"বাৰীতে মাৰিম পাক,বিছাৰি আনিম শাক" খ্যাত গীতটিৰে সকলোৰে মাজত পৰিচিত হৈ পৰা কণ্ঠশিল্পী ৰিছা ভাৰদ্ব'ৱাজ এতিয়া পৰিছে বিপদত( Assamese news )।সেয়ে তেওঁ এতিয়া গুৱাহাটী পানবজাৰ মহিলা আৰক্ষী থানাৰ লগতে Crime Branch তো এক গোচৰ ৰুজু কৰা বুলি তেওঁৰ এটা ফেচবুক প'ষ্টত স্পষ্ট কৰিছে।তেওঁ উল্লেখ কৰিছে যে, কোনো দুষ্ট চক্ৰই তেওঁৰ ফটো বিকৃত কৰি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ কৰি আহিছে।আৰু যাৰ বাবে তেওঁৰ লগতে তেওঁৰ পৰিয়ালটোৱেও মানসিক চাপত ভুগিবলগীয়া হৈছে।আৰু সেয়ে তেওঁ এতিয়া ন্যায় বিছাৰি আইনৰ কাষ চাপিছে।
কণ্ঠশিল্পী ৰিছা ভাৰদ্ব'ৱাজৰ ফেচবুক প'ষ্টত লিখা কথা সমূহ তলত উল্লেখ কৰা ধৰনৰ -
"যোৱা ইং ১৪/২/২০২১ তাৰিখৰ পৰা কোনো দুষ্ট চক্ৰই মোৰ ফটো বিকৃত কৰি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ কৰি আহিছে। মই ইতিমধ্যেই সমগ্ৰ বিষয়টোৰ ওপৰত পানবজাৰ মহিলা আৰক্ষী থানাৰ লগতে Crime Branch ত গোচৰ ৰুজু কৰিছোঁ। মোৰ সামাজিক প্ৰতিচ্ছবি বিনষ্ট কৰিবৰ চেষ্টা কৰা এনে নিম্ন মানসিকতাৰ মানুহৰ বাবে মোৰ লগতে পৰিয়ালৰ সকলো ব্যক্তি মানসিক চাপত ভুগিবলগীয়া হৈছে। মোৰ সকলো শুভাকাংক্ষীক মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ আপোনালোকে এই দুৰ্বৃত্ত সকলক চিনাক্ত কৰাত মোক সহায় কৰক। এই কামত জড়িত থকা লগতে এনে ফটো share কৰা সকলোকে কঠোৰ শাস্তিৰ বাবে প্ৰশাসনক অনুৰোধ জনাইছোঁ | আইনৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে |"-ৰিছা ভাৰদ্ব'ৱাজ( Assamese news )
No comments:
Post a Comment