লুৰিণজ্যোতিৰ সপেক্ষে আৰু বিপক্ষে কি কলে ৰইজে ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 19, 2020

লুৰিণজ্যোতিৰ সপেক্ষে আৰু বিপক্ষে কি কলে ৰইজে ?


অসমৰ ৰাজনৈতিক ক্ষেত্ৰত নতুনকৈ আত্মপ্ৰকাশ কৰা "অসম জাতীয় পৰিষদ" দলটোৰ প্ৰথম গৰাকী ৰাজ্যিক সভাপতি লুৰিণজ্যোতি গগৈ।এই সন্দৰ্ভত ৰাইজৰ মতামত বিছাৰি প্ৰায় এটা দিন পূৰ্বে SMJ24 ফেচববুক গ্ৰুপ আৰু পেজত এটা প'ষ্ট দিয়া হৈছৈল।আৰু বৰ্তমানলৈকে তিনিশৰো অধিক লোকে তেওঁলোকৰ মতামত কমেণ্ট বক্সত আগ বঢ়াইছে।
ইয়ৰে ভিতৰত প্ৰয়া ৫০ শতাংশই লুৰিণজ্যোতিৰ সপেক্ষে আৰু ৫০ শতাংশই লুৰিণজ্যোতিৰ বিপক্ষে মতামত আগ বঢ়াইছে।আমাৰ প'ষ্টোত সঁহাৰি জনোৱা প্ৰতিগৰাকীলৈকে ধন্যবাদ, সকলোৰে মতা মত ইয়াত প্ৰকাশ কৰাটো সম্ভব নহয় যদিও নিৰ্বাচিত ৬০ টা বিশেষ মতামত আমি আপোনালোকলৈ লৈ আহিছো।


প্ৰথমেই চাই লও আহক সপেক্ষে আগ বঢ়োৱা মতামত সমূহ- 

১)ৰজ্জাক হক :

অসম জাতীয় পৰিষদৰ নৱ-নিৰ্বাচিত প্ৰথম গৰাকী সভাপতি লুৰিণজ্যোতি গগৈ দেৱলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ ৷ আশা কৰো অনাগত দিনত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সম উন্নয়ন আৰু জাতীয়তাবাদৰ প্ৰকৃত ছবি অসমবাসীৰ আগত দাঙি ধৰিবলৈ সক্ষম হব ৷ বৰ্তমান ৰাজনৈতিক নেতাসকলৰ চলাহী কথা, প্ৰলোভন আৰু নিজৰ স্বাৰ্থৰ কাৰণে যিকোনো ধৰনৰ পন্হা গ্ৰহণ কৰা আদি সকলৰ পৰা পৃথক হব বুলি আমাৰ বিশ্বাস  ৷


২) জ্যোতি গগৈ ভৰালী :

আন্তৰিকতাৰে শুভকামনা জনালোঁ । আগবাঢ়ি যাওক আৰু জাতিটোৰ বাবে নিজৰ স্বাৰ্থ ত্যাগ কৰি দেশখন ৰক্ষা কৰক ।


৩) হেমন্ত বৰা :

শুভেচ্ছা জ্ঞাপন কৰিলো । আশাবেচি নকৰো আৰু এতিয়াই সলাগৰে ওপচাই নিদিও অনাগত দিনত তেখেতৰ অসমৰ বাবে কৰা কৰ্মই তেখেতৰ জাতিয়তা বাদৰ পৰিচয় , সততাৰ পৰিচয় দিব ।


৪) মিনতি বৰা :

অসম তথা জাতিৰ ৰক্ষা কৱস বুলি আপোনাৰ ওপৰতে ভৰসা কৰিছো আগুৱাই যোৱাৰ কামনাৰে ধন্যবাদ । জয় আই অসম  ।


৫) চুমিয়া হামিদ চুকাফা :

আগ বাঢ়ক, কাম কৰি যাওক ,পৰিচয় আপোনা-আপুনি আহিব ।


৬) চেতন প্ৰবিৰ সন্দিকৈ :

লুৰিণ সভাপতি হৈছে,আমাৰ শুভেচ্ছা সদায়ে আছে আৰু থাকিব।কিন্তু অহা বছৰৰ বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ নকৰাটো ভাল হ'ব।অংকটো হ'ল... জাতীয় পৰিষদ নিৰ্বাচনত অৱতীৰ্ণ হ'লেই, বিজেপিৰ জয় হ'ব। বিজেপিৰ জয় যদি বিচাৰিছে,তাতো আমাৰ ক'বলগীয়া একো নাই।


৭) উষা কোঁৱৰ :

আশা আকাংক্ষা বহুত... নঠগিব


৮) ৰাহুল মাধব :

আঞ্চলিকতাবাদৰ নতুন সূচনা হ'ব বুলি আশা কৰিলো। আঞ্চলিকতাবাদে আকৌ মূৰ দাঙি উঠক।।আগৰ হালে নোৱাৰিলে বুলি যে পিছৰ চামেও নোৱাৰিব তেনে কথা নাই। আঞ্চলিকতাবাদ ৰাষ্ট্ৰীয়তাবাদত কৈ সদায় শ্ৰেষ্ঠ।।ঘৰ ঘৰেই,ঘৰৰ‌ ল'ৰাই ঘৰৰ কথাই ভাবিব, আনৰ ল'ৰা জনতকৈ অসম খনক বেছি গুৰুত্ব দিব।। অসমী আইৰ সুযোগ্য সন্তান বুলি লুৰিনে পৰিচয় দিয়ক। জাতীয়তাবাদ একেই থাকক।।নেতা নহয় অসমীয়াৰ সাহস হওক লুৰিণ। হাজাৰ ধুমুহাৰ পিছত জুবিন গাৰ্গে মাত মাতিলে যুৱ চামে যেনেকৈ সাহস পায় তথা জুবিন দাই মাত মাতিছে আৰু চিন্তা নাই বুলি ভাবে,লুৰিণো তেনেই হওক।।জয় হওক লুৰিণৰ যাত্ৰা।


৯) চাও বিকাশ বুঢ়াগোহাঞ :

হাতীৰ নেজ দুডাল বুলি সৰুতে ভাবিছিলোঁ। কিন্তু কথাষাৰ এফালৰ পৰা চালে হয় যেনেই লাগে। সময়ে নতুনত্বক প্ৰাধান্য দি আহিছে আৰু দিন বাগৰাৰ শেষত হিয়া উজাৰি কন্দাৰ ইতিহাসৰ পাতত সময়ে লিখাৰ পৃষ্ঠা আজিও লিখিত আছে। আশা কৰোঁ সকলোবোৰ যাতে একে পানীৰ মাছ নহওঁক। জন্মভূমিৰ হকে কাৰাবাস খাটি থকা জনকো এনেদৰেই অসমী আইয়ে বুকুত স্থান দি সকলো এক এনাজৰীৰে বান্ধখাই সোণালী অসম খনক জিলিকাই তুলবি বুলি মই আশাবাদী। শেষত নৱ গঠিত পৰিষদ খনৰ  ৰাজ্যিক সভাপতি গৰাকীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।


১০) দেবজানি চহৰীয়া :

অলেখ শুভকামনা৷হয়তো কামেৰেই ৰাইজক উত্তৰ দিব ৷অসমীয়া ৰাইজৰ বাবে সঁচা সাহস হঁওক আমি এতিয়াও আশাবাদী৷


১১) লক্ষজিৎ দাস :

আঞ্চলিকতাবাদৰ নতুন সূচনা হ'ব বুলি আশা কৰিলো। আঞ্চলিকতাবাদে আকৌ মূৰ দাঙি উঠক।।আগৰ হালে নোৱাৰিলে বুলি যে পিছৰ চামেও নোৱাৰিব তেনে কথা নাই। আঞ্চলিকতাবাদ ৰাষ্ট্ৰীয়তাবাদত কৈ সদায় শ্ৰেষ্ঠ।।ঘৰ ঘৰেই,ঘৰৰ‌ ল'ৰাই ঘৰৰ কথাই ভাবিব, আনৰ ল'ৰা জনতকৈ অসম খনক বেছি গুৰুত্ব দিব।। অসমী আইৰ সুযোগ্য সন্তান বুলি লুৰিনে পৰিচয় দিয়ক। জাতীয়তাবাদ একেই থাকক।।নেতা নহয় অসমীয়াৰ সাহস হওক লুৰিণ। হাজাৰ ধুমুহাৰ পিছত জুবিন গাৰ্গে মাত মাতিলে যুৱ চামে যেনেকৈ সাহস পায় তথা জুবিন দাই মাত মাতিছে আৰু চিন্তা নাই বুলি ভাবে,লুৰিণো তেনেই হওক।।জয় হওক লুৰিণৰ যাত্ৰা।


১২) মিনাৰাম বৰুৱা :

আমি লুৰিনজ্যোতি নামৰ আদৰ্শবাদী সত্তাটোৰ পৰা বহু আশা কৰিছোঁ ৷ বিধ্বস্ত ৰাজনীতিৰ পৰা মূল্যবোধৰ ৰাজনীতিলৈ এই প্ৰতিবাদী অনুষ্ঠানটো এদাল সাঁকো হওক ৷ মূল্যবোধৰ ৰাজনীতি আৰম্ভ হওক ৷


১৩) সুভাষ গগৈ :

আঞ্চলিকতাবাদ নেতৃত্বৰ প্ৰথম প্ৰত্যাহ্বান হব বৃহৎ নদীবান্ধ বন্ধ কৰাতো ৷ কাৰণ বহু দূৰ্ত গতিত নদীবান্ধ বনাই আছে কেন্দ্ৰীয় চৰকাৰে ৷ ৰাজ্য চৰকাৰে তাক বন্ধ কৰিবলৈ সক্ষম হোৱতো হব এক লক্ষণীয় সফলতা ৷ 

   অসমত আঞ্চলিকতাবাদ শক্তিশালী ৰূপত প্ৰতিষ্ঠা হোৱাতো মনে প্ৰাণে কামনা কৰো ৷


১৪) বিজয় বৰগোহাঞ :

আৰু ভাল মানে বহুত ভালকৈ দলটো আগবাঢ়িব পাৰিলে হয় । যদিহে অখিল গগৈ দেৱক জেলৰ পৰা মুক্ত কৰি একেলগে নিবাচন খেলে।


১৫) মই প্ৰনব :

ৰাজনীতিৰ প্ৰেক্ষাপতত যদি আমি ইতিহাসৰ পৃষ্ঠা বিলাক লুতিয়াই চাওঁ তেন্তে জাতিটোৰ লগত গাড্ডাৰ কৰাৰ বাহিৰে একোৱেই দেখা পোৱা নাই।ছাত্ৰ সন্থা এখন পবিত্ৰ মঞ্চ।এই মঞ্চৰ পৰা অহা নেতা সকলৰ ভিতৰত মোৰ দৃষ্টিভঙ্গি লুৰিণৰ প্ৰতি অলপ বেলেগ¸কিয়নো যিমান নেতা এই মঞ্চৰ পৰা আহিছে সকলোৰে জিভা লৰচৰ¸কিন্তু লুৰিণৰ এই ক্ষেত্ৰত অলপ বিশ্বাস কৰিছো কাৰন জাতিটোৰ প্ৰতি থকা প্ৰেম¸ভালপোৱা¸স্বাভিমানী¸আত্মবিশ্বাস ইত্যাদিবিলাক লুৰিণৰ চৰিত্ৰত প্ৰকাশ পোৱা দেখা যায়।মই ব্যক্তিগত ভাৱে লুৰিণক চাৰ্পট কৰা নাই বাকিখিনি ৰাজনৈতিক ক্ষেত্ৰখনত এজন যুজাৰু ৰূপে তেওঁ নিজকে কেনেদৰে প্ৰতিষ্ঠা কৰে সেইটো সমান্তৰালভাৱে সময়ত লক্ষনীয় হব।কিন্তু অনাগত দিনত লুৰিণে যে জাতি মাতি ভেতিৰ কাৰনে কিবা এটা কৰিব সেইটো মোৰ বিশ্বাস।

জয় আই অসম

#মই #প্ৰণৱ


১৬)পূৰ্ণীমা বৰা :

আপোনাৰ আগন্তুক দিনবোৰৰ কাৰণে শুভেচ্ছা জনাইছোঁ.....এতিয়া যেনেদৰে সকলোৰে কাৰণে আশাৰ ৰেঙনি হৈ পৰিছে তেনেদৰে আগন্তুক দিনবোৰ ত যাতে পাহৰি নাযায় অসমীয়া জাতিটোক...ভাবিছোঁ অসমীয়া জাতিৰ কাৰণে কাম কৰিব ' ,আপোনাৰ সততা আৰু নিকা ব্যক্তিত্ব যাতে পাহৰি নাযায় কেতিয়াও....


১৭)গোপী দাস :

এগৰাকী সংগ্ৰামী নেতা হিচাপে সদায় জনগণৰ মাজত থাকিব। ব্যক্তিগত ভাবে এজন খুবেই অধ্যানশীল আৰু আনক উপকাৰ কৰা ব্যক্তি। মই ব্যক্তিগত ভাবে লগ পাইছোঁ তেখেতক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কামত। সেই সময়ত তেখেতে সহযোগিতাও আগবঢ়াইছে আমাক।বৰ্তমান এখন গণতান্ত্ৰিক দেশত নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাটো সকলোৰে অধিকাৰ আছে আৰু তেওঁ তাকেই কৰিছে। নিৰ্বাচনত অৱতীৰ্ণ হৈ জয় বা পৰাজয় হোৱা পৰ্বতো পাছত। আৰু নেতৃত্বৰ বুজা বহন কৰিব পৰা এজন দক্ষ নেতা।


১৮)মৃনাল জ্যোতি তামুলী:

তেওঁৰ বয়স আৰু আভিজ্ঞতাৰ বিপৰীতে কাৰ্যকৰী সভাপতি,উপ-সভাপতি,সাধাৰণ সম্পাদকৰ শাৰীত জ্যেষ্ঠসকলক মনোনীত কৰাটো অলপ দৃষ্টিকটু হৈছে যেন লাগিল ।কিন্তু লুৰিণৰ যোগদানে AJPক যথেষ্ট গ্ৰহণযোগ্য আঞ্চলিক ৰাজনৈতিক দলৰূপে প্ৰতিষ্ঠা কৰাটো স্বীকাৰ কৰিবই লাগিব ।অভিনন্দন AJP ॥


১৯)বিবেক নাথ :

লুৰিণজ্যোতি গগৈ,   ঠগিব পৰা মানসিকতাৰ নহয় বুলি ধাৰণা কৰিছোঁ ! অখিল গগৈৰ নিচিনা কোটিৰ মাজত গুটিটোৰ দৰে ! জাতীয় সংগ্ৰাম খনত তেখেতৰ সক্ৰিয়তা নিস্বাৰ্থ  যেন অনুভৱ কৰিছোঁ !অৱশ্যে তেওঁৰ অগ্ৰজ সকলৰ মাজত ৰাইজৰ বিস্বাসৰ পাত্ৰ এজনো হ’ব নোৱাৰিলে !


২০) বিমল কলিতা :

তেখেত এতিয়ালৈ সততাৰ পৰীক্ষাত উৰ্তীৰ্ণ হৈছে।সাহসী,নিৰ্ভীক,চকুত চকু থৈ কথা কব পৰা ব্যক্তি।বিধানসভাত তেখেতৰ নিচিনা ডেকাচামক প্রতিনিধিত্ব কৰিব পৰা ব্যক্তিৰ প্রয়োজন আছে।অশেষ শুভকামনা তেখেতলৈ।প্রফুল্ল মহন্ত,অতুল বৰা নহওক তেখেত।


২১) ৰমেন দত্ত :

জাতীয়তাবাদী চিন্তা চৰ্চাৰে ৰাজনিতিৰ পথাৰত খোঁজ দিয়া অসমৰ সু সন্তান, আপোচবিহিন সংগ্রামী যুব ছাত্র নেতা লুৰিন জোতি গগৈ আগন্তুক দিন বোৰত অসমীয়া জাতীৰ পথপ্রদর্শক হৈ ৰওক।তাৰেই কামনাৰে....।জয়তু অসম জাতীয় পৰিষদ।


২২) জয়শ্ৰী শৰ্মা :

Election আহিলে প্ৰতিনিধি বিলাকে ৰাইজৰ লগত বহুত মিতিৰালি দেখুৱাই কিন্তু Election শেষ হোৱাৰ পিছত কোনে কাক চিনি পায় ? আহিছে চৰকাৰ গৈছে চৰকাৰ সকলোৱে পৰিবৰ্তনৰ দোহায় দি ৰাইজৰ পৰা লুতি খাইছে বেলেগ একো নাই ।  শেষত এটায় কম AJP নতুন আঞ্চলিক দল আপোনালোকলৈ শুভেচ্ছা থাকিল । লংকাত গৈ ৰাৱণ নহব ।সদায় ৰাইজৰ লগত থাকিব তেতিয়াহে ৰাইজেও আপোনালোকৰ লগত থাকিব । জয় আই অসম ।


২৩) ৰমেন গোস্বামী :

অসম আৰু অসমীয়াৰ বহু আশা আকাংক্ষা বাস্তৱ ৰূপ দিব বুলি বহু অসমীয়াই আশা কৰিছে অসম জাতীয় পৰিষদৰ নব নিৰ্বাচিত সভাপতি লোৰিন জ্যোতি গগৈৰ পৰা,অসমৰ বৰ্তমানৰ পৰিস্থিতিত সকলো জাতি,গোষ্ঠী,বৰ্ণ ধৰ্মৰ সকলো লোকক একত্ৰিত কৰি বাস্তৱবাদী চিন্তাৰ দ্বাৰা আগবাঢ়ি আহিলে অহা নিৰ্বাচনত সফল হব বুলি আশা কৰিব পাৰি,এই ক্ষেত্ৰত লাগিব।দলটোৰ নেতা সকলৰ ত্যাগ আৰু ৰাজনৈতিক পৰিপক্কতা,


২৪) বিপুল নাথ :

আমি আশাবাদী ।

নতুন প্ৰগতিশীল চিন্তাধাৰাৰে পুষ্ট এজন লোকৰ দ্বাৰা পৰিচালিত হওক অসম মাতৃৰ জাতীয়তা বাদী ধ্বজ্জা।

লুৰিণজ্যোতি গগৈ দেৱৰ ওপৰতেই আমাৰ আশা ভৰষা।

এও হওক অসমৰ নব লাচিত।

শত সহস্ৰ শুভেচ্ছা থাকিল এখেতলৈ।


২৫)নিলিৎপল থাকুৰ :

উচ্চ শিক্ষিত কৰ্মোদ্যমী সৎ চিন্তাৰ পৰিচায়ক যেন লগা এজন প্ৰকৃত স্বাভিমানী  অসম সন্তান৷কিন্ত দুখৰ বিষয় যে এসোপা অতি ধুৰন্ধৰ মতলবীৰ কবলত পৰিল যেন অনুভৱ হৈছে৷


২৬) নয়ন জ্যোতি কলিতা :

আছুৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈ যোৱা পূৰ্বৰ নেতাবোৰৰ দৰে বিশ্বাসঘাতকতা নকৰক । আজিৰ তাৰিখত এগৰাকীও জাতীয়তাবাদী নেতাৰ ওপৰত ৰাইজৰ আস্থা , বিশ্বাস নাই । এওঁ সোঁতৰ বিপৰীতে গৈ জাতীয়তাবাদী চিন্তাৰ কণ্ঠ হওঁক , আদৰ্শ হওঁক ! আৱেগৰ পৰিৱৰ্তে বিবেকক আগস্থান দি আগুৱাই যাওঁক ।


২৭) ঋষিৰাজ ভাগৱতী:

"অসম প্ৰথম সদায় আৰু চিৰদিন" শীৰ্ষক শ্লগানেৰে অসমক ভাবাৱেগৰ জাতীয়তাবাদৰ সলনি শক্তিশালী অৰ্থনৈতিক জাতীয়তাবাদৰ পোষকতা কৰি অসমৰ ৰাজনীতিত নতুনকৈ অংকুৰিত হোৱা অসম জাতীয় পৰিষদ পৰিষদৰ প্ৰথম গৰাকী নিৰ্বাচিত সভাপতি Lurinjyoti Gogoi  ককাইদেউলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

          বিগত দিনসমূহত ছাত্র সন্থাৰ মজিয়াৰ সংগ্ৰামী কণ্ঠ গগৈ ডাঙৰীয়াৰ ওপৰত স্বাভাৱিকতেই আগন্তুক দিনত অসমীয়া জাতীয়তাবাদী জনগণৰ তীক্ষ্ণ দৃষ্টি থাকিব। অনাগত দিনত সোপন্থী ৰাজনীতিৰ কৰাল গ্ৰাসৰ পৰা অসমীয়া জাতীয়তাবাদক ঐক্যবদ্ধ প্ৰচেষ্টাৰে কেনেদৰে উদ্ধাৰ কৰিব পাৰে সেয়াও হ'ব লক্ষণীয়।লগতে আত্ম নিয়ন্ত্ৰণৰ অভাৱত ভোগা আৱেগিক জাতীয়তাবাদ আৰু ক্ষমতাকেন্দ্ৰিক ৰাজনৈতিক পৰিৱেশত ক্ৰমাৎ দিশহাৰা হৈ পৰা মুল্যবোধৰ ৰাজনীতিক আগন্তুক দিনত কিদৰে সন্মুখৰ পৰা নেতৃত্ব দিয়ে সেয়াও আমি অসমৰ জনগণে লক্ষ্য কৰি যাম। শেষত ফেচিবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাজনৈতিক পৰিৱেশ নিৰ্মাণ কৰাত লুৰীণ গগৈ আগবাঢ়ি যাওক সেই আশা সন্মুখত লৈ তেখেতক ৰক্তিম অভিবাদন✊


৩০) প্ৰাঞ্জক বৈশ্য :

আগৰ নেতাবোৰৰ কাম কাজ চাই ৰাইজ বহুত সুখি নহয়। এতিয়াৰ ৰাইজ যথেষ্ট পৰিপক্ক, কামৰ মুল্যায়ন কৰিহে নেতা নিৰ্বাচন কৰাটো বিচাৰো। বাকি লুৰিণদাৰ পৰা ৰাইজৰ আশা বহুত।লুৰিণজ্যোতিৰ বিপক্ষে আগবঢ়োৱা ৩০ টা মন্তব্য:


১)জানমনি বৰা :  নিজে দল খুলি সেই দলত যোগদান কৰিছে তাতে সভাপতিয়ো হৈছে , ইয়াকে কয় ফুলনি মানে বাগিছা বাগিছা মানে ফুলনি, লংকালৈ গ'লে ৰামো ৰাৱণ হয় তাৰ প্ৰমাণ আওপকীয়াকৈ দেখুৱাই দিছে , কিন্তু কোনেও বুজি পোৱা নাই , আগৰ গৰু যেনি যায় পিছৰ গৰুয়ো সেইফালেই যাব , তাৰেই প্ৰমাণ খেল এখন খেলিলে আৰু নিজকে পুৰস্কাৰো দিলে , অসমৰ একো সমস্যা সমাধান কৰিব নোৱাৰে মাথো পাৰিব নিজৰ স্বাৰ্থ সিদ্ধি কৰিব ,শেষত লুৰিণ দালৈ শুভেচ্ছা জনাইছো


২) দিপুল দাস : জ্যোতিৰ্মই নাথ :

আবেগৰ জাতীয়তাবাদ জীৱনত বহুত দেখিলোঁ। পুৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত কবলৈ বাধ্য হৈছো যে  অসমীয়াৰ জাতীয়তাবাদৰ ধাৰণা কেবল আবেগতে সীমাবদ্ধ হৈ থাকিলে অসমৰ একো সমস্যা দুৰ নহয়। অসমীয়াৰ আবেগক মুলধন কৰি জাতীয়তাবাদৰ ধাৰণাক মুল ঢাল হিচাপে লৈ বহুতে অসমৰ নেতা হৈ ৰাজনৈতিক সুবিধা আদায় কৰিলে। গতিকে লুৰিণজ্যোতিয়েওঁ য’দি একে পথকে লয় অসমীয়া ৰাইজ আকৌ এবাৰ প্ৰবঞ্চনাৰ সন্মুখীন হব আৰু আকৌ এজন খলনায়ক লাভ কৰিব । আৰু য’দিহে এজন ব্যতিক্ৰমী নেতা হিচাপে অসমৰ বাবে প্ৰকৃত সেৱাৰ  মনোভাবেৰে ত্যাগ কৰিব পাৰে ভবিষ্যৎ সময়ে তেখেতক পুৰস্কৃত কৰিব।


৩) প্ৰশান্ত প্ৰদিপ হাজৰিকা :

1985  ত আমি এনে ছাত্ৰনেতা এজনে পাইছিলো ,যি জাতিৰ মান ৰাখিম বুলি শপত লৈছিল ।


৪)প্ৰনব বৰ্মন :

স্থানীয় যে খেল পাতি  পুৰস্কাৰবোৰ কমিটিৰ মাজতেই ৰাখে কথাটো ঠিক তেনেকুৱা ই হল। 😂৫) তপন ডেকা :

আজিৰ দিনটোত

আছুৰ ৰাজহাড় ভাঙিল-

ৰাজনৈতিক চৰিত্ৰ উদং কৰি দেখুৱালে আছুই-----


৬) গিতীমনি পি বৰা :

আজিকালি বিশ্বাস কৰিবলৈ টান লাগে, আগতে এনেকৈ নেতৃত্বত লোৱা বোৰক দেখিলো। কেৱল ক্ষমতা আৰু কুটিল ৰাজনীতি। ৰাইজ সদায় বলিৰ পঠা হয়। মোৰ কিন্তু একেবাৰে উৎসাহ নাই।


৭) শইকীয়া বোকাখাট জিটু :

এটা সম্ভাৱনাময় ভৱিষ্যতৰ অকাল মৃত্যু ৷ এজন মন্ত্ৰী বিধায়কেই শেষ কথা হব নোৱাৰে


৮) কনিকা ডেকা :

ছাত্ৰ সন্থাৰ  জখলাৰে আহি ৰাজনীতি কৰা কোনো নতুনত্ব নাই।


৯) ৰিংকু আহমেদ :

কেজৰিৱালৰ দৰে নেতা লাগে।মুখত যি কামতো একেই।বৰ্তমান যিসকলে ৰাজনৈতিক নেতা হৈ আছে ৯০% ছাত্ৰ সংগঠনৰ।গতিকে সহজেই বিশ্বাসত লব নোৱাৰি।


১০)নিলম কাশ্যপ :

প্ৰথমেই লুৰিন জ্যোতি গগৈক অভিনন্দন তথা স্বাগতম জনাইছোঁ।ছাত্ৰ ৰাজনীতি ৰ পৰা পোনে পোনে মুল সুতিলৈ অহা লুৰিনৰ ভবিষ্যত  স্বাভিকতেই আগন্ত্তক সাধাৰণ নিৰ্বাচনে নিৰ্নয় কৰিব।কথাহ'ল অসমত আাঞ্চলিকতা বাদক ৰাইজে কিমান বিশ্বাসত ল'ব।কাৰন আঞ্চলিকতা বাদী ৰাজনীতিক বিশ্বাস কৰি অসমীয়াই বহুত ঠগ খাই ঠৈছে।৮৫ ৰ ঢৌ এতিয়া অসমত মুঠেই নাই।নিৰ্বাচনত জিকিবলৈ হ'লে দলটো তৃনমূল পৰ্যায় ৰ পৰা সংগঠিত হ'ব লাগিব।নিৰ্বাচনলৈ কেইটামান দিন থকা অৱস্থাত নতুন দলটোৱে অসম্ভক সম্ভৱ কৰিব বুলি মনে নধৰে।আজিৰ ভোটাৰে অকল ভাষন শুনি ভোট নিদিয়ে।প্ৰকৃততে এজনক নিৰ্বাচন ত জয়ী কৰাই এক শ্ৰেণীৰ বিশেষ ভোটাৰে।সেই শ্ৰেনীটোহে প্ৰাৰ্থী এজনৰ জয় পৰাজয় নিৰ্নয় কৰে।নতুন দলটো সেই সকলৰ মাজত সোমাব পাৰিবনে?কা আন্দোলনে উজনিত যিমান প্ৰভাৱ পেলাইছিল নামনিত সিমান নাই।কা আন্দোলনৰ গইনা লৈ খোলা নতুন দলটোৱে  ৰাইজৰ মাজত কিমানদূৰ সোমাব পাৰে লক্ষ্যনীয় হ'ব।লুৰিনে ভুল পথত খোজ পেলোৱা যেন অনুভৱ হয়।১১) ৰস্মী ৰাজখোৱা :

লংকালে গলে সকলো ৰাৱণ হয় ।


১২) নিলম কাশ্যপ :

প্ৰথমেই লুৰিন জ্যোতি গগৈক অভিনন্দন তথা স্বাগতম জনাইছোঁ।ছাত্ৰ ৰাজনীতি ৰ পৰা পোনে পোনে মুল সুতিলৈ অহা লুৰিনৰ ভবিষ্যত  স্বাভিকতেই আগন্ত্তক সাধাৰণ নিৰ্বাচনে নিৰ্নয় কৰিব।কথাহ'ল অসমত আাঞ্চলিকতা বাদক ৰাইজে কিমান বিশ্বাসত ল'ব।কাৰন আঞ্চলিকতা বাদী ৰাজনীতিক বিশ্বাস কৰি অসমীয়াই বহুত ঠগ খাই ঠৈছে।৮৫ ৰ ঢৌ এতিয়া অসমত মুঠেই নাই।নিৰ্বাচনত জিকিবলৈ হ'লে দলটো তৃনমূল পৰ্যায় ৰ পৰা সংগঠিত হ'ব লাগিব।নিৰ্বাচনলৈ কেইটামান দিন থকা অৱস্থাত নতুন দলটোৱে অসম্ভক সম্ভৱ কৰিব বুলি মনে নধৰে।আজিৰ ভোটাৰে অকল ভাষন শুনি ভোট নিদিয়ে।প্ৰকৃততে এজনক নিৰ্বাচন ত জয়ী কৰাই এক শ্ৰেণীৰ বিশেষ ভোটাৰে।সেই শ্ৰেনীটোহে প্ৰাৰ্থী এজনৰ জয় পৰাজয় নিৰ্নয় কৰে।নতুন দলটো সেই সকলৰ মাজত সোমাব পাৰিবনে?কা আন্দোলনে উজনিত যিমান প্ৰভাৱ পেলাইছিল নামনিত সিমান নাই।কা আন্দোলনৰ গইনা লৈ খোলা নতুন দলটোৱে  ৰাইজৰ মাজত কিমানদূৰ সোমাব পাৰে লক্ষ্যনীয় হ'ব।লুৰিনে ভুল পথত খোজ পেলোৱা যেন অনুভৱ হয়।


১৩) সমুজ্জল শৰ্মা :

এযেপি দলে অহাবাৰ নিৰ্বাচনত যদি খেলে তেনেহলে ১ৰ পৰা ৩খন আসনত জিকিব ।আৰু শেষত গৈ বিজেপি দলৰ নেগুৰত ধৰি বিজেপি দলক চৰকাৰ গঠনত সহায় কৰিব ।লিখি ৰাখক ।


১৪) দীপজ্যোতি বৰদলৈ :

ব্যক্তি হিচাপে শুভেচ্ছা জনাইছো।। 

   কিন্তু হঠাতে কা আন্দোলনৰ সুবিধা লৈ দল গঠন কৰি কা বিৰোধী বিজেপি বিৰোধী শিবিৰৰ ভোট বিভাজন কৰি পুনৰ বিজেপিক জিকিবৰ সুবিধা কৰি দিয়া বাবে আক্ষেপ থাকিল।।। পুনৰ বিজেপি জিকিলে সমুলঞ্চে দায়ী হব লুৰিনজ্যোতি প্ৰমুখ্যে নতুনকৈ গঠিত দল।১৫) কিশুৰ কুমাৰ বৰুৱা :

শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কিন্তু ইমানবোৰ নাটক নকৰি চিধা চিধি কৈ ৰাজনৈতিক পথাৰত খোজ দিব পাৰিলে হয় কাৰো ক্ষতিও নহল হয়


১৬) নবজ্যোতি ৰাজখোৱা :

ইতিহাসৰ পুনৰাবৃত্তি। পুৰ্বসুৰীৰ ভুলৰ পৰা শিক্ষা লব পাৰিলে ইতিহাসৰ সোণালী অধ্যায়ত নিজৰ নাম খোদিত কৰিব পাৰিব।


১৭) হেমন্ত ৰাজবংশী :

আকৌ ৮৪ ক প্ৰতিষ্ঠিত কৰিব খোজা আৱেগৰ ৰহণ সানি জয় আই অসম বুলি অসমীয়াৰ আবেগৰ চাদৰখন ব্যৱহাৰ কৰি  চতুৰ মহন্তৰ দ্বিতীয় এক সংস্কৰণ  । ৰাইজৰ চকুত ধুলি মাৰিছিলেই প্ৰকৃত জাতিয়তাবাদী ধাৰাৰে কিন্তু বেয়াকৈ ধৰা পৰি গল ৰাজনৈতিক দল গঠন কৰি শাসনৰ বাঘজৰি হাতত লোৱাৰ প্ৰচেষ্টা দেখি । আবেগত উতলা কৰা অপৰিপক্ক লৰা ৰজাক ৰাইজে নকৰে গ্ৰহণ মাথো মতলীয়া কিছুমান আবেগিক ভৱিষ্যত সমন্ধে দুৰদৃষ্টি নথকা তৰল মগজুৰ কেইটামান ভোটৰ বাদে একো নাপায় কিয়নো স্বাৰ্থপৰ সুবিধাবাদী চৰিত্ৰ নিজেই ৰাইজৰ আগত দাঙি দেখোৱাই দিলে । একো প্ৰভাৱ নপৰে ৰাজনৈতিক ক্ষেত্ৰখনত লজেন গুটিৰ আগমনে । উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যত নাগৰিক ভিৰ্তিবৰ্ষ ১৯৫১ চলে মাত্ৰ অসমক বাদ দি সকলোতে । একেখন সংবিধানৰ অধীনতে সকলোতে ১৯৫১ চলে অসমত কিয় ১৯৭১ চন । কাৰ মুৰ্খামিৰ স্বাৰ্থপৰ মনোভাৱৰ কাৰণে অসমে ২০বছৰৰ বিদেশীক স্বদেশী কৰি বোজা লব লগিয়া  হৈছে বিবেকবান প্ৰতিজন নাগৰিকে উপলব্ধি কৰে ।


১৮) চুৰেন ডেকা :

ছাত্ৰ সংগঠৰ পৰা লুটি বাগৰ মাৰিলে ৷ পিছত 0 হব ৷


১৯) কৈল্যান প্ৰতিম গগৈ :

শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু সহযোগিতা নহয় । আকৌ যাতে কা নামৰ নাতক খনৰ পুনৰাবৃত্তি কৰি আই মাতৃ ৰ বুকু উদং নকৰে ।


২০) মৃদুল বৰা :

কোনটো দলৰ জয়ী হব কোনটো দল পৰাজিত হব সেইটো বিবেচনা কৰিব পৰা সামৰ্থ নাই যদিও এটা কথা কিন্তু খাটাংকৈ ক'ব পাৰো।আৰু সেই কথাটো হল যিকোনো দল সংগঠনৰ নহওক সকলোৰে এটাই উদেশ্য যেনে তেনে বেঁকা হৈ কুঁজা হৈ সোঁহাত বাওঁ হাত কৰি সচাঁই মিছা ই যিকোনো প্ৰকাৰে ৰাজনীতিৰ পথাৰত নিজক প্ৰতিষ্ঠা কৰাটোৱেই মূল লক্ষ্য সৰহসংখ্যক দল সংগঠনৰ বৰমূৰীয়া সকলৰ। কথাষাৰ কবলৈ বাধ্য হ'লো বাবে দায় দুখ ধৰিব নালাগে আকৌ কাৰণ মই কোনো বিতৰ্কৰ বাবে কোৱা নাই আকৌ। আজি যিমান দিনৰ পৰা দেখি আছোঁ শুনি আছোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি কথাষাৰ কৈছোঁ।২১) শান্তনু বৰুৱা :

অসমৰ মানুহক তেঙা  আম পুনৰ বিক্রি কৰাটো বৰ সহজ নহয় সেই কথা মনত ৰখা ভাল


২২) দিগন্ত বাবু কাশ্যপ : কান্দি কান্দি অসমৰ মানুহক কিমান আৰু বুৰ্বক বনাব । 


২৩) উপেন কলিতা :

ৰাজনীতি জনা ব্যক্তি য়েই হ'ব। যদি ন্যস্ত স্বাৰ্থ সিদ্ধিত মন নিদিয়ে তেন্তে সময়ত ভাল নেতা হোৱাৰ সম্ভাৱনা নথকা নহয়। এতিয়াও আমাৰ অসমত ৰাজনীতি ক্ষেত্ৰখন বিশাল আৰু শুকান। যিকোনো ব্যক্তি সামুহিক চিন্তাৰ ধাৰণাৰে আগবাঢ়িব পাৰে। কিন্তু বিগত কা ষড়যন্ত্ৰৰ নায়কত পৰিণত হৈ তেওঁৰ অন্তৰ্নিহিত ব্যক্তিত্বৰ বহিৰপ্ৰকাশ ঘটিছিল। তেনে হৈ থাকিলে ধুমকেতুৰ দৰে আহিব আৰু যাব।


২৪) সঞ্জিব দ'লে :

সংগ্ৰাম আৰু ৰাজনীতি সুকীয়া দিশ। সংগ্ৰামত সফল ব্যক্তি হিচাপে পৰিগণিত ব্যক্তি এজনে ৰাজনীতিত নিজকে পৰিপক্ব হিচাপে প্ৰদৰ্শন কৰিব নোৱাৰিবও পাৰে! 

     সংগ্ৰামী নেতা  হিচাপে লুৰিণজ্যোতি গগৈ অসমৰ এজন ভাল তথা উল্লেখযোগ্য ব্যক্তি। কিন্ত্ত ৰাজনীতিত এই ধাৰা অটুট ৰাখিবলৈ সক্ষম হ'ব বুলি নাভাবোঁ। কাৰণ ৰাজনীতিত ক্ষমতা দখল প্ৰথম । গতিকে প্ৰতিজ্ঞা বা নিজ আদৰ্শক জলাঞ্জলি দি ক্ষমতা দখলৰ কাৰণে বিভিন্ন ধৰণে প্ৰচেষ্টা কৰিব। অৱশেষত Empty vessel sounds much হ'ব বুলি আমি সন্দেহ কৰোঁ।


২৫) প্ৰিতম দত্ত :

কা আন্দোলন সকলো এক হৈ কৰিছিল কিন্তু এতিয়া দল 2 3 তা যে হল সেইটোহে ধৰিব নোৱাৰিলো।


২৬) বিশ্ব মধু তালুকদাৰ আমি অসমীয়াবোৰ অতিকৈ আবেগিক,   ভাষন আৰু আন্দোলন প্ৰিয়। 

আমি অতি সহজতে কেৱল ভাষনত ভোল যাও। বহু ভাষন শুনিলো, বহু আন্দোলন কৰিলো - কি পালে জনগনে, আৰু কি নাপালে ভাষনৰ ফুলজাৰি মৰা নেতা সকলে। তথাপিও বাৰে বাৰে আমি ভাষনতে ভোল যাও, জনগনক শিখণ্ডি কৰি খোৱাই খাই আছে আৰু খাই থাকিব। জনগনৰ বাবে বাকলিহে থাকিব। ভাষনৰ ফুলজাৰিত কোনোবাই কোনোবাক প্ৰতিষ্ঠিত কৰিব পাৰে, কোনোবাই প্ৰতিষ্ঠা লাভ কৰিব পাৰে, এয়া কিন্তু সাময়িক, এম এল এ, মন্ত্ৰী হোৱা মানেই কিন্তু সফল নহয়। 

কাৰোবাক হিৰো বনাবলৈ গৈ কোনোবাই কাৰোবাক তোষামোদ কৰাটোও যুক্তি সংগত নহয়। এতিয়া তোষামোদৰ ৰাজনীতি চলিছে।২৭) প্ৰশান্ত ভৰালী :

আছু আৰু সমগ্ৰ অসমবাসীয়ে কৰা  কা" আন্দোলনত আমিও সহযোগ কৰিছিলোঁ আৰু ভৱিষ্যতেও  কা'ৰ বিৰোধিতা কৰি যাম । কিন্তু তেখেতে নতুন ৰাজনৈতিক দল খুলি কেনেকৈ কা' আইনখন বাতিল কৰিব (যিখন আইন বিজেপি চৰকাৰে জোৰ জবৰদস্তি ৰাইজৰ ওপৰত জাপি দিছে) সেইটোহে বুজি পোৱা নাই ।


২৮) হেমন্ত দাস :

অসম আন্দোলনৰ পৰা এচাম নেতা ওলাল ঘোৰ জাতীয়তাবাদী অসম চুক্তি অসম চুক্তি হৈয়ে ৰ'ল  কাগজৰ পাতত । সেইবোৰ নেতা সেইবোৰ নেতাই কলেজ- বিশ্ববিদ্যালয়ৰ পৰা পোনে পোনে দিশপুৰৰ গাদীৰ সোৱাদ ললে তাৰেই একাংশ এতিয়া জাতীয়তাবাদ ত্যাগ কৰিলে ।এতিয়া কা আন্দোলনৰ গইনা লৈ পোনৰ জাতীয়বাদৰ নামত এচাম দিশপুৰৰ গাদীৰ সোৱাদ লব ।যিটো সংগঠনে অসম চুক্তি ৰূপায়ণ কৰাৰ বাবে কিছুমান নেতাৰ সৃষ্টি কৰিলে কিন্তু আজিলৈ তাক লৈ ৰাজনীতিৰ বাদে একো নহল এতিয়া সেই সংগঠনৰ পৰাই কা আন্দোলন ৰ পৰা আৰু কিছুমান নেতাৰ হে সৃষ্টি কৰিলে ।ভবিষ্যতে কি পাব এই নেতা বিলাকৰ পৰা  দেখা যাওক ।কাৰণ অতি কম সময়ৰ ভিতৰতে মূল লক্ষ্য পৰা আতৰি ৰাজনৈতিক নেতা হোৱাত হে গুৰুত্ব প্ৰদান কৰিছে ।


২৯) প্ৰভাত প্ৰদীপ : 

অসম আন্দোলত নিজকে নিস্বাৰ্থ ভাবে সপি দি  শিক্ষা দীক্ষা ত্যাগ কৰি  বহু আপোচহীন নেতা ব্যক্তি অগপৰ  নীতি আদৰ্শ সন্তুষ্ট নহৈ আজিও আতৰি আছে । লুৰিণ একেবাৰে নতুন কা আন্দোলনৰ বাহিৰে আমি দেশ জাতিৰ  প্ৰতি উদ্যমৰে কাম কৰা দেখা নাই  । আছুত থাকি অসমৰ মূল সমস্যা বাংলাদেশী ইছুটোত বলিষ্ঠ ভাবে মাত মতাও দেখা নাছিলো !যি নহওক জাতিক বচাবলে আগবাঢ়ি আহিছে ভাল লাগিছে ! আমাৰ শুভ কামনা থাকিল ! কিন্তু সোঁৱে বাওঁৱে সেই সুবিধাবাদী দল বগৰি ফুৰা  জগদীশ ভূঞা --পবীন্দ্ৰ ডেকা এনেধৰণৰ  ক্ষমতালোভী ব্যক্তিক লগত লৈ আগবাঢ়ি  দলটোৰ প্ৰকৃতাৰ্থত মান হানি আৰু ভাবমুৰ্তি  বিনষ্ট  কৰিছে  !! তাতোতকৈ চিন্তণীয় দুভাগ্যজনক বিষয় হ'ল আছুক অৰাজনৈতিক জাতীয় সংগঠনৰ পৰা প্ৰতক্ষ্য ৰাজনৈতিক দললৈ ৰূপান্তৰ কৰাটো । ই অসমৰ  শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি নেতিবাচক দিশলৈ ধাৱমান কৰোৱাব যে খাটাং! গতিকে সকলোবোৰ দিশ চালি জাৰি সুপৰিকল্পিত সুচিন্তিত ভাবে দৃঢ়তাৰে আগবাঢ়িলে নিশ্চয় দেশ জাতি জনগণৰ মংগল হব  !!!


৩০) প্ৰণব শৰ্মা :

আমি অসম আন্দোলন ত বহু হেৰুৱায় ইছিলো একমাত্ৰ অসম খন ৰক্ষা হক বুলি। কিন্তু আমি আচলতে কি পালো? সকলো নেতাই আন্দোলনৰ নামত প্ৰকূত অৰ্থ ৰ পৰা আঁতৰি নিজৰ ৰাজনৈতিক চৰিত্ৰ ৰাইজৰ আগত প্ৰকাশ কৰিলে। কিছুমানে নিজৰ স্থিতি টনকিয়াল কৰিলে আৰু নোপোৱা সকলে তাল ফাল কৰিলে। এতিয়া ৰাইজে কাক বিশ্বাস ত লৱ? সকলো য়েই ধোৱা তুলসীৰ পাত।সময় এহে কব অসমীয়া তথা অসমৰ প্ৰতি ভাল কাম কৰা লোকৰ চৰিত্ৰ। ভাল কাম কৰিলে ভাল ফল ৰাইজে নিশ্চয় দিব। কিন্তু ব'তমান নিস্বাৰ্থ ত্যাগ স্বীকাৰ কৰা লোকৰ সংখ্যা যে তাকৰ তাক ব'তমান কোনে ও অস্বীকাৰ কৰিব নোৱাৰে।





No comments:

Post a Comment

Advertisement

Pages