আজি অনুষ্ঠিত অসম মন্ত্ৰী পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৈঠকত তলত উল্লেখিত বিষয় সমূহৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়: BJP News
✅ বড়োলেণ্ড প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয় গঠনত অনুমোদন
✅ চাহ শ্ৰমিকসকলৰ মজুৰি প্ৰতিদিনে ১৬৭ টকাৰপৰা প্ৰতিদিনে ২১৭ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত। লগতে, প্ৰতিদিনে ১০১ টকাকৈ ৰেচনৰ বাবদ মজুৰি
✅ অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সদস্য আৰু সদস্য-সচিবসকলৰ সেৱা চৰ্ত আৰু যোগ্যতাৰ বাবে নিৰ্ধাৰণ কৰা নীতিত অনুমোদন
✅ ৫৮০ গৰাকী হাইস্কুল শিক্ষকৰ পদ নিয়মীয়াকৰণ
✅ Assam Municipal Board Act সংশোধন কৰি ১২ মাহৰ পৰিৱৰ্তে ১৮ মাহত নিৰ্বাচন অনুষ্ঠিত কৰাত অনুমোদন
BJP News
✅ নগাঁৱৰ হাতীচোংস্থিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ ২৩৯ বিঘা ভূমিৰ আবণ্টন
✅ গুৱাহাটীৰ উলুবাৰীত বেচৰকাৰী সংস্থা দীপক সংঘলৈ ১ কঠা ভূমিৰ আবণ্টন
✅ ৫৭ খন বিদ্যালয়ৰ ১০১ গৰাকী বৃত্তিমুখী শিক্ষকৰ সেৱা চৰ্ত (service condition)ত অনুমোদন
✅ উত্তৰ গুৱাহাটী, উজানবজাৰ আৰু ভৰলুমুখৰ ৬ লেনযুক্ত সেতু- এই তিনিওটা স্থানৰ বাবে গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ সংশোধনত অনুমোদন
✅ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ বাবে ১০ বিঘা মাটিৰ আবণ্টন
✅ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৮,০০০ হুইলচেয়াৰ ক্ৰয়ত অনুমোদন। নিৰ্বাচনৰ পিছত সেই হুইলচেয়াৰসমূহ বিভিন্ন বিভাগত ব্যৱহাৰ কৰা হ'ব
✅ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণত অনুমোদন
✅ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১০ বছৰ চাকৰিৰ কাৰ্যকাল সম্পূৰ্ণ কৰা ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ কাৰ্যকাল বৃদ্ধিৰ বাবে বিভাগীয় মন্ত্ৰীক নিৰ্দেশ প্ৰদান
✅ ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ সম-মজুৰিৰ বাবে প্ৰধান সচিব ড° জে বি এক্কা (IAS)ৰ অধ্যক্ষতাত এজনীয়া কমিটী গঠন
No comments:
Post a Comment