কি সপোন আছিল ধিং এক্সপ্ৰেছ হিমা দাসৰ ? Assamese news - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, February 26, 2021

কি সপোন আছিল ধিং এক্সপ্ৰেছ হিমা দাসৰ ? Assamese news

 

Assamese news

এগৰাকী দক্ষ এথলীট হোৱাৰ উপৰিও এগৰাকী আৰক্ষী বিষয়া হোৱাৰো সপোন আছিল আমাৰ সকলোৰে পৰিচিত স্বৰ্ণকন্যা হিমা দাসৰ( Assamese news )।যিহেতু আন্তঃৰাষ্ট্ৰীয় এথলীট ক্ষেত্ৰখনত ইতিমধ্যে তেওঁ বহুখিনি খ্যাতি অৰ্জন কৰি তেওঁৰ প্ৰথমটো সপোন পূৰণ হোৱাৰ পিছত আজি তেওঁক অসম চৰকাৰে সন্মমানীয় উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়াত আন এটা সপোনো আজি পূৰণ হয়।আৰু ইয়াৰ পিছতেই যেন আনন্দৰ সীমা নাইকীয়া হৈ পৰিছে হিমা দাসৰ বাবে।


Assamese news
আজি খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এথলীট হিমা দাসক উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়ে।এই নিযুক্তি পাই যথেষ্ট উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা যায় হিমা দাসক।ইফালে এই অনুষ্ঠানতে আন ৫৯৭ গৰাকী প্ৰাৰ্থীক উপ-আৰক্ষী পৰিদৰ্শক (SI) পদত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়( Assamese news )।


Assamese news
বিশেষ অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, ADGP এল আৰ বিষ্ণই,জি পি সিং, হাৰমীট সিং,  ক্ৰীড়া বিভাগৰ আয়ুক্ত সচিব মলয় বৰা সহ বহু গণ্য-মান্য ব্যক্তি।

Assamese news

অসমলৈ বহুকেইটা গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা স্বৰ্ণকন্যা হিমা দাসৰ আজিৰ এই খ্যাতিৰ বাবে তেওঁলৈ আমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালো( Assamese news )।

No comments:

Post a Comment

Advertisement

Pages