যিসকল মহিলাই কোনো বিশেষ কাৰণ নোহোৱাকৈ গৰ্ভধাৰণ কৰিব পৰা নাই , নাইবা গৰ্ভধাৰণ হোৱাৰ পিছত 2-3 মাহ থাকি গৰ্ভপাত হৈ যায় ।
তেওঁলোকে দৈনিক ৰাতিপুৱা এটা মজলীয়া আকাৰৰ ডালিম গৰম পানীত ধুই ৰস উলিয়াওক আৰু সেই ৰসত এটা বুটমাহৰ সমান চূণ মিহলাই লৈ দৈনিক ৰাতিপুৱা সেৱন কৰক ।অকালতে গৰ্ভপাত হোৱাৰ সম্ভাৱনা নাথাকিব , গৰ্ভধাৰণ কৰাত কোনো অসুবিধা নহব আৰু সুস্থ সবল সন্তান সাধাৰণভাৱে জন্ম হব ।
মাহেকীয়া অনিয়মীত হোৱা বাবে যদি গৰ্ভধাৰণ কৰিব পৰা নাই , তেন্তে শতমূল চূৰ্ণ এক চামুচ এক গিলাচ গৰম গাখীৰৰ লগত মিহলাই দৈনিক ৰাতি ভাত খোৱাৰ পিছত খাওঁক ।
PCOD /PCOS আদি থাকিলে শতমূল চূৰ্ণ গাখীৰৰ লগত ৰাতি খাই ৰাতিপুৱা অনন্তমূলৰ চাহ বনাই খাওঁক ।
পুৰুষৰ Low sperm count থাকিলে 8/10 টা লবং থেতেলী লৈ এক গিলাচ গাখীৰৰ লগত ভালকৈ উটলাওক । তাত অশ্বগন্ধা চূৰ্ণ এক চামুচ মিহলাই লৈ ৰাতি ভাত খোৱাৰ আধা ঘন্টা পিছত খাওঁক ।
শতমূল চূৰ্ণ , ঘিঁউ , মৌ , গুড় , ৰহৰ দালি আদি নিয়মীত সেৱন কৰিলে বীৰ্য ঘন হয় ।
ইয়াৰ লগতে নিয়মীত aloevera ৰস সেৱন কৰক ৰাতিপুৱা ।
বিয়াৰ পিছত স্বামী- শ্ৰী উভয়ে ঠাণ্ডা বস্তু (ice cream , cold drinks , ঠাণ্ডা পানী , ফ্ৰীজত থোৱা সামগ্ৰী ) , মাদক দ্ৰব্য , ধপাত জাতীয় বস্তু , চিগাৰেট আদি সেৱনৰ পৰা বিৰত থাকক । বিশেষ দৰকাৰ নহলে ইংৰাজী ঔষধ সেৱনৰ পৰা বিৰত থাকক , কাৰণ এইবোৰে মানুহক নুপূংসক বনায় ।
নিয়মীত যোগ-প্ৰণায়ম কৰক । জ্বলা-পুৰা বস্তু , fast food আদিৰ পৰা দূৰত থাকক ।উপৰোক্ত বিধানসমূহ কমেও 6 মাহ বা তাতোধিক কৰিলেহে সুফল পাব ।
মোৰ বিশ্বাস আছে যে কমেও 80% সন্তানহীন দম্পত্তিৰ মুখত হাঁহি বিৰিঙিব এই ঘৰুৱা বিধানখিনি সঠিকভাৱে পালন কৰিব পাৰিলে ।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment