছনা পাৰিলে। 

নয়ন টোপনি গ'ল। অকলে শুৱাৰ অভ্যাস নাই  মোৰ।  সাৰে আছো মই, সাৰে আছে ক'লা ক'লা মহ কেইটা আৰু বৰষুণ জাক।

এটা নতুন পুৱাৰ সম্ভাশন¸ চোতাল খন সাৰো বুলি বাঢ়নি দাল হাতত লওঁতেই পিছফালৰ পৰা মায়ে মাত লগাইছিল


: আমাৰ ঘৰৰ বোৱাৰীয়ে এইবোৰ কাম নকৰে। গা ধুই চাহ বনোৱাগৈ যোৱা।


পাকঘৰতো মোৰ বাবে নতুন তথাপিও মা আৰু নয়নৰ বাবে চাহ দুকাপ বনোৱাত একো অসুবিধা নহ'ল। ঘৰৰ বাকী মানুহবোৰ এতিয়াও বিছনাত।

এইমাত্ৰ বৌ গা ধুই ভিতৰ সোমাইছে। নয়নক চাহ কাপ দিবলৈ লওঁতেই কাষৰ ৰুমটোৰ পৰা ডাঙৰ বৌৰ টুকুৰা টুকুৰ কথা কেইটা মোৰ কাণত পৰিল


: এইখন চাদৰনো মোক দিব লাগেনে, মই ঘৰত ইয়াতকৈ ভাল চাদৰ পিন্ধো।


বৌৱে নিশ্চয় মই কালি দিয়া চাদৰ খনৰ কথা কৈছে। চাদৰ খন বেয়া কিন্তু মোৰ মায়ে নিজ হাতেৰে বোৱা। আপোনালোকৰ বাবে কমদামী চাদৰ খন মোৰ বাবে স্বাভিমান বৌ।


: কি ভাবিছা মধু?  বিছনাতে মই কিবা এটা থৈ দিছো,পিন্ধাগৈ যোৱা।


মোৰ স্বামীৰ মোলৈ প্ৰথম উপহাৰ। এযোৰ ধুনীয়া ৰঙা ৰঙৰ চাদৰ মেখেলা। কাপোৰ যোৰ গাত মেৰিয়াই কপালৰ সেন্দুৰীয়া আলিটো বেছিকৈ উজ্জ্বল কৰি ললো। চুলি খিনি আকৌ এবাৰ ফনিয়াই মই এইখন ঘৰৰ মানুহ বোৰক ফেৰ মাৰিব পৰাকৈ বাহিৰলৈ ওলাই আহিলো।


: ৱাহ, এতিয়াহে ধুনীয়া লাগিছে। একেবাৰে মাধুৰী দীক্ষিতৰ নিচিনা।


মোৰ স্বামীৰ প্ৰথম বাৰ সকলোৰে আগত মোৰ ৰুপৰ প্ৰশংসা।

লাজতে তেজ বোৰ গোট মাৰি মোৰ গাল দুখন ৰঙা হৈ গৈছে। নয়নক মোৰ ভাল লাগিছে। বয়সত মোতকৈ অলপ ডাঙৰ। তথাপিও সৰু ল'ৰাৰ দৰে আচৰণ। এতিয়ালৈকে যিমান বুজিছো ভাল বেয়া সকলো কথা মুখৰ আগত কৈ দিয়ে। যৌতুকৰ বিৰুদ্ধে কথা কয় আৰু নিজেও যৌতুক অবিহনে মোক বিয়া পাতিছে।মই নোকোৱাকৈয়ে মোৰ মনৰ ধুমুহা জাকক অনুমান কৰি অচিনাকি পত্নীৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰি বেলেগকৈ শুইছে। মোক এইখন ঘৰৰ পৰিৱেশত খাপ খোৱাবলৈ তেওঁ নিজে চেষ্টা কৰিছে। ভাল লাগিছে মোৰ নয়নক। তেওঁৰ প্ৰতি থকা ভয় বোৰ লাহে লাহে নোহোৱা হৈছে। তেওঁ চকুৰ আগৰ পৰা আঁতৰি গলেই মোৰ চকু যুৰিয়ে তেওঁৰ সন্ধান কৰে। তেওঁ কাষত থাকিলে এই মানুহবোৰলৈ মোৰ ভয় নেলাগে। তেওঁ নথকা সময় খিনিত মই বৰ অশান্তিত কটাবলগীয়া হয়। বৌ আৰু বিষ্ণুৱে মোক নয়ন নাথাকিলে গুৰুত্বই নিদিয়ে। নয়নৰ সন্মুখত অবশ্যে মই বৌৰ মৰমৰ বোৱাৰী আৰু বিষ্ণুৰ প্ৰিয় মধু নবৌ।


: মধু আঠমঙলাৰ নিয়মটো কৰিবলৈ কাইলৈকে ঘৰলৈ যাবা। তোমালোক যাবা বুলি ঘৰৰ মানুহক মই পৰহিয়েই খবৰ দিছো।


