কেতিয়াবা চাগে শাহু মা বুলি ক'লে আপোনালোকৰ মনলৈ বিৰাট ভয়ংকৰ ছবি এখন ভাঁহি আহে নহয় নে,,,,?
আপোনালোকে ভাবে চাগে শাহু মা মাৰ দৰে হ'ব নে ন'হব,,,? আচলতে তেনেকুৱা একো নহয় ,,,,,। এইবোৰ আমাৰ ধাৰণাহে,,,,💓💓💓শাহু মাও মা হ'ব পাৰে আৰু বোৱাৰীও ছোৱালী হ'ব পাৰে মাত্ৰ অলপ বুজাবুজিৰ প্ৰয়োজন💓💓
ধীৰাজৰ চকু চলচলীয়া,,,,,। অপাৰেচনৰ বাবে চহী কৰিবলৈ তাৰ হাতখন থৰথৰকৈ কঁপিবলৈ ধৰিছে,,,,। মাক,,,,সেউতীৰ প্ৰেৰণাত সি চকু মুদি নিজকে
সান্তনা দি চহী কৰি দিলে,,,,।
অপাৰেচন চলি আছে,,,,। বাহিৰত ধীৰাজ আৰু তাৰ মাক-দেউতাক ,,,,ৰৈ আছে,,,। ধীৰাজৰ পত্নী একালৰ প্ৰেয়সী দামিনীৰ মাক- দেউতাকো ৰৈ আছে,,,।
দামিনীৰ হঠাৎ গা বেয়া কৰাত তাইক লৰালৰিকৈ নাৰ্ছিংহোমত ভৰ্তি কৰাই দিয়া হ'ল,,,,। তাই এইবাৰ প্ৰথমবাৰৰ বাবে মাক হ'বলৈ ওলাইছে,,,। শাহুয়েক শহুয়েকৰ লগতে ,,,,সকলোৰে মনত সুখৰ ঠিকনা নাইকিয়া হৈছে,,,।
সন্তানটো গৰ্ভত থিতাপি লোৱাৰ পৰাই তাইক যত্ন লোৱাৰ পৰা আদি কৰি সকলো কাম শাহুয়েক সেউতীয়ে সুকলমে কৰি আহিছে,,,। নিজৰ মাকে অলপো প্ৰেচাৰ পোৱাই নাই,,,। সন্তানটো গৰ্ভত অহাৰ পাছতেই তাই মাকৰ ঘৰলৈ যাম বুলি কোৱাত সেউতীয়ে কৈছিল,,,
-বোলে মাকৰ ঘৰলৈ কিয় যাব লাগে,,,? মই স্বয়ং মাক জনী আছোঁ ৱেই,,,,,। তাই জানো মোৰ ছোৱালী নহয়,,,?
মাকৰ মৰমৰ বাবে দামিনীয়ে ঘৰলৈ ন'গল,,,।
এতিয়া তাইৰ সন্তানটো জন্ম হ'বৰ হ'ল,,,,।সকলোৱে ভগৱানক চিন্তা কৰি বাহিৰত ৰৈ আছে,,,,।
কিছুসময়ৰ পাছত ডাক্তৰ ওলাই আহি ক'লহি,,,
- অপাৰেচন সুকলমে হৈ গ'ল,,,,। কিন্ত,,,,,তাইৰ সন্তানটোক বচাব পৰা ন'গল,,,,,,,।
সকলোৱে যেন দুখত ভাঙি পৰিল,,,।শাহুয়েকৰ চিন্তা হ'ল দামিনীক বুজাব কিদৰে,,,?
অলপ সময়ৰ কাৰণে শাহুয়েক ডাক্তৰ জনক অকলে লগ কৰিলে,,,।
তাৰপাছত ঠিক কিছুসময়ৰ পাছত ডাক্তৰজন আহি ক'লহি ,,,,যে দামিনীৰ এজনী ছোৱালী হৈছে,,,,।
সকলোবোৰ আচৰিত ,,,,,। ই কেনেকৈ সম্ভৱ হ'ল,,,,কিন্ত শাহুয়েকে চকুত চকুপানী লৈ হাঁহি এটা মাৰিলে,,,।
সকলোকে শাহুয়েকে ক'লে যে ,,,
-দামিনী আৰু কেতিয়াও মাক হ'ব নোৱাৰিব,,,। গতিকে তাইৰ কাষৰ বেড খনৰ মানুহজনী ঢুকাল আৰু তাইৰ এজনী ছোৱালী জন্ম হৈছিল,,,। ছোৱালীজনীক ঘৰৰ মানুহে লৈ যাবলৈ অমান্তি হৈছে গতিকে মই ডাক্তৰৰ লগত আলোচনা কৰি তাইক আমাৰ দামিনীৰ ছোৱালী ৰূপে দি দিবলৈ ক'লো,,,। অন্তত ছোৱালীজনীৰ মুখত সেই আগৰ হাঁহিটো দেখিবলৈ পাম,,,ন'হলে ই ম্লান পৰি যাব,,।
কথাখিনি কৈ শাহুয়েকে হুকহুকাই কান্দি উঠিল,,,,।
দামিনীৰ বাহিৰে এই কথাখিনি ঘৰৰ সকলোৱে জানে,,তাইক জানিবলৈ নিদিলে,,,।
তাই ছোৱালীজনীক দেখি বহুত সুখী হ'ল,,,। সকলোৱে তাইৰ সুখত সুখী অনুভৱ কৰিলে,,,। শাহুয়েকে তাইৰ নাম নমামী ৰাখিলে,,,,।।
আচলতে , শাহু শব্দটোৰ আঁৰটো লুকাই থাকে হেজাৰ মৰম, ভালপোৱা,,,। আমিবোৰে অজানিতে ভুল বুজি পেলাওঁ,,,,। তেওঁলোকো কাৰোবাৰ মাতৃ আৰু মাতৃ হৃদয় কেতিয়াও ইমান কঠোৰ হ'ব নোৱাৰে,,,।
কিছুমান আছে কিন্ত মই তেওঁলোকৰ কথা নাজানো ,,,কিয়নো আমি সদায় বেয়াটো অনুসৰণ কৰাতকৈ ভালটো আগত চাব লাগে,,,।
মৰমে সকলো সলনি কৰি দিব পাৰে,,,। মৰমৰ বহুত ক্ষমতা থাকে,,,এবাৰ চেষ্টা কৰি চাওঁকচোন,,,।
শাহু মা যেতিয়া মাৰ দৰে হয় ,তেতিয়া হয়তো এই পৃথিৱীত আপোনাতকৈ ভাগ্যবান কোনো নাই,,,। 💓💓💓
মা,,মায়েই,,,,💓ইয়াত শাহু শব্দটো কিয় লগাব লাগে,,,? পৃথিৱীৰ সকলোৰে মা বোৰ ভালে থাকক,,,ভগৱানে কুশলে ৰাখক,,,💓
সন্তান ন'হলে কৰা অত্যাচাৰ সমূহ বন্ধ কৰি দামিনীৰ শাহুয়েকৰ দৰে সকলোৱে হওক তাৰেই কামনাৰে আজিৰ এই লেখাটি,,💓
(লেখাটোত প্ৰকাশ পোৱা ছবি সমূহত SMJ24ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ মাতৃ দীপা দত্ত,পত্নী নিহা দত্ত আৰু পুত্ৰ সন্তান কৈলাস জ্যোতি দত্তক দেখিবলৈ পোৱা গৈছে)
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment