কমলাতকৈও উপকাৰী কমলাৰ বাকলি : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 31, 2021

কমলাতকৈও উপকাৰী কমলাৰ বাকলি : Assamese Health Tips

 

Assamese Health Tips

এই সময়ত অসমত কমলা টেঙাৰ উভৈনদী হৈ পৰিছে । কমলা টেঙাৰ বিভিন্ন ঔষধি গুণ আছে যদিও ইয়াৰ বাকলিৰ ঔষধিয় গুণ বেছি আছে । ( Assamese Health Tips )


ইয়াৰ বাকলি ছালৰ বাবে খুব ভাল । জাৰকালি ছালত হোৱা বিভিন্ন ধৰণৰ খৰ-খজুৱতি , কলা দাগ আদি নাইকিয়া কৰিব পাৰে কমলাৰ বাকলিয়ে । কমলাৰ বাকলি পতাত পিচি লৈ মুখত লেপ লগালে মুখৰ শালমইনাৰ দাগ , কলা চোম , মৰা কোষ আদি উলিয়াই চালটো পৰিষ্কাৰ কৰি উজ্জল কৰি দিয়ে । 


ইয়াৰ উপৰিও কমলা টেঙাৰ বাকলি কটা-চিঙাৰ দাগ , ষ্ট্ৰেছ মাৰ্ক আদিও দূৰ কৰিব পাৰে । দাঁতৰ বিষত ভোগা লোকে কমলাৰ বাকলিৰ গুড়ি কৰি সেই বাকলিৰে দাঁত ঘঁহিলে বিষৰ পৰা উপশম পায় । ( Assamese Health Tips )


কমলাৰ বাকলিৰ ডাঙৰ ডাঙৰ বিউটি পাৰ্লাৰত ছালৰ সৌন্দৰ্য্য চৰ্চাত ব্যৱহাৰ কৰে । কমলাৰ বাকলি পিচি মূৰত লগালে মূৰৰ উফি নোহোৱা হয় ।


কমলাৰ বাকলিয়ে ভোক বঢ়ায় আৰু পাকস্থলী চাফা কৰে। পেটৰ পেলু নাশ কৰে । 


কমলাৰ বাকলি কৰ্কট ৰোগ প্ৰতিৰোধক হয় । ইয়াত থকা limonene নামৰ ৰসায়ন বিধে শৰীৰৰ ৰোগ প্ৰতিৰোধক শক্তি বঢ়ায় , ওজন কম কৰে , হাত ভৰি ফুলা কমাই দিয়ে । 


কমলাৰ বাকলি শুকাই লৈ গুড়ি কৰি বটলত ভৰাই থব পাৰে আৰু সময়ে সময়ে দৰকাৰ অনুযায়ী ইয়াৰ ব্যৱহাৰ কৰিব পাৰে ।( Assamese Health Tips )

Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages