মন ময়ূৰীৰ বিয়া (খণ্ড নং ৯) - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 2, 2021

মন ময়ূৰীৰ বিয়া (খণ্ড নং ৯)


- সি আৰু অকমান সময় থকা হ'লে এইখন পৃথিৱীৰ পৰা গুছি গ'ল হৈ |
ইন্সপেক্টৰ মনে উশাহ এৰিলে |
- ঠিক আছে ডাক্তৰ আপুনি তাক সুস্থ কৰক |
- চিন্তা নকৰিব | অকমান বুকুত আঘাট পাইছে | ভাল হ'ব |

         ডাক্তৰে ৰিক্সাৱালা মনক ভাল কৰাৰ চেষ্টা চলালে | যদি আজি মন ৰিক্সাৱালাৰ মৃত্যু হ'ল হেতেন তেন্তে ইন্সপেক্টৰ মন ও নিলম্বিত হ'ল হয় চাকৰিৰ পৰা |

এইফালে অংকিত বলিয়াৰ দৰে হ'ল | সি ও জংঘলৰ মাজত সোমাই গ'ল তৰালীক বিচাৰি |
- সৰু দা
তৰালীয়ে চিঞঁৰিলে |
- ভন্টি ,,,,,,
অসহায় তৰালীৰ ওপৰত জপিয়াই পৰিল চাৰিজনকৈ পাষণ্ড | তাইৰ চোলা চিৰি পেলালে সিহঁ‌তে | প্রাণৰ মায়াত,লজ্জা নিবাৰনৰ কাৰনে তাই চিঞঁৰি থাকিল | কোনোবা জনে যদি তাইৰ দীঘল চুলি খিনিত থাপ মাৰি ধৰিছে,কোনোবাই আকৌ তাইৰ চোলাটো ফালিছে |কাৰোবাৰ দাতঁ‌ৰ আচোৰত তাইৰ গালৰ পৰা তেজ নিৰ্গত হোৱাৰ উপক্ৰম হৈছিল |
- ঐ কোন তহঁ‌ত , কিয় আমাক শান্তিত থাকিব নিদিয় | কি অপকাৰ কৰিছোঁ তহঁ‌তৰ |
- ভন্টি !
অংকিতৰ চিঞঁৰ শুনি তৰালীয়ে আকৌ মাত লগালে|
- সৰু দা
সি যেন এইবাৰ কিবা এটা দেখিছে | সি দৌৰি গ'ল আৰু এজনৰ মুখা খন থাপ মাৰি খুলি দিলে | জোনাকৰ সামন্য পোহৰত সি দেখিছিল এখন চিনাকী মুখ |
- মিলন দা ! তই
সিহত চাৰিওঁজন সিহঁ‌তৰ কাষৰ পৰা দৌৰিলে | অংকিতে তৰালীক বুকুৰ মাজত টানি আনিলে |
- সৰু দা সিহঁ‌তে মোৰ কাপোৰ ফালি পেলাইছে | তই মোৰ দেহৰ ফালে নাচাবি,মোৰ লাজ লাগিব সৰু দা |
- ভন্টি ! মই তোৰ ককায়েৰ অ | 
সি তাৰ চাৰ্ট টো খুলি তাইক দিছিলে
- হু ল' এইটো পিন্ধি ল |
তাই অংকিতৰ হাতৰ পৰা চাৰ্ট টো লৈ পিন্ধি ল'লে | 

      সিহঁ‌তে কেতিয়াওঁ ভৱা নাছিলে ,সিহঁ‌তৰ বিপদৰ সময়ত গাওঁ খনৰ প্রায় মানুহে সিহঁ‌তৰ ওপৰত জপিয়াই পৰিব | কিন্তু আজি এজন মানুহৰ নেতৃত্বত হৈ আছে এইবোৰ আৰু সি হৈছে মিলন | নাই আজি সিহঁ‌তে গাওঁৰ সকলো মানুহক মিলনৰ কু-কৃৰ্তিৰ কথা জনাব | জনাব সি আজি যে মিলন  এজন জানোৱাৰতকৈ অধম | তাৰ কামনাৰ পৰা আজি এজনী অন্ধ অসহায় ছোৱালী ও সাৰি যাৱ নোৱাৰা অৱস্থাত |
- ভন্টি মোৰ হাতত ধৰ জোৰকৈ,আজি আৰু ভয় নকৰিবি | বহুত সহ্য কৰিলোঁ আৰু নোৱাৰো |
তৰালীয়ে অংকিতৰ হাতত খামুচি ধৰিলে | আৰু সিহঁ‌তে গাওঁলৈ খোজ দিলে |

          কিছু সময় পাছত সিহঁ‌তে সিহঁ‌তৰ গাওঁ পালে | ইতিমধ্যে গাওঁৰ মানুহবোৰ শুই পৰিছে | কাৰোবাৰ ঘৰত এটা দুটা বিজুলি বাটিৰ পোহৰ হে জ্বলি আছে | 
- ৰাইজ, ওলাই আহক | যদি হে আপোনালোকৰ বুকুত সাহস আছে,যদি হে আপোনালোকে সত্য পথত গাওঁ খনক চলাই নিব বিচাৰে | আহক আজি এবাৰ মোৰ মুখামুখি হওঁক |
ৰাতিৰ পৰিবেশ নিৰল নিস্তবব্ধতা | অংকিত ৰ চিঞঁৰ ৰাতি গোটেই গাওঁ খনলৈ গ'ল | 
- সৰু দা মোৰ ভয় লাগিছে |
তৰালীয়ে ভয়তে অংকিতক ক'লে |
- কিয় অ ভন্টি |
- এইবাৰ যদি গাওঁৰ মানুহে আমাক !
- তই ভয় নকৰিবি |

          ইতিমধ্যে অংকিতৰ চিঞঁৰ শুনি গাওঁ খনৰ মানুহ বোৰ এজন এজনকৈ ওলাই আহিছিল | কাৰোবাৰ হাতত যদি চাকি এখৰ,আকৌ কাৰোবাৰ হাতত লেম্প,কোনোবাই আকৌ লৈ আহিছে ৰাতিৰ সংগী টৰ্চটো |
- ঐ কোন ঔ এইকেইটা,কিয় চিঞঁৰি মৰিছ ?
গাওঁ খনৰ এজন মানুহৰ মাতত অংকিতে ক'লে 
- মই অংকিত |
- কি হ'ল আকৌ তহঁ‌তৰ ! আমাক ও শান্তিত থাকিব নিদিবি মানে ?
এইবাৰ ভূৱনে অংকিতক ক'লে |
- শান্তি ! আমাক কোনে শান্তিত থাকিব দিছে ? আজি আপোনালোকৰ গাওঁৰ মুখিয়াল মিলনে মোৰ ভন্টিক ধৰ্ষণৰ চেষ্টা চলাইছিল | এয়া চাওঁক সিহঁ‌তে তাইৰ কাপোৰ কেনেকে ফালি পেলাইছে | চাওঁক আপোনালোকে,এয়া কি অপৰাধ নহয় ! এজন হত্যাকাৰীতকৈ ও এজনী অসহায় অন্ধ ছোৱালীক ধৰ্ষণ কৰিবলৈ চেষ্টা চলোৱাটো ডাঙৰ অপৰাধ |
- কি ?? মিলনে এই কাম কৰিছে | ৰাইজ বলক আমি আটায়ে মিলনৰ ঘৰত যাওঁ |ঐ তহঁ‌ত আহ |

         গাওঁ খনৰ প্রায় মানুহে মিলনৰ ঘৰলৈ গ'ল ,লগত অংকিত আৰু তৰালী | কিছু সময় পাছত গাওঁৰ ৰাইজ মিলনৰ ঘৰ পালে |
- মিলন ঐ মিলন !
ভূৱনৰ চিঞঁৰত মিলনে ঘৰৰ ভিতৰৰ পৰাই মাত লগালে |
- ঐ কোন অ এই ৰাতিখন |
- ওলাই আহ সোনকালে |
কিছু সময় পাছত মিলনে দৰ্জা খুলি ওলাই আহিল | পাছে পাছে মিলনৰ পত্নী |
- কি হ'ল ক'ছোন  , ইমান মানুহ আহিছ যে,,,,
- ছিঃছিঃ মিলন তোৰ চৰিত্রৰ ইমান অধঃপতন হোৱা বুলি আমি গমে পোৱা নাছিলোঁ |
- মানে ?
- তই এই অন্ধ ছোৱালী জনীৰ গাৰ কাপোৰ ফালিলি,ধৰ্ষণৰ চেষ্টা চলালি !
মিলনৰ অভাৰ এক্টিং সি যেন একো গমে নাপায় |
- হাৰে তহঁ‌তে এইবোৰ কি কৈছ ! কেতিয়া
- অকমান আগত কালবাৰী পথাৰত |
- মিছা কথা,এখেতে কেতিয়াওঁ তেনে কাম নকৰে | আৰু এখেত ঘৰতে আছে |
মিলনৰ পত্নীয়ে কৈছিল |
- কি অ অংকিত ?
ভূৱনৰ প্রশ্নত অংকিতে কৈছিল 
- এয়া সঁচা কথা,মই নিজ চকুৰে দেখিছোঁ সেয়া মিলন দা হয় |
- ৰাইজ এয়া সিহঁ‌তৰ গাওঁ খনক বদনামী কৰা ধান্দা,নিজেটো বদনামী হ'লে এতিয়াওঁ অইনক ও বদনামী কৰিব | আপোনালোকে মোৰ চৰিত্রৰ কথা নাজানে,বৰ দুখ পালো আজি | ইমান দিনে গাওঁ খনৰ বাবে এয়া হে কৰিলো |
মিলনৰ চলাহী কথাত আকৌ সকলো ভুল গ'ল,তাতে নিজৰ পত্নীও মিলন ঘৰতে থকা বুলি কৈছে |
- অ তাৰমানে তহঁ‌তে প্রতিশোধ ল'ব আহিছ | 
- নাই নাই এয়া সঁচা কথা বিশ্বাস কৰক আপোনালোকে |
- এইকাৰনে শিক্ষা লৈছিলি তই ,ভনীয়েৰাৰ কাপোৰ ফালি আনক ধৰ্ষণকাৰী সজাবলৈ | ৰাইজ কি চাই আছে মাৰক ইহঁ‌তক |

            এজনে কোৱাৰ লগে লগে মানুহৰ মাজত হৈ চৈ লাগিল | অংকিতে বুজিলে যে এইখন গাওঁৰ মানুহ মিলনৰ ভক্ত | কেতিয়াওঁ সিহঁ‌তৰ কথা নুশুনে বা নুবুজে | সি তৰালীৰ হাতত খামুচি ধৰি যিমান পাৰে দৌৰিলে | কি বিশ্বাস এইখন গাওঁৰ মানুহে সিহঁ‌তক কোবাই কোবাই মাৰি পেলাব ও পাৰে | যি খন,অসমত ডাইনী সন্দেহত একোটা পৰিয়াল মাৰি পেলাব পাৰে যি খন অসমত ভগবানৰ নামত নৰবলী দিব পাৰে,গতিকে সেইখন অসমত নিজৰ স্বাৰ্থৰ বাবে সিহঁ‌তক কোবাই কোবাই মাৰি পেলাব পাৰে কিছু দুৰ আহি সিহঁ‌তৰ ভাগৰ লাগিলে | সিহঁ‌তে ৰৈ দিলে |
- ঐ সৰু দা এতিয়া কি কৰিবি ?
- এতিয়া আইনৰ কাষ চাপিম,কাৰণ আইন হেনো সকলোৰে বাবে সমান |
- কিন্তু আইনে জানো আমাক সহায় কৰিব সৰু দা
- কৰিব ! নিশ্চয় কৰিব |

            সিহঁ‌তে সেই ৰাতিয়ে খোজ দিলে সিহঁ‌তৰ অঞ্চলৰ থানালৈ | লাহে লাহে ৰাতি পোহৰ হ'ল | সিহঁ‌তে ও ভাগৰুৱা দেহা লৈ খোজ কাঢ়ি থাকিল |কিছু সময় পাছত সিহঁ‌ত গৈ আৰক্ষী চকীত উপস্থিত হ'ল | কোনো দিন পুলিচৰ লগত কথা পতাৰ অভিজ্ঞতা নথকাৰ পাছতো সিহঁ‌ত আজি ন্যায় বিচাৰি আহিছে আৰক্ষীৰ ওচৰত | অংকিতে দেখিছিল চকীত বহি আছিল অফিচাৰ জন | সিহঁ‌তক দেখাৰ লগে লগে মাতিছিল |
- সোমাই আহ,,,,
অংকিত আৰু তৰালী
 সোমাই গৈছিল |
- ক'ত ঘৰ তহঁ‌তৰ ?
- ছাৰ আমাৰ ঘৰ ডিমুত |
- ক' কি কামত আহিছ ?
- ছাৰ এইজনী মোৰ ভন্টি হয়,তাই চকুৰে দেখা নাপায় | কিন্তু কালি ছাৰ আমাৰ গাওঁৰ কেইজন মানে তাইক ধৰ্ষণৰ চেষ্টা চলাই,তাৰ ভিতৰত মূল খলনায়ক জন হ'ল মিলন কলিতা |এয়া চাওঁক তাইৰ কাপোৰ ফালি পেলাইছে সিহঁ‌তে |
- কি ?
- হয় ছাৰ,আমি প্রথমতে গাওঁৰ মানুহক কথাটো অবগত কৰালো | কিন্তু আমাৰ কথা কোনেওঁ নুশুনিলে ছাৰ | সেয়েহে শেষত আমি ন্যায় বিছাৰি আপোনাৰ ওচৰত আহিছোঁ |
- নামটো কি আছিলে তাৰ ?
- মিলন কলিতা ছাৰ |
- ঠিক আছে | ৰহ মই ব্যৱস্থা কৰি আছোঁ |

       অংকিত আৰু তৰালীয়ে আজি আইনকে ভৰষা কৰিছে | হয়টো আইনে সিহঁ‌তক আজি ন্যায় দিব |

              ৰিক্সাৱালা মনক আকৌ আৰক্ষীৰ জিম্মালৈ অনা হ'ল | ডাক্তৰৰ চেষ্টাৰ ফলত কিছু সুস্থ হৈ উঠিল সি | ৰাতিপুৱাই ,থানাত আহি উপস্থিত হৈছেহি ময়ূৰী | 
- ময়ূৰী কেচটো বৰ জটিল হব যেন লাগিছে ! ই হত্যাকাৰী নহয় যেন অনুভৱ হৈছে মোৰ |
ইন্সপেক্টৰ মনৰ কথাত ময়ূৰীয়ে ক'লে |
- কিন্তু ই নহ'লে মোৰ দেউতাক কোনে হত্যা কৰিব ?
- মোৰ সম্ভৱ এয়া আত্মাহত্যা !
- মন ?
- আত্মাহত্যাই হ'ব |
- নহয় এয়া মাৰ্ডাৰ | 

             ক্ৰমশঃ ✍🏻 


বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages