( ময়ূৰীৰ দেউতাকক কোনে হত্যা কৰিব পাৰে বাৰু ? তৰালি আৰু অংকিতৰ এতিয়া কি হব ? )
- হেৰা পকা আম দুটা মান দিয়াছোন
তৰুন মাষ্টৰে ঘৈনীয়েকক কৈছিলে |
- কিয়,কৰিব নো ?
ঘৈনীয়েকৰ কথাত তৰুন মাষ্টৰে ক'লে
- আমাৰ তৰালী জনীলৈ লৈ যাওঁ,বতৰৰ ফল |
- আপুনি ও যে আৰু | তাই আম কেনেকে কাতি খাৱ ,যাওঁক আমাৰ তাত লৈ আহক | দুপৰীয়াৰ সাজ ও আমাৰ ঘৰতে খাৱ |
ঘৈনীয়েকৰ কথাত মাষ্টৰে ভালে পালে | মাষ্টৰে তৰালিৰ ঘৰলৈ আহিলে |
- আইজনী, তৰালি অ
তৰালি পানী গ্লাছটো খাৱ লৈছিলে হে মাত্র | তেনেতে আকৌ গ্লাছটো থৈ তৰালিয়ে মাত দিলে |
- সোমাই আহক |
মাষ্টৰ সোমাই গ'ল |
- আইজনী মই তৰুন বৰদেউতা হে |
লগে লগে মাষ্টৰৰ চকু গ'ল তেবুল খনত পানী গ্লাছটোৰ কাষতে থকা নিগনি মৰা দৰৱৰ পেকেটোলৈ |
- এয়া দৰৱ তই ক'ত পালি ?
তৰালিয়ে ভয় খালে |
- নাই বৰদেউতা খালী এয়া |
- পানী গ্লাছটো কিয় থৈছ ইয়াত ?
- খাৱলৈ |
- মোৰো বৰ পিয়াঁহ লাগিছে মই এ খাওঁ দে |
তৰালি চিঞঁৰি উঠিলে |
- নাই নাখাব বৰদেউতা
- কিন্তু কিয় !
- মই মানে তাত,,,,,,
- কি ক'
- দৰৱ মিহলি কৰি খাৱ ওলাইছিলোঁ |
- কি !পাগল হৈছ নেকি তই ? কি কৰিব ওলাইছ এইবোৰ | ঐ সৰু ককায়েৰাই এই ৰ'দ খনত তোৰ কাৰনে কাম বিচাৰি ওলাই গৈছে | ছিঃ ছিঃ নাপায় তৰালি নাপায় |
- বৰদেউতা , কওঁকচোন মই কি লৈ জীয়াই থাকিম |ডাঙৰ দাৰ নিছিনাকৈ সৰু দা ও যদি এদিনা খন এনেকে কৰবাত মোৰ কথা চিন্তা নকৰি হেৰাই থাকে ,আপুনিয়ে কওঁক বৰ দেউতা মই কি লৈ জীয়াই থাকিম | কোনে মোক গ্রহন কৰিব |
তাইৰ মনৰ কথা খিনি তৰুন মাষ্টৰে বুজিলে | হয় ছোৱালী জনীয়ে আজি বহু দূৰলৈ চিন্তা কৰিছে |
- আইজনী তোক বৰমাই মাতিছে |
- কিয় বৰদেউতা?
- বাৰীত আম পকিছে নহয় তোৰ কাৰনে আম আনি থৈছে আকৌ ,ব'ল ব'ল |
- মই আম খাই বহুত ভালপাওঁ | কিন্তু এইবাৰ ডাঙৰ দা নাই কাৰনে আম ও খাৱ পোৱা নাই |
- হব হব ব'ল এতিয়া |
তৰুন মাষ্টৰে তৰালীক হাতত ধৰি মাষ্টৰৰ ঘৰলৈ লৈ গ"ল | তেনেতে ভূৱনে মাষ্টৰক বাটতে লগ পালে |
- অ মাষ্টৰ ককাইদেউ সন্ধিয়া নাম ঘৰৰ বাকৰিত আহিব ,গাওঁৰ ৰাইজ মেল আছে ~
কথা খিনি কৈ ভূৱন গ'ল গৈ | ৰাইজ মেল,কিন্তু কিহৰ ৰাইজ মেল এয়া |
মাষ্টৰৰ ঘৰত তৰালিয়ে আম খাৱ লৈছিলে হে মাত্র তেনেতে অংকিত আহি ওলাল | কিন্তু অংকিত হতাশ মনে আহিছে |
- অংকিত
- বৰদেউতা
- কাম পালি নে কৰবাত ?
- নাই বৰদেউতা |
- কিয় ,এই আমাৰ মোহনৰ ফাৰ্মাচী খনত নগ'লি কিয় ?
- গৈছিলোঁ | কিন্তু কোনেওঁ মোক কাম নিদিয়ে ,মই হেনো অপৰাধীৰ ভায়েক,মই ও হেনো কাৰোবাক হত্যা কৰিম |
- তই চিন্তা নকৰিবি চোন,কিবা এটা হব ৰহ | আজি এই তৰালিয়ে মৰিব ওলাইছিল !
- কি ?
অংকিতে বহাৰ পৰা উঠিল | আৰু তৰালিৰ গালত এটা প্রচণ্ড চৰ সোধালে |
- মাৰ সৰু দা আৰু মাৰ,মাৰি মাৰিয়ে মোক মাৰি পেলা | অ মোক মাৰি পেলা |
অংকিতে আৰু নোৱাৰিলে | সি তাইক জোৰকৈ বুকুৰ মাজত তানি আনিলে ~
- নাই অ ভন্টি, তোৰ কাৰনে ইমান কষ্ট কৰিছোঁ,আৰু তয়ে যদি এনেকুৱা সিদ্ধান্ত ল' তেন্তে মই কি কৰিম |
অংকিতে আকৌ হঠাত সলনি হৈ গ'ল | তাইক দুবাহুৰ মাজৰ পৰা এৰি দিলে | আৰু মাষ্টৰক ক'লে |
- বৰদেউতা , আজি হেনো গাওঁত আমাৰ কাৰনে ৰাইজ মেল পাতিছে !
- কি তহতৰ কাৰনে !
- উম | এয়া কি অপৰাধত আমাৰ ওপৰত গাওঁত ৰাইজ মেল পাতিলে ,সময়হে কব |
সন্ধিয়া অংকিত হতৰ গাওঁত ৰাইজ মেল বহিলে | ইতিমধ্যে নামঘৰৰ মজিয়া গাওঁৰ মানুহৰে ভৰি পৰিল | উক্ত সভাত অংকিত ও উপস্থিত থাকিল | তেনেতে থিয় হ'ল আজিৰ সভাৰ মুখ্য আহ্বায়ক তথা গাওঁ উন্নয়ন সমিটিৰ সম্পাদক মিলন কলিতা |
- শ্রদ্ধাৰ আজিৰ সভাত সমবেত সমূহ ৰাইজ | আজি আমাৰ সভা খনৰ প্রধান উদ্দেশ্য হ'ল আমাৰ গাওঁৰ অপৰাধী মন ৰ ঘৰ খনক সমাজৰ পৰা এঘৰীয়া কৰা |
সম্পাদকৰ কথা শুনি লগে লগে তৰুন মাষ্টৰ থিয় হ'ল |
- ৰাইজ এয়া কেনেকুৱা বিচাৰ ,আজি ইহতৰ বিপদৰ সময়ত আমি সিহতৰ ওচৰত থাকিব লাগে নে আমি ইহতক এঘৰীয়া কৰিব লাগে আপোনালোকে জনাওঁক |
লগে লগে মিলন কলিতাই আকৌ মাত মাতিলে |
- চাওঁক অসমীয়াত এষাৰ কথা আছে ৰাইজে নখ জোকাৰিলে নৈ বয় ,তেনেস্থলত ৰাইজে যি কয় সেয়াই হব,নে কি কয় ৰাইজ ?
- এয়া ঘোৰ অন্যায় হব | ইহতৰ দোষ কি !
মাষ্টৰৰ কথাত আকৌ মিলনে ক'লে
- ৰাইজ চাওঁক আমি আজি বাহিৰত ওলাব নোৱাৰা হ'লো সকলোৱে আমাক ঠাট্রা মস্কৰা কৰে | আমি হেনো অপৰাধীৰ ঘৰক সুৰক্ষা দিছোঁ | আৰু নহব আজিৰ পৰা সিহতৰ ঘৰৰ লগত আমাৰ কোনো মানুহে সম্পৰ্ক ৰাখিৱ নোৱাৰিব | আৰু যদি হে ৰাখে তেন্তে গাওঁত জৰিমনা ভৰিৱ লাগিব |
তেনেতে সভা স্থলী মনে ত্যাগ কৰিলে |
- মন
- এয়া উচিত সিদ্ধান্ত লৈছে বৰদেউতা | আমাক সকলোৱে ত্যাগ কৰক |
কথা খিনি কৈ অংকিতে ঘৰমুৱা হ'ল | আৰু ৰাইজে সভা সামৰি ঘৰমুৱা হ'ল | অংকিত হত গাওঁৰ পৰা এঘৰীয়া হ'ল | তৰুন মাষ্টৰেওঁ বিষন্ন মন লৈ ঘৰলৈ উভতিলে |
এইফালে ময়ূৰীৰ দেউতাকৰ মৃত্যু হ'ল | ডাক্তৰে গম পালে যে ময়ূৰীৰৰ দেউতাক বিৰাজ কাকতিক অত্যাধীক শ্লিপিং টেৱলেত খুৱাই হত্যা কৰা হৈছে |
ময়ূৰী আহি থানাত উপস্থিত হ'ল | ইন্সপেক্টৰ মনে ৰিক্সাৱালা মনক ময়ূৰীৰ সন্মুখত হাজিৰ কৰা হ'ল |
- ঐ ক' তই বিৰাজ কাকতিক কিয় হত্যা কৰিলি ?
লগে লগে ৰিক্সাৱালা মনে চিঞঁৰি উঠিল |
- নহয় ছাৰ মই হত্যা কাৰী নহয় |
- ঐ চুপ | তই হত্যাকৰা বুলি সকলো প্রমান হৈ গৈছে | তই সঁচা কথা ক'
- মই কেনেকে বুজাম ছাৰ | অ আপোনালোকৰ চকুত অপৰাধী হোৱাকৈ সেইদিনা মই সকলো ভুলে কৰিছোঁ | কিন্তু কিয় কৰিছোঁ আপোনালোকে নুবুজিব ছাৰ |
- মোৰ দেউতাক আপুনিয়ে হত্যা কৰিছে | আৰু সেইকাৰনে আপুনি সেইদিনা ৰাতিয়ে চোৰৰ দৰে আমাৰ ঘৰৰ পৰা পলাইছে | সেই প্রমান আমি পাই গৈছো |
মনে হাতজোৰ কৰি ময়ূৰীক কৈছিলে |
- নহয় মই হত্যাকাৰী নহয়,আপুনি ভুল বুজিছে | মই কিয় সেই ৰাতিয়ে গুছি আহিছিলোঁ ক'লে হয়টো আপোনালোকে নুবুজিব |
- মন,মই বিছাৰোঁ হত্যাকাৰীয়ে উছিত সাস্তি পাওঁক | তুমি ইনভেষ্টিগেছন আৰম্ভ কৰা |
ময়ূৰীয়ে ইন্সপেক্টৰ মনক কৈছিলে |
- হব তুমি চিন্তা নকৰিবা ,মই আজিৰ পৰা ৰহস্য উদঘাটন কৰা আৰম্ভ কৰিম |
এয়া এতিয়া আৰম্ভ হব বিৰাজ কাকতিৰ হত্যাৰ আৰৰ ৰহস্য উদঘাটন কৰাৰ প্রয়াস | হত্যা কাৰী মন নে অইন কোনোবা | যদি মন হত্যকাৰী তেন্তে সি কিয় হত্যা কৰিছিল ময়ূৰীৰ দেউতাকক |
আজি ৰাতিপুৱাঁ মনৰ ঘৰত গোটেই ৰাইজ গোট খালে | অংকিত আৰু তৰালিক ঘৰৰ পৰা সকলোৱে উলিয়াই দিলে |
- ঐ কি চাই আছ ,পেট্র'ল ধাল আৰু জ্বলাই দে |
কথা মতে কাম গাওঁৰ মানুহ জপিয়াই পৰিল মনৰ ঘৰত | পেট্র'ল ধালি জ্বলাই দিলে অসহায় অংকিত হতৰ ঘৰ |
- নাই আপোনালোকে এই কাম নকৰিব | আপোনালোকে কওঁক আমি ক'ত থাকিম | হয় আমি মানি লৈছো আমাৰ দাদা হত্যাকাৰী |কিন্তু তাৰ সাস্তি আপোনালোকে আমাক কিয় দিছে | মই হাতজোৰ কৰিছোঁ আপোনালোকক | তেনে নকৰিব |
নাই অংকিতৰ কাতৰ অনুৰোধ কোনেওঁ নুশুনিলে | সকলোৱে মিলি সিহতৰ ঘৰ জুই লগাই দিলে | জুইৰ অগ্নি পিণ্ডই আকাশ চুলে | জুইৰ শিখা দেখি আকৌ ৰাইজৰ মাজত লাগিল হৈ চৈ |
- ব'ল ভন্টি আমি যাওঁগৈ |
- ক'ত যাবি দাদা ?
- মামা হতৰ ঘৰত যাম ব'ল | এইখন সমাজত আৰু স্থান নাই | আমাৰ দাদাই আমাক শেষ কৰি থৈ গ'ল |
- সৰু দা |
- ব'ল |
অংকিতে তৰালিৰ হাতত ধৰি ওলাই আহিল | আহি সি দেখিছিল তৰুন বৰদেউতাকে বাটত চকুলো টুকি আছিলে | কিন্তু কোনেওঁ কাকো মাতিব নোৱাৰিলে | সি তলমূৰ হৈ গুছি আহিল |
এখন সমাজ আৰু এখন ঘৰ | নাই এয়া যেন কাৰোবাৰ ষড়যন্ত্র | সিহত গুছি আহিল সিহতৰ চেনেহৰ গাওঁ খন এৰি মোমায়েকৰ ঘৰত আশ্রয় বিছাৰি |
বিষ আৰু বেদনাই
বুকুতে খুন্দিয়াই
............
নাই নাই ভগবান তুমি যে নাই
আশাবোৰ মৰহি গ'ল |
কিছু দূৰ আহি সিহতে মোমায়েকৰ ঘৰ পালে | মামিয়েকে শাকনি বাগিছাত আছিলে |
- মামি |
অংকিতে মাতিছিল |
- অ তোমালোক,পিছে কিয় আহিলা ?
মামিয়েকৰ প্রশ্নত অংকিত আচৰিত তথাপি ক'লে
- আমি আশ্রয় বিচাৰি আহিছোঁ মামি |
- কি ! নাই নাই মই নোৱাৰিম দে | জানাই দেখোন আমাৰ ঘৰৰ জামেলা | তাতে এজনী অন্ধ ছোৱালীৰ ভাৰ মই বহন কৰিব নোৱাৰো |
মামিয়েকৰ কথা শুনি তৰালিৰ বুকু খনে হাহাকৈৰ কৰি উঠিল |
- সৰু দা ব'ল |
- ৰবা ক'ত যোৱা,আহা আজি দিনৰ সাজ খাই যাবা |
- নাই নালাগে মামি | আপোনাক অসুবিধা নকৰো | আহো |
অংকিতে তৰালিৰ হাত খন জোৰকৈ খামোছি ধৰিলে | আৰু এতিয়াই সি সিহতৰ শেষ সিদ্ধান্ত ল'ব |
- ব'ল ভন্টি |
ক্ৰমশঃ ✍🏻
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment