শুই থকা উপমাৰ মুখখন চাই থাকি অনুৰাগৰ তাইৰ প্ৰতি এক অদ্ভুত মৰম জাগি উঠিল । তাইৰ কাষত বহি লৈ নিজকে তাৰ বহুত ডাঙৰ অপৰাধী অপৰাধী লাগিল । তাইক এবাৰ চুই চাব বহুত মন গল তাৰ কিন্তু সেই অধিকাৰ যে তাৰ আজি নাই । বিনা কাৰণত তাইক সি বহুত কষ্ট দিলে । আৰু নিদিয়ে এইবাৰ সি এনেকুৱা কিবা কৰিব যে অপৰাধী কোনো কাৰণতে সাৰি যাব নোৱাৰে । আজি তাৰ চকুত সকলোবোৰ স্পষ্টভাৱে ধৰা পৰিছে । এতিয়া মাথো প্ৰয়োজন সঠিক প্ৰমাণৰ । তাইৰ নিষ্পাপ মৰম লগা মুখখনৰ ফালে চাই সি কলে ।
---- যিমান কষ্ট দিছো তাৰ ক্ষমা আছে নে নাই মই নাজানো । মাথো তোমাক মোৰ পৰা কেতিয়াও আঁতৰি যাব নিদিও । মই সকলো ঠিক কৰিম অতি সোনকালে । তোমাক তোমাৰ সকলো অধিকাৰ দিম উপা । মাথো মোক আৰু অলপ সময় দিয়া ।
মজিয়াৰ পৰা উঠাই লৈ আহি তাইক সি বিচনাত শুৱাই দিলে । তাইৰ টোপনি আহিছিল যদি ও বিচনাত শুৱাই দিয়াৰ লগে লগে চকু মেলি চালে । হঠাতে তাক এনেকৈ কাষত দেখি তাই একেজাপে বিচনাৰ পৰা উঠি বহিল । চকুদুটা ডাঙৰ কৈ মেলি তাৰ মুখৰ ফালে চাই থাকিল । একো বুজি পোৱা নাই তাই, কিছু সময় আগলৈকে ডিভোৰ্চ দিব বিচৰা মানুহজনে তাইক এনেকৈ মজিয়াৰ পৰা উঠাই আনি বিচনাত শুৱাই এনেকৈ কি চাই আছে তাইৰ মুখৰ ফালে ।
--- মই বহুত বেয়া নো ।
তাইৰ চকুত চকু থৈ কলে অনুৰাগে । কথাকেইটা কোৱাৰ পিছত তাৰ ও দুচকু সেমেকি আহিল ।
--- মোক তোমাৰ পৰা দূৰ নকৰিবা প্লিজ । মই জানি বুজি একো ভুল কৰা নাই । মোক ইমান ডাঙৰ শাস্তি নিদিবা অ.....
তাইৰ দুচকুও চলচলীয়া হৈ আহিল । অনুৰাগৰ ওচৰত হাতযোৰ কৰি ঠোঁকঠুকি মাতেৰে তাই কলে । তাইৰ হাতখন তাৰ হাতৰ মুঠিত লৈ সি পুনৰ কলে ।
--- মোক ক্ষমা কৰি দিব পাৰিবা নে ।
উপমা আচৰিত হৈ পৰিল ইমান পৰিৱৰ্তন যে । কি কাৰণ । তাই একো নুবুজাৰ দৰে তাৰ মুখৰ ফালে ভেবা লাগি চাই ৰল ।
--- মই জানো মই তোমাক ইমান দিনে দোষী সজাই বহুত কষ্ট দিলোঁ । কিন্তু আজি মই সকলো বুজি পাইছো, তুমি নিৰ্দোষী উপা । বিনা কাৰণত বহুত কষ্ট সহ্য কৰিলা তুমি ।
তাৰ কথা শেষ নহওঁতে ফেঁকুৰী উঠিল উপমা । তাইৰ মুখত দুয়োখন হাতেৰে ধৰি সি আকুলতাৰে কলে ।
--- এই .... কিয় কান্দিছা । প্লিজ নাকান্দিবা ।
কান্দি কান্দি তাই তাক সাৱটি ধৰিলে । কিমান সুখী আজি তাই নিজে নাজানে । মনৰ মাজতে ভগৱানক হাজাৰবাৰ ধন্যবাদ জনালো তাই । কি এক মধুৰ সময় সেয়া বিয়াৰ পিছত প্ৰথম বাৰৰ বাবে অনুৰাগৰ বুকুৰ মাজত এনেকৈ সোমাইছে তাই । সি ও সমানে আবেগিক হয় পৰিছে তাইক আলফুলে বুকুৰ মাজত লৈ সি পুনৰ কলে ।
--- বহুত কন্দুৱালোঁ তোমাক আৰু নাকান্দিবা । হয়তো তোমাক বুজি পাওঁতে মোৰ বহুত দেৰি হল । কিন্তু আজি মই বুজিছোঁ সকলোবোৰ । এতিয়াৰ পৰা আমাৰ সপোন এটাই লক্ষ এটাই । কিন্তু তাৰ আগতে তুমি মোক এটা help কৰিব লাগিব ।
তাৰ কথা শুনি তাই তাৰ বুকুৰ মাজৰ পৰা মুখখন উলিয়াই এক প্ৰশ্ন বোধক দৃষ্টিৰে তালৈ চাই থাকিল ।
--- ৰেখাই আত্মহত্যা কৰা নাই উপা, তাইক হত্যা কৰা হৈছে ।
--- কি ......
হা....ৰেখাক হত্যা কৰিছে কোন .. কোন সেইজন ।
--- উৎপল ... আৰু .......
--- আৰু কোন ।
--- সেইজন এতিয়া ও সঠিক হোৱা নাই । সন্দেহত আছে কিন্তু কোনো প্ৰমাণ নোহোৱাকৈ কাকো দোষী বুলি কব নোৱাৰি ।
--- মানে মই ঠিক বুজা নাই ।
--- তুমি বিচৰানে ৰেখাই ন্যায় পাওক । তাইৰ হত্যা কৰি শাস্তি পাওক ।
--- যদি সচাই কোনোবাই ৰেখাক হত্যা কৰিছে মই তাক কেতিয়াও শাৰী যাব নিদিও । তাৰ বাবে মই যি কৰিব লাগে তাকে কৰিব সাজু আছো ।
--- ঠিক আছে তুমি কেৱল এটা কাম কৰিব লাগিব কালি ভণিতাৰ মোবাইলটো যেনেকৈ নহওক তুমি চুৰ কৰিব লাগিব ।
--- মই ঠিক বুজা নাই তুমি কি কৰিব বিচাৰিছা । আৰু ৰেখাৰ মৃত্যুৰ লগত ভণিতাৰ সম্পৰ্ক কি ।
--- সম্পৰ্ক আছে উপা বহুত ডাঙৰ সম্পৰ্ক আছে ।
--- তুমি মোক কথাবোৰ অলপ ভালকৈ বুজাই কোৱাচোন । মই ঠিক বুজা নাই তুমি কি কব বিচাৰিছা আৰু ভণিতা এইবোৰৰ মাজত কৰ পৰা আহিল ।
--- শুনা তেতিয়া হলে । যেতিয়া তোমাৰ মুখত মই ৰেখাৰ কথাবোৰ গম পালোঁ তেতিয়া বহুত চিন্তা কৰিলোঁ । তুমি যেনেদৰে কৈছা ৰেখাই তাইৰ সন্তানতো জন্ম দি ভৱিষ্যতে অকলে থকাৰ সিদ্ধান্ত কৰিছে । তেতিয়া হলে সেইজনী ৰেখাই কিয় হঠাতে আত্মহত্যা কৰাৰ সিদ্ধান্ত কৰিলে । ইয়াৰ আঁৰত নিশ্চয় কিবা ৰহস্য সোমাই আছে । সঁচা কথা কবলৈ গলে মোৰ সন্দেহ প্ৰথমে তোমাৰ ওপৰত হৈছিল । আৰু উৎপলৰ লগত তোমাৰ কি সম্পৰ্ক আছে সেয়া জানিবৰ কাৰণে মই উৎপলৰ পিছত মোৰ মানুহ এজন লগাইছিলো । মোৰ সন্দেহৰ ওপৰতে সেই মানুহজনে তোমালোকৰ ঘৰৰ এজন এজন মানুহৰ লগত উৎপলৰ সম্পর্কৰ বিষয়ে জানিব চেষ্টা কৰিছিল । কিন্তু কোনো ধৰণৰ প্ৰমাণ পোৱা নাছিল কাৰো ওপৰত । মাথো এইটো জনাইচিল যে উৎপল বিবাহিতো তাৰ এটা লৰা ও আছে ।
---- কি উৎপল আগতে বিয়া কৰোৱা ।
--- অ উপা সি কোনোবাৰ কথাত পৰি হে ৰেখাৰ লগত সম্পৰ্ক কৰিছিল ।
--- কি কৈছা তুমি এইবোৰ । কোন সেইজন ।
--- কোন সেইজন এতিয়া ও মই সঠিকৈ ধৰিব পৰা নাই । কিন্তু .....
--- কিন্তু কি ....
--- ভণিতাৰ ওপৰত মোৰ সন্দেহ হৈছে । প্ৰথম কথা তাইক লগ পোৱা দিন ধৰি তাই মোৰ personal কথাবোৰত বেছিকৈ সুমাই পৰিছে । মই কোৱাৰ আগতে তাই মোৰ কথাবোৰ সকলো গম পাইছে কিন্তু তাই কোৱা মতে তাই গুৱাহাটী আহিব বেছি দিন হোৱা নাই তেতিয়া হলে মোৰ ইমানবোৰ কথা তাই কত গম পালে । মই ও কিছু তোমাৰ কথা কৈছো তাইক প্ৰথমে তাইৰ ওপৰত মোৰ অলপ ও সন্দেহ হোৱা নাছিল । তাই প্ৰায়ে তোমাক ডিভোৰ্চ দিয়াৰ কথা কয় থকা হল । লাহে লাহে তাই মোৰ লগত ঘনিষ্ঠ হব চেষ্টা কৰিব ধৰিলে । তেতিয়া মোৰ সেই মানুহজনক মই ভণিতাৰ ফোটো দিলোঁ আৰু কেনেবাকৈ তাইক তাৰ মানুহে চিনি পায় নেকি জানিব চেষ্টা কৰিলোঁ । মোৰ সন্দেহে কামত দিলে । তাৰ কাষৰ মানুহ এজনে জনালে যে উৎপলৰ ঘৰত ভণিতাক সিহঁতে দুদিনমান অহা দেখিছে । কিন্তু এইটো বিষয়ে ভণিতাই মোক এবাৰ ও কোৱা নাই আনকি তাই যে উৎপলক চিনি পায় সেয়া ও মোক জানিব দিয়া নাই । মোৰ সন্দেহ বাঢ়ি গৈ থাকিল তাইৰ ওপৰত । আৰু আজি তাইক মই মোৰ চকুৰ আগত ৰাখিবৰ কাৰণে আমাৰ ঘৰত লৈ আহিলো । আৰু আহি এ তাই তোমাৰ ওপৰত যি ব্যৱহাৰ কৰিলে সেয়া দেখি মই নিশ্চিত হৈছিলোঁ যে তাই তোমাক যি কোনো প্ৰকাৰে খেদিব বিচাৰিছে । ইমানে নহয় মই যেতিয়া তাইৰ ৰুমত গৈছিলোঁ তেতিয়া তাই কোনোবাৰ লগত কথা পাতি আছিলে কোনোবাক ধমকি দি আছিলে, মই কথাবোৰ শুনি ও নুশুনাৰ ভাও জুৰি তাইৰ পৰা কথাটো উলিয়াব চেষ্টা কৰিছিলো কিন্তু তাই এবাৰলৈ ও নকলে ।
---- মই সুধিম তাইক তাই ৰেখাক কিয় মাৰিলে ।
--- নহয় উপা, দোষীয়ে কেতিয়াও দোষ কৰা বুলি স্বীকাৰ নকৰে । তাইৰ ওপৰত আমি চোকা দৃষ্টি ৰাখিব লাগিব । কিন্তু তাৰ আগতে তাই কাৰ কাৰ লগত সম্পৰ্ক আছে সেইটো জানিব লাগিব আৰু তাৰ বাবে তাইৰ মোবাইলতো যি কোনো উপায়েৰে লবই লাগিব ।
--- কিন্তু কেনেকৈ ।
--- তাই অফিচ যোৱাৰ আগতে তুমি যেনেকৈ পাৰা তাইৰ মোবাইলটো উলিয়াই ৰাখিবা । এবাৰ অফিচ সোমোৱাৰ পিছত তাই আৰু ইমান সোনকালে মোবাইল নিব ঘৰলৈ আহিব নোৱাৰে । মোবাইলতো পোৱাৰ পিছত বাকী যি কৰিব লাগে মই কৰিম । মাথো তুমি যেনেকৈ নহওক মোবাইলতো ৰাখিবই লাগিব । পাৰিবা নহয় তুমি ।
---- উম পাৰিম ৰেখাক ন্যায় দিবলৈ যি কৰিব লাগে মই তাকে কৰিম ।
কথাবোৰ আলোচনা কৰি দুয়ো শুই পৰিল ।
পিছদিনা ৰাতিপুৱা সকলো একেলগে বহি বেকফাৰ্ষ্ট কৰিব দি উপমা ভণিতাৰ ৰূমৰ ফালে খোজ ললে । ৰূমৰ সোমাই তাই লৰা লৰিকৈ মোবাইল বিচৰাত লাগি গল ।
--- কত আছে কত আছে ।
নিজৰ মাজতে কথা কৈ ৰূমটোৰ চব চালে । নাই কত থৈছে তাই মোবাইল তাইৰ হাতততো মোবাইলতো নাই তেতিয়া হলে । তাইৰ চকু পৰিল টেবুলৰ ওপৰত থকা বেগটোত অলপ ও সময় নষ্ট নকৰি তাই বেগটো খুলি চালে দেখিলে মোবাইলতো তাতে আছে । মোবাইলতো উলিয়াই হাতত লৈ এটা সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল উপমাৰ ওঁঠত ।
---- তুমি........???
হঠাৎ পিছফালৰ পৰা ভণিতাৰ মাত শুনি তাইৰ উচপ খাই উঠিল উপমা ।
আগলৈ ... ( অনুৰাগ আৰু উপমা মিলি আচল দোষীক ধৰিবলৈ সক্ষম হব নে ?
(ধাৰাবাহিক খনৰ ক'ভাৰত - সিমশ্ৰী শইকীয়া,আপোনাৰো ছবি আমাৰ গল্প,উপন্যাস,কবিতা আদিৰ ক'ভাৰত প্ৰকাশ কৰিব বিছাৰে নেকি? অধিক জানিবলৈ এই লিংকত ক্লিক কৰক - www.ছবি প্ৰকাশ.in )
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment