এজন মানুহৰ বহুতো.. সপোন.. আশা- আকাংক্ষা
সোমাই থাকে।। বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত...
নেওচি এজন মানুহে.. এখন নিজৰ ঘৰ সাঁজিবলৈ
সক্ষম হয়।। যত.. সোমাই থাকে.. সেই ব্যক্তিজনৰ
গোটেই জীৱনৰ পৰিশ্ৰমৰ ঘাম।।
সকলোৱে বিচাৰে তেওঁৰ সপোনৰ ঘৰখন..সুন্দৰ ভাৱে সজাই পৰাই তুলিবলৈ।।
কিন্তু হয়তো সঠিক জ্ঞান আৰু সময়ৰ অভাৱত সেয়া কেতিয়াবা সম্ভৱ নহয়৷
ঘৰখনৰ অন্তঃসজ্জাই সেই ঘৰখনত থকা (বাস কৰা) ব্যক্তিৰ জীৱনত পোনপটীয়াকৈ হওক বা
আওপকীয়াকে হওক বিভিন্ন ধৰণৰ...
প্ৰভাৱ পেলায়।।
ঘৰখন সু-পৰিকল্পিত আৰু পৰিপাটি হলে..
সেই ঘৰখনত বাস কৰা ব্যক্তি সকলে.. এটি ধনাত্মক.. অনুভৱ শক্তি অনুভৱ কৰে।।
যাৰ বাবে জীৱন বেছি সুখময় আৰু সতেজ হৈ থাকে।।।
পিছে এটি-সু-পৰিকল্পিত
ঘৰ কেনেকৈ সাঁজো..????
এটি ঘৰ সাঁজোতে বহুতো মন কৰিবলগীয়া দিশ থাকে।। তাৰে এটি চমু আভাস আগবঢ়ালো...
১/ঘৰৰ প্ৰৱেশ দুৱাৰ-
প্ৰৱেশ দুৱাৰখন সাধাৰণতে.. উত্তৰ পূৱ
দিশত বহুৱাৱ পাৰিলে ভাল।।
ঘৰখনৰ আন দুৱাৰবোৰতকৈ.. প্ৰৱেশ দুৱাৰখন
সদায় ডাঙৰ হব লাগে।।
২) প্ৰৱেশ দুৱাৰখনৰ মাত্রা-
বহুতো ডাঙৰ ঘৰত.. এখনতকৈ বেছি প্ৰৱেশ দুৱাৰ থাকে।। প্ৰৱেশ দুৱাৰৰ মাত্ৰাৰ ওপৰতো বহু কথা আহি পৰে।। ঘৰত যদি এখনেই প্ৰৱেশ দুৱাৰ থাকে... তেতিয়া হলে.. ঘৰখনলৈ ধনৰ আগমন ঘটে।।।
যদি ঘৰখনত দুখন প্ৰৱেশ দুৱাৰ থাকে...তেতিয়া হলে এটি-আৰাম জীৱন আশা কৰিব পাৰে।। কিন্তু যদি ৩খন প্ৰৱেশ দুৱাৰ থাকে-
তেনেহলে ঘৰখনৰ বাবে-অতি বিপদ জনক বুলি ভৱা হয়।।
৩) দুৱাৰৰ ডিজাইন=
পদুম ফুলত লক্ষ্মী দেৱী থকা..
লগতে হাতী থকা ডিজাইন বা.. ফটো লগাব পাৰিলে.. বহুত ভাল।।।
৪/চৰাই যেনে-ভাটৌ.., ময়ূৰ.., ৰাজহাঁহ
আদিৰ ছৱি.. দুৱাৰত লগালে.. ভাল ফল পাব।
৫) প্ৰাকৃতিক দৃশ্যৰ ছৱি.. ৰাখিব পাৰে।।
৬/যুদ্ধৰ ছৱি বা.. মূৰ্তি লগোৱাটো.. একেবাৰে
উচিত নহয়।।
যদি দুৱাৰ আৰু খিৰিকিবোৰ...
শুদ্ধ দিশত বহুওৱা হয়... তেনেহলে সুখ-সমৃদ্ধি
আৰু ভাগ্যও.. আহিব পাৰে..
ঘৰৰ মূল দুৱাৰখন সদায় ঘৰখনৰ বাকী
দুৱাৰতৰকৈ ডাঙৰ হব লাগে আৰু বাকী দুৱাৰতকৈ বেছি ধুনীয়া হব লাগে।। ই ভাগ্য
আৰু সুখ-সমৃদ্ধি অহাত সহায় কৰে।।
ঘৰৰ ভালৰ কাৰণে সদায়-যুগ্ম সংখ্যাৰ দুৱাৰ
আৰু খিৰিকি ৰখাটো ভাল।।
যেনে-২-৪-৬-৮আদি।। সদায় খিৰিকি আৰু দুৱাৰখন.. ইখন সিখনৰ বিপৰীতে বহুৱাব লাগে।।
যাতে বেছি পোহৰ আৰু বতাহ সোমাব পাৰে।
দুৱাৰ কেতিয়াও বেৰৰ মাজত বহুৱাব নালাগে।।।
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment