- হয় আপোনাৰ নামে সুধিছোঁ
- মনদীপ ডেকা | আপোনাৰ কণ্ঠ কিন্তু মানিব লাগিব দে !
তৰালিয়ে মিচিকিয়াই হাঁহি কৈছিল
- ধন্যবাদ |
- আপোনাৰ কণ্ঠৰ প্রেমত পৰিছোঁ মই |
তেনেতে অংকিত আহিয়ে চিঞঁৰিব ধৰিলে |
- ঐ ব'ল |
তৰালিয়ে ইন্সপেক্টৰ মনৰ চকুলৈ চাইছিল | যেন এজাক ভালপোৱাঁৰ অনুভুতিয়ে তাইক হাত বাউলী মাতিছে |
- আহো , আকৌ নিশ্চয়.লগ পাম |
ইতিমধ্যে অংকিত গৈ গাড়ীত বহি ল'লে | তৰালি ও গাড়ীৰ কাষলৈ খোজ ল'লে |
- এক মিনিট ৰবছোন |
- হয় কওঁক
তৰালিয়ে কৈছিল |
- বেয়া নাপায় যদি আপোনাৰ যোগাযোগ,,,,,
তৰালিয়ে বুজি পাইছিল |
- আমবাৰী ফটাশিল , বাইলেন নাম্বাৰ ৬ ভগদত্ত পথ হাউছ নাম্বাৰ ১১৩ | আৰু শুনক গ'লে ১২ বজাৰ পৰা সন্ধিয়া ছয় বজাৰ ভিতৰত যাব |
কথা খিনি কৈ মৰম লগা তৰালি জনী গ'ল গৈ | মনৰ যে বহুত ভাল লাগিল | বৰ্তমান সময়ত তৰালি কলিতাক অসমৰ সকলো মানুহে চিনি পাই | কিন্তু ছোৱালী জনী তেনে সহজ সৰল | মনে এদিন যাৱই তৰালিৰ ওচৰত | গায়িকা তৰালিৰ ওচৰত |
মন - ময়ূৰী ! ইতিমধ্যে সিহতৰ প্রেম বহু দূৰলৈ আগুৱাই গ'ল | এতিয়া যেন সিহতে কোনেওঁ কাকো এৰি থাকিব নোৱাৰে | মাত্র বিচাৰি ফুৰে ইজনে সিজনৰ মৰম | ভালপোৱাঁ,,,,,,,
মনে যেন ডুবিয়ে থাকে সপোনৰ কাৰেংত | ময়ূৰী এদিন তাৰ কইনা হব ! তাইৰ শিৰত জিলিকি থাকিব ৰঙা সেন্দুৰ কন ,কিমান যে ধুনীয়া লাগিব তাইক ! তাই হাঁহিলে তাইৰ বেৰি দাতটো যেতিয়া ওলাব তেতিয়া যে তাইক কিমান মৰম লাগিব | আজি সিহত দুয়ো আজৰি অকনমান নিৰ্জন ঠাইত ফুৰিব ওলাই আহিছে | দুয়ো হাতত ধৰি ভৰা ব্রহ্মাপুত্রৰ পাৰত ঘূৰি ফুৰিছে | আসঃ কি যে ভাল লগা মূহুৰ্ত্ত |
তেনেতে মনে তাইক হাতেৰে ঠেলি আতৰি আহিলে | ময়ূৰীয়ে একো বুজি নাপালে | কি হ'ল মনৰ |
- মন কি হ'ল |
- তুমি তাৰমানে মই বেয়া পোৱা কাম বোৰ কৰি ভালপোৱাঁ ?
- হাৰে কি কৰিলো নো মই ?
- ছুলি কিয় ছুটি কৰিছা তুমি ?
- কি ! তাৰমানে তুমি ইমান সময় দেখাই নাছিলা ?
- অ দেখা নাছিলোঁ | তোমাক বহুত বেয়া পাইছোঁ মই |
- তুমি দীঘল ছুলি ভালপোৱাঁ মন ?
- উম ! ছোৱালী মানুহৰ ছুলি খিনি দীঘল হ'লে বেছি ভাল লাগে |
- কিন্তু কি কৰিম কোৱা ! মোৰ ছুলি খিনি বেয়া হৈ গৈছিল | হব এইবাৰৰ পৰা ৰাখিম |
- এইটো কি কাত কয় ?
- ষ্টেপ কাত আকৌ |
- উম |
- শুনা কাইলৈ সন্ধিয়া মায়ে তোমাক আমাৰ ঘৰত ভাত খোৱাৰ নিমন্ত্রন দিছে |
- মই নাযাওঁ দে |
- তুমি যাৱই লাগিব |কোৱা যাবা নে নোযোৱা ?
- মানে,,,,,,
- কি মানে ?
- যাম দিয়া |
- লাভ ইউ
- লাভ ইউ টু |
তৰালিৰ গা বেছি অসুস্থ আজি | তাই ডাক্তৰৰ ওচৰত যোৱাৰ কথা ভাৱিলে | লাহে লাহে তাই অংকিতৰ ওচৰত আহিলে |
- সৰু দা
- ক'
- মোক ডাক্তৰৰ ওচৰত লৈ যাৱ পাৰিবি নেকি ?
- নাই মই এতিয়া নোৱাৰো দে | মোৰ কাম আছে |
- তেন্তে মই অকলে যাম |
অংকিত বহাৰ পৰা উঠিল |
- না না ! তই অকলে যাৱ নোৱাৰিবি |
- কিয় ?
- তই অকলে গ'লে তই কাৰোবাৰ প্রেমত পৰিবি | তোক কোনোবাই লৈ যাৱ আৰু মই কি কৰিম থাকিম তেতিয়া হা ? মই টকা ক'ত পাম,তইটো ইনকাম কৰি তোৰ গিৰিয়েৰাকে দিবি | নাই তই সদায় মোৰ নিৰ্দেশ মতে কাম কৰিব লাগিব |
- কি কলি তই ? মই সঁচাই তোৰ টকা ঘটা যন্ত্র নেকি বাৰু ?
- তই যি ভাৱ |
অংকিতে গাড়ীৰ চাবি পাত হাতৰ আঙুলিত ঘূৰাই ঘূৰাই ওলাই গ'ল |
তৰালি ভাগি পৰিল | কেনেকে বাৰু অংকিতৰ ইমান সলনি | সিটো তাইক মৰম কৰিছিল | কিন্তু আজি সেই মৰমৰ পৰিবৰ্তে সি যে তাইক কথাই পতি মাত্র বিষ হে দি আছে | তৰালিৰ সেই দিনটোৰ কথা মনত পৰিল | যিদিনা মিলনে থানাত তাইক জাপি দিছিলে মিছা বদনাম সেই দিনাই তৰুন বৰদেউতাকে দিয়া টকা এহাজাৰ লৈ সিহত চহৰলৈ আহিছিল | অচিনাকী চহৰ খনত অংকিতে তাইক নি চহৰৰ ফুটপাথ্ ত বহাইছিল | আৰু পেটৰ কথা চিন্তা কৰি অংকিতে তৰালিক ফুটপাথত গান গাবলৈ দিছিল | তাইৰ গান শুনি,তাইৰ কণ্ঠতসকলো বাতৰুৱাই তাইক পইচাঁ দি গৈছিল | ঠিক তেনেতে এজন মানুহ সিহতৰ কাষত আহিছিল |
- ৰবা ! তোমালোকৰ ঘৰ ?
- আমাৰ ঘৰ ৰঙিয়াত |
তৰালিয়ে মানুহজনক কৈছিল |
- তোমাৰ ইমান সুমধুৰ কণ্ঠ | মই সঁচাই আকৰ্ষিত হৈছোঁ |
- ধন্যবাদ ছাৰ |
- এই গানটো তুমি নিজে লিখা ?
- হয় |
- তুমিটো চকুৰে দেখা নোপোৱা,পঢ়া শুনা ও বিষেশ নাই চাগে তোমাৰ | তেন্তে এই গানটো কেনেকে লিখিলা ?
- এয়া মাত্র সঁচা অনুভৱ ছাৰ | মনৰ মাজত খেলি থকা শব্দবোৰক সুৰ আৰু কথাৰ মাজেৰে সজাইছিলোঁ |
- বাহঃ সঁচাই তোমাৰ প্রতিভাক ধন্য |
- ধন্যবাদ ছাৰ |
- আচলতে মই এজন সংগীত পৰিচালক | বৰ্তমান সময়ৰ সমাজত চলি থকা কোনো ধৰনৰ অৰ্থ নোহোৱা গান বোৰৰ পৰিবৰ্তে মই কিছুমান অৰ্থ থকা গান বিচাৰি ফুৰো |
মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাৱে
অকনি সহানুভুতিৰে
ভাৱিব কোনেনো কোৱা সমনীয়া
ঠিক এই আমাৰ শ্রদ্ধাৰ ভূপেন দাৰ কালজয়ী গীতটোৰ দৰে | এই গীতটো আজি আমাৰ সমাজত মিলি গৈছে | আজি আমাৰ ভাই ভনীয়ে পানীত ককবকাই আছে | বানত সকলো শেষ হৈছে কিছুমান মানুহৰ | থানবান হৈছে একোখন ঘৰ | আজি যদি তুমি মই কল্পনা কৰো চোৱাছোন " আমাৰ ঘৰত পানী ,খাদ্যৰ বাবে হাহাকাৰ,ঘৰ দুৱাৰ ভাগি সকলো শেষ,পথাৰৰ ভুই খিনি ও নষ্ট হ'ল এতিয়া আমি কি কৰি খাম বাৰু ! " সেই কাৰনে মানুহৰ জীৱনত ইজনৰ সহায় সিজনক লাগিব | সৰু মানুহে ও ডাঙৰ মানুহক কেতিয়াবা সহায় কৰিব লাগিব | সহায় মানে এয়া নহয় আমাৰ ভাতৃ ভগ্নী পানীত উটি গৈছে মৃতদেহটো পাইছোঁ,শ্মশানত ভস্নিভূত কৰিছোঁ | সহায় হ'ল এয়া পানীত ককবকাই থকা ভাতৃ ভগ্নীক আমি উদ্ধাৰ কৰিছোঁ,সিহতৰ খাৱলৈ ব্যৱস্থা কৰিছোঁ | বাৰু বাদ দিয়া এইবোৰ | তোমাৰ নামটো ?
- তৰালি ,তৰালি কলিতা |
- বাহঃ বৰ সুন্দৰ নাম তাতে তোমাৰ কণ্ঠ আমাৰ সুকণ্ঠী গায়িকা তৰালি শৰ্মাৰ লগত মিল আছে | মই তোমাৰ এই গানটো ৰেকৰ্ডিং কৰিব বিচাৰো |
- ৰেকৰ্ডিং !
- উম ,সকলোতে বাজি থাকিব তৰালি কলিতাৰ " মা অ মা,দেউতা অ দেউতা " | সকলোৱে চিনি পাব তৰালি কলিতাক |
সেই সংগীত পৰিচালক জনে তৰালি আৰু অংকিতক তেখেতৰ ঘৰত লৈ গ'ল | তেখেতৰ আপ্রান চেষ্টাত দিন ৰাতি কৰা কষ্টৰ ফলত তৰালি কলিতাৰ বিশেষ গানটো সকলোৰে মুখে মুখে হ'ল | লাখ লাখ টকাত তৰালিক মঞ্চৰ বাবে যোগাযোগ কৰা হ'ল | কিন্তু সকলো টকাৰ মালিক হ'ল অংকিত |
- ঐ দেখিলি মই তোক বনাই দিলো |
অংকিতে তৰালিক কৈছিলে |
- সৰু দা সেয়া তোৰ কৰ্তব্য আছিল |
- তোক মই লগত ননা হ'লে তই পাৰিলি হৈ |
- কিন্তু প্রথম ধন্যবাদ তৰুন বৰদেউতাক হে দিব লাগে তেখেতে পইচাঁ নিদিলে আমি আহিব নোৱাৰিলো হৈ |
- থৈ দে তোৰ তৰুন বৰদেউতাৰ কথা সকলো মোৰ বাবে সম্ভৱ হ'ল |গতিকে তই মোৰ মতে চলিব লাগিব |
অংকিত টকা পাই পাগল হৈ গৈছে | সি নিজে গৌৰৱী হৈ পৰিল | সি যেন পাহৰি গ'ল সেই বিখ্যাত সংগীত পৰিচালক জনক ও | তেখেতৰ সহায়তে তৰালিৰ চকু ভাল হ'ল |
- ছাৰ আপোনাক মই কি বুলি ধন্যবাদ দিম ভাৱিয়ে পোৱা নাই |
তৰালিয়ে সংগীত পৰিচালক জনক কৈছিল |
- কিয় তৰালি ?
- আপুনি যে কৈছিল ভূপেন দাৰ গীতটো " মানুহে মানুহ ৰ বাবে " আজি যদি আপুনি আমাক সহায় নকৰিলে হেতেন !
- এয়া সহায় নহয় তৰালি ,এয়া আমাৰ কৰনীয় | অন্তত আমি এটা কথা মনত ৰখা উছিত যে মানুহে অইনক সহায় কৰিব নোৱাৰিলেওঁ অপকাৰ কৰিব নালাগে |
ক্ৰিং ক্ৰিং ক্ৰিং
তৰালিয়ে কথাবোৰ ভাৱি থকাৰ সময়তে ! কলিং বেলটো বাজি থাকোতে তাই দৌৰি আহি দৰ্জা খন খুলি দিলে |
- হাই তৰালি !
- আপুনি ?
- আচৰিত হ'ল নেকি ?
- নাই আহক ভিতৰত আহক |
- ভিতৰত কোনোবা
- কোনো নাই মই অকলে আছিলো | আহক
- মানে আচলতে ভিতৰত সোমোৱাটো
- হাৰে চিন্তা কৰিব নালাগে | আমাৰ ঘৰত তেনেকুৱা সন্দেহ কৰিব লগা বিশেষ ব্যক্তি কোনো নাই |
তৰালি আকুল আহ্বানত ইন্সপেক্টৰ মন ঘৰৰ ভিতৰত সোমাই গ'ল |
- বহক
- আপুনি কিন্তু বেয়া নাপাব দে | আচলতে মই,,,
- হাৰে মই আকৌ বেয়া কিয় পাম |
- দিন ৰাতি কেবল আপোনাৰ গানে শুনি থাকো | নিজৰ কৰ্ম ব্যস্ততাৰ সময়ত ও,,,,,
- আপুনি কি কাম কৰে ?
- মই পুলিছ অফিচাৰ |
- মোৰ পুলিছৰ মানুহক বহুত ভয় লাগে |
- হাঃ হাঃ হাঃ মই কিন্তু ভয় লগা পুলিছ নহয় দে |
- বুজিছোঁ
- কি বুজিছে ?
- আপুনি তেনে সহজ সৰল |
- হয় নেকি !
- উম ! ৰব মই চাহ বনাওঁ
তেনেতে তৰালি ৰ মূৰটো আছান্দ্রাই কৰিব ধৰিলে | আচলতে এই কেইদিন অসু্স্থতাৰ কাৰনে তাই খাৱ শুৱ পৰা নাই,তাই ভিতৰি মানুহ জনী বহুত দুৰ্বল হৈছে | তাই মাটিত ধলি পৰিব লওঁতে ইন্সপেক্টৰ মনে তাইক দুহাতেৰে সাৱতি ধৰিলে | দৰ্জা খন খোল খাই আছিল ঠিক তেনেতে অংকিত সোমাই আহিল |
- বাহঃ বাহঃ কি ৰোমান্টিক চিন | যেন ইমৰান হাছমি আৰু বিদ্যাবালান |
তৰালি য়ে উঠি বহিব চেষ্টা কৰিলে | মন ও কিছু পৰিমানে লাজ পালে |
- সৰু দা তই
- অ মই,আচলতে ইয়াত এখন এনেকুৱা ধৰনৰ ফিল্মৰ ছুটিং চলি থকা বুলি গম পালে সোমাই নাহিলো হেতেন |
- আচলতে আপুনি ভুল বুজিছে
- ছাল্লা নাকটো কাতি পেলাম যেন লাগিছে |
- সৰু দা তই আমাক ভুল বুজিছ !
- ঐ চুপ থাক |
- তাই মূৰ ঘূৰাই পৰি যাৱ লওঁতে ,,,,,,
- এইখন কি মই ইয়াত বেশ্যালয় খুলি ৰাখিছোঁ ! চাল্লা যাৰে মন যাৱ সিয়ে আহি মোৰ ঘৰটো অশুছি কৰি যাৱ |
- আপুনি নিজৰ ভন্টিক ইমান সন্দেহ কৰিছে ?
- চুপ | ভদ্র ভাৱে আপুনি এই মূহুৰ্ত্ততে ইয়াৰ পৰা ওলাই যাওঁক | নহ'লে,,,,,
- ঠিক আছে আহিছোঁ,কিন্তু মানুহক মিছাতে বদনামী কৰাৰ চেষ্টা নকৰিব |
মন ওলাই আহিছিল| সি নিজৰ প্রফেচনৰ খাতিৰত আজি তৰ্ক নকৰিলে | কিন্তু সি হাৰি যোৱা নাই |
- সৰু দা তই সেই মানুহক জনক সন্দেহ কৰিবলৈ তোৰ অকনো সংকোচ নালাগিল |
- ঐ চুপ |
অংকিতৰ অসহায় তৰালিক আকৌ প্রহাৰ |
- এয়া কি হৈছে ?
অংকিতে পাছলৈ ঘূৰি চালে |
- তুমি ?
ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment