থাইৰয়ডৰ সমস্যাটো আজিকালি এটা গম্ভীৰ সমস্যাত পৰিণত হৈছে । থাইৰয়ড দুই ধৰণৰ হয় । Hyperthyroidism আৰু Hypothyroidism । থাইৰয়ড হলে অকস্মাত ওজন বাঢ়ি যায় বা অকস্মাত কমি যায় । এই ৰোগটো নিয়ন্ত্ৰণৰ বাবে আয়ুৰ্বেদত অতি উন্নত মানৰ ঘৰুৱা চিকিৎসা আছে আৰু অতি সোনকালে ভাল ফল পোৱা যায় ।
থাইৰয়ড লক্ষণসমূহ :
প্ৰথম লক্ষণ হল অকস্মাত অতি কম দিনৰ ভিতৰত ওজন কমি যায় বা অস্বাভাৱিক ভাবে ওজন বাঢ়ি যায় ।
দ্বিতীয়তে যিকোনো কাম কৰিলে বা এনেয়েও ভাগৰ ভাগৰ লাগি থাকে ।
তৃতীয়তে গলধনত খজুৱতি হোৱা এৰি ফুলি উঠা দেখা যায় ।
চতুৰ্থতে ভোক নোহোৱা হোৱা আৰু খুব ঘাম ওলোৱা আদিয়েই প্ৰধান ।
তাৰ উপৰিও সদায় টোপনি লাগি থকা , চকু ফুলি উঠা , গাঁঠি বিলাক বিষাই থকা আৰু সঘনাই কোষ্ঠকাঠিন্য আদি হৈ থকাও দেখা যায় ।
থাইৰয়ডৰ ফলত হাড় বোৰ ক্ৰমাৎ দুৰ্বল হব ধৰে আৰু মাংসপেশী বিলাকো দুৰ্বল হব ধৰে । এনে অৱস্থাত নিয়মিত তেজ পৰীক্ষা কৰি থকাৰ দৰকাৰ ।
Hyperthyroidism আৰু Hypothyroidism দুইটাই যদিও ঠাইৰদৰেই প্ৰকাৰ , তথাপিও দুইটাৰ লক্ষণ বেলেগ বেলেগ দেখা যায় ।।
Hypothyroidism ৰ কেইটামান লক্ষণ :
মুখমণ্ডল ফুলি উঠে , ছাল শুকাই যোৱা , ওজন অস্বাভাৱিক ভাবে , ভাগৰ লগা , শৰীৰৰ পৰা ঘাম নোলোৱা হোৱা , সঘনাই কোষ্ঠকাঠিন্য হোৱা , মহিলাসকলৰ মাহেকীয়া অনিয়মিত হোৱা ইত্যাদি ।।
Hyperthyroidism ৰ কেইটামান বিশেষ লক্ষণ :
চুলি সৰিব ধৰা , হাত কপিব ধৰা , বহুত গৰম লাগি থকা আৰু ঘাম বেছি ওলোৱা , ওজন কমি যোৱা , গা খুজাই থকা আৰু দুৰ্বল লাগি থকা আদিয়েই প্ৰধান ।
থাইৰয়ড নিয়ন্ত্ৰণত ৰাখিবৰ বাবে ঘৰুৱা আয়ুৰ্বেদিক ঔষধ :::
শুকান আদা গুড়ি কৰি আধা চামুছ লৈ তাত আধা চামুছ ধনীয়া গুটি মিহলাই এক গ্ৰাম ডালচিনি দি আধা লিটাৰ পানীত গৰম কৰক ।
পানী উতলাই লৈ চাহৰ নিচিনা গৰমে গৰমে দৈনিক ৰাতিপুৱা খাওক ।
গলত গৰম আৰু ঠাণ্ডা পানীৰ সেক দিয়ক দৈনিক পুৱা-গধূলি ।
3 মিনিট গৰম পানী আৰু এক মিনিট ঠাণ্ডা পানী সেক দিয়ক 20 মিনিট কৈ ।
থাইৰয়ড এটা গম্ভীৰ ৰোগ হয় । সময় থাকোতেই ইয়াৰ চিকিৎসা নকৰিলে পাছত ডাঙৰ সমস্যাৰ সৃষ্টি হব পাৰে ।।
-আচাৰ্য পংকজ পাঠক
No comments:
Post a Comment