কি? মই ঘৰলৈ যাম। আজি দহ দিন হ'ল। দহ দিনত এদিনো মই মা দেউতাৰ খবৰ এটা পোৱা নাই। আঠমঙলা খাবলৈ আমাৰ লগত বিষ্ণু আৰু জুমি বৌক নয়নে লগ ধৰিছিল। তেওঁলোক নাযায়। সন্তান সম্ভৱা বৌৰ গাটো ভাল নহয় আৰু বিষ্ণুৱে নকলেও মই বুজি পাও আমাৰ দৰে দুখীয়া মানুহৰ ঘৰত গৈ ভাত খোৱাৰ কথাই নাহে।

ৰাতিপুৱাই ধূলি উৰুৱাই গাড়ী খন আগবাঢ়িল আমাৰ ঘৰৰ অভিমুখে। মা দেউতাক লগ পোৱাৰ হেঁপাহত মই পাহৰিয়েই গৈছিলো আঠমঙলাত মা দেউতা আৰু পৰিয়ালৰ মানুহক মান ধৰিবলৈ কিবাকিবি যে লৈ যাব লাগে।

ৰাস্তাৰ কাষত গাড়ী খন ৰখাই নয়নে মোক বহাই থৈ কাপোৰৰ দোকান খনলৈ গৈছে। 

মায়ে আহোতে বাৰে বাৰে কৈছে আজি ঘৰত থাকিব নাপায়। এইকেইদিন মোৰ শাহুক যিমান বুজিলো তেওঁ পুৰনি নীতি নিয়মত বিশ্বাসী। 


: তোমাৰ চাগে আমনিয়েই লাগিছে?


হাতত তিনি চাৰিটা মান কাপোৰৰ বেগ লৈ তেওঁ গাড়ীত বহিলহি।


: কি আনিলে?


: তোমাৰ মালৈ ভাল পাতৰ কাপোৰ এযোৰ। ঘৰৰ পৰা মায়ে এযোৰ দিছিল মোৰহে পচন্দ হোৱা নাই। সেইযোৰ মইনা বাক দিম আৰু এইযোৰ মাক।


আকাশ নীলা ৰঙৰ কাপোৰ যোৰত গোনাৰ ফুল। মাক এইযোৰে বৰ ধুনীয়া দেখিব। বিয়া সবাহলৈ পিন্ধি যোৱা পুৰনি কাপোৰ দুযোৰৰ বাদে মাৰ এযোৰো ভাল কাপোৰ নাই। নয়নক ভাল লগাৰ আৰু এটা কাৰণ মই পালো। মই নোকোৱাকৈ তেওঁ মোৰ মা দেউতাৰ কথা চিন্তা কৰিছে। সেউজীয়া চাহ বাগানৰ মাজে মাজে আমাৰ গাড়ী খন আগবাঢ়িছে। সেউজীয়া বোৰ মোৰ সদয় প্ৰিয়।  

চাৰি পাঁচ বিঘা মান মাটিৰ চাহ বাগান এখন আঙুলিৰে দেখুৱাই নয়নে কৈছিল


: মধু এইখন মোৰ বাগান। বহুত কষ্ট কৰি এইখন বাগান আজিৰ এইটো পৰ্যায় পাইছে। 


মোৰ চকুৰ সন্মুখত কেৱল সেউজীয়া, সেউজীয়া আৰু সেউজীয়া।

 মা,দেউতাৰ লগতে আমালৈ  বাট চাই আছে মোৰ আপোন মানুহ বোৰে।

ঘৰখনত ভৰি দিয়াৰ লগে লগে মোৰ চিনাকি মাটিৰ গোন্ধটো। নয়ন হতৰ ঘৰত মাটি বুলিবলৈ কতোৱেই নাই। এইকেইদিন এই গোন্ধটোৱে মোক বৰকৈ আমনি কৰিছিল। 


: তহঁতৰ লগত আৰু কোনো নাহিল নেকি?

: নাহিল মা.. মইনা বাইদেউ আহিব।

: বাইদেউ?   দেখিছ কুন্তী মই কোৱা নাছিলো মধুৱে দুদিনতে সেইখন ঘৰ আপোন কৰিব পাৰিব।


ফুটুকী বৰমাই কোৱাৰ দৰে মই ঘৰখন আপোন কৰিব পাৰিছোনে নাই নেজানো কিন্তু নয়ন নামৰ মানুহটোৱে মোক আপোন কৰি পেলাইছে। তেওঁৰ মুখত শুনি শুনি মইনা খুড়ীক মই বাইদেউ বুলি মাতিবলৈ লৈছো।

ভাতৰ পাতত বহি খোৱাৰ সলনি মোৰ মুৰত 

এশ এবুৰি চিন্তাৰ ওকমুকনি।

ক'ত পালে দেউতাই পইচা, কেনেকৈ যোগাৰ কৰিলে ইমান বোৰ খাদ্য?মাছ কেইটা বাৰু কেনেবাকৈ যোগাৰ কৰিলেই কিন্তু ইমান খিনি মানুহক খোৱাব পৰাকৈ হাঁহৰ মাংস.!

মাৰ মুখখন আজি উজ্জ্বল হৈ আছে।নয়নক ভালৰ ভাল চাই মাছৰ টুকুৰাটো,কোমল চাই হাঁহৰ মাংস,ঔ টেঙা দিয়া মাটিমাহৰ দালি,সৰিয়হৰে সৰু মাছৰ জোল, বন্ধাকবি বেঙেনাৰ চব্জী মুঠতে আমনি লগাকৈ এসাজ খোৱাব পৰাৰ লগতে চুবুৰীৰ মানুহ কেইটাক এসাজ খোৱাব পৰাৰ আনন্দই হয়তো মাৰ মুখখন জিলিকাই তুলিছে।


: তই খাবলৈ বেয়া পালি নেকি, কিয় মনটো মাৰি আছ?

: দেউতাই বিয়াৰ নামত লোৱা ধাৰ আছেই আজি আকৌ কিমান টকা ধাৰলৈ আনিলে মা? ইমান ডাঙৰকৈ কিয় পাতিব লাগে..নিয়মটো কৰি থোৱা হ'লেই হয়।

: তই দেখিছো গমেই নাপাৱ,আমিনো কৰ পৰা ভোজ খোৱাম? নয়নে মইনাৰ হাতত টকা পাচ হেজাৰ দি পঠাইছিল। বিয়াৰ ধাৰ কেইটা মাৰি জমা হোৱা পইচা কেইটা আছিল বুলিহে সাহস কৰিব পাৰিলো।


কেনেকৈ মানুহ ইমান ভাল হ'ব পাৰে? মামা হঁতৰ ঘৰ খনৰ পৰা পোৱা ব্যৱহাৰে ধনী মানুহৰ প্ৰতি সৃষ্টি হোৱা বিৰূপ ভাৱ নয়নে কমসময়তেই সলনি কৰি দিছে। তেওঁ বেলেগ, সকলোতকৈ বেলেগ। মোৰ বুকুত লাহে লাহে  সৃষ্টি হৈছে তেওঁৰ প্ৰতি এবুকু মিঠা অনুৰাগৰ!

আমি গুচি আহিলো। মা,দেউতা, ভন্টি আৰু আমাৰ ঘৰত ভাত খাবলৈ অহা প্ৰত্যেককেই একোটা মান ধৰি আমি তেওঁলোকৰ পৰা বিদায় ললো। এইবাৰ মই গুচি অহাৰ দুখত মাৰ চকুত চকুপানী নাই আৰু মোৰ ওলাই আহিব ধৰা আবেগ বোৰ নয়নে মৰমত দিয়া প্ৰতিশ্ৰুতিয়ে ধৰি ৰাখিলে। এইয়া মোৰ এখন হাত নয়নৰ দুহাতৰ মাজত " নাকান্দিবা মধু, মই সদায় তোমাৰ লগত থাকিম"।

 দিনৰ পিছত দিনবোৰ পাৰ হৈছে। শহুৰৰ ঘৰৰ মানুহবোৰৰ সৈতে মোৰ এটা আত্মীক সম্পৰ্ক গঢ় লৈছে। শাহু ভাল। চুৱা- ধুতি ভালকৈ মানি চলিলে তেওঁৰ লগত মিলি থাকিবলৈ বিশেষ অসুবিধা নহয়। জুমি বৌ পাঁচ মহীয়া গৰ্ভৱতী। তেওঁৰহে কথা বোৰ মোৰ ভাল নেলাগে। কথাই প্ৰতি নিজৰ ঘৰৰ সা সম্পত্তিৰ হিচাপ। এনেকুৱা লাগে তেওঁ যেন কথাই প্ৰতি মোৰ ঘৰৰ অবস্থাৰ কথা মনত পেলাবলৈ চেষ্টা কৰে। পূজা বাইদেউ বিয়াৰ পিছত দুদিন থাকি গুচি গ'ল। কম সময়ৰ বাবে লগ পোৱা পূজা বাইদেউক মোৰ বেয়া লগা নাই। বিষ্ণু, মাৰ মৰমত ডাঙৰ হোৱা এটা উদণ্ড ল'ৰা।নয়ন নাথাকিলে সি মোক কেতিয়াবা বৰ বেয়া ব্যৱহাৰ কৰে। মই নয়নক আজিলৈকে কোৱা নাই। মোৰ বাবে এইখন ঘৰত কাজিয়া হোৱাটো মোৰ কেতিয়াও কাম্য নহয়।

: মধু, কাইলৈ তোমালোকৰ ৰিজাল্ট দিব।

: কি?

সৰুৰ পৰাই দেখা সপোনটোৰ মই মাত্ৰ এখোঁজ পিছত। আমাৰ পৰিয়ালত মেট্ৰিক দিয়া ছোৱালী একমাত্ৰ মই।  এইট,নাইন পঢ়ি থাকোতে ছোৱালী বোৰ বিয়া হৈ যায় নহ'লে ঘৰৰ অসুবিধাৰ বাবে পঢ়াৰ অন্ত পেলায়।

(আগলৈ)

বিঃদ্ৰঃ কলিয়াবৰ নিবাসী সন্মানীয় ডিম্পী মহন্ত ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages