হিন্দু ধৰ্মত বিভিন্ন দেৱ-দেৱতাৰ কথা কোৱা হয়। সকলো দেৱ দেৱতা বিভিন্ন বিভিন্ন শক্তিৰ দ্বাৰা পৰিপূৰ্ণ। সকলো দেৱ দেৱতাই মহত্বৰ্পূণ আৰু সকলোৰে চমৎকাৰী শক্তি আছে। যেতিয়া কথা বীৰ হনুমানৰ কথা কোৱা হয় তেতিয়া তেওঁৰ এক বেলেগ ছৱি আমাৰ মনলৈ আহে।
পৌৰাণিক কথা অনুসাৰি বীৰ হনুমান অতুলিত শক্তিৰে ভৰপুৰ।হনুমান চালিচাত কোৱা হয়, বীৰ হনুমান বিভিন্ন দেৱী দেৱতাৰ পৰা অনেক শক্তি বৰদান প্ৰাপ্ত আছে, যাৰ বাবে তেঁও অত্যাধিক বলশালী হয়।বীৰ হনুমান প্ৰতিটো যুগতে আছ,তেওঁক কলিযুগৰ দেৱতা বুলা হয়।কোৱা হয়, কলিযুগৰ মানৱৰ প্ৰতিটো সমস্যাৰ সমাধান বীৰ হনুমানে অৱশ্যে কৰিব পাৰে।বজৰংগবলীৰ মহিমা অপৰম্পাৰ হয়।তেওঁৰ দৰ্শন হলে আমাৰ সকলো কষ্ট দূৰ হয়।শণিদেৱতাৰ প্ৰকোপৰ পৰাও ৰক্ষা পাবলে,ঘৰৰ অমংগল দূৰ কৰিবলৈ বীৰ হনুমানৰ পূজা কৰা হয়।
আপুনিও যদি নিজৰ জীৱনৰ পৰা সমস্যা দূৰ কৰিব বিচাৰে তেন্তে পঞ্চমুখী বীৰ হনুমানৰ পূজা কৰিবলৈ আৰম্ভ কৰি দিয়ক।বীৰ হনুমানৰ এই পঞ্চমুখী ৰূপ এক দুৰ্লভ অৱতাৰ হয়।এই অৱতাৰ তেও ৰাৱণৰ ভায়েক অহিৰাৱণক বধ কৰিবলৈ লৈছিল।
পৌৰাণিক কথা অনুসাৰি যেতিয়া ভগৱান শ্রী ৰাম আৰু ৰাৱণৰ সেনাৰ মাজত ভয়ংকৰ যুদ্ধ হৈ থাকোতে ৰাৱণ পৰাজয়ৰ কাষ চাপিল।তেতিয়া ৰাৱণে এই সমস্যাৰপৰা ৰক্ষা পাবলৈ তেওঁৰ মায়াবী ভায়েক অহিৰাৱণক মাতিলে। অহিৰাৱণ আছিল মা ভৱানীৰ প্ৰিয় ভক্ত আৰু তন্ত্ৰ মন্ত্ৰৰ ডাঙৰ জ্ঞানী পুৰুষ আছিল।তেওঁ নিজৰ মায়াৰে ভগৱান শ্রী ৰামৰ সকলো সেনাক নিদ্রা দেৱীৰ কুলাত পেলাই দিলে।আৰু প্ৰভূ ৰাম লক্ষ্মণক অপহৰণ কৰি পাতাল লোকলৈ লৈ গল।কিছু সময়ৰ পাচত যেতিয়া মায়াৰ প্ৰভাৱ কমিল তেতিয়া বিভিষনে গম পালে যে এই কাম অহিৰাৱণৰ হয়। আৰু বিভিষনে বীৰ হনুমানক প্ৰভূ শ্রী ৰাম লক্ষ্মণক সহায়তা কৰিবলৈ পাতাল লোকলৈ যাবলৈ কলে।তেতিয়া বিভিষনৰ কথা মতে বীৰ হনুমান পাতাল লোকলৈ গল।
পাতাল লোকত বীৰ হনুমানে পাতালৰ দোৱাৰত অহিৰাৱণৰ পুত্র মাৰ্কধ্বজ লগ পালে আৰু যুদ্ধত মাৰ্কধ্বজক বধ কৰাৰ পাছত অহিৰাৱণৰ বন্ধকত থকা প্ৰভূ শ্রী ৰাম লক্ষ্মণক লগ পালে।বীৰ হনুমানে দেখিলে যে পাতাল লোকত পাঁচ গচ বন্তি পাঁচ দিশত পাঁচ ঠাইত জ্বলি আছে।ইয়াৰ কাৰণ প্ৰভূ শ্রী ৰামক সুধিলত শ্রী ৰামে কলে যে,এই পাঁচ বন্তি অহিৰাৱণে মা ভৱানীৰ নামত জ্বলাইছিল।এই পাঁচ বন্তি একেলগে নুমুৱাব পাৰিলে অহিৰাৱণ বধ হব। সেইবাবে বীৰ হনুমানে পঞ্চমুখী ৰূপ ধাৰণ কৰিছিল।
উত্তৰ দিশত বৰাহ মুখ, দক্ষিণ দিশত নৰসিংহ মুখ, পশ্চিম দিশত গড়োৰ মুখ, পূৱ দিশত বীৰ হনুমানৰ মুখ আৰু আকাশৰ ফালে হয়গ্ৰীৱ মুখ।এই ৰূপ ধাৰণ কৰি তেওঁ পাঁচগচি বন্তি নুমুৱালে আৰু অহিৰাৱণক বধ কৰিলে আৰু প্ৰভূ শ্রী ৰাম লক্ষ্মণক মুক্ত কৰিলে।
জয় শ্ৰী ৰাম…জয় হনুমান
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment