ফাৰহানৰ হিয়া খনি আজি ভাগি চূৰমাৰ হ'ল ! সি নিজক পাহৰি পেলালে | অ সি ৰেললাইন আহি পালে | সি আৰু জীয়াই নাথাকে,সি ৰাধিকাক পাহৰি জীয়াই থাকিব নোৱাৰে ! তেনেতে পাছফালৰ পৰা তাৰ কান্ধত কাৰোবাৰ হাতৰ স্পৰ্শ অনুভৱ কৰিলে |
- ফাৰহান !
সি পাছলৈ ঘূৰি চালে
- ৰেহেনা তই !
- উম মই ! তই ইয়াত কিয় আহিছ ?
- মৰিবৰ বাবে !
- কি !
- পাগল হৈছ তই !
- অ পাগল হৈছো মই,পাগল কৰিছে তাই মোক আৰু পাগল কৰি এতিয়া তাই মোক এৰি থৈ গ'ল অ ৰেহেনা !
- শুন ফাৰহান যি হয় ভালৰ বাবে হয় ! আৰু যি হব সেয়াওঁ ভালৰ কাৰনে হব | ব'ল এতিয়া ঘৰলৈ ব'ল !
- কিন্তু,,,,,,,
- কোনো কিন্তু নাই ব'ল,,,,,,
ৰেহেনাই ফাৰহানক হাতত ধৰি লৈ গ'ল |
ৰাধিকা অবিহনে সি সুন্দৰপুৰ গাওঁ খনত কেনেকে জীয়াই থাকিব | যি সুন্দৰ পুৰত ৰাধা হাঁহিয়ে তাক পাগল কৰিছিল |নৈ পাৰত সি কেনেকে যাৱ যি নৈৰ পাৰত সি ৰাধাৰ লগত বেছি সময় কতাইছিল | ফাৰহান আজি সঁচাই ভাগৰুৱা |
- ফাৰহান ভাত দিয়া আছে খাগৈ যা !
দেউতাকৰ উত্তৰত সি কৈছিল
- ভোক নাই
- ঐ তোৰ ভালৰ বাবে হে তোক মই,,,,,,
- বুজিছো বাবা,কিন্তু মোৰ
সি ঘৰৰ পৰা ওলাই আহিছিল |
সি নৈৰ পাৰত যাৱ,নৈৰ লগত কথা পাতিব,গছবোৰক ৰাধাৰ কথা সুধিব |নৈৰ ঘাটলৈ বুলি খোজ দিলে,কিছু দুৰ যোৱাৰ পাছত সি ৰমেন কাইৰ দোকানৰ সন্মুখত পলাশ আৰু তনুজ ক দেখিলে !
- সুন্দৰ পুৰৰ হিৰ' ওলাইছে,,,,
পলাশে কৈছিলে |
- এতিয়া চাল্লা জিৰ'
দুয়ো খিলখিলাই হাঁহিছিল | যি হাঁহিয়ে তাক বৰকৈ আঘাট কৰিছিল | সি আকৌ উভতি ঘৰলৈ আহিলে |
এটা নতুন ঘৰ, নতুন পৰিবেশ | গুৱাহাটী চহৰৰ এটা ডাঙৰ এপাৰ্টমেন্টৰ ৰাধিকা হত বৰ্তমানৰ বাসিন্দা | ৰাধিকাই সন্ধিয়া এবাৰ এপাৰ্টমেন্টৰ চাদৰ ওপৰত আহিলে | তাই এবাৰ সুউচ্চ অট্রালিকাৰ পৰা সন্ধিয়াৰ গুৱাহাটী খন চাইছিল |
বিজুলীবাটিৰ পোহৰত গুৱাহাটী খন ৰঙীন হৈ পৰিছিল | মূহুৰ্ত্ততে তাই পাহৰি গ'ল সুন্দৰ পুৰক |এতিয়া তাই গুৱাহাটীৰ বাসিন্দা | এই গুৱাহাটীতে তাই ৰছিব এতিয়া অনাগত দিনৰ সপোন বোৰ |
নিশাৰ লগে লগে ফাৰহান বিচনাত পৰিছিল | সি বহু প্রতীক্ষা কৰিছিল | ৰাধিকাৰ এটা ফোনৰ বাবে |কিন্তু নাই তাইৰ এটা ফোন নাহিলে | সি এইবাৰ হোৱাটচ্ আপটো অন কৰি চালে ৰাধিকা " অনলাইন " লগে লগে সি ৰাধিকালৈ এটা মেচেজ চেন্ট কৰিলে " ৰাধিকা কি কৰিছা "
বহু সময় সি প্রতীক্ষা কৰিলে যে ৰাধিকাই কিবা এটা ৰিপ্লাই কৰিব কিন্তু নাই তাই ৰিপ্লাই কৰা দূৰৰ মেচেজটো খুলি চোৱা নাই !
সি অধৰ্য্য হৈ পৰিছিল তাইৰ অনলাইন দেখি ! সি আকৌ এটা মেচেজ চেন্ট কৰিছিল " ৰাধিকা মোক জ্বলাই নামাৰিবা প্লীজ "
কিন্তু নাই তাই ঘন্টাৰ পাছত ঘন্টা অনলাইন কিন্তু তাৰ মেচেজ খুলিওঁ চোৱা নাই ! সি খংত জ্বলি গৈছিল -
" তই মোক কি বুলি ভাৱিছ হা ! এটা ৰিপ্লাই কৰিবলৈ তোৰ সময় নাই,ঠিক আছে তোৰ আৰু মোৰ মেচেজ বোৰ সকলোকে দেখাই দিম দেখক সকলোৱে "
এয়া মাত্র সি কৈছিল তাই কৰা প্রতৰণাৰ দাহত জ্বলি ! কিন্তু বাস্তৱত ফাৰহানে তেনে কৰিব নোৱাৰে,তেনেকে কৈ হ'লেওঁ সি তাইৰ ভালপোৱাঁ আদায় কৰিব বিচাৰিছিল |কিন্তু নাই তাইৰ একো ভ্রুক্ষেপ নাই | সি চকুপানী মছি শুই যাৱ চেষ্টা কৰিছিল | কিন্তু তাৰ চকুত অহৰহ ভাহি উঠিছিল " ৰাধিকা " |
আজি ৰাধিকাই গুৱাহাটী বিশ্ববিদ্যালয়ত যাৱলৈ ওলাল | ইতিমধ্যে তাইৰ এডমিচন গুৱাহাটী বিশ্ববিদ্যালয়ত হৈছিল |যেন তাইৰ জীৱনত আজি নৱ প্রভাত | সপোনৰ ৰাধিকাৰ আজি যাত্রা কৃষ্ণ চূড়াৰ দেশত | য'ত আজি ৰোপন হব সুন্দৰী ৰাধা চূড়াৰ |
বগা চুৰিদাৰ জোৰত সেউজীয়া ফুল | গোলপীয়া দোপাট্রা খন ! ষ্টেপ কৰা ছুলি খিনি বতাহত খিলখিলাই হাঁহিছিল | দূভৰিত পায়েলৰ জুনুক জুনুক মাত | কৃষ্ণ চূড়াৰ ৰঙীন দেশত সোমাই গৈছিল ৰাধিকা সুন্দৰী | তাইক দেখাৰ লগে লগে প্রতিজন ল'ৰাৰ চকু কেবল ৰাধিকালৈ |
নূপুৰ বাজিছে ,,,,,,
দুভৰিত ৰুনজুন !
হঠাত তাইৰ ফোনটো বাজি উঠিছিল | " ফাৰহান "
- হেল্ল'
- ৰাধিকা ক'ত আছা ! কি কৰিছা
- চোৱা ফাৰহান আমাৰ প্রেম কেতিয়াবাই শেষ | হ'ল যি প্রেমৰ ভৱিষ্যত নাই সেই প্রেম জীয়াই ৰাখি লাভ নাই,মই মোক সলনি কৰিলো | তুমি ও সলনি হব চেষ্টা কৰা | বন্ধু হিচাপে কেতিয়াবা খৱৰ লবা |
- প্লীজ ৰাধিকা তুমি সলনি নহবা | প্লীজ,,,, ,/p>
তাই ফোনটো কাতি দিছিলে | তাই আগুৱাইছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ " অসমীয়া বিভাগৰ " ক্লাছ ৰুমত |
- হাই , মই প্রজ্ঞা
- আৰু মই ৰাধিকা |
- তুমি ইমান ধুনীয়া
- ...........
তাই হাঁহি দিছিলে | লগে লগে তাইৰ গাল দুখনত ডিম্পল পৰিছিল | বেৰত আউজি থকা নিয়ৰে তাইক একেথৰে চাই আছিলে |তাইৰ চকু ও নিয়ৰৰ ফালে গৈছিলে |
- এই কি চাই আছা সেয়া মোৰ ভাল বন্ধু " নিয়ৰ " ,নিয়ৰ এয়া " ৰাধিকা "
প্রজ্ঞাই দুয়োকো চিনাকী কৰাই দিছিলে |
নিয়ৰে হাত খন জোকাৰি তাইক হাই দিছিলে | আৰু ৰাধিকাই দিছিলে " নমস্কাৰ " |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন যাত্রা ৰাধিকাৰ | নতুন বন্ধু নিয়ৰ আৰু বান্ধৱী প্রজ্ঞা | নতুন দিশে গতি কৰিব এতিয়া সুন্দৰী ৰাধিকাৰ জীৱন |
ৰাতিপুৱাঁই ফাৰহানে হাতত বেগটো ল'লে আৰু দেউতাকৰ ওচৰ চাপিলে
- বাবা মই আহো,,,,,
ফাৰহানক দেখি আব্দুল আচৰিত |
- ক'লৈ যাবি ?
- গুৱাহাটী লৈ |
- কিন্তু কিয় !
- জীৱনটোৰ নতুন গতি লগাবলৈ,,,,,,আহো
- ফাৰহান ঐ ফাৰহান শুনছোন !
কিন্তু সি নুশুনিলে সি ওলাই আহিল ঘৰৰ পৰা | ৰাধিকাক পাহৰিবলৈ সি ও জীৱনটোক নতুন কৈ গঢ় দিব | সিও দেখাৱ এজন ভাল মানুহ হিচাপে গঢ়ি | সুন্দৰপুৰ এৰি ফাৰহানৰ যাত্রা চহৰলৈ আজি |
ৰাধিকাই এতিয়া উমলি ফুৰে প্রজ্ঞা আৰু নিয়ৰৰ লগত | সেউজীয়া দেশত সিহতে বিচাৰি ফুৰে নতুনত্ব |
- ৰাধিকা ব'লা আমি অকমান আজি ফুৰিবলৈ যাওঁ !
প্রজ্ঞাৰ কথাত ৰাধিকাই সুধিলে !
- ক'ত যাবা নো ?
- পাৰ্কত | লগত নিয়ৰ ও যাৱ |
- উম ব'লা তেন্তে !
উৰি ফুৰিব মন সিহতৰ | সিহতে যাত্রা কৰিলে আজি মনৰ আনন্দ লভিবলৈ ! এনেকৈয়ে বিশ্ববিদ্যালয়ত মনৰ আনন্দত নাছি ফুৰিছিল ৰাধিকাই | নিজক সলনি কৰাৰ স্বাৰ্থত তাই ও আজি সময় দিছিল প্রজ্ঞা আৰু নিয়ৰক | সিহতে মহানগৰীৰ ব্যস্ত ৰাস্তাটো পাৰ হব লৈছিল | প্রজ্ঞা আৰু নিয়ৰে পাৰহৈ গ'ল ! ঠিক তেনেতে ৰাস্তাৰ সোমাজত ৰাধিকাৰ চকুত পৰিল ফাৰহানে এখন দোকানৰ সন্মুখত ৰৈ আছিল | তাক দেখি তাই পাহৰি গ'ল আগুৱাবলৈ | তেনেতে স্পীডত অহা এখন গাড়ীয়ে মহতিয়াই লৈ গ'ল ৰাধিকাক |
- ৰাধিকা !
নিয়ৰ আৰু প্রজ্ঞাই চিঞৰি উঠিল | মূহুৰ্ত্ততে ৰাঙলী হ'ল ৰাধিকা | তেজে ধুৱাই পেলালে তাইৰ মুখনি |
সীমাহীন যন্ত্রনাৰ পাছত ও ৰাধিকাৰ দুচকুই বিচাৰি আছিলে ফাৰহান ক ! মানুহৰ মুখ বোৰ তাই ভালকৈ চাইছিল | কিন্তু ফাৰহানক দেখা নাছিলে |
ক্ৰমশঃ
ধাৰাবাহিক খনৰৱপ্ৰথম খণ্ড - https://www.smj24.in/2021/01/blog-post_24.html
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment