অসমত বিবাহৰ ক্ষেত্ৰত এখন নতুন আইন প্ৰণয়ন কৰাৰ যো-জা চলাইছে ৰাজ্য চৰকাৰে।অতি শিঘ্ৰেই এই বিশেষ আইনখন প্ৰণয়ন হোৱাৰ সম্ভাৱনা আছে।আইনখনৰ অনুযায়ী বিয়া পাতিবলৈ প্ৰস্তুত হোৱা দৰা–কইনাই জমা দিব লাগিব তেওঁলোকৰ ঠিকনা, ধৰ্ম আৰু উপাৰ্জনৰ সবিশেষ তথ্য।
আইন খনৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগ বঢ়াইছে যে,"কন্যাসকলৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে,উত্তৰ প্ৰদেশ বা মধ্য প্ৰদেশৰ দৰে নহয়, অসমত এই আইনখন পৃথক হ’ব।‘অসমৰ আইনখন ‘লাভ জেহাদ’ৰ দৰে নহয়। সকলো ধৰ্মকে সামৰি লোৱা হ’ব এই আইনখনত। যুৱতীসকলক স্বাৱলম্বী কৰাৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা। ইয়াৰ দ্বাৰা কেৱল ধৰ্মকে নহয়, উপাৰ্জনকো সাঙোৰা হ’ব।"
উল্লেখ্য যে,দৰা–কইনাই উভয়ে বিবাহৰ এমাহ পূৰ্বেই জমা দিব লাগিব ঠিকনা তথা উপাৰ্জনৰ সবিশেষ। মিছাৰ আশ্ৰয় ল’লে আইনী ব্যৱস্থা হাতত লোৱা হ’ব বুলি স্পষ্ট কৰি দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
No comments:
Post a Comment