নিশাৰ বকুত নামি অহা চিপ চিপ বৰষুণ জাকৰ কাৰনে মনে মহানগৰীৰ ফুটপাথৰ গছ জোপাৰ তলতে ৰৈ দিছিল বৰষুণৰ পৰা পৰিত্রান পাবলৈ | কিন্তু বৰষুণ বহু সময় এৰা নাছিল | সেয়েহে সি লাহে লাহে গছৰ গাত তাৰ দেহটো এৰি দিছিল | বৰষুণ আৰু সৰু বতাহ এজাকৰ ফলত ধৰনিৰ বুকুত কিছু ঠাণ্ডা নামিছিল | কেতিয়ানো তাৰ চিলমিল টোপনি আহিছিল সি গমে নাপালে | আজি সি ভায়েক ভনীয়েকক বিচাৰি ফুৰিছে | হয়টো সেইকাৰনে চাগে সি ভায়েক ভনীয়েকৰ এক্সিডেন্টৰ সপোন এটি দেখিলে | এনে ওঁ ভায়েক ভনীয়েক ক'ত আছে বিচাৰি তাৰ মনত এটা শংকা আছেই | সি টোপনিৰ পৰা সাৰ পাই এয়া বাস্তৱ নে সপোন ধৰিব নোৱাৰিলে | ইতিমধ্যে গাড়ী মটৰ চলিয়ে আছিলে | সি উঠি বহিল | বৰষুণ কিন্তু কমা নাই | সি আৰু শুই নাথাকে সি আকৌ সিহত হালক বিচাৰি যাৱ | সি ৰাস্তাটো পাৰ হব লওঁতে বিপৰিত দিশৰ পৰা ময়ূৰীয়ে তাক বিচাৰি আহি আছিল | তাই তাক দেখাৰ লগে লগে গাড়ী ৰখাই দিলে |তাই গাড়ীৰ গ্লাছ খন নমাই দিলে |
- মন
সি পাছফালে ঘূৰি চাওঁতে দেখিলে ময়ূৰী |
- ময়ূৰী
- গাড়ীত উঠা |
- তুমি যোৱা ময়ূৰী,মই ভাইটি ভন্টি ক বিচাৰি আহিছোঁ |
- মন বেছি নকৰিবা | গাড়ীত উঠা |
ইতিমধ্যে পাছৰ গাড়ী বোৰে হৰ্ণ মাৰি আছিলে |
মনে শেষত আহি গাড়ীত বহি ল'লে |
- তুমি পাগল হৈছা নেকি ! মোবাইল অফ কৰি থৈ কিয় আহিছা ? মোৰ কিমান চিন্তা হৈছে তুমি জানা ?
- চিন্তা ?
- অ চিন্তা | কিছুমান কাম ভাৱি চিন্তি কৰিব লাগে মন |
- ইন্সপেক্টৰ ক'ত গ'ল ?
- মন ?
- তুমিটো ইন্সপেক্টৰক পাই মোক পাহৰি গ'লা |
ময়ূৰীয়ে ঘৰ অভিমুখে গাড়ীখন ঘূৰাই ল'লে |
- তুমি কি কৈছা ?
- মই ঠিকে কৈছোঁ ময়ূৰী | কেতিয়াবা তোমাৰ ওচৰত গুৰুত্ব হেৰাই আকৌ দুখী হোৱাৰ কি প্রয়োজন আছে ?
- মানে
- মই আকৌ ৰিক্সাচলাৱ বিচাৰোঁ,আকৌ ভাতৃ - ভগ্নীৰ লগত থাকিব বিচাৰোঁ | দুদিনীয়া সুখত উটি ভাহি ফুৰিব নিবিচাৰোঁ ময়ূৰী |
- হব বন্ধ কৰা যোৱা তুমি গাড়ীৰ পৰা নামি যোৱা |
ময়ূৰী লগ লগ সলনি হ'ল |
- যোৱা বুলি কৈছোঁ ন ! যোৱা তোমাক মই সজাত বন্দী কৰি নাৰাখোঁ | জীৱনত হয়টো মোক বুজা কোনো নাই |আৰু নোলাব ও |
- তুমি খং কৰিছা ময়ূৰী ?
- নাই কৰা,দুখ লাগিছে | মোৰ হৃদয়ৰ ভাষা কোনেওঁ কিয় বুজিব চেষ্টা নকৰে ?
- আচলতে কি হ'ল জানা ময়ূৰী,,,,,
- কি হ'ল !
- বাদ দিয়া থাকক এইবোৰ |
- কোৱা মই শুনিব বিচাৰোঁ কি হ'ল |
- আচলতে মই ও তোমাৰ প্রতি দুৰ্বল হৈ পৰিছোঁ ময়ূৰী | মনটোই তোমাক বিচাৰি ফুৰে | কিন্তু
- কিন্তু কি ?
- মই তোমাৰ যোগ্যৰ নহয় | তুমি ইন্সপেক্টৰ মনৰ হে যোগ্য |
- কি ?
- অ ময়ূৰী | ভালপোৱা বোৰ এনেকুৱা নহয় যে বিচাৰিলে পোৱা যায় |
ময়ূৰীয়ে ব্রেগ মাৰি গাড়ী ৰখাই দিলে |
- তুমি বুজানে মন প্রেমৰ ভাষা,প্রেমৰ গান ?
- মানে ?
- মই যে তোমাৰ প্রতিটো পল কেয়াৰ লওঁ কিয় বাৰু ? এই যে ৰাতি খন তোমাক বিচাৰি আহিছোঁ কিয় ? এইবোৰত ও তুমি বুজা নাই নে ?
- কিন্তু ময়ূৰী মই,আচৰিত হওঁ,তুমি মোক কি চাই ভালপোৱাঁ ?
- তোমাৰ ব্যক্তিত্ব |
- কিন্তুই ব্যক্তিত্বই জানো মানুহক সুখী কৰি ৰাখিব পাৰে ?
- পাৰে মন ! যদি এজন মানুহৰ ভাল ব্যক্তিত্ব নাথাকে ,তেওঁ যিমানে টকা উপাৰ্জন নকৰক কিয় সেইবোৰ মূল্যহীন |
- কিন্তু চলিবলৈ মানুহৰ টকাৰ প্রয়োজন ?
- হয়,চোৱা মোৰ চাকৰি আছে ন ! মই জানোঁ আমি অভাৱত নাথাকো | আৰু তুমি ও কিবা এটা কৰিবা ন ! তেন্তে
ময়ূৰীয়ে আকৌ গাড়ী চলোৱা আৰম্ভ কৰিলে | হয়টো আজি সিহতৰ মাজত বহু মনৰ কথা হৈ গ'ল | আজি দুজনে দুজনক বুজাত নিশ্চয় অসুবিধা নহব |
- কাইলৈ আমাৰ ইউনিভাৰচিটিত ইউথ্ ফেষ্টিভেলৰ সাংস্কৃতিক সন্ধ্যা আছে | হয়টো মই কাইলৈ তোমাক সময় দিব নোৱাৰিম |
- একো নাই ময়ূৰী | প্রেম কৰিলে যে প্রতি সময় মোক দিব লাগিব এনেকুৱা কথা নহয় | তোমাৰ ব্যক্তিগত কাম সমূহ কৰিব লাগিব |
- মই বিচাৰি আছিলো জানা এজন এনেকুৱা মানুহ যিয়ে প্রতিপল মোক বুজি পাই,প্রতিপল মোৰ কাষত প্রেৰনা হৈ থাকে | আৰু সেই মানুহ জন মই পালো | সেয়া হ'লা তুমি |
- ময়ূৰী
- অ মন |
- কিন্তু তোমাৰ মায়ে মোক সমৰ্থন কৰিব নে ?
- কৰিব | কিয় জানা মা হতে এইবোৰৰ ভুক্তভোগী |
- ভুক্তভোগী !
- উম পিছত কম মই তোমাক |
ইতিমধ্যে সিহত আহি মনৰ গেট পালে | মনে গাড়ীৰ পৰা নামিলে |
- মন তুমি যোৱা | মই তোমাক ফোন কৰিম |
- উম হব,গাড়ী লাহে চলাবা | মনত ৰাখিবা slow driving long life
- উম হব |
ময়ূৰীয়ে মিছিকিয়া হাঁহি এটা মাৰি মনৰ কাষৰ পৰা বিদায় ল'লে |
তাইৰ আকৌ মনত পৰিল ইন্সপেক্টৰ মনৰ মাকৰ কথা খিনি | যিখিনি কথা তাইৰ বুকু বিন্ধী গ'ল | হয়টো তাইৰ দৰে আজিওঁ বহুত নাৰী আছে যিয়ে কোনো দোষ নকৰাকৈ ও সকলো থাকিওঁ সমাজৰ কিছু মানুহৰ চকুত হাঁহিয়াতৰ পাত্র | কিন্তু ময়ূৰীয়ে সৰুৰ পৰা এইবোৰ কথা এৰি চলিব বিচাৰে | যি কথাই মানুহৰ অন্তৰত আঘাট কৰে | সেই কথা ভাৱি থাকিলে ক্ষতি নিজৰ | গতিকে সকলো কথা এৰাই চলাই ভাল |
ঐ জান দুখৰ ৰাতিবোৰ যে
নেযায় ও নুপুৱাই |
- হেল্ল'
ময়ূৰীৰ ফোন |
- শুলা নেকি ?
ময়ূৰীয়ে সুধিছিল |
- উম,বিচনাত পৰিছোঁ | তুমি
- এয়া,এইমাত্র | উফ ! বহুত ভাগৰ লাগিছে জানা | দিনটো ঘূৰি ফুৰিলোঁ যে |
- উম ,টোপনি ধৰিছে নেকি ?
- উম
- তেন্তে শুই যোৱা |
- না অকমান থাকা না মোৰ লগত |
- আছোঁ দিয়া কোৱা |
- মন
- হু !
- অকমান মোক তোমাৰ বুকুৰ মাজত লোৱা না !
ময়ূৰীৰ কথাত মন সিহঁৰিত হ'ল | এয়া প্রথম কোনোবা নাৰীয়ে তাক মৰমক কাতৰ অনুৰোধ কৰিছে |
- ময়ূৰী
- অ মন ,তোমাৰ বহল বুকুখনত অকমান জিৰাব মন গৈছে |
- চকু দুটা মুদি দিয়া |
- দিছোঁ |
- কল্পনা কৰা |
- কি
- যে তুমি মোৰ বুকুৰ মাজত সোমাই আছা,মই তোমাৰ মেঘালি ছুলিবোৰৰ মাজত হাত ফুৰাই আছোঁ | আৰু
- আৰু কি মন |
- একো নহয় !
- কোৱা না |
- ধেইট মোৰ লাজ লাগে !
- লাজ কৰিছা | চকু কেইটা মুদি দিয়া |
- দিছোঁ |
- আৰু কোৱা এতিয়া |
- মই তোমাৰ কপাল খনতে চুমা এটা আকি দিছোঁ |
- মন !
- কোৱা
- সঁচাই অ,তোমাৰ শীতল বোকোচাত জিৰাবৰ বহুত মন গৈছে |
- ময়ূৰী
- কোৱা
- ভাললগা,ভালপোৱাঁ বোৰ এনেকুৱাই নেকি বাৰু ?
- উম !
- এনে লাগে যেন এতিয়াই তোমাৰ ওচৰতে গুছি যাম | জোৰকৈ তোমাক সাৱতি শুই থাকিম |
- মন ,মোৰ টোপনি আহিব পাৰে | ফোনটো কাতি নিদিবা লাইনতে থাকক |
- উম হব |
- ময়ূৰী
- কোৱা
- কেতিয়াওঁ ভৱা নাছিলো জানা,এই অভিশপ্ত জীৱনটোত কোনোবা মোৰ আপোন হব | ইমান মৰম কৰিব | মোৰ আৰু তেওঁৰ মাজত প্রেম হব | এয়া যে কল্পনাৰ ও বাহিৰত | কিন্তু যিটো অসম্ভৱ আজি সেয়াই সম্ভৱ হ'ল |
ময়ূৰী ! ময়ূৰী
পাগলী শুই গ'লা তুমি | এতিয়া মোৰ এনেকুৱা লাগিছে তুমিটো বহুত ধুনীয়াকৈ শুই আছা | মই যেন এতিয়াই তোমাৰ টোপনিত লালকাল মুখ খনিতে চুমা আকি দিম | তোমাৰ দেহত কম্বল খন ধুনীয়াকৈ ধাকি দিম | আৰু বহি চাই থাকিম তোমাৰ মৰম লগা মুখনি |
মনে ও লাহে লাহে চকু কেইটা মুদি দিলে | ফোন লাইনত লাগি থাকিলে | সি ও হেৰাই থাকিল সুন্দৰ নিশাটি নিদ্রা দেৱীৰ কোচত |
ভৱাটো নাছিলো মই
. এনে হব
কাৰোবাৰ মৰমে মোৰ
হৃদয় চুৱ |
অজানিতে মনে মনে |
চিঞঁৰি চিঞঁৰি গান গাই ময়ূৰীয়ে বাথৰুমৰ পৰা ওলাই আহিল | তাইৰ গান ৰ উচ্চ স্বৰ শুনিয়ে মাকে বুজি পাইছিল যে ইমান দিনে হাঁহিব পাহৰা ছোৱালী জনীৰ জীৱনত কিবা নতুন সংবাদ আহিছে|
পাক ঘৰত ব্যস্ত মাকে তাইক সুধিলে |
- মাজনী কি হ'ল অ,আজি ইমান স্ফুৰ্ত্তি যে |
তাই কাপোৰ পিন্ধাত ব্যস্ত হৈয়ে মাকক উত্তৰ দিলে |
- মা হাঁহি স্ফুৰ্ত্তি মানুহৰ জীৱনৰ ডাঙৰ ঔষধ |
মাকে তাইৰ কথা হাঁহিছিল |
তাই দৌৰ মাৰি পাকঘৰত সোমাল |
- মা দিয়া দিয়া ভাত দিয়া মোৰ দেৰি হৈছে |
- দিম মাজনী ! তোৰ মুখত হাঁহি দেখিলে মই বহুত সুখী হওঁ |
- হয় নেকি মা |
কথাখিনি কৈ তাই মাকক সাৱতি ধৰিলে আৰু মাকৰ গালতে এটা চুমা দিলে |
- উম্মাহঃ লাভ ইউ মা |
তাই আকৌ তাইৰ কোঠাত সোমাল |
মাকে হাঁহি হাঁহি ক'লে
- ভগবান তাইক সুখী কৰা |
কলা ব্লাউজটো তাইৰ শুভ্র শৰীৰত লিপিত খাই ধৰিছে | পাতল গোলপীয়া ৰংৰ শাৰী খন পিন্ধাৰ লগে লগে যেন ময়ূৰী হৈ পৰিল স্বৰ্গৰ অপ্সৰা জনী | ষ্টেপ কৰা ছুলি খিনি মেলি ল'লে | তিতা ছুলি খিনিৰ পৰা নিগৰি অহা পানী খিনি তাইৰ শুভ্র পিঠি খনত বিয়পি পৰিছিল | কিছু সময় পাছত তাই আজৰি হৈ ওলাই আহিল ঘৰৰ পৰা | তেনেতে তাইৰ ফোনটো বাজি উঠিল | অ মনৰ ফোন |
- হেল্ল' ডাৰ্লিং
- মই তোমাক বেয়া পাইছোঁ |
- কিয় ?
- নামাতিবা মোক |
- হাৰে কি হ'ল বাবা ?
- ইমান সময় হ'ল ফোন এটাও নাই |
- অ সেইটো কথা | মই আজৰি হৈ ওলাই আহিলো আকৌ |
- হব তোমাৰ মোলৈ মনতে নপৰে |
- হয় নেকি ' অভিমান কৰিছা ন ?
- নাই কৰা ?
- নাই |
- লাভ ইউ মন |
- লাভ ইউ টু |
কিছু সময় পাছত তাই ইউনিভাৰচিটি পালে | আজি ইউনিভাৰচিটি উখল মাখল | কাৰন ইউথ্ ফেষ্টিভেলৰ শেষ দিন | দিনটো ব্যস্ততাৰ পাছত সন্ধিয়া নামিছিল | লাহে লাহে সাংস্কৃতিক সন্ধিয়া আৰম্ভনি হৈছিল | ঘোষকে ঘোষনা কৰিছিল | " এইবাৰ আমি মঞ্চলৈ স্বাগতম জনাইছোঁ | অসমৰ এজনী নবাগত জনপ্রিয় কণ্ঠ শিল্পী তথা মা অ মা,দেউতা অ দেউতা শীৰ্ষক জনপ্রিয় গীতটিৰ কণ্ঠ শিল্পী মিছ তৰালিক ,এয়া আমাৰ মাজত মিছ তৰালিৰ গীতৰ শৰাই "
লগে লগে দৰ্শক ৰ জাউৰিয়ে জাউৰিয়ে হাতচাপৰি | ময়ূৰীয়ে শুনিছিল উফ ! কি মিঠা কণ্ঠ |তেনেতে ময়ূৰীয়ে দেখিলে এজন ল'ৰাই কণ্ঠশিল্পী তৰালিক মঞ্চত উঠাই দিছে | তাৰমানে,,,,,,
ময়ূৰীয়ে অকমান দূৰত আহি মনলৈ ফোন লগালে |
- হেল্ল'
- ক'ত আছা তুমি ?
- ৰুমত |
- তোমাৰ ভন্টিৰ নাম তৰালি ?
- হয় | কিয়
- তাই দেখোন ইউথ্ ফেষ্টিভেলত আমন্ত্রন কৰা গায়িকা জনী |
- কি ?
- অহ জলদি আহা তুমি |
- উম ঠিক আছে মই গৈ আছোঁ |
মনে আনন্দতে যেনেকে আছে তেনেকে দৌৰিলে | আজি কিমান দিন পাছত সি ভায়েক ভনীয়েকক দেখিব | কিমান যে ভাল লাগিব | সিহত চাগে তাক দেখি আচৰিত হৈ যাৱ | উফ! কিমান যে ভাল লগা মূহুৰ্ত্ত হব | তৰালিয়ে চাগে তাক সাৱতি ধৰিব | এয়াই হব মৰমৰ পুনঃ মিলন | সি যিমান পাৰে দৌৰিছে | ইতিমধ্যে সি অহালৈ তৰালি আৰু অংকিত গাড়ীত উঠিছে | মানে অনুষ্ঠানৰ সামৰণি | সি তৰালিৰ অনুৰাগীৰ ভিৰ ভাগি গাড়ীৰ কাষলৈ গ'ল | ড্রাইভাৰৰ কাষৰ চিটত সি দেখিলে ক'লা গাগৰ্ছ পিন্ধী চিনেমাৰ হিৰ'ৰ নিচিনাকৈ অংকিত |
- ভাইটি ঐ ভাইটি ~
অংকিতে গ্লাছ খন নমাই দিলে | অংকিতক দেখি মনৰ চকুৰে চকুপানী বাগৰি আহিল |
- ভাইটি আহ গাড়ীৰ পৰা নামি আহ | ভন্টি ক নমাই আন এবাৰ চাওঁ তাইক ,বহুদিন দেখা নাই অ তহতক |
- আমাৰ কোনো দাদা নাই,তাৰ মৃত্যু হৈছে |ড্রাইভাৰ গাড়ী চলাওঁক |
অংকিতে ড্রাইভাৰক নিৰ্দেশ দিয়াৰ লগে লগে গাড়ী চলি গ'ল |
মনে বলিয়াৰ দৰে গাড়ী খনৰ পাছে পাছে দৌৰিলে |
- ঐ ভাইটি ,ঐ ভন্টি মই তহতৰ দাদা | ঐ মোক এৰি নাযাবি | মোক তহতে এৰি নাযাবি |
সিহত গ'লগৈ | সন্মুখত মনৰ তেনে অৱস্থা দেখি ময়ূৰীৰ চকুৰ পানী বাগৰিলে | তাই মনৰ কান্ধত হাত খন থলে |
- মন
- ময়ূৰী সিহতক বুজাই দিয়া না | যে মই সেইজন ককায়েক সিহতৰ যিজনে ৰিক্সাচলাই সিহতক ডাঙৰ কৰিছোঁ | নিজে লঘোন থাকিলেওঁ সিহতক লঘোন থাকিব দিয়া নাছিলো | মাত্র সকলো সিহতৰ কাৰনে কৰি গৈছিলোঁ | বুজাই দিয়া না ময়ূৰি |
ময়ূৰীৰ শব্দবোৰ হেৰাল |
ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment