কামৰূপ জিলাৰ আমিনগাঁৱত আজি ৰাজ্যৰ প্ৰথমটো সংহত উপায়ুক্ত কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জনগণলৈ বন্ধুত্বপূৰ্ণ সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ১৩টা বিভাগৰ জিলা কাৰ্যালয় ভৱনটোত সন্নিৱিষ্ট কৰা হৈছে।
অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে কামৰূপ জিলাৰ বাসিন্দাসকলক অভিনন্দন জ্ঞাপন কৰে আৰু জনগণৰ বাবে সুশাসন নিশ্চিত কৰাত সংহত কাৰ্যালয়টোৱে যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে।
No comments:
Post a Comment