একো ভাবি নাপাই তাই কঁকালৰ আগফালে মোবাইলতো খুচি লৈ চাদৰৰ আচলৰে ঢাকি লৈ তাইৰ ফালে অলপ সহজ হৈ ঘূৰি দিলে । ভণিতাই তাইৰ ফালে এক আচৰিত দৃষ্টিৰে চাই পুনৰ সুধিলে ।
--- তুমি এনেকৈ মনে মনে ইয়াত কি কৰি আছা ।
--- আ ... নাই মানে ....
হঠাতে কি কওঁ কি নকওঁ লাগি গল তাইৰ । এনেকুৱা পৰিস্থিতিত তাই জীৱনত কোনো দিনে পৰি পোৱা নাই ।তথাপিও তাইৰ সন্দেহ নোহোৱাকৈ তাই কলে ।
--- মানে ৰাতি এনেকৈ ৰূমটোত থাকিব দিলোঁ যে ভালকৈ চোৱাই নহল কৰবাত লেতেৰা ও হয় থাকিব পাৰেতো, সেই কাৰণে চাবলৈ আহিলো । আচলতে এইটো ৰুমত তেনেকৈ মানুহ থকা নাযায় সেই কাৰণে অলপ লেতেৰা হয় আছে । কাম কৰা মানুহজনী আহিলে মই ৰূমটো চাফা কৰি দিম ।
--- অহ... ঠিক আছে ।
দুয়ো কথাপাতি থাকোতে অনুৰাগে আহি ভণিতাক মাতিলে ।
--- ভণিতা জল্ডি কৰা দেৰি হৈছে ।
আচলতে অনুৰাগে ও ভয় খাইছিল উপমা ধৰা পৰি যায় বুলি । সেই কাৰণে ভণিতা উঠি অহা দেখি সি ও তাইৰ পিছে পিছে আহিছিল ।
অনুৰাগৰ মাত শুনি তাই উপমাৰ কাষৰ পৰা বেগটো লৈ নামি আহিল ।
এক স্বস্তিৰ নিশ্বাস এৰিলে উপমাই । মোবাইলতো উলিয়াই হাতত লৈ কেনেবাকৈ লকটো খুলিব পাৰে নেকি চাব ধৰিলে ।
গেটৰ সন্মুখ পাই ভণিতাই মোবাইলটো উলিয়াও লওঁ বুলি বেগতো চালে ।
হাৰে কি হল মোবাইলতো । মইতো বেগত এ সোমাই লৈছিলো । কেনেবাকৈ উপমাই........
নাই . তাইৰ মোবাইলতোৰ ভিতৰত বহুত বস্তু সোমাই আছে কোনো কাৰণতে তাই সেইটো বেলেগৰ হাতত যাব দিব নোৱাৰে । মনৰ মাজত কথাবোৰ ভাবি তাই আকৌ ভিতৰলৈ সুমাই যাব ধৰিলে । তাই যোৱা দেখি অনুৰাগে গাড়ীৰ পৰাই মাত লগালে ।
--- ভণিতা কি হল আকৌ দেৰি হৈছে আহা ।
--- অনুৰাগ just 2mini ।
--- আৰে ভণিতা শুনা...........
নাই তাই তাৰ কথা শুনিব একেবাৰে সময় নাই । এক প্ৰকাৰ দৌৰি যোৱা দি তাই ৰুমলৈ গল ।
অনুৰাগৰ ভয় লাগিল কেনেবাকৈ তাই মোবাইল নোহোৱা কথাটো গম পোৱা নাইতো । হে ভগবান উপমাক বচাবা,, সি লৰালৰিকৈ উপমালৈ ফোন লগালে । নাই তাই তাৰ ফোন ৰিচিভ কৰা নাই সি পুনৰ লগালে তাইৰ কোনো সঁহাৰি নাই । তাৰ মনত ভয় লাগিল কেনেবাকৈ তাইক যদি আৰু ভণিতাই তাইৰ ৰুমত দেখে তেতিয়া হলে কথাটো বেয়া হব । কি কৰা যায় ।
ইফালে উপমাই ও ভণিতাৰ মোবাইলতোৰ কিবাকৈ লকতো খুলিব পাৰি নেকি চেষ্টা কৰি আছে । কিন্তু তাই পৰা নাই । এনেতে তাইৰ হাতৰ পৰা কোনোবাই মোবাইলতো কাঢ়ি লৈ গল ।
মূৰ দাঙি চাই দেখে সন্মুখত ভণিতা । এক খঙাল দৃষ্টিৰে তাইলৈ চাই আছে । উপমাৰ ভয় লাগিছিল যদি ও নিজকে অলপ সহজ কৰি কলে তাই ।
---- মোবাইলতো বিচনাতে পৰি আছিলে । কাৰ মোবাইল চাব লওঁতে তুমি আহিলা । পাহৰি গৈছিলা নেকি ।
--- পাহৰা নাছিলোঁ হয়তো কোনোবাই মনে মনে উলিয়াই ৰাখিছিল ।
---- মানে কি কব বিচাৰিছা তুমি ।
বাহিৰৰ অনুৰাগে একে উশাহতে গাড়ীৰ হৰ্ণ মাৰি আছে । এক বেলেগ দৃষ্টিৰে উপমালৈ চাই তাই কলে ।
---- তোমাৰ হিচাপ মই কৰি আছো ।
কথাকেইতা কৈ তাই ওলাই গল ।
---- ছেহঃ..........
নিজৰ ওপৰতে খং উঠিল উপমাৰ এটা কাম ও ভালকৈ কৰিব নোৱাৰিলে । ওলাই আহিল তাই তাৰ পৰা । ৰুমলৈ আহি তাইৰ মোবাইলতো চাই দেখিলে অনুৰাগৰ 5তা কৈ মিছকল ।
তাৰ মানে তাইক সাৱধান কৰিবলৈ অনুৰাগে তাইক ফোন কৰি আছিল । কিন্তু তাইৰ ৰুমত মোবাইলতো থকা কাৰণে তাই গমে নাপালে ।
----- ছেহঃ, কি কৰা যায় এতিয়া । কেনেকৈ গম পাব তাইৰ উৎপলৰ লগত সম্পৰ্ক কি । আৰু এতিয়া তাইৰ ও মোৰ প্ৰতি সন্দেহ হৈছে । কি কৰা যায় কি কৰা যায় ।
নিজৰ মনতে কথাবোৰ ভাবি তাই ৰুমটোত ভিতৰতে চটফটাই ফুৰিব ধৰিলে ।
--- নাই এনেকৈ থাকিলে নহব । যিমান সোনকালে পাৰে তাইক ধৰিবই লাগিব । তাইক এনেকৈ মুকলি আকাশৰ তলত আৰু বেছি দিন থাকিব নিদিও । অতি সোনকালে তোমাৰ আচল ৰূপ মই সকলোৰে আগত দাঙি ধৰিম । আৰু আমাৰ সকলোৰে মৰমৰ ৰেখাৰ আত্মাক শান্তি দিম ।
দিনটো ইটো সিটো ব্যস্ততাৰ মাজতে ধৰণীৰ বুকুত সন্ধিয়া নামি আহিল । অনুৰাগ আৰু ভণিতা আহি ঘৰ সোমাল । অনুৰাগে ইংগিতেদি উপমাক ওপৰলৈ মাতিলে । তাই ও সি যোৱাৰ পিছে পিছে ৰুম পালে ।
--- মোক মাফ কৰি দিয়া অনুৰাগ । মই সেই সাধাৰণ কামটো ও কৰিব নোৱাৰিলোঁ ।
তাইক কাষচপাই আনি সি কলে ।
---- একো নাই দিয়া এবাৰ ফেল হলো কি হল । তুমি মোৰ লগত আছা যেতিয়া আমি ভবা মতে সফল হম এ । আৰু মোৰ ভয় লাগিছিল তুমি ধৰা পৰি যোৱা বুলিহে ।
--- আচলতে ...... তাই সকলো কথা কলে অনুৰাগক ।
---- তাৰ মানে তাই তোমাৰ ওপৰত সন্দেহ কৰিছে । গতিকে আমি যি এ নকৰোঁ বহুত সাৱধানে কৰিব লাগিব ।
তাই অনুৰাগক সাৱটি ধৰিলে । সি ও তাইৰ মূৰত হাত বুলাই কলে ।
---- চিন্তা নকৰিবা, আমি ৰেখাক ন্যায় দিম এ ।
---- কিন্তু কিমান দিন আৰু ।
---- মই এটা বস্তু আনিছোঁ আজি ।
---- কি বস্তু ।
অনুৰাগে বেগৰ পৰা এটা সৰু পেকেট উলিয়াই আনিলে । বস্তুতো চাই তাই একো ধৰিব নোৱাৰি তাৰ মুখৰ ফালে চাই সুধিলে ।
---- কি এইটো ।
---- কেমেৰা ।
---- কেমেৰা, ?
---- উম এইটো আমি ভণিতাৰ ৰুমত মনে মনে লগাই থম কোনেও গম নোপোৱাকৈ । আৰু তাই কাৰ লগত কথা পাতে কি কৰে আমি সকলো গম পাম । কালি আমি অফিচ যোৱাৰ পিছত তুমি এই কেমেৰাতো তাইৰ ৰূমৰ এটা গোপন ঠাইত লগাই থবা, কিন্তু এটা কথাত ধ্যান দিবা কোনো কাৰণতে যাতে তাইৰ চকু কেমেৰা নপৰে । পাৰিবা নহয় ।
---- উম ।
হঠাতে অনুৰাগে তাইৰ মুখত টিপি ধৰি এক খঙাল দৃষ্টিৰে তাইলৈ চালে । তাই একো এ ধৰিব নোৱাৰিলে । উপমাই কিবা বুজি পোৱাৰ আগতে তাইক ঠেলা মাৰি বিচনাত পেলাই দি গৰজি উঠিল সি ।
---- মোৰ ইমান কাষলৈ আহিবলৈ তোৰ সাহস কেনেকৈ হল ।
বিচিনাত পৰি যোৱা উপমাক সি আকৌ বিচনাৰ ওপৰতে ডিঙিত চেপি ধৰাৰ দৰে কৰি ইংগিতেদি বাহিৰৰ ফালে দেখুৱাই দিলে । আৰ চকুৰে বাহিৰলৈ চাই দেখিলে ভণিতা দৰ্জাৰ ফাঁকেৰে সিহঁতক চাই আছে । সি পুনৰ কলে ।
---- যিমান সোনকালে পাৰো ডিভোৰ্চ পেঁপাৰত চহী কৰি দিবি । নহলে তোক এনেকুৱা অৱস্থা কৰিম তই সপোনত ও ভাবি নাপাবি বুজিলি ।
---- এৰি দিয়া প্লিজ দুখ পাইছো ।
---- এৰি দিব লাগে হা । ডিভোৰ্চ পেঁপাৰত চহী কৰিবি নে নকৰোঁ ।
---- তুমি যি কোৱা মই তাকে কৰিম প্লিজ মোক এৰি দিয়া ।
উপমাক এৰি দি সি চাওঁ বুলি এ বাহিৰলৈ চাই পঠিয়ালে । হঠাতে ভণিতাক দেখাৰ দৰে কৰি সি অলপ অপ্ৰস্তুত হোৱাৰ দৰে কৰি তাইক মাত লগালে ।
--- তুমি ইয়াত ।
মনে মনে চাই থকা ভণিতাই অনুৰাগৰ কাষত ধৰা পৰি যোৱাৰ দৰে হল । তথাপিও লগে লগে বুদ্ধি সাজি তাই কলে ।
--- নাই মানে এইফালে আহি থাকোতে । তোমালোকৰ ৰুমত অলপ হুলস্থুল শুনি ৰৈ দিলো । চব ঠিকে আছেতো ।
তাইক দেখাবলৈ উপমাৰ ফালে অলপ খঙত চাই সি কলে ।
---- ঠিক কৰিব হে চেষ্টা কৰি আছো ।
--- ঠিক আছে দিয়া মই আহিছো ।
তাই তাৰ পৰা গুচি গল । বিচনাত এ পৰি ৰোৱা উপমাক উঠাই লৈ অনুৰাগে কলে ।
---- sorry ... দুখ পালা নেকি কৰবাত ।
তাই এটা মিচিকিয়া হাঁহি মাৰি তাক সাৱটি ধৰিলে ।
ৰাতিৰ সাজ খাই সকলো বিচনাত পৰিল । কি কৰা যায় কথাবোৰ ভাবি ভাবি অনুৰাগৰ বহু ৰাতিলৈ টোপনি নাহিল । দেৰিকৈ তাৰ চকুত টোপনি আহিছিল ।
ৰাতিপুৱা উপমাই গা ধুই কাপোৰ মেলিবলৈ চাদৰ ওপৰত গৈছিল । এক মনে তাই কাপোৰ মেলাত ব্যস্ত হৈ আছিল । ভণিতা তাইৰ পিছে পিছে ওপৰ পাইছিল । কোনোবা অহা যেন পাই ঘূৰি চালে উপমাই । নাই কোনো নাই । তাই আকৌ নিজৰ কামত ব্যস্ত হৈ পৰিল । তেনেতে তাইক কোনোবাই গতিয়াই দিলে ।
----- আ................
তলত পৰি গল উপমা । অনুৰাগে দেখিলে ভণিতাই তাইক পেলাই দি হাঁহি আছে । সি তীব্ৰ জোৰে চিঞৰি উঠিল ।
------ উপা..........
আগলৈ…
(ধাৰাবাহিক খনৰ ক'ভাৰত - সিমশ্ৰী শইকীয়া,আপোনাৰো ছবি আমাৰ গল্প,উপন্যাস,কবিতা আদিৰ ক'ভাৰত প্ৰকাশ কৰিব বিছাৰে নেকি? অধিক জানিবলৈ এই লিংকত ক্লিক কৰক - www.ছবি প্ৰকাশ.in )
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment