স্বামীৰ মৃত্যুৰ বাবে মই কোনো শুভকামত ভাগ ল'ব নোৱাৰো কিন্তু এইখন ঘৰৰ সৰু পুত্ৰই কেইটামান দিনৰ আগত ককায়েকক হেৰুৱায় আজি ছোৱালী এজনী পলোৱাই আনিছে। মাজু পুত্ৰক হেৰুৱাই দুখত ভাগি পৰা মা
নতুন বোৱাৰীক আদৰিবলৈ উঠিপৰি লাগিছে। বিষ্ণুৰ পত্নী হৈ আমাৰ ঘৰলৈ অহা ছোৱালী জনী ধুনীয়া।
মায়ে মোৰ লগত চিনাকি কৰি দিছে। তাইৰ প্ৰতি মাৰ মৰম দেখি মোৰ ভাল লাগিছে। সৰু ছোৱালী।
ৰাতিপুৱাই হাঁহি এটা মুখত লৈ মা মোৰ ওচৰলৈ আহিছে।
: মধু, কি কৰিছা?
মায়ে মোক আজি মৰমত মাত এষাৰ দিছে। নিশ্চয় কিবা এটা কাম সৰকাবলৈকে মাৰ এই নিপুণ অভিনয়।
: নাই, এনেই আছো মা, মোৰনো আৰু কি কাম!
: মধু তুমি মোক বেয়া নাপাবা.. সৰু বোৱাৰীক মই তোমাক দিয়া খাৰু পাত দি দিয়াৰ কথা ভাবিছো।
: অ হয় নেকি? ভাল কথা ভাবিছে। মইনো খাৰু পাত ক'ত পিন্ধিম! টেবুল খনতে থৈ দিয়া আছে লৈ যাওঁক।
এবাৰো আপত্তি নকৰাকৈ মাক মই মাৰ সম্পত্তি গতাই দিলো। খাৰু পাত ঘূৰাই দি মোৰ মনটো অলপো বেয়া লগা নাই। দয়া উপজিছে বিষ্ণুৰ ঘৈনীয়েক জনীলৈ। কিমান আশাৰে তাই মাক বাপেকক এৰি আহিছে.. যিদিনাই বিষ্ণুৰ প্ৰকৃত ৰুপটো তাইৰ সন্মুখলৈ আহিব সেইদিনা তাইৰ অবস্থা মোতকৈও বেয়া হ'ব। মই মোৰ স্বামীৰ মৃত্যুৰ পিছতো তেওঁক লৈ গৌৰৱ কৰো।
মা,বৌ,দাদা বিষ্ণু, বাইদেউ তেওঁলোকৰ মতেই মই আজিকালি উঠা বহা কৰো। আপত্তি, খং,অভিমান কৰিবলৈ মই পাহৰি গৈছো। মোৰ অভিমান ভাঙিবলৈ নয়ন ফটো খনৰ পৰা কেতিয়াও ওলাই নাহে।
দিনে দিনে মোৰ শৰীৰটো দুৰ্বল হৈছে। খোৱা,শুৱা কোনোফালেই শান্তি নাই। দুদিনমানৰ পৰা কিবা খালেই ওলাই আহে। ডাক্তৰক দেখুৱাবলৈ মন যোৱা নাই। মই প্ৰাৰ্থনা কৰো... মৃত্যু হওঁক মোৰ। আকৌ এবাৰ নয়নৰ কাষলৈ যাবলৈ ভগৱানে এটা ৰাস্তা দিয়ক।
" ক'ত থাকে আপুনি, আপোনাৰ ঠিকনা কি? মোক লৈ যাওঁক নয়ন। আপোনাৰ কাষলৈ লৈ যাওঁক। বিশ্বাস কৰক, এনেকুৱা লাগে আপুনি যেন মোৰ নিচেই কাষতে আছে। মোৰ প্ৰতিটো উশাহত মই আপোনাক অনুভৱ কৰো। মোক এবাৰ মাত্ৰ দেখা দিয়ক।"
বেৰত ওলমাই থোৱা নয়নৰ ফটো খনৰ সৈতে মোৰ অনৰ্গল কথা। নয়নৰ মৃত্যু হোৱা এই তিনিমাহ সময় মোৰ বাবে তিনি বছৰতকৈও বেছি দিঘলীয়া। মোৰ আৰু নয়নৰ মধুৰ স্মৃতি বোৰক এই তিনিমাহৰ বেয়া স্মৃতিয়ে মোহাৰি পেলাব বিচাৰিছে। এনেকৈ মই এদিন নিজকে হেৰুৱাই পেলাম। হতাশা আৰু নিসংগতাই মোক জীৱনৰ পাঠ পঢ়াবলৈ আৰম্ভ কৰিছে। যেতিয়া ৰাতি পৃথিৱী খন শুই পৰে মোৰ কলিজাৰ উচুপনিয়ে মোক শুব নিদিয়ে। মই আত্মহত্যা কৰিবও নোৱাৰো। কিবা এটা শক্তিয়ে মোক সদায় বাধা দিয়ে। এতিয়ালৈকে সকলো সহ্য কৰিছো।
এইবাৰ মোৰ সন্মুখত এখন নতুন যুদ্ধ। যিখন যুদ্ধত ঘৰখনৰ সকলো মানুহ মোৰ বিপক্ষে ঠিয় হৈছে। মই যুঁজিম
এইবাৰ মায়ে মোক একাষৰীয়া কৰা নাই। মোৰ সহযোগ বিচাৰিহে কাজিয়া কৰিছে। নয়নৰ এক্সিডেন্টৰ নামত চলি থকা কেছটো মায়ে উঠাই ল'ব বিচাৰিছে। বিনিময়ত ট্ৰাকৰ মালিকে আমাক পোন্ধৰ লাখ টকা দিব।
: কেছ খেলি যেনিবা আমি জিকিলোৱেই,নয়ন জানো ঘূৰি আহিব?
মোক বুজাবলৈ আহি মাৰ অদ্ভুত যুক্তি। মোৰ স্বামীৰ মৃত্যুৰ বিনিময়ত পোৱা টকা কেইটা মা হঁতৰ বাবে বহুত বেছি মূল্যবান।
: ঐ এইখনত চহী কৰ।
মোক ধমকি দি বিষ্ণু আৰু ঘৈনীয়েক মোৰ স্বামীৰ গাড়ী খন লৈ ক'ৰবাত ফুৰিবলৈ গৈছে। সিহঁত যোৱা চাই
মায়ে আকৌ আৰম্ভ কৰিছে
: মধু মই তোমাৰ ভালৰ কাৰণেহে এইটো সিদ্ধান্ত লৈছো।
মই তোমাকো পইচাৰ ভাগ দিম।
: কিমান দিব?
মোৰ পৰা বিচৰা ধৰনৰ উত্তৰ এটা পায় মাৰ চকু কেইটা জলমলায় উঠিছিল। মৌ বৰষা মাতৰে তেওঁ উত্তৰ দিছিল
: পাঁচ লাখ.... আমাৰ ঘৰত থকা খোৱাৰ অভাৱ নাই। পাঁচ লাখ টকাই তুমি নমৰালৈকে আৰামত চলিব পাৰিবা। নবীনৰ উপাৰ্জন ভাল তাক পইচাৰ ভাগ নালাগে। বাকী থকা দহ লাখ মই বিষ্ণুক দিম। সি কিবা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব।
: মা, নয়নৰ মৃত্যু হৈ ভালেই হ'ল ন?
: কি কৈছা এইবোৰ... মোৰ লৰাটোক মই চিৰদিনলৈ হেৰুৱালো আৰু তুমি কৈছা ভালেই হ'ল।
মা খঙত মোৰ ওচৰৰ পৰা আঁতৰি গ'ল। সন্তানৰ মৃত্যুৰ নামত পোৱা টকাৰে জীৱনৰ অংক কৰা এই মানুহজনীৰ প্ৰতি মোৰ অন্তৰত থকা সামান্য সন্মান খিনিও আজি শেষ হৈ গ'ল।
দুদিনৰ আগত এইখন ঘৰৰ বোৱাৰী হৈ ঘৰ সোমোৱা বিষ্ণুৰ পত্নীয়েও মোক টানকৈ কথা ক'ব পৰা হৈছে। কুলক্ষনী বুলি হাঁহিব পৰা হৈছে। কাগজ খনত চহী নকৰিলে ঘৰৰ পৰা উলিয়াই দিম বুলি ক'ব পৰা হৈছে।
মাৰ কথাত মানি লোৱাৰ স্বাৰ্থত এইকেইদিন তেওঁ মোৰ খোৱা-লোৱাৰ যত্ন লবলৈ আৰম্ভ কৰিছে। দুটা তিনিটা মাহে মোৰ শাৰিৰীক অসুস্থতাক গুৰুত্ব নিদিয়া মায়ে এইকেইদিন হাস্পতাললৈ যোৱাৰ বাবে জোৰ দিছে।
আজি ৰাতিপুৱাৰে পৰা মোৰ পেতটোত সামান্য বিষ অনুভৱ কৰিছো। ৰাতিপুৱা চাহ একাপ খাবলৈ লওঁতেই ওলাই গ'ল।
মূৰটোও দেখোন ঘূৰাবলৈ আৰম্ভ কৰিছে। সন্মুখৰ পৃথিৱী খন কিবা ধূৱলী কুঁৱলী যেন দেখিছো। চকু কেইটা জপাই মই মজিয়াতে বহি পৰিছো। তাৰপিছত কি হ'ল মোৰ মনত নাই। প্ৰায় এঘন্টা মানৰ পিছত যেতিয়া মোৰ সম্বিত ঘূৰি আহিছিল মোৰ কাষত মা, বৌ আৰু আমাৰ চিনাকী ডক্তৰ জন বহি আছিল।
: অভিনন্দন... আপুনি মাক হ'বলৈ ওলাইছে।
: কি?
: হয় আপুনি তিনি মাহৰ গৰ্ভৱতী। এতিয়ালৈকে আপুনি একেবাৰে নিজৰ যত্ন নোলোৱাৰ বাবে দুৰ্বল হৈ গৈছে। নিজৰ যত্ন ল'ব লগতে এই ঔষধ কেইটা সদায় খায় থাকিব।
(আগলৈ)
বিঃদ্ৰঃ কলিয়াবৰ নিবাসী সন্মানীয় ডিম্পী মহন্ত ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment