বুধবাৰে মাজুলীত ন-ৰূপত স্বয়ম যোজনা শুভাৰম্ভ: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 2, 2021

বুধবাৰে মাজুলীত ন-ৰূপত স্বয়ম যোজনা শুভাৰম্ভ:

 


ৰাজ্যৰ উদ্যমী যুৱ-যুৱতীসকলক উৎপাদনমূলক কামকাজৰ জৰিয়তে আত্মসংসংস্থাপনৰ সুযোগ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে ঘোষণা কৰা নৱতম অভিলাষী আঁচনি 'ন-ৰূপত স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনা' (ৰি-স্বয়ম) অহা বুধবাৰে মাজুলী জিলাত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অহা ৩ ফেব্ৰুৱাৰীৰ দুপৰীয়া ১২.০০ বজাত মাজুলীৰ দৰিয়াপাৰস্থিত মাজুলী মহাবিদ্যালয় খেলপথাৰত আয়োজিত জিলাস্তৰীয় শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে নদীদ্বীপ জিলাখনৰ ২০খন গাঁও পঞ্চায়তৰ একোগৰাকীকৈ নিৰ্বাচিত হিতাধিকাৰীক ন-ৰূপত স্বয়মৰ আৰ্থিক অনুদানৰ ধনাদেশ (চেক) বিতৰণেৰে অভিলাষী আঁচনিখনৰ কাৰ্যৰূপায়ণ মাজুলী জিলাত শুভাৰম্ভ কৰিব।


উল্লেখ্য যে, জিলাখনৰ ২২২টা আত্মসহায়ক গোটৰ মুঠ ১,৬০০ গৰাকী সদস্যক ন-ৰূপত স্বয়মৰ হিতাধিকাৰী হিচাপে ইতিমধ্যে জিলাস্তৰীয় বাচনি সমিতিয়ে নিৰ্বাচন কৰিছে। দৰিপাৰৰ একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী গৰাকীয়ে ভূমি সংৰক্ষণ বিভাগৰ মুঠ ৮৪ লাখ টকা বৃযয় সাপেক্ষ ৭খন আঁচনিৰ ৰূপায়ণ কাৰ্য শুভাৰম্ভ কৰাৰ লগতে গড়মূৰৰ কেৰেলাগাঁৱত অনিৰ্দ্ধাৰিত পুঁজিৰ ৯ কোটি টকাৰে তিনিখন হেলিকপ্টাৰ সমসাময়িক ভাৱে অৱতৰণ কৰিব পৰাকৈ নৱনিৰ্মিত এটা 'হেলিপোৰ্ট'ও উদ্বোধন কৰিব।

    

 ইফালে, মুখ্যমন্ত্ৰী সোণোৱালে অহা বুধবাৰে মাজুলীত আন দুটা কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। সেইদিনা পুৱা ১০.৩০ বজাত বনগাঁৱৰ পূৱ মাজুলী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান প্ৰক্ৰিয়া শুভউদ্বোধন কৰাৰ উপৰি দুপৰীয়া ২.৩০ বজাত নামনি মাজুলীৰ কাকৰিকটাত অনুসূচীত জাতি পৰিষদৰ নৱম ত্ৰিবাৰ্ষিক অধিবেশনতো মুখ্য অতিথি হিচাপে ভাগ ল'ব। এই কাৰ্যসূচীৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে হেলিকপ্টাৰেৰে মাজুলীৰ পৰা প্ৰস্থান কৰিব।

No comments:

Post a Comment

Advertisement

Pages