আজি ধুবুৰী জিলাৰ অন্তৰ্গত গোলকগঞ্জত কংগ্ৰেছ দলৰ এখন বিশাল গণ সমাবেশত অনুষ্ঠিত হৈ যায়। সভাৰ প্ৰাকমুহূৰ্তত গৌৰীপুৰৰ পৰা প্ৰায় ৪ সহস্ৰাধিক বাইকেৰে বিশাল শোভাযাত্ৰা কৰি দলটোৰ নেতা কৰ্মী সকল গণ সমাবেশস্থলীত উপস্থিত হয়।
ধুবুৰী জিলা কংগ্রেছৰ সভাপতি উত্তম চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই গণ সমাবেশত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অসম কংগ্রেছ বিধায়িনী দলৰ উপদলপতি ৰকিবুল হুছেইন, বিধায়ক ওৱাজেদ আলী চৌধুৰী, বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল, প্ৰদেশ কংগ্রেছৰ সম্পাদক গজেন্দ্ৰ প্ৰসাদ উপমন্যু, প্ৰদেশ কংগ্রেছৰ সম্পাদক, জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা, নেকিব, টানা দেৱৰাজকে ধৰি প্ৰদেশ কংগ্রেছৰ কিছু জেষ্ঠ নেতা উপস্থিত থাকে।
No comments:
Post a Comment