যদিহে প্রেমৰ অপমৃত্যু হয় | সেই প্রেমৰ বিষাদৰ বন্যা চিৰদিন বৈ থাকিব এখন শুভ্র হৃদয়ত ( Untold Love Story ) | মন যদি সঁচাই হেৰাই গৈছে তেন্তে ময়ূৰীৰ কি হব ! পাৰিবনে তাই নিসংগ জীৱনত মনৰ প্রেমৰ উপত্যকা বুকুত সাৱতি জীয়াই থাকিব | এয়া অসম্ভৱ | ময়ূৰীৰ হেৰাই যাৱ বাস্তৱ পৰিবেশৰ পৰা | বিলীন হব জীয়াই জীয়াই মৃত্যু হব পৰা এখন অন্য পৃথিৱীত | প্রেমৰ ভোকাতুৰ হৈ আউলি বাউলি ছুলিৰে বিচাৰি ফুৰিব মন নামৰ এখন আকাশক | কেতিয়াবা ডাঙৰ কৈ কান্দি কান্দি বিচাৰি ফুৰিব শূন্য মনৰ ঠিকনা | এয়াই বাস্তৱ এটা স্বৰ্গীয় প্রেমৰ শেষ পৰিনতিৰ |
- মন
ৰাতিৰ নিস্তব্ধতাৰ বুকুত ময়ূৰীৰ হৃদয় ভগা চিঞঁৰ |
লগে লগে ময়ূৰীৰ মাক বিচনাৰ পৰা দৌৰি আহিল ময়ূৰীৰ কাষত |
- ময়ূৰী কি হ'ল তোৰ ?
ময়ূৰী পোনচাতে বিচনাৰ পৰা উঠি বহিল | তাই পাহৰি গ'ল ৰাতিৰ বুকুত এয়া বাস্তৱ নে সপোন | তাই জোৰকৈ মাকক সাৱতি ধৰি কান্দিব ধৰিলে |
- মাজনী কি হ'ল তোৰ
- মা মন ,মন,,,,,
- অ মনৰ কি হ'ল ?
- মা মনক আনি দিয়া না
- হাৰে তই পাগল হ'লি নেকি ? মন শুই আছে |
- নাই মা নহয়,মন মন আৰু,,,,,
- হাৰে তোৰ হ'ল কি ?
- মা মোৰ শিৰৰ সিন্দুৰ কন মোছ খালে অ
ময়ূৰীৰ মাক আচৰিত হ'ল | আজি ময়ূৰীয়ে এইবোৰ কি আবোল তাবোল বকিছে বাৰু |
- তই পাগল হোৱা নাইটো |
তেনেতে ময়ূৰীৰ কোঠাত চিঞঁৰ বাখৰ শুনি মন কোঠাত সোমায় আহিল |
- ময়ূৰী
মনৰ মাত শুনিয়ে ময়ূৰীয়ে মনৰ ফালে চাই দৌৰি গৈ তাই মনৰ বুকুৰ মাজত সোমালে | এইকেইদিন বিয়াৰ আয়োজন তাতে মন ময়ূৰীৰ বিয়া ময়ূৰীৰ ঘৰতে হব | সেয়েহে মন এতিয়াৰ পৰাই ময়ূৰীৰ ঘৰত থাকি লৈছে | ময়ূৰীয়ে পাহৰি গ'ল কোঠাত মাকৰ উপস্থিতি | আজি জীৱনত প্রথম বাৰৰ বাবে ময়ূৰীয়ে মনৰ বুকুৰ মাজত সোমাই উচুপি উচুপি কান্দিলে |
- ময়ূৰী কি হৈছে তোমাৰ ?
- মন তুমি ঠিকেই আছা নে ?
- উম মই ঠিকে আছো কিয় ?
- নাই একো নাই- তোমাৰ কি হৈছে কোৱা মোক
- মই তেনেহ'লে সপোন দেখিছিলো |
- কি সপোন
- বৰ বেয়া সপোন মন
- কোৱাছোন মোক |
- তোমাৰ বাইক এক্সিডেন্ট |
- ধেইট আকৰি ,এইবোৰ ভাৱি আছিলা চাগে |আহা এতিয়া আকৌ শুই যোৱা |
- মন তুমি কিন্তু মোৰ কাষত সদায় থাকিবা দে |
- থাকিম ময়ূৰী থাকিম | তুমি মাত্র এতিয়া ধুনীয়াকৈ শুই যোৱা |
মনে ময়ূৰীক আকৌ বিচনাত আনি শুৱাই দিলে | ইতিমধ্যে ময়ূৰীৰ মাক কোঠাৰ পৰা কেতিয়াবাই ওলাই গ'ল | মনে আজি ভাৱিছে তাৰ প্রতি থকা ময়ূৰীৰ ভালপোৱা কিমান গভীৰৰ পৰা গভীৰ হৈ গৈছে |এই ভালপোৱাই মনক পাহৰাই দিছে তাৰ অতীত,তাৰ জীৱন সংগ্রাম বোৰ | যি মৰমৰ মায়াত বন্দী হৈ সি এতিয়া উপলব্ধি কৰিছে যে মানুহৰ জীৱনৰ পুনঃ জনম হৈছে এয়া | এয়াই হৈছে মানুহৰ জীৱনৰ এটা মন পুলকিত হোৱা মূহুৰ্ত্ত | যি মাত্র মনৰ জীৱনত পৰিবৰ্তন কৰিলে একমাত্র প্রেমে |
তৰালিৰ মাত্র দুচকুৰে চকুপানী বাগৰি আহিছে | যি চকুপানীয়ে চুই গৈছে তাইৰ কোমল বুকুৰ ভাজ | যি চকুপানীয়ে স্পৰ্শ কৰিছে তাইৰ দুখৰ দেহৰ অংগ | তাই মাত্র কৈ গৈছিল মন ইন্সপেক্টৰৰ মাকৰ আগত তাইৰ জীৱনটো কৰ পৰা কলৈ গতি কৰিছিল | সুখ নামিওঁ যে তাইৰ জীৱনত নামি আহিছিল অতীতৰ আন্ধাৰতকৈ ও ভয়ংকৰ আন্ধাৰ | যি আন্ধাৰে তাইক প্রতি মূহুৰ্ত্তত আগচি ধৰিছিল এখন অনিশ্চিয়তাৰ নৈৰ মাজত | যি নিষ্ঠুৰ সময়ে এদিন আতৰাই নিছিল তাইৰ মাজৰ পৰা তাইৰ মৰমৰ ককায়েকক | যি সম্পৰ্কৰ বিশ্চেদৰ বেদনাত তাই বহুদিন উজাগৰি নিশা অকলে কান্দিছিল | তাই কৈ গৈছিল এখন ভয়ংকৰ সমাজৰ কথা,যি সমাজে এদিন সিহতৰ বিপদৰ মূহুৰ্ত্তত কিমান নিষ্ঠুৰ হৈ সিহতৰ ঘৰ জ্বলাই দিছিল | তাই কৈ গৈছিল সেইজন মানুহৰ কথা যিজন মানুহে তাইক বদনামীৰ ঘৃনা লগা অলংকাৰ পিন্ধাইছিল | এখন সুন্দৰ ঘৰক বেশ্যালয়ৰ নিছিনা অপযশ দিছিল | যিজন কুখ্যাত লোকে মাত্র পইচাণৰ মূল্যৰে তাইৰ সতীত্ব বিনাশ কৰাৰ প্রয়াস কৰিছিল | তাই কৈছিল সেইজন মানুহৰ কথা যিয়ে পইচাঁ পাই পাহৰি গৈছিল নিজৰ ভনীয়েকক | মাত্র সেইদুজন মানুহ | দুজন মানুহৰ একমাত্র চেষ্টাত তাইৰ জীৱনটোত এটা গতি লাগিছিল | এজন আছিল তৰুন মাষ্টৰ অন্য এজন সংগীত পৰিচালক |
( Untold Love Story )
- ইমানৰ পিছটো মাত্র ধৈৰ্য্য ধৰিছিলো,জীয়াই থকাৰ সপোন দেখিছিলো মাত্র এজন মানুহৰ মোহত বন্দী হৈ সেইজন হ'ল মন | হয়টো পৃথিৱীৰ বুকুত প্রতিজন মনে মোৰ আপোন | কিন্তু মই আজি অনুতপ্ত ! মোৰ নিছিনা এজনী ছোৱালী প্রেমৰ যোগ্য নহয় | সৰুতে মা-দেউতাক হেৰুৱাই ময়ো মনে মনে বিচাৰো মোৰ আকৌ এজনি মাতৃ আৰু অন্য এজন পিতৃ | তেওঁলোকৰ জন্মিত সন্তান মই নহ'লেওঁ অকমান তেওঁলোকৰ মৰমৰ মাজত পাহৰিব খোজো জীৱন দুখ বোৰ | খুড়ী মোক ক্ষমা কৰিব | আপুনি ও মোৰ দৰে এজনী নাৰী | নাৰীৰ জীৱনৰ কষ্ট খিনি নিশ্চয়.আপুনি ও বৰ ধুনীয়াকৈ উপলব্ধি কৰিব পাৰে | পৃথিৱীৰ বুকুত নাৰী হৈ পুৰুষৰ শোষনৰ বলী হোৱাতকৈ মানুহ জন্মনধৰা ই ভাল | মই আহোখুড়ী | আজি মনৰ কাৰনে মুক্ত | এতিয়া মই অকলে থাকি সংগীতৰ সাধনা কৰি আকৌ ওলাই আহিম সমাজৰ আগত চিনাকী তৰালি জনী হৈ | এতিয়া মোৰ জীৱনত কোনো অসুৰ নাই | ইতিমধ্যে অসুৰ বধৰ ভাওঁনা আৰম্ভ হৈ গ'ল | মন তোমাক ও ধন্যবাদ তুমি নহ'লে আজি মই হয়টো সেই ঘৰটোত সোমাই সোমাই মৃত্যুৰ ক্ষন গনি থাকিব লাগিলে হেতেন | আহো খুড়ী |
তাই থোকাথুকি মাতেৰে কৈছিল |
- খুড়ী মনৰ বিয়াত নিমন্ত্রন কৰিব নাপাহৰিব | এজনী অসহায় ছোৱালী বুলি হ্যায় জ্ঞান নকৰিব | হয়টো আপোনালোকৰ অকমান মৰম,অকমান সহাৰিয়ে মোৰ জীৱনটো নতুনকৈ সজোৱাৰ সাহস দিব | আহো
মনে মাত্র তৰালিৰ মুখখনলৈ চাই,আছিল | তাইৰ চকুৰ পানীৰ অপব্যয়ৰ পাছত তাইৰ দুটি নীলা চকু ৰঙা হৈ পৰিছিল | তাই আহিবলৈ চকী খনৰ পৰা উঠিছিল |
- ৰবা তৰালি |
- খুড়ী ,,,,,
- আচলতে মই,ও ইমান দিন টকা পইচাঁ ধন সম্পত্তিৰ মোহত বন্দী হৈ অহংকাৰী হৈ পৰিছিলো | হয়টো কেতিয়াবা মানুহৰ অন্তৰৰ কথা নুবুজি কোনোবা খিনিত মানুহৰ হৃদয়ত আঘাট কৰিছিলো | কিন্তু আজি আইজনী তোমাৰ কথা মোৰ দুটি চকু মেল খুৱালে | মই তোমাক,,,,,
- কি খুড়ী
- মই তোমাক বোৱাৰী হিচাপে পাব বিচাৰো,মই ভাৱো তুমি যেন মোৰ কথাটো অমান্য নকৰা |
- কিন্তু
- কোনো কিন্তু নাই | আহা আইজনী এবাৰ মোৰ বুকুৰ মাজত আহা | এবাৰ
তৰালিয়ে দৌৰি গৈ মনৰ মাকৰ বুকুৰ মাজত সোমাল | আৰু মনে মাত্র তৰালি আৰু মাকৰ ফালে চাই থাকিল | মনৰ বুকু খন আজি আনন্দত নাছি উঠিল | আৰু সি আজি বহুত সুখী তাৰ মাকৰ যে অন্তত আত্মাঅনুসোচনা হ'ল |
আজি মন ময়ূৰীৰ বিয়া | ইতিমধ্যে ৰভাতলী উদুলি মুদুলি | বহু প্রতীক্ষিত মন ময়ূৰীৰ বিয়াত আলহি অতিথিৰে ৰভাতলী উপচি পৰিল |
- অ আহিছে ?
ময়ূৰীৰ মাকে আলহী অতিথিক সোধপোচত ব্যস্ত |
- হয় হয় আহিলো |
- মাইনা নাহিলে নেকি ?
- নাই তাইৰ পৰীক্ষা |
- অ হব বহক দে |
- ঐ ময়ূৰী বা শুন না
- কি হ'ল নো ?
- মানে হেৰি
- কি হেৰি ?
- পইচাঁ অকমান দে না মোৰ লগৰ দুটা মান আহিছে ,সিহতে মানে বস্তুটো খায়
- কি বস্তু ?
- তই ইমান মূৰ্খ নে আজিৰ ডেকাই বিবাহ সবাহত কি খাব বিচাৰে তই নাজান নে ?
- ঐ তোক থাপ্পৰ লাগে ?
বিয়াৰ দিন কিছু হাঁহি ধেমালিৰ মাজত চলি আছে | আলহী আহিছে ,অতিথি গৈছে | চাওঁতে চাওঁতে বিবাহৰ হোমযজ্ঞৰ আয়োজন চলিছে |
আহা আউদেউ ওলাই আহা
তোমাৰ চোতালত আহিছে ৰামচন্দ্র ৰজা |
উৰুলি ,বিয়া নামে উদুলি মুদুলি কৰিছে বিবাহ ঘৰ | হোমযজ্ঞৰ কাষত দৰা কইনাক বহোৱা হ'ল | আজি ময়ূৰী ক দেখিবলৈ যে বহুত ধুনীয়া লাগিছে | জিলিকি আছে আকাশৰ জোনৰ দৰে ময়ূৰীৰ মৰম লগা মুখনি | মনে মনে মনে ময়ূৰীৰ মুখ খন চাৱলৈ চেষ্টা কৰিছে | তাইৰ হেপাঁহৰ ময়ূৰীক |
- ময়ূৰী
চিঞঁৰ এটা শুনি ময়ূৰীয়ে মূৰ ডাঙি চালে |লগে লগে তাইৰ বুকু কপি গ'ল ,কি হ'ল এয়া ,কিয় অজিৰ শুভক্ষনত আকৌ অমংগল |
- তুমি ?
ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Untold Love Story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment