গ্ল'বেলাইজেছ্যেন, কনডম, ভেলিডিটি তই নিশিকিবি মেঘালী.. - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 17, 2020

গ্ল'বেলাইজেছ্যেন, কনডম, ভেলিডিটি তই নিশিকিবি মেঘালী..

 


মল্লিকা শ্বেৰাৱটক নাচাবি মেঘালী

আল্ট্ৰাভায়'লেট প্ৰটিনৰ ভাৰ

মেখেলা-চাদৰ পিন্ধিবি মেঘালী

ধমধমাই উঠিব নৈপৰীয়া আকাশ


কাউৰী নাচাবি

বগলী নেখেদিবি

মোৰ তেজত বিচাৰিবি তোক

তোৰ তেজত বিচাৰিম মোক


মোৰ কাষতে বহ

মোৰ বুকুতে শো

সাধু এটা ক


গ্ল'বেলাইজেছ্যেন, কনডম, ভেলিডিটি

তই নিশিকিবি মেঘালী

ভোগ-বিলাস-ব্যৰ্থতাৰ ৰাসায়নিক পথাৰ

তাতেই নিতৌ মৰে মোৰ আই


চৰাই এটা হ

কলিজা ফালি চিৰি সোমাই আহ।


বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য নিশান্ত বৰদলৈৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages