দিহিংৰ পাৰত কোনে চিঞৰে
"ঐ মোক জনম দে " বুলি ,
মানুহ নহয়, ভূতো নহয়
এয়া এক কানীনৰ বিননি।
প্ৰেমিক-প্ৰেমিকা যেতিয়া
কামনাত মাতাল হয় ,
অন্ধকাৰ যেতিয়া সংগী হয় ,
দুটা শৰীৰ যেতিয়া এক হয়,
এক সময়ত সেই প্ৰেমৰ স্বাক্ষৰ হৈ
কানীনৰ জন্ম হয় ।
এবাৰ আহি শুনক সেই কানীনৰ হৃদয়ৰ উচুপনি।
কোনে কিয় মাতিছিল
"কলংকিনী গাভৰু" বুলি ।
……
………
তাই ৰঙৰ ৰাংঢালী চিত পখিলী ,
দিহিংৰ পাৰত ডাঙৰ হৈছিল
ওমলি-জামলি,
ষোল্ল কি সোতৰ বছৰীয়া উত্তাল দেহা,
ভৰ-যৌৱনে মাতিছিল হাত বাউলি ।
মনৰ তৃষ্ণা মনতে শুকাই
পুৰাবলৈ কোনো নাই,
ক'ত ডেকা তাইৰ জীৱনত আহে যায় ,
কিন্তু তাই মনেৰে বিচৰা হৃদয়ৰ লগৰী
বিছাৰি পোৱা নাই ।
………
………
অন্ধকাৰে তাইক জোকাই
"অ ছোৱালী কিয় আছা,
মনৰ তৃষ্ণা মনত শুকাই !"
বুকুখন কিবা চিৰিং কৰি যায়।
এদিন তাইৰ যৌৱনৰ মৌ পান কৰিবলৈ
আহিল এটা ভোমোৰা ,
মনে বিচৰা হৃদয়ৰ লগৰীৰ
প্ৰেমত পৰিল তাই,
তাৰ দুবাহুত উমলিল,
বুকুত সাজিলে ঘৰ ,
কিন্তু উকা হৈ ৰ'ল ঘৰৰ ছাল,
নিচিনিলে কোন আপোন কোন পৰ।
দিহিংৰ পাৰ কলংকিত হ'ল
তাইৰ দেহটো ওজন হ'ল ,
মৰমেৰে জীপাল হোৱা বুলি তাই ভবা
খবৰটো যেতিয়া তাইৰ প্ৰিয়জনলৈ গ'ল ,
তেতিয়া সিওঁ আতৰি গ'ল, জীৱনৰ বাবে তাই কলংকিত হ'ল ।।
……
…………
দিহিংৰ ঢৌ আহে ওফন্দি আৰু তাইৰো পেট................
সমাজে তাইলৈ চায় হাহেঁ
ডেকাবোৰে চিঞৰে
"ঐ ছোৱালী
কাৰ সন্তান পেটত পুহিলি,
সমাজত ব্যাভিচাৰ হ'ল
জীয়ৰী হৈ ঘৰতে গৰ্ভৱতী হ'ল,
আনৰ পাপৰ বোজা আমালৈ ৰ'ল ।
,,,,,,,,,,,
…………
ৰাংঢালী দিহিংৰ পাৰলৈ নহা হ'ল
""কলংকিনী গাভৰু"" বুলি সকলোৱে মতা হ'ল ,
পিতৃহীন সন্তান তাইৰ পেটত,
প্ৰিয়জন বিছাৰি নাপালে তাই ,
সমাজখনেও জীয়াই থাকিব নিদিলে তাইক,
সাত মহীয়া সন্তান পেটত লৈ
তাই মৰি থাকিল দিহিংৰ পাৰত,
এতিয়া সদায় চিঞৰে কানীনটোৱে এই
পৃথিৱীখন চোৱাৰ হেপাঁহৰে,
"" ঐ দেউতা মাক মৰিব নিদিবি ,
মা মৰিলে মই জন্ম কেনেকৈ হম,
পৃথিৱীৰ পোহৰ কেনেকৈ চাম ,
মোক জন্ম ল'ব দে ।
হেৰ সভ্য সমাজ
কিয় হোৱা নৰ-পিশাচ…
মোৰ মা নহয় " কলংকিনী গাভৰু"
তহঁতৰ বাবে মোৰ মা মৰিল ,
আশাবোৰ মোৰ আশা হৈ ৰ'ল ।
আজিও মাজে সময়ে চিঞৰে সেই কানীনটোৱে ,
কোনেও নাযায় সেই পথৰে ।
{ কাল্পনিক , চেয়াৰ কৰিব }
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কাৰ্তিক বৈশ্যৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment