মনুষ্য জনমত যি কেৱল বিষয় সুখতে আয়ুস ক্ষয় কৰে, তেনে লোকসকলে যমৰ দুৰ্ঘোৰ শাস্তি ভোগ কৰি কোটি জনমলৈ কেৱল পাপহে অৰ্জ্জন কৰে | কিন্তু যিসকলে এই ঘোৰ সংসাৰৰ আশা সমূহ ত্যাগ কৰি কেৱল হৰি নাম কীৰ্তন কৰে, তেওলোকৰ জীৱন ধন্য হয় | একান্ত ভকতৰ সংগত সদায় হৰি কীৰ্তন কৰি থাকি ভক্তিৰ ব্যৱসায় কৰি নামৰ দোকান পাতিব লাগিব | অৰ্থাৎ সু সংগত থাকি নাম কীৰ্তন কৰি নানা পাৰমাৰ্থিক আলোচনাৰ দ্বাৰা নিজক অনুপ্ৰাণিত কৰিব লাগিব |
কথনে মথনে কেৱল হৰি গুণ নাম যশকে কীৰ্তন কৰি থকাই নামৰ সাধনা | এনেদৰে ভকতৰ সংগত নাম কীৰ্তন, পাৰমাৰ্থিক আলাপন যিমান বৃদ্ধি হয়, সিমানেই জগতৰ কল্যাণ হয় | সেয়ে মহাপুৰুষ জনাই বিষয়ৰ আশাসমূহ ত্যাগ কৰি, ভকতৰ সংগত অবিৰাম হৰি গুণ নাম কীৰ্তন কৰি থাকিবলৈ জীৱসমূহক উপদেশ দিছে | কৃষ্ণ কৃষ্ণ
( নামঘোষা ৰসামৃতৰ পৰা উদ্ধৃত )
সেৱাৰে- পূৰৱী মনি |
No comments:
Post a Comment