আৱৰি আছিল বুকুৰ বাহিৰে ভিতৰে l
সোণোৱালী সপোনবোৰ
বিচাৰি হাবাথুৰি খাইছিলোঁ l
আশাবোৰ বিচাৰি ফুৰিছিলোঁ
সন্মুখেৰে পাৰ হৈ যোৱা
সময়ৰ প্ৰবাল সোঁতত l
উপঙি ফুৰিছিলোঁ মাথোন
একাজলী মৰম বিচাৰি l
অযুত সপোন বুকুত বান্ধি l
ক্ৰমশঃ
আগুৱাই গৈছিলোঁ ভৱিষ্যতৰ
মৰহা প্ৰতিটো ক্ষণলৈ l
দুচকুৰ পতাত আশাৰ সপোনবোৰ
শিল হৈ গোট মাৰিছিল l
সাগৰৰ ঢৌৱে ঠেলি নিয়াৰ
দৰেই আগুৱাই গৈছিলোঁ
মোৰ আধৰুৱা জীৱনত l
এই বিষাদ ভৰা জীৱনৰ
যাত্ৰা শেষ হবগৈ বা ক'ত ll
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment