মৃতদেহ !
সকলোৱে একেলগে কৈ উঠিল | সকলোৱে সভা সিমানতে সামৰি দৌৰি গ'ল মৃতদেহ চাবলৈ |
সুন্দৰপুৰৰ গাত কলংগ লাগিলে নেকি ! তেজেৰে ৰাঙলী হব নেকি সুন্দৰপুৰ | কাৰ কোপদৃষ্টি পৰিলে সুন্দৰপুৰত | শান্তিৰ সুন্দৰপুৰত এতিয়া অশান্তিৰ বতাহ বলিব নেকি ! নাম হব নেকি অশান্ত সুন্দৰপুৰ |
বৰ পুখুৰীত উপঙি আছিল এটা মৃতদেহ | মৃতদেহ দেখি সকলোৰে বুকুখন কপিছিল | নিজৰ মানুহ বোৰে নিজৰ মানুহ বোৰক চাইছিল | বৰপুখুৰীৰ পাৰ মানুহৰে উপচি পৰিছিল |
- ঐ নবীন চা-চোন চা এইটো কোন !
আব্দুলৰ কথামতে নবীনে পুখুৰীত নামি গৈছিল | বৰপুখুৰীৰ পানীয়ে নবীনক ডিঙিলৈকে গ্রাস কৰিছিল | সি মৃতদেহটো ঘূৰাই দিছিলে ! লগে লগে তাৰ বুকুখন ধিপিংকে মাৰিছিল |
- এয়া এয়া চাদ্দামৰ মৃতদেহ |
- কি !
সকলোৱে একেলগে কৈ উঠিলে |
- নাই নাই এয়া ষড়যন্ত্র |
বৰুৱাই কৈ উঠিল |
- ঐ এয়া পোতক তুলিছে,ফাৰহানে পলাশক মাৰাৰ প্রতিশোধ লৈছে |
ৰহমানৰ কথাত পলাশে চিঞৰি উঠিল |
- মিছা কথা,এয়া সম্পূৰ্ণ মিছা কথা |
- ঐ কি চাই আছ ,এনেকে মনে মনে থাকিবি নেকি ! মোৰ ভাইক মাৰি পেলালে হিন্দু ভাই হতে ! তহত সকলো স্বাৰ্থপৰ |
চাদ্দামৰ ককায়েকে কথাটো কোৱাৰ লগে লগে চিঞৰ বাখৰ লাগিল | বৰপুখুৰীৰ পাৰত | ৰাঙলী হোৱাৰ দিশত বৰপুখুৰীৰ পাৰ |
- ঐ বন্ধ কৰ | তহত সকলোবোৰ অন্ধ হ'লি নেকি ! পাহৰি গ'লি নেকি সুন্দৰপুৰৰ একতা,সুন্দৰ পুৰৰ সৌন্দৰ্যতা | ডেকা তেজ খিনি ক'লা নকৰিবি |
আব্দুলৰ এয়া কাতৰ অনুৰোধ |
- হিন্দু ভাই হত আমাক দিয়া মিছা অপবাদ সহ্য নকৰো | ব'ল ইহতৰ লগত আমাৰ আৰু একো সম্পৰ্ক নাই | ব'ল,,,,,,,,
তনুজৰ কথাত বৰুৱাই ক'লে
- সকলো কথা এনেকে সিদ্ধান্ত লোৱা কথা নহয় |সুন্দৰপুৰৰ গাত দাগ নলগাবি |
- ঐ ব'ল চাদ্দামৰ মৃতদেহ ল' আমি তাক কবৰ দিয়া ব্যৱস্থা কৰো |
ৰহমানে মুছল মান সমাজক ক'লে |
আৰু লগে লগে মুছলমান সমাজে চাদ্দামৰ মৃতদেহ লগত লৈ গ'ল |
খংত হিন্দু ভাইহত ও ঘৰে ঘৰে গুছি আহিলে |
আচলতে শাৰিৰীক ভাৱে অক্ষম চাদ্দামৰ মৃত্যু নিজৰ ভুল ৰ বাবে হৈছিল | পুখুৰীত গা ধুবলৈ নমা চাদ্দাম আৰু পাৰত উঠিব নোৱাৰিলে | তেনেকে মৃত্যুক সাৱতি ল'লে সি | কিন্তু মুছুলমান সমাজৰ আব্দুলে চাদ্দামৰ মৃত্যুক পুলিছৰ জামেলাত সোমাব নিদিলে | কিন্তু এতিয়া সুন্দৰপুৰৰ সুন্দৰতা হেৰাই থাকিলে | দুয়োখন সমাজে সিদ্ধান্ত ল'লে যে যদি হে কোনোবা হিন্দু ভাই মুছুলমান ভাইৰ লগত সম্পৰ্ক ৰাখে তেন্তে তাক গাওঁৰ পৰা এঘৰীয়া কৰা হব |
আজি সুন্দৰপুৰৰ নামঘৰ-মছজিদ প্রাংগন মানুহৰে উপছি পৰিছে |সকলো মানুহ ওলাই আহিছে ! সকলোৱে লগ হৈ মন্দিৰ আৰু মছজিদৰ মাজত এখন প্রকাণ্ড বেৰ বহালে | সকলোৱে কাম কৰি কৰি ঘৰমুৱা হ'ল মাত্র নামঘৰৰ দুৱাৰ মুখত ৰ'লে বৰুৱা আৰু মছজিদৰ দুৱাৰ মুখত আব্দুল |
- ভৱা নাছিলো এদিন ভায়ে ভায়ে যুদ্ধ হব,আমি বোৰ এলাগি হৈ ৰম | আমাৰ সাতাম পুৰুষীয়া মিলাপ্রিতিৰ মাজত ফাট মেলিব |
আব্দুলে নিজে কৈছিল কথাবোৰ |
- মই ও ভৱা নাছিলো আপোন কোনোবা আজি অচিনাকী হৈ পৰিব | ইমান এটা বেয়া দিন চাবলৈ জীয়াই আছো নেকি !
বৰুৱা ও আব্দুলৰ সুৰত সুৰ মিলাই কৈছিলে |
- এতিয়া আমি কথা কব জানিওঁ বোবাৰ অভিনয় কৰিব লাগিব |হয়টো এনেকে আমি এদিন হেৰাই যাম,বৰ কষ্ট পাইছো |
- বৰ কষ্ট ! যাওঁ কোনোবাই দেখিলে আকৌ এঘৰীয়া কৰিব |সকলো ইশ্বৰৰ ওপৰত এৰি দিছো |
বৰুৱাই চকুপানী টুকি আতৰি আহিলে |
- হে আল্লা ! তুমি কিবা এটা কৰিব নোৱাৰা নে,হিন্দু-মুছলমান সকলো তোমাৰে সন্তান | তেন্তে কিয় ইমান বৈষম্য | কিয়,,,,,,,
আব্দুল ভাগি পৰিলে |
আব্দুলৰ দুচকুত বাৰে বাৰে ভাহি উঠিছে তাহানিৰ সুন্দৰপুৰ খন | নামঘৰ - মছজিদৰ মাজত নাই কোনো পাৰ্থক্য | কিন্তু আজি অশান্ত সুন্দৰপুৰ |
তেনেতে ফাৰহান ঘৰত সোমাই আহিছিল |
- ৰহ ফাৰহান !
আব্দুলৰ কঠোৰ মাত
- বাবা
- তই ! তই সুন্দৰপুৰৰ বুকুত কলংগ লগালি | তই আমাৰ মাজত বিভেদ আনিলি |
- বাবা মই,,,,,
- অ তই, আজি গাওঁ খনত বৰুৱা ,মই এলাগী হৈ পৰিছো | কি প্রয়োজন আছিল তোৰ ভায়ে ভায়ে যুদ্ধ কৰিব |
- কাৰন মই ৰাধিকাক ভালপাওঁ !
আব্দুলে লগে লগে ফাৰহানৰ গালত এটা চৰ সোধালে,,,,,,,,
- চুপ ! দ্বিতীয় বাৰ এই কথা তই কবলৈ সাহস নকৰিবি,ৰাধিকাৰ দৰে ছোৱালী এজনীক দাগী নকৰিবি | তাই হিন্দু সমাজৰ ছোৱালী,এয়া অসম্ভৱ | মাত্র আমাৰ বন্ধুত্ব সম্পৰ্ক জীয়াই থাকিব |
কথা খিনি কৈ কৈ আব্দুল ওলাই গ'ল |
- বাবা, মই ৰাধিকাক ভালপাওঁ,বহুত ভালপাওঁ তাইক , তাইক কোনোবাই স্পৰ্শ কৰিলে মাৰি পেলাম তাক ! অ মাৰি পেলাম
সি ও কান্দি দিছিলে |
বৰুৱাই সিদ্ধান্ত ল'লে কাইলৈ সিহতে সুন্দৰপুৰ এৰি চহৰলৈ যাৱগৈ | পাহৰি যাৱ সুন্দৰপুৰক | এনেকুৱা এখন গাওঁত বৰুৱা আৰু থাকিব নিবিচাৰে | কাইলৈ বিদায় সুন্দৰপুৰ |
- ৰাধিকা
দেউতাকৰ মাতত ৰাধিকাই ঘূৰি চালে |
- দেউতা !
বৰুৱাই ৰাধিকাৰ মূৰত হাত বুলাই ক'লে |
- চা মাজনী তোক লৈ মোৰ,তোৰ মাৰৰ কিমান সপোন আছে তই জাননে ? তই ভুল কৰিছ মই জানিছো,কিন্তু ভুল কৰি মানুহ শুদ্ধ পথত আহিব পাৰে ৰাধিকা |
- দেউতা
- অ মাজনী,ফাৰহান মুছলমান ল'ৰা,সিহত আমাৰ ভাতৃ,বন্ধু ! কিন্তু সম্পৰ্ক বোৰ তাতকৈ বেছি আগুৱালে এইখন সমাজে আমাক কি কৰিব তই জানই দেখোন | আজি তহতৰ সেই ঘটনাৰ পৰা সুন্দৰপুৰৰ অৱস্থা কি হ'ল দেখিলি |
ৰাধিকাই কান্দি দিছিলে,মৰম লগা ছোৱালী জনীৰ চকুৰে চকুপানী বাগৰি আহিছিল |
- মই ভাল হম দেউতা !
বৰুৱা ও আবেগত জীয়েকক সাৱতি ধৰিছিল |
- তই বেয়া নহয় অ মাজনী |
- ফাৰহান বেয়া ল'ৰা নেকি দেউতা ?
- ফাৰহান বেয়া নহয়,মাত্র সি তোৰ ভাতৃ হে |
- তুমি যি বিচৰা মই তাকে কৰিম দেউতা |
লগে লগে বৰুৱাই যিয়েকক হাতজোৰ কৰিলে
- মাজনী, তই ফাৰহানৰ লগত প্রেমৰ সম্পৰ্ক শেষ কৰ !
- মই কৰিম দেউতা |
তাইৰ মাতটো কপিছিল |
- মাজনী কাইলৈ ৰাতিপুৱাঁ চহৰলৈ যাম | আমি তাতে থাকিম,তই চহৰৰ কলেজত পঢ়িবি | যা কাপোৰ বোৰ বেগত ভৰা |
ফাৰহানৰ লগত সম্পৰ্ক শেষ ,কিন্তু তাক দেখাৰ পৰা ও তাই বঞ্চিত হব | সঁচাই সময় মানুহক কোন ফালে যে গতি কৰাই | তেনেতে ৰাধিকাৰ ফোনটো বাজি উঠিছিল | তাই ডিচপ্লেইত দেখিছিল "ফাৰহান " ! এয়াই শেষ,তাই এতিয়াই ফাৰহানক কব সকলো,,,,,,,
- হেল্ল'
- ৰাধিকা
- উম
- কি কৰিছা !
- শুই আছো |
- মোলৈ মনত পৰা নাছিলে ?
- পৰিছিলে,,,,,,,,
- মোৰ মূৰটো বিষাই আছে ! অকমান পিটিকি দিবা নেকি !
- ...........
- ৰাধিকা
-উম
- একো নক'লা যে ?
- এটা কথা আছিলে !
- কি !
- মই,,,,,,,
- মই ?
- মই আৰু তোমাৰ ভালপাৱ নোৱাৰো !
- কি ??
- কাইলৈ আমি চহৰলৈ যাম,তাত থাকিম ! তুমি,,,,,,
তাই শুনিছিল উচুপনি সিফালৰ পৰা | তাইৰ ও বহুত কষ্ট হৈছিল কথা খিনি কবলৈ !
- প্লীজ ৰাধিকা তুমি মোক অকলশৰীয়া নকৰিবা |
মই আৰু কাকো নামাৰো,মই তোমাক ভালপাওঁ বাবে হে পলাশক,,,,,,,
সি ডাঙৰকৈ কান্দিব লৈছিলে |
- প্লীজ শুনাছোন,ইমানকৈ নাকান্দিবা কোনোবাই শুনিব |
- মই মৰি যাম ৰাধিকা ,তুমি অবিহনে মই মৰি থাকিম ! প্লীজ তুমি মোক এৰি নিদিবা ,কোৱা নিদিওঁ বুলি কোৱা না,,,,,,,,,
তাই আৰু নোৱাৰিলে,তাই ফোনটো কাতি দিলে, তাইৰ হৃদয়খনে তাইক বৰ আমনি কৰিলে |
আৱতৰীয়া প্রণয়ৰে বানে
তিয়ালেহি মোৰ
চকুৰে পতা |
বৰুৱা,ৰাধিকাৰ মাক বৰ্ণালি আৰু ৰাধিকা যাৱলৈ ওলাল |
- মাজনী আহ !
গোলপীয়া চুৰিদাৰ জোৰ পিন্ধি ওলাই আহিছিল ৰাধাৰ দৰে সুন্দৰী ৰাধিকা |
বৰুৱাই এবাৰ সুন্দৰপুৰৰ ভগ্ন ছৱি খন চাইছিল | মন্দিৰ-মছজিদৰ শেষ ছৱি খন চাইছিল |আৰু আগুৱাইছিল চ'ক লৈ বুলি |
যি ৰাধিকাৰ খোজত সুন্দৰপুৰৰ ডেকাৰ হৃদয়ত যোৱাৰ উঠিছিল | সেই ৰাধিকা আজি যাৱলৈ ওলাল |
চকুপানী মছি মছি বৰুৱাই আগুৱাইছিল | নিজৰ জন্মভুমি ত্যাগ কৰি |
আদবাটতে লগ পালে আব্দুলক | বৰুৱাই তলমূৰ কৰি আগুৱাই যাৱ খুজিছিলে মাত্র
- বন্ধু বেয়া পাই নাযাব দে,যোৱা সময় পালে কেতিয়াবা অশান্ত সুন্দৰপুৰ খন চাৱ আহিব | পাৰিলে মোৰ মৃত্যুৰ দিনা মোৰ কবৰত এচপৰা মাটি দিব আহিব | যাওঁক ,,,,,,,,
আব্দুলৰ চকুত চকুপানী দেখি বৰুৱা বেছি ভাগি পৰিছিল | আব্দুলে চকুপানী টুকি টুকি আতৰি গৈছিল | আৰু কিছু দুৰ আহিপোৱাৰ পিছতে ৰাধিকাই দেখিছিল ফাৰহানক |
তাক দেখাৰ লগে লগে তাইৰ খোজ স্তব্ধ হৈ পৰিছিল | তাই যেন হেৰুৱাই পেলাইছিল দেহৰ শক্তি | সি দৌৰি আহিছিল ৰাধিকাৰ ওচৰত | তাক দেখিবলৈ পাগলৰ দৰে লাগিছিল তাক |
- হেই ৰাধিকা তুমি নহ'লে ন মই মৰি থাকিম,ৰাতিৰ পৰা মই একো এটা খোৱা নাই | বেয়া নালাগে নে মোলৈ এবাৰ,আগতে দেখোন কৈছিলা তুমি নাখালে মই ও নাখাওঁ ! ৰাধিকা,,,,,
লগে লগে ৰাধিকাক দেউতাকে হাতত ধৰি তানি লৈ গ'ল | তাই মাত্র এটা যন্ত্রৰ দৰে আগুৱাই গ'ল !
- ৰাধিকা ,,,,,,,,,, মই মৰি থাকিম অ,,,,,,,,
নাই সি আৰু নোৱাৰে,সি জীয়াই থাকিব নোৱাৰে ৰাধিকা অবিহনে,,,,,,,সি ৰেল লাইনলৈ দৌৰিলে |
ক্ৰমশ |
ধাৰাবাহিক খনৰৱপ্ৰথম খণ্ড - https://www.smj24.in/2021/01/blog-post_24.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment