আজি বহুদিনে হ'ল ৰমা দাইটিৰ গা ভাল নাই । টকাৰ অভাৱত কৰিব পৰা নাই চিকিৎসা । এই ফালে দেশৰ এই সংকত ত ঘৰ খন পানীত হাঁহ নচৰা অৱস্থা ।
দাইতিৰ পত্নী তৰালিয়ে বৰ চিন্তাত পৰিছে । নিজে নাখায় থাকিব পাৰিব । কিন্তু ল'ৰা ছোৱালী দুটাক কি কৰিব । মানুহে নো আৰু কিমান সহায় কৰিব । সকলোৰে সেই একে হে অৱস্থা । তাই একো ভাৱি পোৱা নাই ।
দুটাকৈ কনমানি , ল'ৰা জনৰ বয়স পাচ বছৰ আৰু ছোৱালী জনী সৰু আঢ়ৈ বছৰ মান হ'ল । সিহঁতে অভাৱ কি নাজানে । এতিয়া সিহতে খেলি আছে । ল'ৰা জনৰ দেহত ফটা হাল্ফ পেন্ট এটা আৰু ছোৱালী জনী সম্পূৰ্ণ উলংগ । সিহঁতে ধূলিৰ লগত হেঁপাহ পলাই খেলিছে ।
তৰালিয়ে বাৰাণ্ডাৰ বাহৰ খুটাত সম্পূৰ্ণ দেহটো এৰি দিছে । আৰু চকু দুটা মুদি চিন্তা কৰিছে ক'ত কি কৰিব ।
তৰালি দেখা ত মাগুৰ বৰণীয়া মৰম লগা । মুখত প্ৰতি সময়ত হাহিটো লাগিয়ে থাকে । ৰমাৰ লগত বিয়া হোৱাৰ পৰা তাই সুখতে আছিল । কিন্তু বিধাতাৰ কি লিখন ৰমাৰ এই অচিন বেমাৰটোৱে সিহতৰ ঘৰ খন শেষ কৰি পেলালে । তাই ভাৱিলে কৰিলে চন্দনৰ দোকানত আকৌ বাকীৰ বাবে যোৱাৰ বাহিৰে তাইৰ বেলেগ উপায় নাই । ইতিমধ্যে আগৰ বাকী দিব আছেই তথাপি তাই যাৱ চন্দনৰ ওচৰতে । নহ'লে যে ল'ৰা ছোৱালী হাল লঘোনে পৰিব ।চন্দনৰ দোকান তৰালি হতৰ ঘৰৰ পৰা বৰ বেছি দূৰত নহয় । তাৰ ঘৰত একমাত্ৰ মাক আৰু সি । বিয়া পতাৰ উপযুক্ত বয়স হৈছে । তৰালিয়ে সন্ধিয়া হোৱাৰ লগে লগে চন্দনৰ দোকানত গৈছিল ।ৰমাৰ ওচৰতে ল'ৰা ছোৱালী দুটাক থৈ আহিছিল । দোকানত দুটা মান অন্য গ্ৰাহক থকা হেতুকে তাই অলপ বেঞ্চ খনতে বহিছিল । কাৰন তাক বাকিৰ কথা ক'লে পি নিদিওঁ বুলি ক'লে মানুহ বোৰৰ আগত তাই লাজ পাব ।
যেতিয়া গ্ৰাহক বোৰ গৈছিল তেতিয়া তাই চন্দনৰ ওচৰত গৈছিল ।
- চন্দন
- কোৱা নবৌ
- মোক কেইপদ মান বস্তু লাগিছিল ।
- চোৱা নবৌ আগৰ টকা কেইটা নিদিলে মই বস্তু দিব নোৱাৰিম ।
- কিন্তু চন্দন,,,,
- মই পাইছোঁ । কিন্তু মোৰ বাকি দিবলৈ দিগদাৰ হয় । কিন্তু মই এটা চৰ্তত বস্তু দিব পাৰিম ।
কথাটো শুনাৰ লগে লগে তৰালিৰ মনটো ভাল লাগি গৈছিল ।
- কোৱা চন্দন কি চৰ্ত মই নিশ্চয় মানিম ।
- তোমাক সামগ্ৰী দিয়াৰ বিনিময়ত ,,
- কোৱা না চন্দন !
- তুমি আজি নিশা মোৰ লগত থাকিব লাগিব ।চন্দনৰ কথা শুনাৰ লগে লগে তৰালিৰ বুকু খন কপি উঠিল ।
- কিন্তু চন্দন মই দুটা সন্তানৰ মাতৃ, কাৰোবাৰ পত্নী তুমি সকলো জানিও ।
- মৰম ভালপোৱা ই এইবোৰ নিবিচাৰে নবৌ ।
- চন্দন তুমি তেনে চৰ্ত নাৰাখাকৈ মোক বস্তু খিনি দিব পাৰিবা নে ?
- মোৰ শেষ কথা তুমি যদি মোৰ চৰ্ত মানিৱ পাৰা মই এতিয়া ই সকলো দিম ।
তাই চিন্তা কৰিলে ! এফালে এমুঠি ভাত, যি সাজ নহ'লে নহ'ব । অন্যফালে এসাজ ভাতৰ বাবে তাই হ'ব লাগিব অন্য এজনৰ কাষত উলংগ । নাই নাই সন্তানক কষ্ট দিব তাই নোৱাৰে তাই আজি উলংগ হ'ব ।
- দিয়া চন্দন , মই তোমাৰ চৰ্ত মানিম ।
চন্দনে বস্তু বোৰ তাইৰ বেগ খনত ভৰাই দিলে । আৰু ক'লে
- নিশা মই অপেক্ষা কৰিম । এতিয়া যোৱা আৰু শুনা প্ৰয়োজন ত সদায় আহিবা ।
তাই ঘৰলৈ গৈ ল'ৰা- ছোৱালী দুটাক ভাত খুৱালে । সিহঁতে আজি বৰ তৃপ্তিৰে খাইছে ভাত মুঠি । ৰমাক ও ভাত দিলে । কিন্তু তাই আজি ভাত নাখালে । এমুঠি ভাত ৰ বাবে তাই আজি উলংগ হ'ব । সিহঁতক টোপনি পঠোৱা ৰ পাছত তাই ৰমালৈ চাইছিল । সি ও টোপনিত । তাই অতি সাৱধানে দৰ্জা খন খুলি বাহিৰলৈ ওলাই আহিছিল । শাওন মাহ, গৰম কিছু আছে । বাহিৰত দূৰণিৰ পৰা ভাহি আহিছে কুকুৰৰ ভুকভুকনি ।
তাই আগুৱাইছিল চন্দনৰ দোকান লৈ । নিশাৰ এজনী বেশ্যা হৈ । তাইলৈ অপেক্ষা কৰিছে চন্দনে । উপায় নাই তাই চন্দনক সন্তুষ্ট কৰি নিজৰ ল'ৰা ছোৱালী দুটাক জীয়াই ৰাখিৱ লাগিব । তাইক সমাজে গ্ৰহন কৰক বা নকৰক ।
তাই দোকানৰ ওচৰ পাই এবাৰ সকলো ফালে চাইছিল । নাই কোনো নাই। তাই চন্দনৰ দৰ্জা খনত টং টং বজাইছিল । চন্দন দৰ্জা খোলা ,চন্দন মই তৰালী । নাই তাৰ সহাৰি নাই । চন্দনে অলপ মদ্যপান কৰে । হয়টো মদৰ ৰাগীত সি টোপনিত লালকাল । তাই কি কৰিব এতিয়া ! ঘৰলৈ যাৱ নে ! নাই নাই নাযায় ,ঘৰলৈ গ'লে কাইলৈ দোকানৰ বাকি কৰপৰা দিব । এমুঠি ভাত সিহতে কৰপৰা খাৱ । তাই সি সাৰপোৱালৈ ৰৈ থাকিব আৰু তাক সপি দিব তাইৰ দেহ ! এজনী বেশ্যাৰ আকৌ আজি জন্ম দিব তাই ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
পঢ়ি ভাল লাগিল
ReplyDelete