অনায়াসে পৰম পদ কেনেদৰে লাভ কৰিব পাৰি ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 18, 2020

অনায়াসে পৰম পদ কেনেদৰে লাভ কৰিব পাৰি ?


 ভাৰতবৰ্ষ আৰু কলিযুগ ধন্য ৷ কলিযুগত ভাৰতবৰ্ষত মনুষ্য শৰীৰ লাভ কৰি,হৰি গুণ নাম লৈ কোনো বৈদিক ধৰ্ম্ম পালন নকৰি অনায়াসে পৰম পদ লাভ কৰিব পাৰি ৷ সেইকাৰণে ব্ৰহ্মাদি দেৱতাবিলাকেও কলিযুগত ভাৰতবৰ্ষত মনুষ্য তনু লাভ কৰাৰ কাৰণে বাঞ্চা কৰে ৷

ভাৰত বৰিষ ধন্য কলিযুগ হৰি হৰি হৰি হৰি এ,

হৰি হৰি হৰি ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম ৷

হৰিত একান্তে শৰণ পশিয়া হৰি হৰি হৰি হৰি এ,

হৰি হৰি হৰি ধৰ্ম্ম শিৰোমনি ঘুষিয়ো হৰিৰ নাম ৷ ৷

     

কলিত মানুহে ভাৰতবৰ্ষত জন্মলৈ একমাত্ৰ কৃষ্ণত শৰণ লৈ সকলো ধৰ্মৰ শিৰোমনি স্বৰূপ শ্ৰেষ্ঠ হৰিনাম লৈ সংসাৰ চক্ৰৰ পৰা উদ্ধাৰ হব পাৰে ৷ অন্য দেশত,অন্য যুগত এনে সুযোগ নাপায় ৷

    ভাৰতবৰ্ষ ৰাম নামৰ ভাণ্ডাৰ স্বৰূপ ৷ সেই কাৰণে গুৰুজনে বৰগীতত লিখিছে----কৰিয়ো ব্যবসা হৰি ভকতৰ কাছে ৷ ৰাম নাম ৰত্নৰ ভাণ্ডাৰ মেলি আছে ৷৷

    দেৱৰো দুৰ্লভ মনুষ্য শৰীৰতেই ভকতিৰ আনন্দৰস পান কৰিব পাৰি ৷ কোনো কঠোৰ তপ,ব্ৰত , যাগ-যজ্ঞ ,

বিধি কিঙ্কৰ ধৰ্ম্ম পালন নকৰি একমাত্ৰ হৰিৰ চৰণত শৰণ লৈ তেওঁৰ নাম গুণ কীৰ্ত্তন কৰি জন্ম মৃত্যুৰ হাত সাৰিব পাৰি ৷ সেইকাৰণে ভাৰতবৰিষ , কলিযুগ , নৰতনু , আৰু হৰিনাম ধন্য--শ্ৰেষ্ঠ বুলি কৈছে ৷ কৃষ্ণ…কৃষ্ণ…কৃষ্ণ ৷৷

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages